শিক্ষা-বিচাৰ/তৃতীয় অধ্যায়

[ ৬৭ ]
তৃতীয় অধ্যায়
শিক্ষা-দানৰ প্ৰণালী।
 ১। ‘শিক্ষা-দান’ পদটোৰ অৰ্থ আমি আগৰ অধ্যায়ত পাই আহিছোঁ। শিক্ষকে আচলতে শিক্ষা-দান-
প্ৰণালী
শিক্ষা দান নকৰে, ছাত্ৰৰ শিক্ষা গ্ৰহণৰ উপায় সহজ কৰি হে দিয়ে। আন এটা দৃষ্টান্ত দি এই কথা আখৰৰ কথাটো আৰু পৰিষ্কাৰ কৰি কবলৈ চেষ্টা কৰা যাক। যেনে, ‘অন্ন-দান’। ইয়াৰ অৰ্থ এই যে অন্ন খাবলৈ আগ্ৰহান্বিত মানুহৰ অভাৱ নাই, অভাৱ অন্নৰ আৰু অন্ন যোগাওঁতাৰ; অন্ন-দান অৰ্থ প্ৰীতিকৰ কৰি অন্ন যোগান ধৰা; খাওঁতাৰ মুখত সুমাই দি নিগিলিলেও ঢেকি-থোৰাৰে অন্ন গিলোৱা কথা নুবুজায়। ‘শিক্ষা-দান’ বা ‘বিদ্যা-দান' অৰ্থও তদ্ৰূপ। সাধাৰণতে দেখা যায় যথেষ্ট প্ৰীতিকৰ কৰি যোগান ধৰিৰ পাৰিলে, শিক্ষা গ্ৰহণ কৰিবলৈ আগ্ৰহান্বিত লোকৰ অভাৱ নাই; অভাৱ হৈছে তেনে লোকৰ যি শিক্ষা প্ৰীতিকৰ কৰি যোগাবলৈ পাৰগ। শিক্ষকৰ পক্ষে শিক্ষা-দান কৰা অৰ্থ নীৰস আৰু কঠিন বিষয় ৰসাল আৰু ছাত্ৰৰ গ্ৰহণোপযোগী কৰি যোগান ধৰা।

[ ৬৮ ]  এই ৰূপে যোগান ধৰাৰ যি ভাল উপায় সেয়ে শিক্ষা-দানৰ উৎকৃষ্ট প্ৰণালী। শিক্ষণীয় বিষয় কি দৰে প্ৰস্তুত কৰি ললে সি ছাত্ৰ পক্ষে লোভনীয় হয়, অৰ্থাৎ সি সহজতে ছাত্ৰৰ মনোযোগ আকৰ্ষণ কৰিব পাৰে, তাক জানা সকলো শিক্ষক আৰু অভিভাবকৰ কৰ্তব্য।

 ২। নীৰস বিষয় কি ৰূপে ৰসাল কৰিব পাৰি, বা কঠিন বিষয় কি প্ৰণালীৰে সহজ কৰিব পাৰি, জ্ঞানাৰ্জন আৰু মনতাক জানিবলৈ হলে জ্ঞানাৰ্জনৰ স্বাভাৱিক প্ৰণালী কি, সেই কথা ভাল দৰে বুজি লব শাগে। সংক্ষেপত কবলৈ গলে—শিক্ষা গ্ৰহণৰ স্বাভাৱিক প্ৰণালীয়েই শিক্ষা-দানৰ স্বাভাৱিক প্ৰণালী। কোনো কোনো বিশেষ বিশেষ অৱস্থাত মানুহে একো যত্ন নকৰাকৈয়ে বিষয়ৰ জ্ঞান অৰ্জন কৰিব পৰা দেখা যায়; জ্ঞাতব্য বিষয়- বোৰক তেনে অৱস্থালৈ আনিব পাৰিলে জ্ঞানাৰ্জন সুগম কৰি দিয়া হয়। এই অবস্থাবোৰ নো কি অমি ক্ৰমে ক্ৰমে বুজিবলৈ চেষ্টা কৰিম।

 এই ৰহস্যময় বিশ্বৰ লগত পৰিচয়, পাৰিলে ঘনিষ্ঠ সম্বন্ধ পাতাই জ্ঞান-অৰ্জন। সি কেনেকৈ হয়?

 মানুহৰ চৈতন্যময় যি শক্তি—যি শক্তিৰ অস্তিত্ব থাকাৰ কাৰণে আমি যাবতীয় কামবোৰ কৰিব পাৰিছোঁ বুলি জানিব [ ৬৯ ] পাৰিছোঁ, আৰু নিজে কৰোঁ বা জানো বুলিও বুজিব পাৰিছোঁ—সেই শক্তিয়ে মানুহৰ আত্মা। আত্মাৰ বাহিৰা যি সি অনাত্মা। শেষ অৰ্থত অনাত্মাক আত্ম-গত কৰি লোৱাই জ্ঞানাৰ্জন। আন প্ৰকাৰে এই কথা কবলৈ হলে—‘মই’, এটা বস্তু আৰু ‘মই’ৰ বাহিৰ ইবিলাক আন বস্তু। আদিতে ‘মই’ৰ লগত ‘মইৰ বাহিৰ’ৰ পৰিচয় নাথাকে। ‘মই’-এ ‘মন’ৰ সহায়ত ‘মইৰ বাহিৰ’-ৰ বস্তুৰ লগত চিনাকী পাতে। এয়ে জ্ঞানাৰ্জন।

 ‘মনৰ’ কাম এই সম্বন্ধ পাতাত সহায় দিয়া। মনৰ এই কাৰ্য্যক দুটা ভাগত ভগাব পাৰি—জ্ঞানাৰ্জন আৰু ক্ৰিয়াকৰণ। বাহিৰৰ কোনো এটা বস্তুৰ বিষয়ে জানিব লগীয়া কথাখিনি জানা হল জ্ঞানাৰ্জন; আৰু সেই বস্তু যি যি ব্যৱহাৰত লাগে সেই সেই ব্যৱহাৰত খটোৱা, ক্ৰিয়া-কৰণ। প্ৰকৃতত, জ্ঞানাৰ্জন আৰু ক্ৰিয়া-কৰণ, মনৰ এই দুই-বিধীয়া কাৰ্য্য একেলগে হোৱা দেখা যায় , কোনোটাত ইটো বা সিটোৰ প্ৰাধান্য থাকে মাত্ৰ। আগৰ অধ্যায়তো দেখুৱা হৈছে যে জ্ঞানে কৰ্মৰ শক্তি প্ৰৱল কৰে, আৰু ক্ৰিয়াই জ্ঞান বহল কৰে। কিন্তু শিক্ষা- দানৰ প্ৰণালীৰ তত্ত্ব ভালৰূপে বুজিবৰ অৰ্থে মনৰ এই দুই- বিধীয়া কাৰ্য্যৰ কথা মনত ৰাখিব লাগিব।

 ৩। মনে তাৰ কাৰ্য্য কৰে পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ আৰু পঞ্চ [ ৭০ ] কৰ্মেন্দ্ৰিয়ৰ সহায়ত। ‘আত্মা’ যি দেহযন্ত্ৰত বাস কৰে, সেই যন্ত্ৰৰ এই দহোটা সংকেত-স্থান মন আৰু শৰীৰ(Switch)। মনে এই ইন্দ্ৰিয় বিলাকৰ দুৱাৰে দি আত্মা আৰু অনাত্মাৰ সম্বন্ধ ঘটাই দিয়ে।

 এই সম্বন্ধ কি প্ৰকাৰে সংঘটন হয়, তাক বুজিবলৈ আমাৰ শৰীৰ-যন্ত্ৰটোৰ গঠন সম্পৰ্কে অলপ কথা জনা আৱশ্যক।

  মনস্তত্ত্ববিদ আৰু শৰীৰতত্ত্বজ্ঞ পণ্ডিত সকলে অনেক পৰীক্ষণ আৰু পৰ্য্যবেক্ষণৰ ফলত ঠিক কৰিছে যে জীৱ-শৰীৰৰ স্নায়ু-মণ্ডলৰ ওপৰত মনৰ সমস্ত কাৰ্য্য নিৰ্ভৰ কৰে। তেওঁলোকে কয় যে মানসিক ক্ৰিয়াৰ লগে লগে স্নায়ুমণ্ডলৰ পৰিবৰ্তন হয়; আৰু স্নায়ুমণ্ডলৰ পৰিবৰ্তনৰ লগে লগে মানসিক ক্ৰিয়া উৎপন্ন হয়। কিন্তু স্নায়ু-মণ্ডলৰ পৰিবৰ্তনৰ ফলত মানসিক ক্ৰিয়া হয়, বা মানসিক ক্ৰিয়াৰ ফলত স্নায়ু-মণ্ডলৰ পৰিবৰ্তন হয়—এই দৰে নকয়। তেওঁলোকৰ মতে এই দুই-বিধ ক্ৰিয়া একেলগে উৎপন্ন হয়; আৰু আমি স্নায়ু-মণ্ডল ব্যতিৰেকে কেতিয়াও মনৰ ক্ৰিয়া দেখা নাপাওঁ।

 স্নায়ু-মণ্ডলৰ প্ৰধানকৈ দুটা ভাগ—স্নায়ুকেন্দ্ৰ আৰু স্নায়ু- সংঘোগ। মূৰৰ খোলাৰ মাজত থাকে মস্তিষ্ক বা মগজু; আৰু ৰাজ-হাৰৰ মাজত কলচীয়া বৰণীয়া ঘিউৰ দৰে যি বস্তু থাকে, সি মজ্জা। মজ্জা আৰু মস্তিষ্ক একে যোগ হৈ আছে; আৰু দুয়ো একে প্ৰকাৰ পদাৰ্থ। মজ্জাৰ ওপৰত মস্তিষ্কৰ তলত [ ৭১ ] আৰু মূৰৰ পাছৰ ফালে স্নায়ুকেন্দ্ৰৰ আৰু এটা ভাগ আছে, তাৰ নাম ক্ষুদ্ৰ মস্তিষ্ক এই তিনিটা স্নায়ুকেন্দ্ৰৰ প্ৰধান ভাগ।

  স্নায়ু-কেন্দ্ৰৰ পৰা কিছুমান সূতাৰ দৰে পদাৰ্থ ওলাই গৈ আমাৰ সমস্ত শৰীৰ ছাটি আছে। এইবিলাকে আমাৰ শৰীৰৰ প্ৰত্যেক অংশক স্নায়ুকেন্দ্ৰৰ— আমাৰ মজ্জা-মস্তিষ্কৰ— লগত সংযুক্ত কৰি থৈছে। এয়ে স্নায়ু-সংযোগ। এই সূত্ৰবোৰৰ সংখ্যা জ্ঞানেন্দ্ৰিয় বিলাকত সৰহ। এই সূত্ৰবোৰৰো দুটা ভাগ— জ্ঞান-বাহী বা অন্তশ্চাৰী আৰু শক্তি-বাহী বা বহিশ্চাৰী।

  কোনো এটা বস্তু আমাৰ ইন্দ্ৰিয়-গোচৰ হোৱাৰ অৰ্থ, স্নায়ুমণ্ডলৰ সহায়ত মনে সেই বস্তুটোৰ বিষয় জানিব পাৰে। যেনে, মই এই টেবুলত বহি ‘কামিনী’ ফুল জোপা দেখিছোঁ। ইয়াৰ অৰ্থ— কামিনী ফুল জোপাই বিশ্বব্যাপী ইথাৰত তৰঙ্গ উৎপাদন কৰিছে। সেই তৰঙ্গৰ উত্তেজনা মোৰ সমস্ত গাত লাগিছে, আৰু ফুল জোপাৰ চাৰিও ফালৰ সকলো বস্তুতে লাগিছে। কিন্তু সেই তৰঙ্গৰ উত্তেজনা কেৱল চক্ষুঃ-যন্ত্ৰৰ সহায়েৰে-হে বোধগম্য হব পাৰে। এই ক্ষেত্ৰত মোৰ চকুৰ মণিটোৰ ভিতৰে দি এই উত্তেজনা ‘ৰেটিনা’ত লাগিছে। ৰেটিনাত অনেক স্নায়ুসূত্ৰ আছে। তাৰে মাজৰ জ্ঞানবাহী সূত্ৰই সেই উত্তেজনা নি মোৰ মস্তিষ্ক পোৱাইছে। তাৰ ফলত মই বুজিৰ পাৰিছোঁ যে মোৰ সমুখত কামিনী ফুল জোপা আছে। বাহিৰৰ উত্তেজনা ভিতৰলৈ নিয়ে, আৰু তাৰ ফলত [ ৭২ ] আমাৰ জ্ঞান হয়, সেই দেখি এইবিধ স্নায়ুসূত্ৰৰ নাম অন্তাশ্চাৰী বা জ্ঞানবাহী।

  সেই উত্তেজনা যেতিয়া মস্তিষ্ক পালে, মস্তিষ্কৰ পৰা আৰু নতুন এবিধ উত্তেজনাৰ আৰম্ভ হল। এই উত্তেজনা শক্তিবাহী সুত্ৰৰ সহায়ত আমাৰ কোনো মাংস-পেশী পায়হি; তাৰ ফলত আমি কোনো কাম কৰিব পাৰোঁ। এই উদাহৰণত, শক্তিবাহী সূত্ৰৰ সহায়ত যি উত্তেজনা মোৰ হাত আৰু ভৰি পালেহি তাৰ ফলত মই ফুল জোপাৰ গুৰিলৈ গৈ তাৰ যি টি ভাল বেয়া হৈ আছিল সেই ডালটো ভাল কৰি দিলোঁ। মস্তিষ্কৰ পৰা বাহিৰলৈ, অৰ্থাৎ মাংস-পেশী সমুহলৈ, শক্তি বহন কৰে দেখি এইবিধ সূত্ৰৰ নাম বহিশ্চাৰী বা শক্তিবাহী।

  দৰ্শন-ইন্দ্ৰিয় সম্বন্ধে যেনে, আন আন ইন্দ্ৰিয় সম্বন্ধেও তেনে। বাহিৰৰ বস্তুৰ উত্তেজনা আমাৰ কোনো জ্ঞানেন্দ্ৰিয় পায়হি; জ্ঞানবাহী আৰু স্নায়ু সূত্ৰই সেই উত্তেজনা স্নায়ুকেন্দ্ৰ পোৱায়গৈ। তাত আকৌ নতুন এক প্ৰকাৰ উত্তেজনাৰ উদ্ভৱ হয়। সেই উত্তেজনা শক্তি-বাহী সূত্ৰই দি মাংস-পেশীবোৰ পায়হি; তাৰ ফলত ক্ৰিয়া হয়।

স্নায়ুকেন্দ্ৰৰ তিনিটা ভাগৰ কথা কোৱা হৈছে। ইহঁতৰ প্ৰত্যেকৰ বেলেগ বেলেগ কাম। যিবিলাক কাম অচিন্তিত ভাৱে হয়— যেনে মই লিখি থকাত মহ এটাই ভন্‌ ভন্‌ কৰিছে, মই লিখিব নেৰিও মহটো খেদাই, দিব পাৰিছোঁ [ ৭৩ ] (আৰু বিশেষ মন নিদিয়া হলে এই কথাটো মনতে নপৰিল হয়)— সেই বিলাকৰ কেন্দ্ৰ মজ্জাত। অৰ্থাৎ মজ্জাৰপৰাই সেইবিলাক কামৰ কাৰণে আৱশ্যকীয় শক্তিৰ উদ্ভৱ হয়। অভ্যাস মূলক কামবোৰৰ কেন্দ্ৰ ক্ষুদ্ৰ মস্তিষ্কত। যেনে, এই প্ৰৱন্ধ লিখিবৰ সময়ত যি আখৰ লিখন ক্ৰিয়া, সেই ক্ৰিয়া আদিত মোৰ পক্ষে বৰ টান আছিল; এভিয়া অভ্যাস কৰোঁতে কৰোঁতে আখৰ লিখা কথাটো মোৰ পক্ষে বৰ উজু হৈ পৰিছে। এই কামৰ বাৰে মোৰ বৃহৎ বা আচল মস্তিষ্কই একো কাম কৰিব নালাগে; এই বিলাক কামৰ কাৰণে আৱশ্যকীয় শক্তি ক্ষুদ্ৰ মস্তিষ্কতে উদ্ভৱ হয়। চিন্তা কৰি যিবোৰ কাম কৰিব লাগে— যেনে, এই প্ৰবন্ধত কি লিখিম কি নিলিখিম ইত্যাদি ঠিক কৰা— সেইবোৰৰ কেন্দ্ৰ হে প্ৰকৃত মস্তিষ্কত।

  এনে সুকৌশলেৰে স্নায়ুমণ্ডল নিৰ্মিত হোৱাৰ হেতুকে, দেহ-যাত্ৰা-নিৰ্বাহৰ অৰ্থে সাধাৰণতে আৱশ্যকীয় কামবোৰৰ কাৰণে আমাৰ মস্তিষ্কৰ কোনো পৰিশ্ৰম নহয়; মজ্জা আৰু ক্ষুদ্ৰ মস্তিষ্কৰপৰাই সেইবোৰ কাম হব পাৰে। সেই দেখি উচ্চ চিন্তা আৰু নতুন কৌশল উদ্ভাৱন কৰা আদি কামৰ কাৰণে আমাৰ মস্তিষ্কই সম্পূৰ্ণ আজৰি পায়। এই দৰে ক্ৰমে ক্ৰমে মানৱ-জাতিৰ উন্নতি হয়।

  মনৰ ক্ৰিয়া স্নায়ুমণ্ডলৰ লগে লগে হোৱাৰপৰা সহজতে [ ৭৪ ] বুজিব পাৰি যে স্নায়ুমণ্ডল যিমানে বলী আৰু সুস্থ হয়, মানসিক ক্ৰিয়াও সেই পৰিমাণে শক্তিশালী হয়। সুস্থ দেহৰ স্নায়ুমণ্ডলো স্বাস্থ্যৱান। এইবাৰে কোৱা আছে, ‘সুস্থ দেহ সবল মন’। অপৰ পক্ষত, মনৰ ধল যথেষ্ট থাকিলে সৰু- সুৰা অসুখ-বিসুখে শৰীৰটোকে পাৰি লব নোৱাৰে।

 

  ৪। শৰীৰ আৰু মনৰ সম্বন্ধৰ বিষয়ে এই চুম্বক বৰ্ণনাৰ পৰা জ্ঞানাৰ্জনৰ স্বাভাৱিক প্ৰণালী সম্পৰ্কে মুঠ কথাকেইটা বুজিব পাৰি। জ্ঞানাৰ্জনৰ প্ৰাৰম্ভিক প্ৰণালী ধৰা, মই মোৰ সমুখত ৰঙীন এখন কাপোৰ দেখিছোঁ। এই দেখা, কিবা সৰু সৰু ক্ৰিয়া গোট খাই হৈছে নে ই সৰল এটা ক্ৰিয়া?

  কাপোৰখনৰপৰা উত্তেজনা আহি মোৰ চক্ষুৰিন্দ্ৰিয়ত আঘাত কৰিলে। তেতিয়া সেই ইন্দ্ৰিয়ত থকা জ্ঞান-বাহী সূত্ৰই নি সেই উত্তেজনা বোৰ মস্তিষ্কত উপনীত কৰিলে। ইয়াৰ ফলত মোৰ অনুভৱ হল যে মই কি এটা দেখিছোঁ; কিন্তু কি দেখিছোঁ, কৰপৰা এই উত্তেজনা আহিছে, নাজানো। খন্তেকতে ধৰিব পাৰিলোঁ, এই অনুভৱৰ গুৰি এটা বস্তু আৰু সি মোৰ সমুখত আছে; এতিয়াও কিন্তু কি বস্তু আৰু তাক চিনিব পাৰা নাই। মোৰ মনত যি অস্পষ্ট অনুভৱটো হল, সি মোৰ মনত ৰং আৰু কাপোৰৰ বিষয়ে যি ধাৰণাবোৰ সুপ্ত হৈ [ ৭৫ ] আছিল, সেইবোৰক জাগ্ৰত কৰি তুলিলে। তেতিয়া এই নতুন অনুভৱ আৰু পুৰণি ধাৰণাৰ কত মিল-অমিল তাক বিচাৰ কৰি চালোঁ। তাৰ ফলত মোৰ জ্ঞান হল যে মোৰ আগত থাকা বস্তু-খন এখান ৰঙীন কাপোৰ।

  এই দৰে বাহিৰৰ বস্তু বিষয়ত মোৰ বোধ জন্মিল। দৰ্শন- ইন্দ্ৰিয়ৰ বিষয়ত যেনে ধৰণে ক্ৰিয়া চলে, আন আন ইন্দ্ৰিয়ৰ সম্পৰ্কেও তেনে।

 

  ৫। এতিয়া এই প্ৰণালীটোৰ সম্বন্ধে কেইবাটাও কথা মন কৰিব লগীয়া ওলাইছে। প্ৰথমতে, বিষয়ৰ চিন্তাকৰ্ষণী শক্তি মোৰ সমুখত অকল ৰঙীন কাপোৰখান হে থাকা নাই। কিমান কিতাপ, কলম, ঘৰৰ বেৰা, কিতাপ থোৱা ৰেক— ইত্যাদি হৰেক ৰকম বস্তু আছে। তেনেহলে অকল ৰঙীন কাপোৰখান হে দেখিলোঁ। কিয়? ইবিলাক বস্তুৰপৰা উত্তেজনা আহি মোৰ চক্ষুৰিন্দ্ৰিয়ত আঘাত কৰা নাছিল নে?

  প্ৰকৃততে, ইবিলাক বস্তুৰ উত্তেজনাই আহিও মোৰ চক্ষুঃ বস্ত্ৰত আঘাত কৰিছিল। কিন্তু ইন্দ্ৰিয়-দুৱাৰৰ দ্বাৰী মন। মনে ইবিলাক উত্তেজনাক মোৰ মস্তিষ্কলৈ যাব নিদিলে; দিলে মাথোন ৰঙীন কাপোৰৰ উত্তেজনাক। কিয়, বিচাৰ কৰা বাৰু। [ ৭৬ ]   মোৰ সমুখত যিবোৰ বস্তু আছে, সেই আটাইকেইটাৰ ভিতৰত ৰঙীন কাপোৰখানেই বেচি উজ্জল। চুণ-কাম-কৰা বগা বেৰা, বা ধূসৰবৰ্ণৰ কিতাপৰ দাম, বা লুকাই থাকা কাঠৰ ৰেক— ইত্যাদিবোৰ বস্তুৰ চাকচিক্য ৰঙীন কাপোৰৰ তুলনাত অতি কম। মোৰ সমুখত যিবোৰ বস্তু আছে তাৰ মাজত ৰঙীন কাপোৰ ডোখৰৰে মোৰ মন আকৰ্ষণ কৰিব পাৰা শক্তি বেছি। গতিকে মনে ইবিলাক বৰ উত্তেজনাক বন্ধ কৰি থৈ ৰঙীন কপোৰৰ উত্তেজনাক ভিতৰ সোমাবলৈ বাট দিলে। বিষয়ৰ এই চিত্তাকৰ্ষণী শক্তি বেছি হলে স্বভাৱতে সি সহজতে ইন্দ্ৰিয়-গ্ৰাহ্য হয়। যেন, কোনো অৰ্থশালী লোকৰ দুৱাৰীএ মূল্ল্যৱান পোছাক পিন্ধা লোকক সহজতে বাট এৰি দিয়ে, কিন্তু হীন কাপোৰ লোৱা লোকৰ মুখৰ ওপৰতে দুৱাৰ বন্ধ কৰি থয়।

 

  ৬। যি বস্তু উজ্জল, নতুন, জীৱন্তু সেই বস্তুৰ আকৰ্ষণী শক্তি বেছি। স্বাভাৱতে এইবোৰ বস্তুৰ মনোযোগ প্ৰতি মনোযোগ বহে। চকমকীয়া কাপোৰ-পিন্ধা লোকমাত্ৰই ভাল মানুহ নহয়, আৰু মলি-পৰা কপোৰৰ মাজতো উজ্জল আত্মা লুকাই থাকে। এই কথা বুজিব পৰা দুৱৰীএ সজ-অসজ চাই হে দুৱাৰ খুলি দিয়ে বা বন্ধ কৰে। মনেও, ঠিক এই দৰে, স্বাভাৱিক চিত্তাকৰ্ষণী [ ৭৭ ] শক্তি-বিশিষ্ট অলাগতিয়াল বিষয়ৰপৰা পোৱা উত্তেজনালৈ আওকাণ কৰি, লাগতিয়াল কিন্তু তেৰে শক্তি-সম্পন্ন-নোহোৱা বিষয়ৰ গ্ৰহণৰ নিমিত্তে ইন্দ্ৰিয়ৰ দ্বাৰ মুকলি কৰি দিব পাৰে। মই মোৰ আৱশ্যক অনুসৰি নানাপ্ৰকাৰ বিৰক্তিকৰ অৱস্থালৈ আওকাণ কৰি সূক্ষ্ম বিষয় মনোযোগ দিব পাৰোঁ। বৈজ্ঞানিক সকলে অনেক বস্তুৰ নতুন নতুন তত্ত্ব উদ্ঘা‌টন কৰে; সেইবোৰ বস্তুৰ যিবিলাক গুণে সাধাৰণ লোকৰ মনোযোগ আকৰ্ষণ কৰে, তেওঁলোকে সেইবোৰলৈ ভ্ৰূক্ষেপো নকৰি তেওঁলোকৰ আৱশ্যকীয় গুণত মনোযোগ দিয়ে। জবৰৰ দামত সোণৰ এটা খুটাৰা হৰাল; জাবৰৰ নানা প্ৰকাৰ আৰু পৰিমাণলৈ মন নিদি অকণমানি সোণত মন দি হে সোণ বিচাৰিব পাৰি।

  ওপৰৰ এই কথাৰপৰা জ্ঞানাৰ্জনৰ সম্পৰ্কে আমি দুটা সিদ্ধান্ত পালোঁ। প্ৰথম কোন বিষয় আমাৰ মনে গ্ৰহণ কৰিব বা নকৰিব, এই কথা নিৰ্ভৰ কৰে সেই বিষয়ৰ স্বাভাৱিক চিত্তাকৰ্ষণী-শক্তিৰ ওপৰত। কিন্তু দ্বিতীয়, মনোৰোগৰ সহায়েৰে স্বাভাৱিক-চিত্তাকৰ্ষণী-শক্তি-সম্পন্ন বিষয়লৈ আওকাণ কৰি আমাৰ ইচ্ছা-অনুযায়ী আন বিষয়কো গ্ৰহণ কৰিব পাৰোঁহঁক।

  জ্ঞানাৰ্জনত মনোযোগৰ একান্ত আৱশ্যক; সেই মনোযোগ বিষয়ৰ স্বাভাৱিক শক্তিয়ে টানি আনক বা আমি নিজে জোৰ [ ৭৮ ] কৰিয়ে লগাই দিওঁ। আমি আমাৰ চাৰিওফালে নানাবিধ গাছ পক্ষী লতা ফুল— ইত্যাদি দেখি থাকোঁ কিন্তু কেইজনে সেইবোৰৰ যথাযথ বিবৰণ জানো? কাৰণ, এইবোৰ বস্তুৰ প্ৰতি আমি যথেষ্ট মনোযোগ দিয়া নাই। পৰ্য্যবেক্ষণশীল লোকে অনেক আবৰ্জনাৰ মাজতো লাগতিয়াল অতি ক্ষুদ্ৰ বস্তু বা চিনকো ধৰি লব পাৰে। সিবিলাকে সেই সেই বস্তু বা চিনৰ প্ৰতি বিশেষ মনোযোগ দিয়াই ইয়াৰ কাৰণ।

 

  ৭। আকৌ, কাপোৰখনৰ কথালৈ যাওঁহঁক। মই ইয়াত বহি থাকিয়েই জানিব পাৰিছোঁ যে ভিন্ন ভিন্ন ইন্দ্ৰিয়-গৃহিত
ধাৰণাৰ সংযোগ
কাপোৰখন দীঘল বহলে প্ৰায় সমান; তাৰ স্পৰ্শ কোমল; সি অনেক সূতাৰ সমষ্টি; আৰু মই যি চকিত বহি আছোঁ তাৰপৰা ১০। ১১ ফুট মান আঁতৰত আছে। ইয়াত মন কৰিব লাগে ইয়াকে, যে মোৰ চক্ষুৰিন্দ্ৰিয় সহায়ত মই কাপোৰ-খনৰ ৰং-টোহে দেখা পাইছোঁ; তাৰ স্পৰ্শ বা দূৰত্বৰ বিষয়ে এই ইন্দ্ৰিয়ৰপৰা মই একো জ্ঞান পাব নোৱাৰোঁ। তথাপিতো দেখা মাত্ৰকতে মই কেনেকৈ জানো যে তাৰ স্পৰ্শ কোমল?

  সেই দৰে গছত আম আছে; মই দূৰৰপৰা দেখা মাত্ৰকতে বুজিব পাৰিছোঁ যে সেই আম টেঙা, সি কেঁচাই আছে গতিকে টান, আৰু তাৰ বিশেষ প্ৰকাৰৰ এটা গন্ধ আছে। মই [ ৭৯ ] দৰ্শন ইন্দ্ৰিয়ৰ সহায়ত কেৱল আমৰ বৰণটো হে জানিব পাৰোঁ; তাৰ গন্ধ, সোৱাদ, স্পৰ্শ, এইবিলাকৰ বিষয়ে দৰ্শন- ইন্দ্ৰিয়ই জ্ঞান দিয়ে কেনেকৈ?

 প্ৰকৃত পক্ষত দৰ্শনৰপৰা গন্ধাদি-সম্বন্ধে আমাৰ জ্ঞান হব নোৱাৰে। কিন্তু নাক, জিভা, ছাল ইত্যাদি ইন্দ্ৰিয়ৰপৰা আমৰ সম্বন্ধে হোৱা ধাৰণাবোৰ চকুৰপৰা পোৱা ধাৰণাৰ লগত বাৰ বাৰ সংযোগ হই পৰাত, আমি যেতিয়াই আম দেখোঁ তেতিয়াই তাৰ গন্ধাদি বিষয়ক ধাৰণাও আমাৰ মনত উদিত হয়। আন আন ইন্দ্ৰিয়ৰপৰ পোৱা ধাৰণাৰ বিষয়তো এই ক্ৰম।

  জহঁ-কালি গধূলি জোনাকত বাহিৰত বহি আছোঁ; বতাহৰ শাখাত মিঠা গন্ধ ভাহি আহিছে; তেতিয়াই স্কুলৰ কম্পাউণ্ডত থাকা হাচানা-হানা ফুল-জোপা দেখিবলৈ কেনে, কিমান ডাঙৰ ইত্যাদি কথাৰ বিষয় মোৰ মনত পৰিল। ইয়াতো হাচানাৰ গন্ধৰ লগত তাৰ দশন স্পৰ্শ সম্বন্ধে ধাৰণ- বোৰৰ পৰস্পৰ সংযোগ হৈ আছে।

  ৮। আৰু, এই হাচানা-জোপা সম্বন্ধে কত কি কথা মনত পৰে হি! ইয়াৰ ডাল আনা হল কৰ উপস্থিত বিষয়ৰ সহিত
অভিজ্ঞতাৰ ঘনিষ্ঠ সম্পৰ্ক
পৰা, কোনে তাক ৰুলে, তেওঁ কি দৰে এজোপা মোৰ নিজা ফুলনিতো ৰুই [ ৮০ ] দিছিল, সেই জোপা কিয় মৰিল, মোৰ অতি আপ্ত বন্ধু এগৰাকীএ এই ফুল কবলৈ মোক কি উপদেশ দিছিল, তেও আজি কি ভাগ বিপৰ্য্যয়ত ৰজাঘৰত নিগৃহিত— ইত্যাদি অনেক গোপন-কথাৰ সপোন মনত উদয় হৈ মোক কি বাস্তৱ অৱাস্তৱৰ ৰাজ্যলৈ লৈ যায়! হাচানা মোৰ নিজা অভিজ্ঞতাৰ এক অংশৰ লগত এই দৰে একান্ত ভাবে জড়িত। হাচানাৰ গন্ধৰ অৰ্থ মোৰ সম্বন্ধে যিটি, সেইটি আন এজনৰ, সম্বন্ধত নহয়।

  কাপোৰখনৰ কথাও এই দৰৰ। সেই কাপোৰখান কোনে আনিলে, মই কেনেকৈ পালোঁ— ইত্যাদি বিলাক কথাৰ সেই কাপোৰখানাৰ লগত ঘনিষ্ঠ সম্পৰ্ক।

  কোনো কোনো বস্তুৰ লগত আমাৰ অন্তৰৰ গভীৰ ভাৱবোৰ এইদৰে মেৰ-পাক খাই থাকে দেখি সেই বস্তু আমাৰ চকুত যিমান মূল্যৱানআনৰ চকুত তিমান হব নোৱাৰে। প্ৰিয়জনৰ হাতৰ আখৰ এটাই মনত কিমান ভাৱৰ উদয় কৰিব পাৰে। মৃত সন্তানৰ গাৰ চিৰা কানি এজখৰে অন্তৰত শোক কি ঢৌ তোলে! এইবিলাক সকলোএ অনুভৱ কৰা ক্থা।

  এতিয়া জ্ঞানাৰ্জনৰ সম্বন্ধে আমি আৰু দুটা কথা পালোঁ। তৃতীয়, ভিন ভিন ইন্দ্ৰিয়ৰপৰা হোৱা ধাৰণাবিলাক একেযোগ হৈ কোনো এটা বস্তু সম্বন্ধে আমাৰ জ্ঞান হয়। [ ৮১ ] আৰু চতুৰ্থ, প্ৰত্যক বস্তু বা বিষয় সম্বন্ধীয় জ্ঞান আমাৰ নিজ নিজ অভিজ্ঞতাৰ লগত বিশেষ এক সম্পৰ্কত যোগ হৈ থাকে। এই সম্পৰ্ক মানুহে পতি ভিন্ ভিন্।

 

  ৯। ওপৰৰ এই চাৰিটা কথাৰপৰা শিক্ষাদান প্ৰণালী সম্বন্ধে লাগতিয়াল উপদেশ পাব পাৰি। আমি কোনো এটা বিষয় সহজতে শিকিব পুৰণিক নতুন,আৰু নতুনক পুৰণি কৰা পাৰা বা নোৱাৰা কথা প্ৰথমতে বিষয়ৰ চিত্তাকৰ্ষণী শক্তিৰ ওপৰত নিৰ্ভৰ কৰে। এই শক্তিটো কি?

 দেখা যায় যে যেতিয়া মন কোনো গধুৰ কথাত লিপ্ত নাথাকে তেতিয়া উজ্জ্বল উৎকট ডাঙৰ ভীষণ— এনেবিলাক কথাই মন আকৰ্ষণ কৰিব পাৰে। এই বিলাক অসাধাৰণ। মৰুভূমিৰ মাজৰ অকণ মানি ফুল এটাও মন আকৰ্ষণ কৰিবলৈ সক্ষম। কিন্ত ফুলনিৰ ফুলৰ থুলত অনেক সুন্দৰ সুন্দৰ ফুলো চকুত নপৰে। চাৰিওফালৰ অৱস্থা চাই যিটি অসাধাৰণ, যিহত অলপ নতুনত্ব আছে, সেহে মন আকৰ্ষণ কৰিব পাৰে।

 ইয়াৰে পৰা শিক্ষা-দানৰ নিয়ম পোৱা যায়— 'পুৰণিক নতুন কৰা'। গৰু বা ছাগল, কাগজ বা কলৰ সম্বন্ধে পাঠ এটা সাধাৰণ ভাৱে দিবলৈ চেষ্টা কৰা; কোনো ছাত্ৰই মন নিদিয়ে। গৰুৰ চাৰিখন ভৰি এখান মুখ— কলমেৰে চিয়াহি তুলি কাকতত লিখা হয়— এনেবিলাক কথা ইমান [ ৮২ ] সাধাৰণ যে সিহঁতৰ মন আকৰ্ষণ কৰিব পাৰা শক্তি প্ৰায় নাই। কিন্তু গৰুৰ ভৰি চাৰিখানৰ গঠন, তাৰ ফালা খুৰা ইত্যাদি- বিলাক কথা, বা কলমৰ মুখ ফালা মাজত ফুটা, এনেবিলাক কথা, আলোচনা কৰিবলৈ আৰম্ভ কৰা; দেখিবা বেছি ভাগ লৰাই তোমাৰ ব্যাখ্যা মন দি শুনিছে। সেই দেখি যেতিয়া কোনো পৰিচিত বিষয়ৰ সম্বন্ধে পাঠ দিবলৈ আৱশ্যক হয়, তেতিয়া তাৰ সম্বন্ধে ছাত্ৰই নাজানা কথা শিকাবলৈ যত্ন কৰিব লাগে।

 কিন্তু সম্পূৰ্ণ নতুন বা নাজানা কথায়ো আকৌ মনোযোগ আকৰ্ষণ কৰিব নোৱাৰে। যেনে, মই জন্তু-তত্ত্ব-বিষয় একো নাজানো। প্ৰথমতে যদি এই বিষয়ক কঠিন ওখ-চাপৰ পুথি কিনি আনি পঢ়িবলৈ আৰম্ভ কৰোঁ, তেন্তে নিশ্চয় মই এই বিদ্যা কেতিয়াও আয়ত্ত কৰিব নোৱাৰোঁ॥ কিন্তু যদি প্ৰথমতে জন্তুবোৰৰ খাদ্যা-খাদ্য আচাৰ-ব্যাৱহাৰ বিষয়ক গ্ৰন্থৰপৰা আৰম্ভ কৰোঁ, তেন্তে কালত এই বিষয়ে মোৰ যথেষ্ট জ্ঞান হব পাৰে।

 ইয়াৰ পৰা শিক্ষা-দানৰ আন এটা নিয়ম পোৱা যায়— 'নতুনক পুৰণি কৰা'। ইয়াৰ অৰ্থ এই—যেতিয়া কোনো এটা এনে বিষয় পোৱা যি তোমাৰ ছাত্ৰৰ পক্ষে সম্পূৰ্ণ নতুন, তেতিয়া বিচাৰি চাব। ছাত্ৰৰ পুৰণা অভিজ্ঞতাৰ কোনো অংশৰ লগত তাৰ সংযোগ ঘটাব পাৰি নে নাই। সাধাৰণতে, [ ৮৩ ] দেখা যায় কিবা নে কিবা প্ৰকাৰে প্ৰায় নতুন কথাক পুৰণা অভিজ্ঞতাৰ লগত মিল খুৱাব পাৰি। যত নোৱাৰি, তত বুজিব লাগিব যে তোমাৰ, ছাত্ৰই এতিয়া যিমানখিনি জ্ঞান পাইছে, তাৰ সহায়ত এই নতুন কথা শিকোৱা অসম্ভৱ।

 এটা উদাহৰণ কোৱা হক। (ক+খ) = ক+২কখ +খ। এই কথা বীজগণিতৰ যোগ-বিয়োগ-পূৰণ-জানা ছাত্ৰৰপক্ষেও নতুন; আৰু তৃতীয় মানত পঢ়া অমিশ্ৰ-যোগ বিয়োগ-পূৰণ-জানা-ছাত্ৰৰ পক্ষেও নতুন। প্ৰথম বিধ ছাত্ৰক তাৰ পুৰণা অভিজ্ঞতাৰ সহায়ত এই সংকেতটো শিকোৱা সমূলি টান নহয়; কিন্তু যিমানেই পৰিশ্ৰম নকৰা দ্বিতীয় বিধ ছাত্ৰক এই কথা শিকাব নোৱাৰা। শিকাব খুজিলে, আগেয়ে তাহাঁতক বীজগণিতৰ যোগ-বিয়োগ-পুৰণলৈ শিকাৰ লাগিব। ঘূৰি আমি আগৰ কথাকে পাওঁ—আমি যিহক গ্ৰহণ কৰিব পাৰোঁ। সি আমাৰ পূৰ্ব অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে, শিক্ষা-দানৰ সময়ত পূৰ্ব জ্ঞানলৈ মন দিবা। তেতিয়াহে নতুন জ্ঞান শিকাব পাৰিবা।

 ১০। আমি পূৰ্বে পাই আহিছোঁ যে মনোযোগ নবহিলে কোনো বিষয়েই আমাৰ অন্তৰত প্ৰৱেশ কৰিব নোৱাৰে। মনোযোগ আকৰ্ষণ কৰাইন্দ্ৰিয়- মন; মনে যেতিয়া যি ইন্দ্ৰিয়ত কাম কৰে, বা যি বিষয়ৰ [ ৮৪ ] ওপৰত কাম কৰে, তেতিয়া সেই ইন্দ্ৰিয়-গ্ৰাহ্য বিষয় বা সেই বিষয় হে গৃহিত হব পাৰে।

 সেই দেখি কোনো বিষয় শিকাবলৈ হলে তাৰ প্ৰতি মনোযোগ আকৃষ্ট হোৱাৰ দিহা কৰিব লাগে।

 চিত্তাকৰ্ষণী-শক্তি-বিশিষ্ট প্ৰীতিকৰ বিষয়ৰ প্ৰতি মন দি থাকিলেই আমাৰ সংসাৰ নচলে। পৰীক্ষাৰ পুথি যিমানেই অপ্ৰীতিকৰ নহক, তাক পঢ়িব লাগে; জীৱিকা-অৰ্জনৰ কাৰণ কাৰ্য যিমানেই কষ্ট-সাধ্য নহক, তাক কৰিব লাগে। সংসাৰত অপ্ৰীতিকৰ বিষয় অনেক কষ্ট-সাধ্য কাৰ্য অনেক, যাক আয়ত্ত কৰিব পাৰাৰ ওপৰত আমাৰ সংসাৰিক উন্নতি নিৰ্ভৰ কৰিছে। এনে বিধ অপ্ৰীতিকৰ কাৰ্য্য বা বিষয়ৰ প্ৰতি আমি ইচ্ছা কৰি মনোযোগ দিব পাৰোঁ, আমি জোৰ কৰি আনি আমাৰ মনক এনেকুৱা বিষয়ত লগাই দিব পাৰোঁ।

 পণ্ডিত সকলে মনোযোগৰ এই দুই প্ৰকৃতিৰ পৰা ইয়াক দুটা ভাগত ভাগ কৰিছে। স্বভাৱতে বহা মনোযোগৰ নাম, স্বাভাৱিক মনোযোগ; আৰু ইচ্ছা কৰি দিয়া বিধৰ নাম, ইচ্ছা-সাপেক্ষ মনোযোগ। ইচ্ছা-সাপেক্ষে মনোযোগক স্বাভাৱিক মনোযোগলৈ পৰিৱৰ্তন কৰিব পাৰিলে শিক্ষা কাম সুগম হৈ উঠে। শিক্ষা-দান-প্ৰণালীৰ এই এটা প্ৰধান লক্ষ্য।

 অপ্ৰীতিকৰ বিষয়ৰ প্ৰতি মনোযোগ আনাৰ এটা মাত্ৰ উপায় আছে—প্ৰীতিকৰ কৰা। তুমি লটাৰি-টিকট [ ৮৫ ] কিনিছা; জিকা টিকটবোৰৰ নম্বৰ খবৰৰ ফাগজত ওলাব লগীয়া আছে; নিৰ্দিষ্ট তাৰিখৰ কাগজখান কেতিয়া আহি পায়, এই কথাত তোমাৰ কিমান ঔৎসুক্য! আৰু নম্বৰ- কেইটা তুমি কিমান মনোযোগ দি পুংখানুপুংখৰূপে চোৱা। তুমি নিজে পৰীক্ষাৰ্থী বা তোমাৰ কোনোবা আত্মীয়ই পৰীক্ষা দিছে। তেতিয়া বঙালি খবৰৰ কাকতৰ খুদখুদীয়া পঢ়িব নোৱাৰা আখৰবোৰলৈ তোমাৰ কিমান মনোযোগ! তেওঁ লটাৰিৰ টিকট কিনা নাই, বা পৰীক্ষাৰ ফলাফলত তেওঁৰ স্বাৰ্থ নাই; তেওঁৰ পক্ষে লটাৰিৰ নম্বৰ আৰু পাছ হোৱা ছাত্ৰৰ নাম বিৰক্তিকৰ লেপথেপীয়া আখৰ মাত্ৰ। অপ্ৰীতিকৰ বিষয়ক নিজৰ স্বাৰ্থৰ লগত সংশ্লিষ্ট কৰি লব পাৰিলে তাৰ প্ৰতি স্বভাৱতে মনোযোগ বহিব।

 কিন্তু ইচ্ছা-সাপেক্ষ মনোযোগ শক্তি সংসাৰ-যাত্ৰীৰ পক্ষে সাৰ্বতিকাল অত্যন্ত লাগতিয়াল।  ই আমাৰ চৰিত্ৰ দৃঢ় অধ্যৱসায়ী আৰু একাগ্ৰতাপৰ কৰে।  এইবিলাক গুণ সংসাৰত উদগতিৰ কাৰণে একান্ত আৱশ্যকীয়। স্বাভাৱিক মনোযোগৰ ক্ৰিয়া নদীৰ গতিৰ দৰে অবিৰাম, লানি নিছিগা; ইয়াৰ কতো জোৰৰ আৱশ্যক নকৰে। ইচ্ছা-সাপেক্ষ মনোযোগ ইঞ্জিনৰ থক-থকনিৰ দৰে; এটা হেঁচাই কিছু দূৰ কাৰ্য্য কৰে, তাৰ পাছত আৰু এটা হেঁচাৰ আৱশ্যক হয়। যি লোকে যিমান বেছি পৰিমাণে ইচ্ছা কৰি মনোযোগ শক্তিৰ প্ৰয়োগ [ ৮৬ ] কৰিব পাৰে, তেওঁ তিমান পৰিমাণে সংসাৰত কৃতকাৰ্য্য হয়। এই বাবে, পঢ়িব লাগা বা শিকিব লাগা বিষয়-বোৰৰ ভিতৰত এনে অংশ থাকিব লাগে যাৰ প্ৰতি ইচ্ছা-সাপেক্ষ মনোযোগ প্ৰয়োগ কৰাৰ আৱশ্যক হয়।

 ১১। পূৰ্বে আমি ইয়াকো পাই আহিছোঁ যে যিবিলাক বস্তু-বিষয়ক জ্ঞান আমাৰ মনত দৃঢ় ৰূপে বদ্ধমূল হৈছে বেলেগ বেলেগ ইন্দ্ৰিয়-
গহিত ধাৰণাবোৰক
পৰস্পৰ সম্বন্ধ কৰা
সেই-বোৰ বস্তুৰ সম্বন্ধে কোনো এটা ইন্দ্ৰিয়ৰ ধাৰণা পাই তাৰ অনেক কথা কব পাৰোঁ। এই ঘৰত বহি আছোঁ; দূৰত সংগীতৰ শব্দ। হাৰমোনিয়ামটো কেনে, কিমান ডাঙৰ, কেনেকৈ তাক বজায়— ইত্যাদিবিলাক কথা মনত হয়। কাৰণ হাৰমোনিয়াম সম্বন্ধে যিবিলাক ধাৰণা সেইবিলাক পৰম্পৰ সম্বন্ধ হৈ আছে।

 এই দেখি যি বিষয়ত আমি বিশেষ প্ৰকাৰে জ্ঞান লাভ কৰিব বিচাৰোঁ, যদি সেই বিষয়টো ইন্দ্ৰিয়-গ্ৰাহ্য হয়, তেন্তে প্ৰতিটো ইন্দ্ৰিয়ৰ সহায়েৰে তাক গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব লাগিব। কেৱল চিন্তা-শক্তিৰ সহায়ত শিকিব লগীয়া বিষয় হলেও, তাৰ সম্বন্ধে শুনি, তাৰ কথা কই, তাৰ বিষয় লিখি, যিমান প্ৰকাৰে পাৰি তাক আয়ত্ত কৰিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়া বস্তু বা কথা সম্বন্ধে চকু কাণ হাত-ভৰি [ ৮৭ ] জিভা বাক্‌যন্ত্ৰ প্ৰভৃতি ইন্দ্ৰিয়লব্ধ ধাৰণা একে যোগ হৈ সেই বস্তু বা কথাৰ জ্ঞান পৰিপুষ্ট হয়।

 এই কাৰণে নিয়ম আছে, কোনো কথা শিকিবলৈ যিমান বেছি ইন্দ্ৰিয়ৰ ব্যৱহাৰ কৰিব পাৰা তিমানে শিক্ষা সহজ আৰু জ্ঞান পুষ্ট হব।


 ১২। মনৰ প্ৰকৃতি এই যে সি কোনো এটা নতুন ধাৰণা গ্ৰহণ কৰা মাত্ৰকতে পুৰণা তুলনা আৰু সংযোগঅভিজ্ঞতাৰ কোনো শ্ৰেণীত পেলাবলৈ বিচাৰে। অভিজ্ঞতাৰ শ্ৰেণী অৰ্থ এই— আমাৰ জ্ঞান-সমষ্টি বিশৃংখল হই থাকা নাই, শ্ৰেণীবদ্ধ হৈ হে আছে। যেনে, ‘মানুহ’ বুলিলে অভিজ্ঞতাৰ এটা অংশ বুজায় সি এক শ্ৰেণীৰ; ‘গৰু’ বুলিলে অভিজ্ঞতাৰ যিটি অংশ বুজায় সি আন এক শ্ৰেণীৰ। একপ্ৰকাৰে ‘গজ’, ‘লণ্ডন’, ‘দয়া’, ‘হিংসা’, ‘ভাল, ‘যোৱা’—ইত্যাদি প্ৰত্যেক শব্দকে এক প্ৰকাৰে আমাৰ অভিজ্ঞতাৰ ভিন ভিন শ্ৰেণীৰ নাম বুলিলেও বুলিব পাৰি।

 নতুন অভিজ্ঞতাক এই দৰৰ শ্ৰেণীবদ্ধ কৰিবলৈ মনৰ যি শক্তি তাৰ নাম তুলনা। শিক্ষিত-অশিক্ষিত সকলো লোকে অতিজ্ঞতাৰ শ্ৰেণী বিভাগ কৰে। কিন্তু নানা লোকৰ শ্ৰেণী বিভাগ অনেক সময়ত ভুল হয়; তাৰ ফলত জ্ঞান অপূৰ্ণ [ ৮৮ ] থাকে। এটা সাধাৰণ উদাহৰণ ধৰা যাক। বাদুলিক আমি চৰাই বুলিম নে জন্তু বুলিম? আমি অনেকে, চৰাইৰ দৰে বাদুলি পাখা আছে আৰু সি উৰি ফুৰে দেখি, বাদুলিক চৰাই হে বোলোঁ। কিন্তু আমি সাধাৰণতে এইটো নাজানো যে চৰাইৰ দৰে বাদুলিএ ডিমা নাপাৰে, জন্তুৰ দৰে ছানা হে জগায়। সেই দেখি ই যে চৰাই নহবও পাৰে এই কথাটো আমি নাভাবোঁ।

 তুলনা সম্বন্ধে এই কথাই বিশেষ মন কৰিব লগীয়া। আমি অনেক সময়ত বস্তুৰ বাহিৰ গুণৰ প্ৰতি বা সাধাৰণ দৃষ্টিত দেখা গুণৰ প্ৰতি মাত্ৰ মন দিওঁ; তাৰ লুকাই থাকা গুণবোৰৰ প্ৰতি শিক্ষাৰ অভাৱত মন দিব নোৱাৰোঁ। এই কাৰণে, কোনো বিষয়ে বিশেষ-বেত্তা লোকসকলে সেই বিষয়ে যিমান কথা জানে আনে নাজানে। নতুন কৈ শিকা বিষয়ে যিমান বেছি কথা আমাৰ পূৰ্বৰ অভিজ্ঞতাৰ লগত মিলাই লব পাৰোঁ, তিমানে সেই বিষয়ক জ্ঞান পূৰ্ণ হয়।

 তুলনা দুই প্ৰকাৰ—সদৃশ আৰু বিসদৃশ; অৰ্থাৎ, এইটো বস্তুৰ এইটোৰ লগত ইয়াতে মিল আৰু ইয়াতে অমিল; গতিকে ইয়াক অমুকৰ লগত এক শ্ৰেণীৰ কৰিব পাৰি, কিন্তু অমুকৰ পৰা ই বেলেগ।

 তুলনাৰ কাম শ্ৰেণীবদ্ধ কৰা। যি দৰে অনেক কাগজ থব লাগিলে, ভাগ ভাগ কৈ থহেহে, যেতিয়া যিখন লাগে [ ৮৯ ] সেইখন পাব পাৰি, সেই দৰে জ্ঞান স্থায়ী হবলৈ তাক শ্ৰেণী-গত কৰি লোৱা আৱশ্যক। মনৰ স্বাভাবিক ধৰ্মৰ বলত জ্ঞান শ্ৰেণী-গত হবই; শিক্ষাৰ কাম তাক উপযুক্ত শ্ৰেণীত পেলোৱা।

 তুলনাৰ লগৰীয়া সংযোগ। নতুন জ্ঞান পুৰণা যি অভিজ্ঞতা-শ্ৰেণীৰ লগত মিলিল, তাৰ লগত লগ লাগি গল; এয়ে সংযোগ। সংযোগ হোৱাৰ দুটা পদ্ধতি। প্ৰথম, সদৃশৰ লগত সদৃশৰ সংযোগ হয়। যেনে হিমালয় আৰু আল্‌পচ্‌, দুয়ো ওখ পৰ্বত; হ্ৰদ পুখুৰীৰ দৰে; ইত্যাদি। আকৌ সদৃশ-বিসদৃশেও সংযোগ হয়। যেনে ‘ৰঙা’ আৰু ‘কলা’। ইয়াত দুয়ো বিসদৃশ হলেও দুয়োৰো এটা মিলন স্থল আছে, ‘ৰং’; গতিকে ৰং বিষয়ত দুয়ো সদৃশ। দ্বিতীয়, একেলগে থাকা বা হোৱা কথাৰো সংযোগ ঘটে। যেনে, কাগজ আৰু কলম; দুয়ো একেলগে থাকে, সেই দেখি ইটোই সিটোই সংযুক্ত হয়। ১৯১৪ চনৰ আগষ্ট মাহৰ ৪ তাৰিখ আৰু মহাৰণ—একেলগে হোৱা কথা দেখি পৰস্পৰ সংযুক্ত হৈ আছে।

 শিক্ষা-দান-প্ৰণালী সম্বন্ধে এই আলোচনাৰ পৰা এই উপদেশ পোৱা যায়। যি কথা শিকাব খোজা আৰু স্থায়ী কৰিবলৈ পুৰণা অভিজ্ঞতাৰ কোনো অংশৰ লগত তুলনা কৰিবা, আৰু নানা প্ৰকাৰে তাৰ লগত সংযোগ কৰি দিবা, [ ৯০ ] সেই জ্ঞান দৃঢ় হব। সংযোগৰ সংখ্যা সৰহ হয় মানে জ্ঞান বেছিকৈ মনত থাকিব।

 

 ১৪। মনত থাকা শক্তিয়েই স্মৃতি। স্মৃতি পদটোৰে আচলতে আমি তিনিটা বিভিন্ন কিন্তু স্মৃতি একেজাতীয় শক্তিৰ কথা প্ৰকাশ কৰোঁহঁক। জুলাই মাহৰ ১০ তাৰিখৰপৰা মোৰ জ্বৰ হৈছিল। ইয়াত প্ৰথমতে জ্বৰ হোৱা কথাটো জানা এটা কাম; ই গ্ৰহণ। সেই কথাটো মনত থাকা আন এটা কাম; ই ধাৰণ। আৰু আজি এই প্ৰৱন্ধ লিখিবৰ সময়ত এই কথাটো মনত পৰা তৃতীয় এটা কাম; ই স্মৰণ।

 স্মৃতিত আমি অনেক কথা ধাৰণ কৰোঁহঁক। যেনে, সৰু কালত কোন স্কুলত পঢ়িছিলোঁ, কোন মাষ্টাৰৰ কাপোৰ-কানি কেনে, কোন সময়ত কোনো বিশেষ উৎসৱ দেখিছিলোঁ, আমাৰ ঘৰৰ চৰাঘৰ-বৰঘৰ, কোনো ডাঙৰ নদী আৰু তাৰ ওপৰৰ নাও— ইত্যাদি হৰেক ৰকমৰ কথা আমাৰ মনত গাজ খাই আছে। তাৰে কোনো এটা অংশহে সেই সময়ত আমাৰ মনত পৰে বা স্মৰণ হয়।

  কথা কিন্তু মনত থাকে, তাক আগত কোৱা হল। যি বিষয়ৰ চিত্তাকৰ্ষণী শক্তি বেছি, অৰ্থাৎ যি বিষয়ে আমাৰ মনত বিশেষ প্ৰকাৰে চিন থব পৰিছে, সেই বিষয়টোক আমি [ ৯১ ] এবাৰ মাত্ৰ দেখি না শুনি মনত ৰাখিব পাৰোঁ। সকলো মানুহৰে দুটা এটা তেনে ঘটনাৰ স্মৃতি থাকে। যি বিষয়ত মনোযোগ বেছি দিয়া হয়, আৰু যি বিষয় বাৰ বাৰ অভ্যাস কৰা যায়, সেই বিষয়ো মনত থাকে। চতুৰ্থত, যি বিষয়ৰ লগত পুৰণা অভিজ্ঞতাৰ সংযোগ যিমান বেছিকৈ ঘটে সেই বিষয় তিমান সহজতে মনত থাকে।

  মনত পৰাৰ, অৰ্থাৎ স্বৰ বেৰাৰ কাৰণ সংযোগ। অলপ আগতে মোৰ জ্বৰ হোৱাৰ কথা মনত পৰিল। কাৰণ, জ্বৰ হোৱাৰ দিনালৈকে মই এই প্ৰৱন্ধ নকল কৰিছিলোঁ। জ্বৰ হোৱাৰ দিনাৰপৰা আজিহে আকৌ এই কাম হাতত লৈছোঁ। ইয়াত এই বহি-কাগজ-লিখন ইত্যাদিৰ লগত জ্বৰ হোৱা কথাটো সংযুক্ত হৈ আহিল। প্ৰথম বিধ চকুৰ আগত পৰা মাত্ৰকে দ্বিতীয় বিধৰ স্মৰণ হল। কোনো এটা কথা হঠাৎ মনত পৰা যেন পালে, এই দৰে তাৰ আগৰ কথা ভাবি চাবা, দেখিবা যে কোনোটো কথাই মনত নপৰে; তাৰ পূৰ্বৰ কথাৰ লগত সেই কথাৰ কিবা প্ৰকাৰৰ সংযোগ আছেই; অনেক সময়ত সেই সংযোগ গুপ্ত ভাৱে থাকে, অলপ ভাবি চালেহে ধৰিব পাৰি।

  সেই দেখি কোনো কথা এটা মনত পেলাব লাগিলে তাৰ সংযোগ বিচাৰি চাব লাগিব। ধৰা, অলি বাটত এজন মানুহ দেখিলা, মুখ চিনি পালা, কিন্তু নাম নাজানা আৰু এই মানুহ [ ৯২ ] জনে কি কৰে তোমাৰ লগত কেনেকৈ চিনাকি এইবিলাক কথাও মনত নপৰে। তেতিয়া কি কৰিবা? তুমি ভাবিব লাগিব এনেকুৱা দীঘল জাঙিৰ গোফ থাকা মানুহ কত দেখিছিল। তোমাৰ মনত পৰিল তুমি কোনো বন্ধুৰ ঘৰত থাকোতে তেওঁৰ লগত এনে মানুহ এজনৰ ঘৰ গৈছিলা। তাৰপৰা তোমাৰ স্মৰণ সহজ হৈ আহিল-এওঁ অমুক মৌজাৰ মৌজাদাৰ, কেইবছৰমান পূৰ্বে তুমি তোমাৰ বন্ধুৰ লগত এওঁৰ ঘৰক গৈছিলা, তেতিয়া তোমাক এওঁ অনেক আদৰ সাদৰ কৰি জা-জলপান খুৱাই পঠাইছিল। তাৰ পাছত তেওঁৰ সম্বন্ধে অনেক কথা মনত পৰিব⸺তেওঁৰ চৰা ঘৰটো, তাৰ মেজ-মাচিয়া, তেওঁৰ কথা-বাতৰা লৰা-ছোৱালী ইত্যাদি। এই আটাইবিলাক মনৰ মুলত সংযোগ। ইটোৰ পৰা সিটো, সিটোৰ পৰা তাৰ পাছৰটো--এই ক্ৰমে নানান কথা মনত পৰি যায়।

 স্মৰণৰ মুল সংযোগ বুজিব পাৰি, আমি কৃত্ৰিম উপায়েৰে কথা মনত ৰাখিবলৈ বিচাৰোঁ‌। কাপোৰত গঠি দি থৈ কথা মনত পেলোৱাৰ উপায় বুদ্ধিটো সকলোৰে জনাজাত। ইয়াৰ মূলতো এই কথা। গঠি-টো হাতত লাগিলেই মনত পৰিব কিয় গাঠি দিছিলা, তাৰপৰা তোমাৰ আৱশ্যকীয় কাম সিদ্ধ হব। খুটাত বা মাৰি থোৱা, কোনো বিশেষ ঘটনাৰ স্মাৰক ৰূপে গছ-পুলি ৰোৱা⸺ আটাইবিলাকৰ মূলত সংযোগৰ নিয়ম। [ ৯৩ ]  মনৰ এই স্মৃতি শক্তিৰ দৰে আমাৰ আন আন অঙ্গ- প্ৰত্যঙ্গৰো এক প্ৰকাৰ স্মৃতি শক্তি আছে। মই লিখিব ধৰাত আখৰৰ ভাজলৈ মই মুঠে মন কৰিব লগীয়া হোৱা নাই; মোৰ আঙুলিৰ পেশীবোৰ এই কামত ইমান অভ্যস্ত হৈ গৈছে যে চকু মুদি লিখাও মোৰ পক্ষে একো টান কাম নহয়। চাইকোলত উঠা লোকৰ চাইকেল চালনা, বাজনাদাৰৰ বাজনৰ ওপৰত আঙলি-চালনা,— ইত্যাদি অনেক প্ৰকাৰৰ কাম আমাৰ মাংসপেশীবোৰে আয়ত্ত কৰি থয়। এইবিলাকৰ মূল অভ্যাস। মুখস্থ বিদ্যাও এই প্ৰকাৰৰ অভ্যাসৰ ফল। লাগতিয়াল কাৰ্য্য আৰু কথা এইদৰে অভ্যাস কৰাত আৰু লাভত বাদে লোকচান নাই। অনেকে আজি কালি মুখস্থ কৰা প্ৰথাটোকে অভ্যাস বুলি ভাৱে। কিন্তু কিছুমান লাগতিয়াল কথা— যেনে আৰ্য্যা শ্লোক, নেওতা,— ইত্যাদি মুখস্থ কৰা বৰ ভাল নিয়ম। মুঠে, মুখস্থই একমাত্ৰ শিক্ষা হব নালাগে; আৰু বুজা-টো মুখস্থৰ ওপৰ বুলি জানিব লাগে।

 কোনোটো শব্দৰ বানান ভাল দৰে মনত নপৰে, কিবা এট। আখৰত সন্দেহ। বিশেষ নাভাবি খৰকৈ শব্দটো লিখি পেলোৱা; প্ৰায়েই দেখা যায় সেই দৰে লিখা শব্দটো শুদ্ধ হৈছে। ইয়াৰ কাৰণ পেশীবোৰৰ স্মৃতি-শক্তি।

  সেইদৰে চকু-কাণ আদি ইন্দ্ৰিয়ৰো এক প্ৰকাৰ সুকীয়া স্মৃতি আছে। এটা শব্দ ভুলকৈ লিখিলোঁ; তোমাৰ চকুএ [ ৯৪ ] ধৰিব পাৰে যে শব্দটো দেখাত ঠিক হোৱা নাই, কি যেন কি হৈছে। গু শু প্ৰভৃতি আখৰবোৰ এই দৰে নিলিখি গ শ এই দৰে লিখিলে, তোমাৰ চকুত নিশ্চয় কিবা লাগে।

  ১৫। ওপৰত জ্ঞানাৰ্জনৰ কথা আৰু তাৰ নিয়ম প্ৰণালীহে বেছি কৰি কোৱা হৈছে। কাৰণ, স্কুলত চৰিত্ৰ-গঠন⸺
কৰ্ম্ম
শিক্ষা অৰ্থত জ্ঞানাৰ্জনকেই মুখ্যকৈ বুজা যায়। কিন্তু মনৰ প্ৰধান কাৰ্য্য যে দুটা— জ্ঞানাৰ্জন আৰু ক্ৰিয়া কৰণ আৰু শিক্ষাৰ উদ্দেশ্যও চৰিত্ৰ-গঠন তাক আগতে কোৱা হৈছে। চৰিত্ৰ-গঠনৰ কাৰণে জ্ঞানাৰ্জনৰ সমানে সমানে ক্ৰিয়া-কৰণো আৱশ্যকীয়; বৰং ক্ৰিয়াকৰণ বেছি আৱশ্যকীয় হে বুলিব পাৰি। জ্ঞানৰ আৱশ্যক ক্ৰিয়াৰ কাৰণে হে; আৰু শেষত সকলো জ্ঞান ক্ৰিয়াৰূপে প্ৰকাশ পায়। আকৌ, মানুহৰ জীৱন-ক্ৰিয়াটো, শেষ কথাত, পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত সম্বন্ধ-স্থাপন; ইয়াৰ বাবে ক্ৰিয়া-কৰণহে বেছি আৱশ্যকীয়।

  কৰ্ম চৰিত্ৰ-গঠনৰ উপায় আৰু উপাদান। সহজ কথাত চৰিত্ৰ গঠন অৰ্থ কিছুমান আৱশ্যকীয় অভ্যাস আয়ত্ত কৰি লোৱা। ইয়াক কৰিব পাৰি কৰ্মৰ দ্বাৰায় হে। সেই দেখি, যিবিলাক অভ্যাস আমাৰ পক্ষে লাগতিয়াল, পুনঃ পুনঃ চেষ্টা [ ৯৫ ] কৰি আমি সেই বোৰ সম্পূৰ্ণৰূপে আয়ত্ত্বাধীন কৰিব লাগে। অভ্যাসৰ গুণত টান কাম উজু হয়, দুঃসাধ্য সাধ্য হয়।

  সংসাৰত উন্নতি কৰিলৈ হলে আমি দৃঢ়সংকল্প, কষ্টসহিষ্ণু বিবেচক, কাৰ্য্যক্ষম, নিৰলস, প্ৰফুল্লচিত্ত আৰু উদ্যোগী হব লাগে। অভ্যাসৰ বলত মানুহ এইবোৰ গুণৰ অধিকাৰী হব পাৰে। সেই দৰে বিপৰীত অভ্যাস-দোষত মানুহ বিলাসী, সুখ-পৰায়ণ জড়তাভাৱাপন্ন আৰু কষ্ট-কাটি-কৰি-থোৱা হৈ উঠে।

 জ্ঞান যিমানেই বেচি নহওক, কাম নকৰাকৈ কোনো কামিলা হব নোৱাৰে। শিল্পী হব খুজিলে, শিল্প-বিষয়ক কিতাপ পঢ়িলেই কোনো শিল্পী হব নোৱাৰে। হাতে হাতে কাম কৰিলে হে পাৰিব। জ্ঞানৰ আৱশ্যক কামত পটুতা লাভৰ কৰণেহে।

 সেই দেখি কৰ্ম শিক্ষাৰ প্ৰধান অঙ্গ। স্কুলত নানাবিধ বিদ্যা অধ্যয়ন কৰি যি শিক্ষা হয়, সেইশিক্ষা কোনো না কোনো প্ৰকাৰে জীৱনৰ লাগতিয়াল কামত আমাৰ সহায় হব লাগে। সেই শিক্ষা অনুযায়ী আমি নানাবিধ কাম কৰি সজ অভ্যাস গঠন কৰি লব লাগে। অভ্যাসৰ সমষ্টিৰ নাম চৰিত্ৰ। গোটেই জীৱন আমাৰ শিক্ষাৰ সময়; আৰু জীৱনৰ প্ৰত্যেক কামে আমাৰ চৰিত্ৰ গঠনত সহায় কৰে। [ ৯৬ ]  ১৬। সজ অভ্যাস গঠনৰ কাৰণ শাসনৰ মূল্য ভাল নাজানি নকৰা লোক সংসাৰত বিৰল; চৰিত্ৰ-গঠন—
শাসন
সৰহ তেনে যি ভাল বুজে, কৰিব নোৱাৰে। সেই দেখি শাসনৰ আৱশ্যক।

 দণ্ডৰ ভয়ত মানুহে বেয়াৰপৰা নিবৃত্ত হৈ থাকিব পাৰে, কিন্তু ভালত প্ৰবৃত্ত নহয়। সেই দেখি শিক্ষা দানত যি শাসনৰ আৱশ্যক তাৰ দণ্ডই প্ৰধান অস্ত্ৰ হব নোৱাৰে। শাসনৰ প্ৰধান কাম দুটা— দুষ্টৰ দমন আৰু অপৰাধীৰ সংশোধন। দুষ্টক কেৱল দমন কৰিলেই তাৰ চৰিত্ৰ গঠন নহয়; আন হব-খোজা-দুষ্টৰ প্ৰতি দণ্ডৰ উদাহৰণ হলেও নিজৰ একো লাভ নহয়। কিন্তু শিক্ষাৰপৰা শিক্ষাৰ অধীনত থাকা প্ৰত্যেক ব্যক্তিৰ চৰিত্ৰ-গঠন হব লাগে। এই কাৰণে শিক্ষা-বিধানৰ দণ্ড-নীতিত অপৰাধীৰ সংশোধন হে শাসনৰ মুখ্য উদ্দেশ্য।

 সংশোধনৰ কাৰণে বেয়া অভ্যাস এৰিলেই যথেষ্ট নহয়; ভাল অভ্যাস আয়ত্ত কৰিব লাগে। গতিকে ভালত প্ৰবৃত্ত হবৰ কাৰণে যি যি উপায় কৰা আৱশ্যক সেইবোৰ উপায় স্কুল শাসনৰ প্ৰধান অঙ্গ।

 এইবোৰ উপায়ৰ ভিতৰত শিক্ষকৰ প্ৰতি ছাত্ৰৰ ভক্তি শ্ৰদ্ধা আকৰ্ষণ কৰিব পাৰাটোই প্ৰধান। ছাত্ৰৰ মনত আত্ম-সন্মান, বেয়াৰ প্ৰতি ঘৃণা, মানবৰ প্ৰকৃত মহত্ত্ব প্ৰভৃতি [ ৯৭ ] ভাৱৰ বোব জন্মাই দিব পাৰিলে শাসন কাৰ্য উজু হয়। এইবিলাক অৱশ্য বাল্যাৱস্থা পাৰ হৈ যোৱা ছাত্ৰৰ পক্ষে হে উপযোগী।

 সৰু লৰাৰ পক্ষত পুৰস্কাৰ শাসনৰ প্ৰধান সহায়। পুৰস্কাৰ অৰ্থ কোনো টকা বা মূল্যৱান বস্তুয়েই নহয়— যদিও কেতিয়াবা কেতিয়াবা মূল্যৱান পুৰস্কাৰ দিয়া উচিতো হব পাৰে। শিক্ষকৰ প্ৰশংসাই উৎকৃষ্ট পুৰস্কাৰ। যি ছাত্ৰই শিক্ষকে ভাল পাব বুলি ভাল কাম কৰে, তাৰ চৰিত্ৰ গঠনৰ আৰম্ভণ ডাঠ বুলিব লাগে; আৰু যি ভাল দেখিয়েই ভালত প্ৰবৃত্ত হয় তাৰ চৰিত্ৰ-গঠন সম্পূৰ্ণ হল বুলিব পাৰি।

  প্ৰত্যেক শিক্ষাৰ্থীৰে, আৰু এই সংসাৰৰ প্ৰত্যেক লোকে, চৰিত্ৰ-গঠনত নিয়ে নিজৰ শিক্ষক হোৱা কৰ্তব্য। বেয়া কৰিবলৈ মন থাকিলে তাৰ সুযোগ ইমান বেছি যে ভূ-ভাৰতৰ কোনো শিক্ষকে বা কোনো অভিভাৱকে ছাত্ৰক বেয়াৰপৰা সদাই নিবৃত্ত কৰি ৰাখিব নোৱাৰে। নিজে ভাল হবলৈ অন্তৰেৰে সৈতে চেষ্টা কৰিলে ভাল হোৱা অত্যন্ত সহজ।

  ইয়াৰ মূল মন্ত্ৰ, আগতে কোৱা হৈছে, অসজ অভ্যাস ত্যাগ আৰু সজ অভ্যাস অৰ্জন। অসজক এৰোঁ বলি এৰা বৰ টান; তাৰ কথা সমূলি নাভাবি সজক অৰ্চিব লাগে।

 বেয়া অভ্যাসৰ প্ৰলোভন এটা আছে। সেই প্ৰলোভনৰ দেশ কাল পাত্ৰ সৰ্বতোভাৱে পৰিহাৰ কৰিব লাগে। যেতিয়ালৈ [ ৯৮ ] ভাল অভ্যাস সম্পূৰ্ণৰূপে আয়ত্ত নহয় তেতিয়া-পৰ্যন্ত তাক পালন কৰাত অলপো ক্ৰুটি কৰিব নালাগে। ভাল বা বেয়াৰ ফালে এটা খোজ দিলে সেই খোজে পাছৰ খোজটো অনেকাংশে সহজ কৰি তোলে— অভ্যাসৰ এই নীতি সদাই মনত ৰাখিব লাগে। আৰু কোনো সজ অভ্যাস যি পৰিমাণে আৰ্জিবৰ আৱশ্যক আদিতে তাতকৈ বেচি পৰিমাণলৈ লক্ষ্য ৰাখিব লাগে।

  আত্ম-শিক্ষা আৰু আত্ম-শাসনৰ এইবোৰ উপায়।

 

 ১৬। আত্ম-উন্নতি-প্ৰয়াসী লোকে আৰু এটা কথা মন কৰিব লাগে যে উধাই-মুধাই চকু চৰিত্ৰ গঠন—
আদৰ্শ
মুজি কাম কৰি থাকিলে একো ফল নহয়। গন্তব্য স্থান স্থিৰ কৰি ললে, ধীৰগতি হলেও, এদিন নে এ নৌদিন সেই স্থানত উপস্থিত হব পাৰি বা তাৰ ওচৰ চাপিব পাৰি। কিন্তু যাৰ কোনো এটা লক্ষ্য নাই, সি সমস্ত জীৱন হাবাথুৰি খাই দৌৰি ফুৰিও যতে আৰু ততে থাকিব পাৰে। সেই দৰে নিদিষ্ট উদ্দেশ্যহীন লোকে এদিন এটা আন এদিন আন এটা কাৰ্যত বৰ উৎসাহ আৰু শক্তি খটায়ো একো লাভৱান নহয়; কিন্তু অপেক্ষাকৃত ঢিলা লোকেও এক উদ্দেশ্যলৈ লক্ষ ৰাখি কাম কৰি থাকিলে শেষত গৈ জীৱনত অনেক উন্নতি কৰিব পাৰে। এই ভেদ [ ৯৯ ] নুবুজাৰ কাৰণেই ছাত্ৰাৱস্থাৰ অনেক বুদ্ধিমান চতুৰ ডেকাক সংসাৰত অকৃতকাৰ্য হোৱা দেখা যায়।

  “লাগি থাকিলে মাগি নেখায়”—এই কথা-আখৰৰ মূল ইয়াতে।

 উন্নতি কামী লোকৰ পক্ষে জীৱনৰ আৰম্ভণতে এটা উচ্চ আদৰ্শ গ্ৰহণ কৰা একান্ত কতব্য। যুবক-মনৰ বিশেষত্ব এই যে মহত্ব আৰু অসাধৰণতাত সি সদাই আকৃষ্ট হয়। ই এয়া বিপদ।

  ডাঙৰ চোৰৰ কাহিনী শুনি তাৰ দৰে হবলৈ ইচ্ছা কৰা ডেকা অনেক আছে। ফুটবল খেল চাই খেলুৱৈ, চাৰ্কাচ চাই কুস্তিগিৰ, বাজি চাই বাজিকৰ, সভা দেখি বক্তা, ভাল পুথি পঢ়ি গ্ৰন্থকাৰ, সঙ্গীত শুনি গায়ক— ইত্যাদি নানান অৱস্থাতে নানা প্ৰকাৰে কৃতিত্ব লাভ কৰিবৰ মন সকলো ডেকা লৰাৰে দেখা যায়। কিন্তু ইয়াতে সাৱধান হোৱা আৱশ্যক।

 আচলতে তুমি কি বিষয় ভাল পোৱা আৰু কি বিষয়ৰ উচ্চ-সাধনাৰ প্ৰতি তোমাৰ বৃত্তি-সমুহ অনুকুল, এই কথা বিশেষ ৰূপে ভাবি চাবা। ই এটা দুৰুহ কাম। তোমাৰ শিক্ষক বা অভিভাৱকে এই বিষয় তোমাক সহায় কৰিব পাৰে; কিন্তু তেওঁলোকেও সম্পূৰ্ণৰূপে তোমাৰ উপযুক্ত বিষয়ৰ কথা জানিব নোৱাৰে। তুমি নিজে এই কথাত মোৰ প্ৰধান সাৰথি। তাৰ পাছত সেই বিষয়ত কৃতিত্ব লাভ কৰিবৰ [ ১০০ ] কাৰণে চেষ্টা কৰিবা। সেই বিষয়ে উচ্চ আদৰ্শ জীৱনৰ আদিতে মনৰ আগত দৃঢ় কৰি বহুৱাবা। তাৰ পাছত তোমাৰ সকলো কৰ্ম, সকলো জ্ঞান, সকলো শক্তি, সেই আদৰ্শ লাভ কৰিবৰ কাৰণে নিয়োগ কৰিবা। ক্ৰমে দেখিবা তোমাৰ বহুল উন্নতি হব ধৰিছে।

 তুমি বাচি লোৱা বিষয়ত কৃতী কোনো প্ৰধান ব্যক্তিক আদৰ্শ কৰি লব পাৰিলে, জীৱনৰ গতি সেই আদৰ্শ-অনুযায়ী চলাবলৈ অনেক সুচল হয়।

 তুমি তোমাৰ আদৰ্শত লাগি থাকিলে তোমাৰ জীৱনৰ সমগ্ৰ চেষ্টা সেই আদৰ্শোন্মুখিনী কৰিলে, কোনো সন্দেহৰ অৱসৰ নাই যে তুমি কৃতকাৰ্য্য হবা।


 ১৭। আমাৰ নিজৰ শক্তিৰ প্ৰতি এই বিশ্বাস নাথাকাৰ কাৰণে আমি জীৱনত পাছ পৰি থাকোঁ। প্ৰত্যেক লোকে ভাবি চালে পাব যে উচ্চাকাংক্ষা আৰু আত্ম-বিশ্বাসতেওঁ লৰা-কালৰপৰা যিবিলাক লোকৰ লগ পাইছে, তাৰ ভিতৰত অনেক পাছ পৰি ৰল, অনেক আগ বঢ়িল; অথচ পাছ-পৰি-ৰোৱা লোকৰ অনেকেই স্কুলৰ পঢ়া-শুনাত আগ-বাঢ়া আছিল। সেইবিলাক মানুহৰ জীৱনৰ কথা ভাল দৰে ভাবি চোৱা; পাবা, যাৰ আকাংক্ষা আছিল, যাৰ নিজ-ক্ষমতাত বিশ্বাস আছিল, তেওঁ কৃতী হব পাৰিছে। [ ১০১ ]  ঈশ্বৰে যি দৰে সৰহ ভাগ মানুহকে লাগতিয়াল অঙ্গ-যুক্ত কৰি স্ৰজন কৰিলে, সেই দৰে সৰহ ভাগ মানুহকে আৱশ্যক জোখায় মানসিক শক্তিকো দিলে। ভেদ মুঠে উনৈশ-বিশ। যি কৰে নিজৰ শাৰীৰিক আৰু মানসিক শক্তিক নিয়ম মতে খটায়, আৰু একাগ্ৰমনে নিজ কৰ্তব্যত লাগি থাকে, তেৱেঁই হয় কৃতী। কৰ্তব্যত যাৰ একাগ্ৰতা নাই, তেওঁ নিজ শক্তিৰ অপচয় কৰে মাত্ৰ।

 পৃথিবীত যিমানবিলাক ডাঙৰ লোক হৈছে, তাৰ ভিতৰত অলপ সংখ্যক হে অসাধাৰণ বুদ্ধি-বৃত্তি লৈ জন্ম-গ্ৰহণ কৰিছিল। বেছি ভাগেই সাধাৰণ শ্ৰেণীৰ মানুহ। তেওঁবিলাকে উচ্চাকাংক্ষা, আত্মবিশ্বাস আৰু কৰ্মৰ প্ৰতি একাগ্ৰতাৰ গুণত সংসাৰত কৃতিত্ব লাভ কৰিছে। ডাঙৰ লোকৰ জীৱনিৰ পৰা এই শিক্ষাটোকেহে পোৱা যায়।

 সেই দেখি, নিৰাশ নহবা, মনক সৰু হবলৈ নিদিবা। তোমাৰ ভিতৰতো মহত্তৰ বীজ সঞ্চিত আছে। একাগ্ৰমনে কৰ্ত্তব্য কৰা; উদ্দেশ্যৰ প্ৰতি মন কৰি, নিৰ্দিষ্ট আদৰ্শৰ প্ৰতি লক্ষ্য ৰাখি, অগ্ৰসৰ হোৱা, নিশ্চয় সিদ্ধি তোমাৰ ওচৰ চাপিব। মনত ৰাখিবা যে তুমিও ইবিলাক কৃতীৰ দৰে যথেষ্ট শক্তি সম্পন্ন।

 মন এটা আচৰিত পদাৰ্থ। ইয়াৰ মূল আমি এতিয়াও পোৱা নাই। কিন্তু বিশ্বাসৰ প্ৰভাৱ যে কি অপৰিমেয়, তাৰ [ ১০২ ] দৃষ্টান্ত বহুত আছে। সেই দেখি বিশ্বাস কৰিবা তুমি সক্ষম, বিশ্বাস কৰিবা তুমি শক্তিশালী, বিশ্বাস কৰিবা তুমি উদ্যোগী;— সেই বিশ্বাসৰ অনুৰূপে তোমাৰ চৰিত্ৰ গঠিত হব।

 আত্ম শক্তিত বিশ্বাস, আৰু বিৰক্তি নমানি আদৰ্শ-লাভৰ কাৰণে অবিৰাম চেষ্টা,—সিদ্ধি লাভৰ এই দুই প্ৰধান পন্থা। ইয়াতে চলা, কৃতী হবা। সন্দেহ নকৰিবা, টান দেখি ঢিলাই নিদিবা। মনত ৰাখিবা,

“নায়মাত্মা বলহীনেন লভ্যঃ। ”
⸺•⸺