পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দশম অধ্যায়।

মাধৱনিৰ্য্যাণ।

 এখন দামোদৰে যিৰূপে কাম সৌমাৰ দুই পীঠত ভক্তি প্ৰৱৰ্ত্তাই পাচে ৰত্নপীঠত ভক্তি প্ৰকাশ কৰিলে তাৰ প্ৰসঙ্গ কহোঁ শুনা। একদিনা মাধৱ আতাই কতোটি ছাগ কিনি লই পাটবাউসীক চাপিল। তাতে শঙ্কৰে দেখি বোলে হে বড়াৰ পো, কলিত কেনে হিংসা ধৰ্ম্ম কৰা। এই ছাগে পৰলোকত তোমাকে দুখ দিবেক; এহি হিংসা ধৰ্ম্ম এৰি হৰিক ভজা। এই শুনি অনেক বাদ কৰি বাদে ঘাটি মাধৱে ছাগ সৱক এৰিদি বোলে আৰ হিংসা ধৰ্ম্ম এৰিলো; ভক্তিৰ উপদেশ দিয়াঁ; শঙ্কৰে বোলে দামোদৰত উপদেশ লৱা। মাধৱে বোলে দামোদৰ কঙ্গাল আৰু মূৰ্খ। শঙ্কৰে বোলে তবে ৰামৰাম গুৰুতে লৱা, মাধৱে বোলে তেহোঁ কৰ্ম্মকাণ্ডী ব্ৰাহ্মণ; শঙ্কৰে বোলে তবে মঞি শুদ্ৰ কেনে উপদেশ দিম; ভাল ভাল তবে মোৰ সঙ্গে থাকি এই নামমালিকাৰ ঘোষা কৰাঁ, এই বুলি নাম