এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


আন্দোলনৰ ধুমুহাত, সমবায়ৰ আশ্ৰয়ত চলিব খোজা ‘ৰক্তিম বাসনা’ৰ কেমেৰাৰ চকৰী হঠাৎ থাকি ৰৈ গ’ল।

 তচদ্দুকৰ আধা দেখা সপোন আধাতে বিস্মতিত অস্পষ্ট আৰু লাহে লাহে লীন হৈ গ’ল।

 বহুতদিনৰ পাছত মানে জীৱনাস্তৰ বছেৰেক মান আগত এদিন আকৌ কলংপাৰৰ মোৰ ঘৰলৈ আহিছিল। “—দত্ত, ‘ৰক্তিম বাসনা’ মোৰ হেৰাইছে। এটা নতুন বাটত বাট বুলিব লাগিব। হোজাইলৈ যাম ওলাব, হোজাইত বোলে বহুত ধনী আতৰ ব্যৱসায়ী আছে। তেওঁলোকক লৈ আমি নতুনকৈ কৰিম। পৰিচালক হোৱাৰ বাসনা মই এদিন পূৰামেই।

 ‘ৰজা হৰিশ্চন্দ্ৰ’ ছবিখন নগাঁৱলৈ অহাৰ পাছত কিন্তু তচদ্দুক আৰু মোৰ ওচৰলৈ অহা নাছিল। এদিন বাটত ভেটাভেটি হওঁতে চুটিকৈ কৈ গ’ল— “দত্ত, মোৰ ওপৰত ষ্টাৰৰ অশুভ দৃষ্টি।”

 অসমৰ আন্দোলনৰ পৰিস্থিতিয়ে হোজাইত চহকী মানুহ বিচাৰি যাবলৈ ক্লিয়াৰেঞ্চ নিদিলে। পৰিস্থিতিয়ে নতুন ৰূপ ললে। আমি বাট চাই ৰলোঁ। বতৰ মুকলি হ’বলৈ।

 কিন্তু কিয় হঠাৎ তচদ্দুক গুচি গ’ল? মনত মাত্ৰ অতৃপ্ত বাসনা লৈ কিহৰ বাবে? হতাশা, বিৰক্তি নে আমনি লাগি?

 তচদ্দুকৰ অতৃপ্ত বাসনাৰ বাবে আত্মাক পিণ্ড যাচিবলৈ ‘ৰক্তিম বাসনা’ এদিন চেলুলয়ডৰ পৰ্দাত জিলিকিবনে?

 

৩৯