পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হবাগৈহঁক”— মন্দিৰৰ পূজাৰীজন বোলে ‘সৰবজান’, তেওঁৰ কথা সেইষাৰ।

 নায়িকা মৃদুলা আহিল; কেমেৰামান ইন্দুকল্প হাজৰিকাই মন্দিৰৰ কাষত তিনিঠেঙীয়া পেঙত কেমেৰা ফিট্ কৰিলে! প্ৰাক্তন মন্ত্ৰী কোষেশ্বৰ বৰাই কেমেৰাৰ ছুইচ্ টিপিলে। মই ক্লেপষ্টিক দিলোঁ। তচদ্দুক ইউছুফ আজি কিন্তু কেমেৰাৰ সমুখত নাই, দীঘল পঞ্জাবী কুৰ্টা আৰু পায়জামাৰে কেমেৰাৰ কাষতহে; পৰিচালকৰ তীক্ষতৰ দৃষ্টিৰে— দৃশ্যপট মনৰ মাজত অংকিত কৰিছে।

 পৰিচালক তচদ্দুক আৰু অভিনেত্ৰী মৃদুলা আজি নতুন ৰূপত, পৰিবেশত— মুখামুখি, ভেটা-ভেটি। চিত্ৰামোদী ৰাইজ বাট চাই ৰ’ল কিবা এটা নতুন উপভোগৰ আশাৰে। অসমৰ খ্যাতনামা অভিনেতা তচদ্দুক ইউছুফ পোনপ্ৰথমবাৰৰ বাবে ছবিৰ পৰিচালক হোৱাৰ বতৰা অসমৰ কাগজে পত্ৰে ৰজন্‌জনাই গ’ল।

 অসমৰ আকাশত নতুন আন্দোলনৰ ঢৌ উঠিল নগৰে চহৰে। ছবিৰ পুঁজিৰ টকা সংগ্ৰহৰ বহীত আৰু পাত নফটা হ’ল। নিৰুপায় হৈ চলচিত্ৰ প্ৰতিষ্ঠানে সমবায়ৰ আশ্ৰয় ললে— ধনী, পুঁজিপতি আৰু বাগানৰ বনুৱাৰ ‘চেয়াৰ’ গ্ৰহণৰ আশাৰে।
৩৮