আভাস কাব্য/সাবিত্ৰী
[ ৩৪ ]
মদ্ৰ-ৰাজ-কন্যা তুমি সাবিত্ৰী সুন্দৰি!
ৰমণী কুলৰ ৰত্ন তুমি জগতত;
বন-ফুল তুলি তুলি, সখী সবে স’তে
ফুৰিছিলা যৱে তুমি অৰণ্য মাজত,
মুনি-পুত্ৰ-সবে স’তে ৰঙ্গে-খেলি-ফুৰা
দেখিলা চকুৰে এটি ৰজাৰ কুমাৰ
(অবন্তীৰ ৰাজ-পুত্ৰ নাম সত্যবান)
মোহিলে সিৰূপ দেখি অন্তৰ তোমাৰ॥
মনে মনে কুমাৰক স্বোৱামী বৰিলা
তেতিক্ষণে, দেবি! তুমি আহিলা ঘৰত,—
হৃদয়ৰ বেগ কিন্তু ঢাকিব নোৱাৰি,
সকলোটি দিলা কই মাতৃৰ আগত॥
পিতৃয়ে তোমাৰ কিন্তু হই অসম্মত,
তোমাক বুজালে কত,—কত বাধা দিলে,
কিন্তু, দেবি! সতী তুমি, তুমি নামানিলা
অন্তৰৰ ভাব তযু আৰু নুঘুৰিলে॥
দেবৰ্ষি নাৰদে আহি কতনো বুলিলে,
“অন্য এজনক বৰাঁ স্বোৱামী, সুন্দৰি!
অল্পায়ু সি সত্যবান, হলে বছেৰেক,
কৃতান্তৰ দুতে তাৰ প্ৰাণ নিব হৰি।।”
“যি বুলিলা, মুনিৰাজ!” বুলিলা, সুন্দৰি!—
“হব পাৰে, মুনি-বাক্য নহ’ব বিফল;
মনে মনে কিন্তু স্বামী বৰিলো তেঁওক
থাপিলো হিয়াত সেই মূৰ্ত্তি নিৰমল॥
তেঁওকেই স্বামী ভাবি পুজিছোঁ মনত,
তেওঁৰ পাৱত মন কৰিছোঁ অৰ্পণ
জীৱনে মৰণে মোৰ তেঁওৱেই স্বামী,—
কিৰূপে ভুলিম? মোৰ তিৰুতাৰ মন॥
বৈধব্য যন্ত্ৰণা যদি আছে কপালত
কি কৰি খণ্ডাম? প্ৰভু, লাগিব ভুগিব;
অনিত্য সংসাৰ এই, অনিত্য জীৱন,
জগতত সকলোটি এদিন মৰিব॥
শৰীৰৰ লগে লগে জন্ম মৰণৰ,
আজি নোহে, কালি, কিম্বা এশ বছৰত!
অসাৰ সংসাৰ মাজে, ধৰ্ম্ম মাথো সাৰ,
ধৰ্ম্ম ভুলি, কিয় মন দিম অধৰ্ম্মত॥
সুখৰ নকৰোঁ আশা, জীম কতকাল?
নশ্বৰ মানৱ-দেহা, কৃতান্তে নাশিব
অন্য এজনক ভজি, অধৰ্ম্ম কৰিলে,
জগতত চিৰকাল কলঙ্ক থাকিব॥”
নোৱাৰি ঘূৰাব মন, সাবিত্ৰি! তোমাৰ,
সত্যবানে স’তে বিয়া দিলে অশ্বপতি;
স্বামীৰ লগত তুমি গ’লা তপোবনে,
আশা পূৰ্ণ হ’ল, তবু হ’লা হৃষ্টমতি।
দেখোঁতে দেখোঁতে হ’ল পূৰ্ণ এবছৰ,
চতুৰ্দ্দশী তিথী দিনা গধূলী সময়;
ফল মূল হেতু গ’ল স্বোৱামী তোমাৰ
অৰণ্য মাজত, দেবি! তোমাক নকই॥
স্বামীৰ ভবিষ্য দশা (দেবৰ্ষিয়ে কোৱা)
বিয়াকুল হ’লা তুমি সুৱঁৰি মনত,
নুশুনি নামানি বাধা শাহু শহুৰৰ
স্বামীক বিচাৰি তুমি গ’লা অৰণ্যত॥
স্বোৱামীক পাই, পাছে তোমা-দুয়োটীয়ে
অৰণ্যৰ ফলমূল লইছিলা তুলি,—
হৃদয়ৰ ভাব একো নকলা স্বামীক,
স্বামীৰ মনত কিবা শঙ্কা জন্মে বুলি॥
কিন্তু কি মুছিব পাৰি কপালৰ লিখা?
অন্তিম সময় অাহি হ’ল উপস্থিত
স্বামীৰ তোমাৰ, দেবি।— দেখোঁতে দেখোঁতে
শোক বেজাৰত তুমি হ’লা জৰ্জ্জৰিত॥
কোলাত স্বামীৰ তুমি মৃত দেহালই
অকলে অকলে কান্দি আছিলা বনত,—
কৃতন্তৰ দূতে আহি আছিলা লুকাই,
চাপিব নোৱাৰি, তযু স্বতীত্ব তেজত॥
তাৰ পাছে ধৰ্ম্মৰাজ, আপুনি আহিলা,
সাদৰি তোমাক, দেবি!—বুলিব ধৰিলে,
“কালপূৰ্ণ হ’ল, সতি!—স্বামীৰ তোমাৰ,—
নিওঁ মই আত্মা তাৰ, তুমি আজ্ঞা দিলে॥”
কৃতান্তৰ কথা শুনি ক’লা তুমি সতি!
বিধিৰ নিৰ্ব্বন্ধ, প্রভু! খণ্ডন নহয়,
স্বোৱামীৰ কালপূর্ণ, লই যোৱাঁ তুমি,—
যেনে ইচ্ছা, কিবা সাধ্য বাধা দিওঁ মই॥
অসাৰ সংসাৰ, প্ৰভু! মায়াৰ জালত
বান্ধ খাই মাথোঁ আমি ‘মোৰ মোৰ’ কওঁ।
কোন কাৰ স্বামী, হায়? কাৰ পুত্ৰ কোন?
সংসাৰত আমি কোনো কাৰোৱে নহওঁ॥”
এই বুলি, দেবি! তুমি স্বোৱামীৰ দেহা
আপোন কোলাৰ পৰা ৰাখিলা নমাই;
আহিলে কৃতান্ত চাপি, বায়ূময় প্ৰাণ
স্বামীৰ দেহাৰ পৰা নিলে উলিয়াই॥
আগত কৃতান্ত যায়, লই স্বামী-প্ৰাণ,—
পাছে পাছে যোৱা তুমি ব্যাকুল মনত।
দেখি ধৰ্ম্মৰাজে, দেবি! বুলিলে তোমাক,
“কিয় আহাঁ? যোৱাঁ সতি! উলটি ঘৰত॥”
বীনয় বচনে তুমি বুলিব ধৰিলা,—
“জগতৰ প্ৰাণী ঘুৰে মায়াৰ পাকত।
অসাৰ সংসাৰ মোৰ! কি সতেৰে যাও
আকউ উলটি, প্ৰভু! মায়াৰ কাষত॥
স্বোৱামীৰ আয়ু শেষ, লই যোৱাঁ তুমি,
সি বুলি নকৰোঁ মই মনত বেজাৰ;
জন্মিলে মৰিব লাগে, জানে সকলোৱে,
কপালত মৃত্যু লেখা আছে বিধতাৰ॥
কিন্তু মায়া মোহে ভৰা সংসাৰৰ ছবি
চকুত নালাগে ভাল আৰু সাবিত্ৰীৰ
সিকাৰণে, প্ৰভু! সেই সংসাৰৰ ফালে
নোখোজে উলটি চাব মনে দুৰ্ভাগীৰ॥”
পৰিতুষ্ট হই, দেবি! ক’লে কৃতান্তই
তোমাৰ মুখত শুনি এনুৱা বচন,
“ধন্য ধন্য তুমি, সতি! জননী তোমাৰ,
জন্মালে যি তোমাহেন ৰমণী–ৰতন॥
সৰ্ব্ব গুণৱতী তুমি, সতি! পতিব্ৰতা
বিৰাজে পবিত্ৰ জ্ঞান তযু অন্তৰত;—
স্বোৱামীত বাজে, তুমি মাগি লোৱাঁ বৰ,
যেনে ইচ্ছা হয়, সতি! মোৰ ওচৰত॥”
কৰযোড় কৰি তুমি বুলিব ধৰিলা;–
“দয়া যদি উপজিছে তোমাৰ মনত,
ৰাজ্যভ্ৰষ্ট ৰাজা, (প্ৰভু! শহুৰ দাসীৰ)—
ৰাজ্যলাভ হয় যেন তোমাৰ বৰত॥”
“তথাস্তু’ বুলিলা দেৱ সন্তোষ মনত,
কৰযুড়ি ক’লা পুনু (কৃতান্ত ঘুৰিলে )
“আজন্ম আহিছোঁ শুনি পণ্ডিতৰ মুখে,
কৰ্ম্ম-বন্ধ পায় নাশ তোমাক দেখিলে॥
দেখি, প্রভু! তযু পদ কৰ্ম্মবন্ধ মোৰ
কিয়নো নাপালে নাশ? বিধতা বিমুখ,—
জানিলো, দাসীৰ প্রতি:—সংসাৰ-মাজত
অতি দুর্ভাগিণী মই, নাই মোৰ সুখ॥”
আকউ কৃতান্তে ধীৰে বুলিলে তোমাক,—
“আৰু বৰ লোৱাঁ, সতি! যি বাঞ্ছা মনত;
স্বামীৰ প্ৰাণত বাজে:—পতিব্ৰতা সতী
ভাৰত ৰমণী ৰত্ন তুমি জগতত॥”
বীনয় বচনে তুমি বুলিলা আকউ,
“যদি বৰ দিবা, প্রভু! হই তুষ্ট মন,—
মহাৰাজা দুমৎসেন দাসীৰ শহুৰ,
চিৰ অন্ধ, লাভ যেন হয় দুনয়ন॥
“তথাস্তু” বুলিলা দেৱ; পুনু ক’লা তুমি
‘সংসাৰ সুখৰ বাঞ্ছা নকৰোঁ মনত,—
মিছা পতি, মিছা পুত্ৰ, মিছা প্রিয়জন
অনিত্য সংসাৰ, প্ৰভু , অনিত্য জগত।
ধৰ্ম্মে যেন থাকে মতি জীৱনে মৰণে,
অধৰ্ম্ম পথত যেন নকৰোঁ ভ্রমণ
ইয়াকে প্রার্থনা কৰোঁ, দিয়া আশিৰ্ব্বাদ;
মাতিছোঁ কাতৰে, প্ৰভু! ধৰি শ্ৰীচৰণ॥”
এনুৱা বচন শুনি,—ধৰ্ম্ম কথা,—দেবি !
কৃতান্তে তোমাক পুনু বুলিব ধৰিলা—
“বাখানো তোমাক, সতি! এই বয়সত
ধৰ্ম্মৰ পবিত্র তত্ত্ব কিৰূপে বুজিলা?
ধন্য ধন্য, সতি! তুমি, ধন্য মাতৃ তযু
পবিত্র গৰ্ভত যাৰ জনমিলা তুমি;
ধন্য তযু ধৰ্ম্ম ভাব, ধন্য তযু জ্ঞান
ৰমণী কুলৰ তুমি গৌৰৱৰ ভূমি॥
অতি তুষ্ট হ’লো মই, আৰু লোৱাঁবৰ ।
স্বামীৰ প্ৰাণত বাজে, যেনে ইচ্ছা হয়।”
কাতৰে বুলিলা তুমি, “যদি কৃপা কৰি
দিবা, প্রভু! বৰ মোক, তুমি কৃপাময়,—
পিতা মোৰ অপুত্ৰক, তোমাৰ বৰত
হয় যেন পুত্রলাভ।” “তথাস্তু” বুলিলা
সন্তোষ মনেৰে ৰবি পুত্র ধৰ্ম্মৰাজ,—
পুনু তুমি ধীৰে ২ বুলিব’ ধৰিলাঃ—
“অসাৰ সংসাৰ, প্ৰভু! মায়া-মোহে ভৰা
জগতৰ নৰনাৰী মায়াৰ মোহত
মুগ্ধ হই, সংসাৰক চিনিব নোৱাৰি,
কত ক্লেশ, কত দুখ পায় জীৱনত ।
সেয়েতো সংসাৰ, প্ৰভু? মায়াৰ বন্ধন?
অন্তৰে নোখোজে যাব উলটি ঘৰত;
তযু পাদপদ্ম দেৱ! চিৰ শান্তি-দাতা,—
খন্তেক থাকিব দিয়াঁ ধৰিছোঁ পাৱত॥”
“চৰিত্ৰ তোমাৰ, দেখি” কলে ধৰ্ম্মৰাজ,—
“অতি তুষ্ট হ’লো, সতি! দিলো আশিৰ্ব্বাদ
সুযশ তোমাৰ খ্যাত হ’ব জগতত,
অক্ষয় তোমাৰ কীৰ্ত্তি, পবিত্র প্রবাদ॥
আাৰু বৰ লোৱা, সতি! স্বোৱামীত বাজে
যি বাঞ্ছা তোমাৰ।” তুমি ক’লা কৰযুড়ি,
“শতপুত্র হোক মোৰ তোমাৰ বৰত।”
“তথাস্তু’ বুলিলা, দেবি! কৃতান্তে সাদৰি
কৃতান্তে দি চাৰি বৰ তোমাক সুন্দৰি!
তোমাৰ স্বামীক লই আগে আগে যায়,
যোৱা তুমি পাছে ২ নীৰৱে নীৰলে,
কি ভাব মনত ভাবি, স্বামীলই চাই॥
“কিয় আহাঁ পাছে ২?”, কলে কৃতান্তই,
ঘৰলই যোৱাঁ তুমি আকউ উলটি;
অতদূৰ কিয় তুমি আহিলা মিছাতে?
নোপোৱা স্বামীক আৰু মৰতত, সতি!
কৃতান্তৰ পদযুগ ধৰি দুই হাতে,
বীনয় বচনে তুমি ধৰিলা বুলিব’—
“অখণ্ড তোমাৰ বাক্য, তোমাৰ বৰত
শত পুত্ৰ সাবিত্ৰীৰ নিশ্চয় জন্মিব॥
কিন্তু যদি আজি তুমি নিয়া স্বোৱামীক,—
কিৰূপে তোমাৰ, প্ৰভু! বাক্য পূৰ্ণ হ’ব?
অখণ্ড তোমাৰ বাক্য, যদি বৃথা হয়,
মৰ্ত্ত্যত তোমাৰ নৰে দুৰনাম ক’ব॥”
তোমাৰ মুখত শুনি এনুৱা বচন,—
নিতান্ত লজ্জিত হই ক’লে মৃত্যুপতি,—
“ত্ৰিভুবন মাজে তুমি নাৰী অদ্বিতীয়া,
ধন্যবাদোঁ, তুমি সতী পতিব্ৰতা, সতি!
লই যোৱা স্বামী তুমি আকউ ঘুৰাই,”
এই বুলি মৃত্যুপতি তোমাৰ হাতত
দিলে স্বোৱামীক তযু, আহিলা উলটি
আপোন ঘৰত, দেবি! উলাহ মনত॥
ধন্য ধন্য তুমি, দেবি! সুযশ তোমাৰ
অনন্ত অক্ষয় এই মৰ জগতত;
সতী অগ্ৰগণ্যা তুমি, মৃতপতি তযু
পালে ওলোটাই প্ৰাণ তোমাৰ বলত॥
তোমাৰ বলত, তযু সতীত্ব তেজত,—
পিতৃকুল, পতিকুল দুয়ো উদ্ধাৰিলা;
অপুত্ৰক পিতা তযু পালে পুত্রদান,
অন্ধৰজা চকু আৰু সাম্রাজ্য লভিলা॥
অসম্ভব কাণ্ড, দেবি! মৰ জগতত
সতীত্বৰ বলে তুমি কৰিলা সাধন;
জগতত নৰে গায় তোমাৰ সুযশ
পুণ্যৱতী তুমি, তযু সার্থক জীৱন॥