পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সৎসম্প্ৰদায় কথা।

প্ৰথম অধ্যায়।

বেদোৎপত্তি প্ৰকৰণ।

শ্ৰী শ্ৰীকৃষ্ণায় নমঃ।

মায়াৱটীগুণ্ঠিতপ্ৰেমমালাং ছিন্নাত্মজায়াসুতবান্ধৱানাং।
ভক্তিং কুৰুধ্বং হৰিপাদপদ্মে সত্ৰে সদাচাৰ্য্যমুপাস্যলোকাঃ॥
 চৈতন্যসংগ্ৰহং দৃষ্ট্বা সংগ্ৰহং কৃষ্ণ ভাৰতেঃ।
 নৃসিংহকৃত্যমালোক্য কথয়ামি কথামিমাং॥

 শ্ৰীকৃষ্ণৰ চৰণাৰবিন্দত প্ৰণাম কৰি সৎসম্প্ৰদায় কথা সংক্ষেপে কহোঁ শুনা। লোকত শৈৱ, শাক্ত, বৈষ্ণৱ আদি অনেক পন্থ আছে; তাতে সংসাৰ-নিস্তাৰ হেতু নিষ্কাম বৈষ্ণৱ পন্থক শ্ৰেষ্ঠ বুলি কহে। তাতে মন্ত্ৰ জপ একবিধ, পঞ্চৰাত্ৰৰ মত। নাম মন্ত্ৰ জপ একবিধ, বিষ্ণুযামলৰ মত। তাৰে মন্ত্ৰ জপত ৰহস্য অস্ফুট কঠিনাক্ষৰ, তাৰ সাধন অৰ্চ্চন