এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


বেগ মুকলি হয়।”— তেওঁলোকৰ মাজৰ কোনোবা এজনে ক’লে। — “তেন্তে আমি সপোন দেখাই নাই, শুবলৈহে ধৰিছোঁ।”— ঢেকঢককৈ হাঁহি মোৰ পিঠিত ঢাকা এটা মাৰি তচদ্দুকে ক’লে। লগে লগে পেকেটৰপৰা আৰু এটা চুৰট উলিয়াই লৈ পেকেটতে টুকুৰিয়ালে। — “ভয় নকৰিব দাদা, আমাৰ সংগঠন শক্তিশালী। অহা বহাগ বিহুতে বছৰৰ প্ৰথম দিনাই তেজপুৰৰ হলেশ্বৰ মন্দিৰত আমাৰ ‘ৰক্তিম বাসনা’ৰ শুভ মুহূৰৎ কৰিম। তাৰ পাছত ধন সংগ্ৰহৰ বাবে উঠিপৰি লাগিম আমি সকলোৱে।”— তেওঁলোকৰে কোনোবা এজনে ক’লে।

 সেইটো দিন ১৯৭৯ চনৰ ১৫ এপ্ৰিল। অসমীয়া মাহৰ প্ৰথম বহাগ। তেজপুৰৰ হলেশ্বৰ মন্দিৰত পূৰ্বাঞ্চল চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ সভ্যসকলৰ লগত বহুত মানুহৰ সমাগম। ঘনাই টেক্সি অহা যোৱা কৰিছে। নগাঁৱৰ মানুহো বহুত আহিছে মুহূৰৎ চাবলৈ।

 —“মন্দিৰৰ ভগৱানে আমাক আশীৰ্বাদ কৰিব, আমাৰ আজিৰ কাম সুকলমে হৈ গলেই হয়।”— শিল্পী মনেৰে ধৰ্মনিৰপেক্ষ তচদ্দুক ইউছুফৰ সেই কথাষাৰ আজিও মনত পৰে। লগতে আৰু মনত পৰে— “প্ৰথমতে প্ৰবল বাধা, কিন্তু কৃতকাৰ্য্য

৩৭