সৎসম্প্ৰদায় কথা/সপ্তম অধ্যায়—চৈতন্য নিৰ্ণয়

[ ৩১ ]

সপ্তম অধ্যায়।

চৈতন্য নিৰ্ণয়।

 এখন চৈতন্য গুৰুব ধাবা কহি, তান চৰিত্ৰক কহোঁ শুনা। শঙ্কৰাচাৰ্য্যৰ শিষ্য সদানন্দ পূৰ্ব্বদিশৰ মূলগুৰু, তান শিষ্য চিবুকাচাৰ্য্য, তান শিষ্য পৰমাচাৰ্য্য, তান শিষ্য চতুৰ্ভুজ ভাৰতী, তান শিষ্য লক্ষ্মণ ভাৰতী, তান শিষ্য কমললোচন ভাৰতী, তান শিষ্য বিষ্ণু ভাৰতী, তান শিষ্য উদ্দান ভাৰতী, তান শিষ্য ৰসিক ভাৰতী, তান শিষ্য ৰসিকানন্দ ভাৰতী, তান শিষ্য বিশ্বভাৰতী, তান শিষ্য বিশ্বনাথ ভাৰতী, তান শিষ্য ভাৰতানন্দ ভাৰতী তান শিষ্য চকোৰানন্দ ভাৰতী, তান শিষ্য কাঞ্চনানন্দ ভাৰতী, তান শিষ্য বলৰাম ভাৰতী, তান শিষ্য সুত্ৰানন্দ ভাৰতী, তান শিষ্য সেবকানন্দ ভাৰতী, তান শিষ্য কেশৱানন্দ ভাৰতী। এহিক্ৰমে কুৰিজন মহন্ত নামিলা। পাচে সদানন্দৰ পৰা চৈধ্য শংবৎসৰ অন্তৰে চৈতন্য নিত্যানন্দ দুই, কেশৱ ভাৰতীৰ শিষ্য [ ৩২ ] হুই পূৰ্ব্ব দিশে সৌমাৰ পৰ্য্যন্তে প্ৰেমমই ভক্তি প্ৰৱৰ্ত্তাইলা। এতেকে পূৰ্ব্ব দিশৰ আচাৰ্য্য চৈতন্য প্ৰখ্যাত ভৈলা আৰু এই দুইজন কৃষ্ণ বলৰাম আহিছে বুলি পদ্মপুৰাণ, নাৰদপুৰাণ, হৰগৌৰী সম্বাদৰো আদিতে কহিছে। তান জন্ম কৰ্ম্মতো ঈশ্বৰ হেন প্ৰমাণ আছে, তাক কহোঁ শুনা। নদিয়াৰ জগন্নাথ মিশ্ৰৰ শচীভাৰ্য্যাত নিম্বৰ গোড়ে জম্মিলা এতেকে তাঙ্ক নিম্বদত্ত নাম দিলা। জন্মি তিনি ৰাত্ৰি তন পান নকৰে, দেখি মাৱে বহু খেদ কৰে। পাচে নিশাত স্বপ্ন দেখাই বোলে মাৱ কেনে শোক কৰস। তুমি অভক্ত কাৰণে তন পান নকৰো। এই তিনটি নাম অদ্বৈতাচাৰ্য্যৰ মুখে লৈবা, তেবে তন পান কৰিবো। এই স্বপ্ন দেখি প্ৰাতসে শচী মিশ্ৰসমে বালকক কোলে লই অদ্বৈতাচাৰ্য্যত স্বপ্নৰ কথা কহিলা। অদ্বৈতে বোলে নিশা মোকো স্বপ্নত তিনি নাম কৈছে। এই কহি শচীক শৰণ কৰাই তিনি নাম দিলা। পাচে বালকে তন পান কবিলে দেখি অদ্বৈতাচাৰ্য্যে বোলে নিম্বদত্ত মানুষ নহে, এন্তে ঈশ্বৰ। এই বুলি তান চৈতন্য নাম থৈলা। সেই দিনা ধৰি নদিয়াৰ লোকে [ ৩৩ ] চাইবে আসি ঈশ্বৰ বোলে। পাচে সাত বৎসৰ ভৈলে তান পিতা জগন্নাথ মিশ্ৰ পৰলোক ভৈলা। পাচে অদ্বৈতাচাৰ্য্যে যজ্ঞোপবীতদি সাৰ্ব্বভৌমৰ ঠাই পঢ়িবে দিলা। পাচে ব্ৰহ্মচৰ্য্য ধৰি অল্প কালতে বেদ-বেদাঙ্গাদি সকল শাস্ত্ৰ পঢ়িলে দেখি সাৰ্ব্বভৌমে বোলে নিমাই মানুষ নুই, এন্তে ব্ৰহ্ম। পাচে একদিন গঙ্গা গৈতে সাৰ্ব্বভৌমৰ হাতৰ তিল তামী প্ৰবাহে ওটাইল দেখি নিমাইদত্তে আনিবে যাইতে তিনি খোজত তিনিটা পদ্ম উঠিল। তাতে পাও দিয়া যাই তিল তামী আনি দিলে, দেখি সাৰ্ব্বভৌমক প্ৰভৃতি সাত ষষ্ঠী বিপ্ৰে বিস্ময় হুই বোলে নিমাই তুমি মানুষ নুই কোন কৱাঁ৷ এই শুনি নিমাই হাস্য কৰিলে। তান চতুৰ্ভূজ দেখি ঈশ্বৰ হেন সত্য মানি বিপ্ৰসবে গৃহাশ্ৰম এৰি তান সঙ্গ লই সঙ্কীৰ্ত্তন আৰম্ভিলা। ইহাকে নিমাইদত্তী সম্প্ৰদায় বোলে।

দিবিজা ভুবিজাশ্চৈব মনুজা ভক্তিৰূপিণঃ।
কলৌ সঙ্কীৰ্ত্তনন্নাম কৰিষ্যন্তি দ্বিজালয়ে।

পাচে মহাপ্ৰভু লক্ষ্মীপ্ৰিয়া নামে উত্তম বিপ্ৰৰ কন্যাক বিহা কৰাই এক ৰাত্ৰি বঞ্চি গৃহাশ্ৰম ধৰ্ম্ম [ ৩৪ ] দেখাইলা৷ পাচে অৰণ্যে যাই বৃক্ষমূলত বসি অন্ন জল তেজি বানপ্ৰস্থ দেখাইলা। পাচে চতুৰ্থাশ্ৰম ধৰ্ম্ম দেখাইতে শ্ৰীকটোয়াল ঘাটে কেশৱ ভাৰতীৰ ঠাই সন্ন্যাস লৈলা। সেই বেলা শচী মাৱে পুত্ৰক ফিৰাইবা নপাৰি অনেক বিলাপ কৰিলে। পাচে মহাপ্ৰভু তান্তে সপ্ৰেমা ভক্তিৰো উপদেশ লভি গৌৰ অঙ্গ মুণ্ডিত মুণ্ড গলে কণ্ঠি হাতে গীতা ভাগৱত, কটিত কপিন এই বেশে চৈতন্য ভাৰতী নামে মহা মহন্ত ভৈলা।

মুণ্ডিতো দীৰ্ঘগৌৰাঙ্গস্ত্ৰিপথাতিৰসম্ভবঃ।
কলৌ সন্ন্যাসৰূপে বিহৰামি চৰমি চ॥

 পাচে মহাপ্ৰভু নামৰ নিৰ্ণয়, সংকীৰ্ত্তন ধৰ্ম্মৰো নিৰ্ণয় কৰি, শৰণ ভজন, ভক্তি, শ্ৰৱণ, মনন, অধ্যাপন, শীল, শিক্ষা, স্বভাৱ, এই নৱ ভক্তিৰ লক্ষণ পাতি বতিশ শ্লোকৰ শৰণ পটল কৰিলা। পাচে অদ্বৈতাচাৰ্য্য, নিত্যানন্দ, সাৰ্ব্বভৌম, লক্ষ্মী গদাধৰ, ৰামচন্দ্ৰ প্ৰমুখে চৌষষ্টি মহন্ত পাতি, সেই পটল ক্ৰমে দেশে দেশে শিষ্য ভজাইবে দিলা। পাচে মহাপ্ৰভু প্ৰতাপৰুদ্ৰ ৰাজাক তিনি নাম দিলা। অল্প বুলি অৱজ্ঞা কৰন্তে ৰাজাৰ গল বেঙ্কা ভৈলা। পাচে [ ৩৫ ] চৈতন্যৰ পাৱে পড়িলা। পাচে প্ৰভু তাৰ বিশ্বাসৰ অৰ্থে মূল তিনি নামকে ষোল্ল নাম কৰি দিলা। তেৱে নামৰ বিশ্বাসে ৰাজাৰ গল ঠাৰু ভৈলা। পাচে মহাপ্ৰভু বৃন্দাৱনে জাই অগ্নিতলা গ্ৰামত সকীৰ্ত্তন আৰম্ভিলা। তৈতে জাসৱে তাঙ্ক মঠ দেৱালয় বান্ধি দিলা। সেই বেলা অদ্বৈতাচাৰ্য্য, শিৱৰাম, চৈতন্য দাস, এই সবে চৈতন্যৰ ব্ৰহ্মচৰ্য্য গৃহাশ্ৰম, বানপ্ৰস্থ, সন্ন্যাস, শচীবিলাপ, বৰ্ণাই গৌৰচন্দ্ৰনাম গীত ৰচিলা, আৰু জগাই মাধায়ে অষ্টাদশ অঙ্ক ৰচিলা। পাচে তান মহিমা শুনি একাব্বৰ পাৎচাএ ডিল্লিপাটে নিয়াই অনেক পৰীক্ষা কৰিলা। তাতে তান চতুৰ্ভুজ ৰূপ দেখি ঈশ্বৰ মানি হৰিভক্ত হৈলা। পাচে পাৎচা একশত গীতে চৈতন্যক বৰ্ণাই স্তুতি কৰিলা। তাৰে প্ৰথম গীত ⵓ—

 ৰাগ-কানাড়া।
“জি জি জি মেৰা লাল গোৰা।
আপহি নাচে আপহি ৰসভোৰা॥
খোল কৰতাল বাৱত ধিকি৷
ভাৱে ভক্তনত লাছত নিকি॥

[ ৩৬ ]

কহে আকবৰ ভকতি ভিখাবি।
চৈতন্য গোসাঞিকে যাঁও বলিহাৰি।”

 পাচে মহাপ্ৰভু তৈৰ পাৰা আসি কৰতিয়াৰ তীৰে ৰহিলা। পাচে যেখন ৰাজা নৰনাৰায়ণ হুই উপৰ দেশৰ পৰা অনেক লোকক নমাই আনি শঙ্কৰক গোমস্তা পাতি ৰাজ্য বসাইবে দিছে মাত্ৰ, তেখনে চৈতন্য ভাৰতী প্ৰভু মাধৱ দৰ্শনে মণিকুটে আসিলা। বৰাহকুণ্ডৰ উপৰে গোফাত বহি মাধৱ দৰ্শন হৈল; পাচে ৰত্নেশ্বৰ বিপ্ৰক শবণ লগাই ভাগৱত পঢ়াই ৰত্ন পাঠক নামদি মাধৱৰ দ্বাৰত ভাগৱত পঢ়িবে দিলা আৰু যাত্ৰা মহোৎসৱ সঙ্কীৰ্ত্তন কৰ্ম্মকো মাধৱৰ দ্বাৰত প্ৰৱৰ্ত্তাইলা। পাচে মহাপ্ৰভু পৰ্শু কুঠাৰে যাই নামৰ নিৰ্ণয় লেখি ব্ৰহ্মকুণ্ডত স্নান কৰি উলটি আসি সেই গোফাতে ৰহিলা। পাচে মাগুৰীৰ কণ্ঠভূষণক আৰু কবিশেখৰক, কণ্ঠাহাব কন্দলিক শৰণ লগাই ভাগৱত পঢ়াইলা। পাচে হাতে বীণা ধৰি কৃষ্ণ নাম গাই নাৰদৰ শ্ৰেষ্ঠা দেখাইলা। সেই বেলা দামোদৰে মাধৱ দেখিতে মণিকুটে যাই তাঙ্ক দেখি দুৰ্ল্লভ লাভ ভৈলা বুলি প্ৰণাম কৰি বোলে হে মহাপ্ৰভু মই দৰিদ্ৰ ব্ৰাহ্মণে কিছো [ ৩৭ ] আশীষ মাগোঁ। চৈতন্যে বোলে কেন মতে তুমি দাৰিদ্ৰ ভৈলা। দামোদৰে বোলে স্বদেশৰ পৰা নামি আহন্তে তাঁতিমৰাত নৌকা বুৰি সৰ্ব্বস্ব উটিল; তিনটি প্ৰাণী ঝাজিত ধৰি দিগম্বৰে তৰিলোঁ। পাচে শঙ্কৰে বস্ত্ৰ তিনিখানি পৰিধান কৰাই নিকটে ৰাখিছে। পাচে চৈতন্যে বোলে হে দামোদৰ নশ্বৰ বস্তুত খেদ নকৰ। তুমি ঈশ্বৰৰ পাৰ্ষদ। লক্ষ্মীৰ কোপে গৌতমৰ বংশত জন্মিছা। পুনু তান বৰে তিনি পীঠত পূজ্য হুই নিজ ঐশ্বৰ্য্যকে পাই এই ৰহস্য কই তাঙ্ক তত্ত্বজ্ঞান দি উড়েষাক গৈলা। লক্ষ্মী বাক্যং ⵓ—

“বৎস গচ্ছ দ্বিজো ভূত্বা কলৌ মণিময়াচলে।
নাৰদানুগ্ৰহেণৈব জ্ঞানলব্ধেহ স্থাস্যতি॥
কামৰূপে হয়গ্ৰীবে মাধবাচলসন্নিধৌ।
নাৰদাভিৰূপেণৈব তস্মৈ জ্ঞানমদাৎ পুনঃ॥”

 পাচে দামোদৰে প্ৰভু চৈতন্যক প্ৰণাম কৰি আসি শঙ্কৰত বাৰ্ত্তা কই কচুবাড়ী গ্ৰামে ৰহিলা। পাচে নিত্যানন্দৰ শিষ্য মুকুন্দৰাম ব্ৰহ্মচাৰী মণিকুটে আসি চৈতন্য গোফাতে থাকি অনন্ত-কন্দলিক, হৰিদেৱ সন্তদেৱক, যাদবেন্দ্ৰ পুৰিক, ৰামদাসক, [ ৩৮ ] শৰণ লগাই ষোল্ল নাম দিলে। পাচে কতো দিন থাকি সুষুম্নাৰ পন্থে-প্ৰাণ বাহিৰৱা ইচ্ছায়ে ধাৰণা ধৰিলে; তাতে উৰ্দ্ধে নিৰোধ হুই প্ৰাণবায়ু বাঝ হুই মণিকুটে লয় গৈলা। হে নৰ নাৰী সব দেখা কৃষ্ণ চৈতন্যে বলো নিত্যানন্দ সমে অৱতৰি বৰ্ণাশ্ৰম ধৰ্ম্মক দেখাই পূৰ্ব্বদিশে সপ্ৰেমা ভকতি প্ৰচাৰিলা। হেনয় কৃপালু গুৰুক প্ৰণামি হৰিবোল হৰি।

বৰ্ণাশ্ৰমধৰ্ম্মমাদৌ প্ৰথয়ন্ ভক্তিমন্ততঃ।
চতুঃষষ্টি মহদ্ভিৰ্যোব্যাতনোত্তত্ত্বমাত্মনঃ॥
অদ্বৈতে দ্বয়ীতা নাস্তি নিত্যানন্দোৰসালয়ঃ।
আনন্দজন কল্লোলী চৈতন্যোজগদীশ্বৰঃ॥
ইতি সৎসম্প্ৰদায়কথায়াং চৈতন্য নিৰ্ণয়োনাম
 সপ্তমোহধ্যায়ঃ।

———