দৰ্শন ইন্দ্ৰিয়ৰ সহায়ত কেৱল আমৰ বৰণটো হে জানিব পাৰোঁ; তাৰ গন্ধ, সোৱাদ, স্পৰ্শ, এইবিলাকৰ বিষয়ে দৰ্শন- ইন্দ্ৰিয়ই জ্ঞান দিয়ে কেনেকৈ?
প্ৰকৃত পক্ষত দৰ্শনৰপৰা গন্ধাদি-সম্বন্ধে আমাৰ জ্ঞান হব নোৱাৰে। কিন্তু নাক, জিভা, ছাল ইত্যাদি ইন্দ্ৰিয়ৰপৰা আমৰ সম্বন্ধে হোৱা ধাৰণাবোৰ চকুৰপৰা পোৱা ধাৰণাৰ লগত বাৰ বাৰ সংযোগ হই পৰাত, আমি যেতিয়াই আম দেখোঁ তেতিয়াই তাৰ গন্ধাদি বিষয়ক ধাৰণাও আমাৰ মনত উদিত হয়। আন আন ইন্দ্ৰিয়ৰপৰ পোৱা ধাৰণাৰ বিষয়তো এই ক্ৰম।
জহঁ-কালি গধূলি জোনাকত বাহিৰত বহি আছোঁ; বতাহৰ শাখাত মিঠা গন্ধ ভাহি আহিছে; তেতিয়াই স্কুলৰ কম্পাউণ্ডত থাকা হাচানা-হানা ফুল-জোপা দেখিবলৈ কেনে, কিমান ডাঙৰ ইত্যাদি কথাৰ বিষয় মোৰ মনত পৰিল। ইয়াতো হাচানাৰ গন্ধৰ লগত তাৰ দশন স্পৰ্শ সম্বন্ধে ধাৰণ- বোৰৰ পৰস্পৰ সংযোগ হৈ আছে।
৮। আৰু, এই হাচানা-জোপা সম্বন্ধে কত কি কথা
মনত পৰে হি! ইয়াৰ ডাল আনা হল কৰ
উপস্থিত বিষয়ৰ সহিত
অভিজ্ঞতাৰ ঘনিষ্ঠ সম্পৰ্ক
পৰা, কোনে তাক ৰুলে, তেওঁ কি দৰে
এজোপা মোৰ নিজা ফুলনিতো ৰুই