পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
শিক্ষা-দানৰ প্ৰণালী

আৰু মূৰৰ পাছৰ ফালে স্নায়ুকেন্দ্ৰৰ আৰু এটা ভাগ আছে, তাৰ নাম ক্ষুদ্ৰ মস্তিষ্ক এই তিনিটা স্নায়ুকেন্দ্ৰৰ প্ৰধান ভাগ।

  স্নায়ু-কেন্দ্ৰৰ পৰা কিছুমান সূতাৰ দৰে পদাৰ্থ ওলাই গৈ আমাৰ সমস্ত শৰীৰ ছাটি আছে। এইবিলাকে আমাৰ শৰীৰৰ প্ৰত্যেক অংশক স্নায়ুকেন্দ্ৰৰ— আমাৰ মজ্জা-মস্তিষ্কৰ— লগত সংযুক্ত কৰি থৈছে। এয়ে স্নায়ু-সংযোগ। এই সূত্ৰবোৰৰ সংখ্যা জ্ঞানেন্দ্ৰিয় বিলাকত সৰহ। এই সূত্ৰবোৰৰো দুটা ভাগ— জ্ঞান-বাহী বা অন্তশ্চাৰী আৰু শক্তি-বাহী বা বহিশ্চাৰী।

  কোনো এটা বস্তু আমাৰ ইন্দ্ৰিয়-গোচৰ হোৱাৰ অৰ্থ, স্নায়ুমণ্ডলৰ সহায়ত মনে সেই বস্তুটোৰ বিষয় জানিব পাৰে। যেনে, মই এই টেবুলত বহি ‘কামিনী’ ফুল জোপা দেখিছোঁ। ইয়াৰ অৰ্থ— কামিনী ফুল জোপাই বিশ্বব্যাপী ইথাৰত তৰঙ্গ উৎপাদন কৰিছে। সেই তৰঙ্গৰ উত্তেজনা মোৰ সমস্ত গাত লাগিছে, আৰু ফুল জোপাৰ চাৰিও ফালৰ সকলো বস্তুতে লাগিছে। কিন্তু সেই তৰঙ্গৰ উত্তেজনা কেৱল চক্ষুঃ-যন্ত্ৰৰ সহায়েৰে-হে বোধগম্য হব পাৰে। এই ক্ষেত্ৰত মোৰ চকুৰ মণিটোৰ ভিতৰে দি এই উত্তেজনা ‘ৰেটিনা’ত লাগিছে। ৰেটিনাত অনেক স্নায়ুসূত্ৰ আছে। তাৰে মাজৰ জ্ঞানবাহী সূত্ৰই সেই উত্তেজনা নি মোৰ মস্তিষ্ক পোৱাইছে। তাৰ ফলত মই বুজিৰ পাৰিছোঁ যে মোৰ সমুখত কামিনী ফুল জোপা আছে। বাহিৰৰ উত্তেজনা ভিতৰলৈ নিয়ে, আৰু তাৰ ফলত