পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় অধ্যায়।

পুৰাণ সূৰ্য্য প্ৰকাশ।

 দ্বাপৰ যুগ গৈলে এই কলিযুগ প্ৰৱৰ্ত্তিল। ইহাতে শ্ৰীকৃষ্ণে পুৰ্ণে আসিছিল। যদি বোলা গত কলিযুগত কিহেতু ঈশ্বৰ পুৰ্ণে নাহে। তাক বিষ্ণুপুৰাণে কহে শুনা। বিষ্ণুএ বোলন্ত ভূভাৰ হৰণ অল্প কাৰ্য্য; মোৰ অংশস্বৰূপ কেশে কৰিতে পাৰে বুলি, ধলা কলিয়া দুই ডালি কেশক যদু কুলত পাঞ্চি দিলা। তাৰে ধলা কেশে ৰাম, কলিয়া কেশে কৃষ্ণ হুই ভূমিৰ ভাৰ হৰি ধৰ্ম্মকো ৰাখি পুনু বিষ্ণুতে লীন গৈলা। ইবাৰ কলিত সৰ্ব্বাৱতাৰ কাৰণ শ্ৰীকৃষ্ণ ব্ৰহ্মানন্দ মূৰ্ত্তি গোলোক বৈকুণ্ঠ হন্তে নৰৰূপে অৱতৰি ঐশ্বৰ্য্য, ধৰ্ম্ম, যশ, শ্ৰী, জ্ঞান, বৈৰাগ্য, এইষড়্‌ ঐশ্বৰ্য্যক পুৰ্ণৰূপে দেখাইলা। নিজ যশ প্ৰকাশি দেৱ, দৈত্য, দানৱ, ৰাক্ষস, নৰ, পশু, পতঙ্গ, তৰু, তৃণ, লতা, সমস্তকে তাৰিলা। ভূমিৰো মহাভাৰ সংহৰি ধৰ্ম্মকো পুৰ্ণে ৰাখিলা। ভাৰত