পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৬৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬১
দ্বাদশ আধ্যা।

অৰ্থ এনে হব নোৱাৰে নে? — যে শঙ্কৰদেৱ ছকুৰি বছৰ জীয়াই আছিল, কিন্তু তাৰে ভিতৰৰ তেৰ বছৰ তেওঁৰ শৰীৰ সিমান ভাল নাছিল। আৰু আন এটা কথা - ১৩ বছৰ কম ছকুৰি বোলাটো স্বাভাবিক নহয়; কুৰিৰ দুই-এক বা দুই পাঁচ কম হলেহে সাধাৰণত মানুহে তেনেকৈ কয়। পাঁচ কুৰিৰ ওপৰে সাত বছৰ পায়েই যে ১৩ কম ছকুৰি বছৰ বুলিব এনেতো আমাৰ মতেৰে অস্বাভাবিক যেন লাগে। আৰু এটা কথা,- যদি মন্দ মানে কমেই প্ৰমাণিত হয়, তেন্তে হাতে-লেখা সাচিপতীয়া পুথি নকল কৰোঁতাই ভুল কৰি “এক বৰিষৰ” ঠাইত তেৰ বৰিষ কৰাটোও অসম্ভৱ নহয়।

 আমি ভালকৈ জানোঁ, যে ৰামচৰণ ঠাকুৰ ৰচিত হাতে-লেখা আন কেইবাখনো গুৰু চৰিত্ৰত “ডেৰ (১.৫) বৰিষ মন্দ আয়ু ভৈল ছয় কুৰি" বুলি লেখা আছে। ডেৰ মাতিব নোৱাৰি তাৰ ঠাইত কানো লেখকে তেৰ কৰাটো সম্ভৱ। ছকুৰিৰ ১.৫ বছৰ কম হলে মাথোন ছমাহৰ গোলমাল থাকে।

 ৰামচৰণ ৰচিত এখন পুথিত আছে –-“ভাদ্ৰ মাস আসিয়া দ্বিতীয়া তিথি ভৈলা। সেহি সময়ত গুৰু নাট্য সম্বৰিলা॥ ডেৰ (১.৫) বছৰ মন্দ আয়ু ভৈলা ছয় কুৰি। প্ৰভু বৈকুণ্ঠক গৈলা নৰনাট এড়ি॥” আন দুখনত লেখিছে -“ভাদ্ৰ মাস শুকুলা দ্বিতীয়া তিথি ভৈলা। সেহি দিনা শঙ্কৰ বৈকুণ্ঠে চলি গৈলা॥ বৰিষেক মন্দ আয়ু ভৈল ছয় কুৰি। তেবেসে চলিলা গুৰু বৈকুণ্ঠ নগৰী॥” এই পুথিৰে এঠাইত আছে “আশ্বিন প্ৰবেশি পাঞ্চ দিন বহি গৈল। সেহি দিনা শঙ্কৰদেৱৰ জন্ম ভৈল॥” বৰদোৱাৰ