পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
শিক্ষা-বিচাৰ

সেই জ্ঞান দৃঢ় হব। সংযোগৰ সংখ্যা সৰহ হয় মানে জ্ঞান বেছিকৈ মনত থাকিব।

 

 ১৪। মনত থাকা শক্তিয়েই স্মৃতি। স্মৃতি পদটোৰে আচলতে আমি তিনিটা বিভিন্ন কিন্তু স্মৃতি একেজাতীয় শক্তিৰ কথা প্ৰকাশ কৰোঁহঁক। জুলাই মাহৰ ১০ তাৰিখৰপৰা মোৰ জ্বৰ হৈছিল। ইয়াত প্ৰথমতে জ্বৰ হোৱা কথাটো জানা এটা কাম; ই গ্ৰহণ। সেই কথাটো মনত থাকা আন এটা কাম; ই ধাৰণ। আৰু আজি এই প্ৰৱন্ধ লিখিবৰ সময়ত এই কথাটো মনত পৰা তৃতীয় এটা কাম; ই স্মৰণ।

 স্মৃতিত আমি অনেক কথা ধাৰণ কৰোঁহঁক। যেনে, সৰু কালত কোন স্কুলত পঢ়িছিলোঁ, কোন মাষ্টাৰৰ কাপোৰ-কানি কেনে, কোন সময়ত কোনো বিশেষ উৎসৱ দেখিছিলোঁ, আমাৰ ঘৰৰ চৰাঘৰ-বৰঘৰ, কোনো ডাঙৰ নদী আৰু তাৰ ওপৰৰ নাও— ইত্যাদি হৰেক ৰকমৰ কথা আমাৰ মনত গাজ খাই আছে। তাৰে কোনো এটা অংশহে সেই সময়ত আমাৰ মনত পৰে বা স্মৰণ হয়।

  কথা কিন্তু মনত থাকে, তাক আগত কোৱা হল। যি বিষয়ৰ চিত্তাকৰ্ষণী শক্তি বেছি, অৰ্থাৎ যি বিষয়ে আমাৰ মনত বিশেষ প্ৰকাৰে চিন থব পৰিছে, সেই বিষয়টোক আমি