সৎসম্প্ৰদায় কথা

[  ]

সৎসম্প্ৰদায় কথা।

 

চৈতন্য সংগ্ৰহং দৃষ্ট্বা সংগ্ৰহং কষ্ণ ভাৰতেঃ।
নৃসিংহ কৃত্য মালোক্য কথয়ামি কথামিমাং॥

 

পৰমভাগৱত ৺ভট্টদেৱ কবিৰত্ন-

বিৰচিত।

শ্ৰীলঘনুৰাম চৌধুৰী কৰ্ত্তৃক প্ৰকাশিত।

কামৰূপ।

 

মূল্য ৷৹ চাৰি আনা।

[  ]
 

৩৪ নং মেছুয়াবাজার ষ্ট্ৰীট,—মেট্‌কাফ্‌ প্ৰিন্টিং ওয়াৰ্কস্ হইতে
প্ৰিন্টার—শ্ৰীকৃষ্ণচৈতন্য দাস দ্বারা মুদ্ৰিত।

 

[  ]

পাতনি।

 মই আজি এই সৰু পুথিখনি অসমীয়া ৰাইজৰ আগত প্ৰকাশ কৰিলোঁ। পুথিখনি আসাম দেশৰ বিখ্যাত ধৰ্ম্ম প্ৰচাৰক ভট্টদেৱৰ হাতৰ পৰা ওলোৱা। এনে এজন মহাপুৰুষে অত দিনৰ আগেয়ে, লিখি থৈ যোৱা এখন পুথি আজিলৈকে প্ৰকাশিত নোহোৱাই মই এই কাৰ্য্যত হাত দিয়াৰ প্ৰধান কাৰণ। মই প্ৰথমতে কামৰূপৰ বিখ্যাত বালি সত্ৰৰ অধিকাৰ পূজনীয় শ্ৰীযুক্ত মহাদেৱ গোস্বামীৰ পৰা এখন সাঁচীপতীয়া পুৰনি পুথি সংগ্ৰহ কৰি নকল কৰাই তাৰ নগাঁও জিলাৰ প্ৰসিদ্ধ ডিকনু সত্ৰত পোৱা আৰু এখন তুলাপতীয়া অতি পুৰণি পুথিৰ লগত ৰিজাই আৱশ্যকীয় পৰিবৰ্ত্তন কৰি এই পুথিখনি যুগুত কৰিছোঁ। দুয়োখনি পুথিৰ পৰা সঙ্গত আৰু শুদ্ধ পাঠ উদ্ধাৰ কৰিবৰ নিমিত্তে অলপো যত্নৰ ত্ৰুটি কৰা নাই। এই পুথিখনিত বৈষ্ণৱ ধৰ্ম্মৰ উৎপত্তি আৰু আসাম দেশত বৈষ্ণৱ ধৰ্ম্ম কাৰ দ্বাৰা কেনেকৈ প্ৰচাৰিত হ’ল, সেই বিষয়ে অসমীয়া গদ্যত সুন্দৰকৈ লিখা আছে; আশা কৰো পাঠক সকলে এই দেশত প্ৰচলিত বৈষ্ণৱ ধৰ্ম্ম সম্বন্ধে এই পুথিৰ পৰা প্ৰকৃত তত্ত্ব জানিব পাৰিব আৰু এই দেশত কিহৰ পৰা; বামুনীয়া [  ] আৰু মহাপুৰুষীৱা দুটা দলৰ সৃষ্টি হয়, সেই বিষয়েও আচল কথা জানিব পাৰিব। অসমীয়া ৰাইজে এবাৰ পুথিখনি উদাৰ ভাবেৰে পঢ়ি চালে, মোৰ পৰিশ্ৰম আৰু ব্যয় সাৰ্থক হল বুলি ভাবিম।

শ্ৰীলঘনুৰাম চৌধুৰী।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )