আমাৰ চিনাকি তচদ্দুক/এজন মহান অভিনেতাৰ মৃত্যুৰ বাতৰিৰে
এজন মহান অভিনেতাৰ মৃত্যুৰ বাতৰিৰে…
প্ৰণৱ বৰুৱা
তচদ্দুক ইউছুফৰ মৃত্যুৰ বাতৰি পালোঁ পাঠশালাত কহিনুৰ থিয়েটাৰে মঞ্চস্থ কৰিব ওলোৱা ‘ক্লিওপেট্ৰা’ৰ ক’লা-নিৰ্দেশনাৰ ব্যস্ততাৰ মাজত। ব্যথিত মনেৰে অলপ সময় কামৰপৰা বিৰতি লৈ সেই দিনবোৰলৈ উভতি গলোঁ। তচদ্দুকদাক ওচৰৰ পৰা ভালদৰে নাজানিলেও অভিনেতা, পৰিচালক হিচাপে তেখেতক মই নিচেই ওচৰতে পাইছিলোঁ। তেখেতে ‘হোল ট্ৰুথ’ৰ মঞ্চসজ্জাৰ ভাৰ মোৰ ওপৰত দিয়াত মই অবাক হৈছিলোঁ, কাৰণ সেই ক্ষেত্ৰত মই তেতিয়া অনভিজ্ঞ; নিম্নতম প্ৰয়োজনীয় খিনিৰে মই একমাত্ৰ ছেটটো সম্পূৰ্ণ কৰাত তেখেতে মোক প্ৰশংসা কৰিছিল। মই উৎসাহ পাইছিলোঁ। অভিনয়ৰ সম্পূৰ্ণ প্ৰস্তুতি লৈহে তেখেতে ৰিহাৰ্ছেললৈ আহিছিল। দুৰ্বল পৰিচালকৰ সঘনে হোৱা চিন্তাৰ বিজুতিত অভিনেতা-অভিনেত্ৰীসকলে হেৰোৱা আত্মবিশ্বাসক তেখেতে পুনৰ জন্ম দিছিল। একেবাৰে অভিনয় নজনা মানুহকো অভিনেতা পৰ্য্যায়লৈ অনাৰ দক্ষতা তচদ্দুকৰ আছিল। ই সম্ভৱ কেৱল সুস্থ [ ৩২ ] পৰিচালকৰ বাবেহে। মঞ্চ-কলা সম্বন্ধে তেখেতৰ জ্ঞান আছিল অতুলনীয়। ‘নাট্যকাৰ সন্ধানত ছটি চৰিত্ৰ’ নাটকত এই স্বাক্ষৰ বহন কৰিছে। এটি বলিষ্ঠ কণ্ঠৰ ৰোধ হ’ল সঁচা, কিন্তু তাৰ প্ৰতিধ্বনি দৰ্শক হৃদয়ে হৃদয়ে প্ৰতিধ্বনিত হৈ ৰ’ব। অসমৰ নাট্য-জগতলৈ নব-জাগৰণ অনাসকলৰ ভিতৰত ইউছুফ চাহাব অন্যতম। গতানুগতিকাৰ বিৰুদ্ধে কৰা প্ৰতিবাদত তেখেতে সঁহাৰি পাইছিল। বক্তব্যৰ ফালপৰা নহলেও কলাগত গুণৰ বাবে তেখেতৰ নাটসমূহে এটা উচ্চ পৰ্য্যায় লাভ কৰিছিল।
মনত পৰে, তেখেতৰ লগত প্ৰথম চিনাকী হোৱা দিনটোৰ কথা। মই তেতিয়া কলেজৰ প্ৰথম বাৰ্ষিকত। চফল ডেকা। ধীৰে-সুস্থিৰে জোখা-জোখা খোজেৰে তচদ্দুকদাক ৰাষ্টাৰে গৈ থকা দেখি মাতিবলৈ মন গ’ল। মোৰ সম্ভাষণৰ প্ৰত্যুত্তৰ দি তেখেতে দুই-এটা কথা কৈ কৈ মোক ঘৰলৈ লৈ গ’ল। সুৰুচিসম্পন্ন ব্যক্তিৰ প্ৰতিফলন ঘৰখনতো দেখিলোঁ। মই চিত্ৰশিল্পী হোৱাৰ ইচ্ছা প্ৰকাশ কৰিলত ঘৰ বাহিৰে তেখেতেই উৎসাহ দিয়াত মনতে প্ৰফুল্লিত হৈছিলোঁ। তেখেতৰ মতে শিল্পী বহুমুখী হ’ব লাগে। মই যেন আশীৰ্বাদ পালোঁ। ছবি অঁকাৰ উপৰিও শিল্পসন্মত কঠিন কামত হাত [ ৩৩ ] দিবলৈ মই তেখেতৰপৰাই শিকিলোঁ। কহিনুৰৰ ‘ক্লিওপেট্ৰা'ৰ কলা নিৰ্দেশনাৰ বাবে নিমন্ত্ৰণ গ্ৰহণ কৰোঁতে তেখেতৰ কথাই মনত পৰিছিল আৰু তেখেতৰ নাটকৰপৰা পোৱা অভিজ্ঞতাক মূলধন হিচাপে লৈ মই পাঠশালালৈ ৰাওনা হৈছিলোঁ। ‘ক্লিওপেট্ৰা’ৰ সফলতাত মোৰ সামান্য অৰিহনাই যদি সহায় কৰে, মই তচদ্দুকদাৰ ওচৰত কৃতজ্ঞ হৈ ৰ’ম। 'একাগ্ৰতাৰে কৰা কাম কেতিয়াও নিস্ফল নহয়— তেখেতৰ এই কথাষাৰে মোৰ মনলৈ দৃঢ়তা আনে। চেষ্টাত কাৰ্পন্যতা দূৰ হয়। বাহুল্য বৰ্জিত শিল্পকৰ্মক তেখেতে শ্ৰদ্ধা কৰিছিল। তেখেতক আমি শ্ৰদ্ধাৰে সোঁৱৰোঁ।
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।