পঞ্চম অধ্যায়।
পৰমহংস ধৰ্ম্ম প্ৰকাশ।
পাচে পৰমহংস ধৰ্ম্ম দেখাইতে ব্যাসক গুৰু লৈবে মনে মুৰাৰি ভট্টক সঙ্গে লই উত্তৰে চলি সৰস্বতীৰ তীৰে বৃক্ষমূলে ৰহিলা, তাতে ব্যাসে ছদ্মৰূপে আসি অনেক শাস্ত্ৰ বাদ কৰিলা। দুইৰো ভঙ্গ জয় নাই দেখি ব্যাসে মুৰাৰি ভট্টক বোলে কাৰ ভঙ্গ কাৰ জয় কহ। ভট্ট বোলে—
“শঙ্কৰঃ শঙ্কৰঃ সাক্ষাৎ ব্যাসো নাৰায়ণস্তথা।
দ্বয়োৰ্ব্বিবাদসংপ্ৰাপ্তে কিঙ্কৰঃ কিম্বদিস্যতি॥”
এই শুনি ব্যাসে হাসি চিন দিলা। শঙ্কৰচাৰ্য্যক বোলে তুমি সদাশিৱ তোমাৰ গুৰু কেনে হৈবো। এখন তুমি দক্ষিণক চলা। দ্বাৰকাৰ সন্মুখত মাহুৰ নাম পৰ্ব্বত আছে। তাৰে গিৰি নাৰায়ণ শৃঙ্গত দত্তাত্ৰেয় গোসাঞি আছে। তাঙ্কে তুমি গুৰু কৰা যাই। এই ব্যাসৰ উপদেশে শঙ্কৰচাৰ্য্যে দক্ষিণে যাই দ্বাৰকাৰ সমুখে মাহুৰ পৰ্ব্বত পাইল। তাৰ গিৰি নাৰায়ণ শৃঙ্গ অতি উচ্চ। লংঘিবে নাপাৰি শিষ্য সব তলে বসিলা। শঙ্কৰাচাৰ্য্যে একলে উঠন্তে কাপুৰ