পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
শিক্ষা-বিচাৰ

ভাল অভ্যাস সম্পূৰ্ণৰূপে আয়ত্ত নহয় তেতিয়া-পৰ্যন্ত তাক পালন কৰাত অলপো ক্ৰুটি কৰিব নালাগে। ভাল বা বেয়াৰ ফালে এটা খোজ দিলে সেই খোজে পাছৰ খোজটো অনেকাংশে সহজ কৰি তোলে— অভ্যাসৰ এই নীতি সদাই মনত ৰাখিব লাগে। আৰু কোনো সজ অভ্যাস যি পৰিমাণে আৰ্জিবৰ আৱশ্যক আদিতে তাতকৈ বেচি পৰিমাণলৈ লক্ষ্য ৰাখিব লাগে।

  আত্ম-শিক্ষা আৰু আত্ম-শাসনৰ এইবোৰ উপায়।

 

 ১৬। আত্ম-উন্নতি-প্ৰয়াসী লোকে আৰু এটা কথা মন কৰিব লাগে যে উধাই-মুধাই চকু চৰিত্ৰ গঠন—
আদৰ্শ
মুজি কাম কৰি থাকিলে একো ফল নহয়। গন্তব্য স্থান স্থিৰ কৰি ললে, ধীৰগতি হলেও, এদিন নে এ নৌদিন সেই স্থানত উপস্থিত হব পাৰি বা তাৰ ওচৰ চাপিব পাৰি। কিন্তু যাৰ কোনো এটা লক্ষ্য নাই, সি সমস্ত জীৱন হাবাথুৰি খাই দৌৰি ফুৰিও যতে আৰু ততে থাকিব পাৰে। সেই দৰে নিদিষ্ট উদ্দেশ্যহীন লোকে এদিন এটা আন এদিন আন এটা কাৰ্যত বৰ উৎসাহ আৰু শক্তি খটায়ো একো লাভৱান নহয়; কিন্তু অপেক্ষাকৃত ঢিলা লোকেও এক উদ্দেশ্যলৈ লক্ষ ৰাখি কাম কৰি থাকিলে শেষত গৈ জীৱনত অনেক উন্নতি কৰিব পাৰে। এই ভেদ