এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


বহুত কৰিলোঁ, এইবাৰ পৰিচালক হওচোন আৰু নিজৰ পৰিচালনাত অভিনয় কৰি কেনে লাগে চাওঁ”— সন্ধিয়াপৰত মোৰ ঘৰৰ ড্ৰইংৰুমত বহি হাতত এখন স্ক্ৰিপ্ট লৈ মুখত এটা ছিগাৰেট লৈ কৈছিল। তেতিয়া কোনো নাই, আমি মাত্ৰ দুজনহে। তেজপুৰৰ পৰা ৰঞ্জু হাজৰিকা, ৰমণী কেওঁত, হিৰণ্য মহন্ত আহি পোৱাহি নাই। নগাৱঁৰ তজমল হুছেইন আৰু ৰঞ্জিত দেলৈকো বাটচাই আছিলোঁ। তেওঁলোক কিন্তু অহাটো খাটাং। আজি পূৰ্বাঞ্চল চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ ‘ৰক্তিম বাসনা’ৰ ‘ফাইনেল দিছিচন’ হ'ব। প্ৰতিষ্ঠানৰ সভাপতি মই।

 —“অভিনয় তো বহুত কৰিলে; কিন্তু পৰিচালক হ’বলৈ আপোনাৰ পৰিকল্পনা কেনে?” আগন্তুক সকললৈ অপেক্ষা কৰি মইয়ে কথাৰ মালিহা মুকলি কৰিলোঁ।

 ‘উইলছ্ ফিল্টাৰ' ছিগাৰেটটোত দীঘলকৈ হোঁপা এটা মাৰি অভিনয় কৰাৰ সুৰতে তচদ্দুকে ক’বলৈ আৰম্ভ কৰিলে— “দত্ত, অভিনয়ৰ খাতিৰত অভিনয় কৰাটো মই কাহানিও নিবিচাৰিছিলোঁ— I feel A good actor never tried to act. আৰু যদি কেতিয়াবা সচাঁকৈয়ে মই পৰিচালক হওঁ, এই ধৰক, ৰক্তিম বাসনাত হওক

৩৫