পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৬০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৮
শঙ্কৰদেৱ।

পোৱা হৈছে। এই শকটো মিষ্টৰ গেইটে তেওঁৰ আসাম বুৰঞ্জীত দিয়া শকটোৰে সৈতে মিলে; যদিও তেওঁ তাত সন্দেহ প্ৰকাশ কৰিছে।[১] দৈত্যাৰি ঠাকুৰে কৰা শঙ্কৰদেৱৰ জীবন চৰিত্ৰ পুথিত শঙ্কৰদেৱৰ জন্ম শকৰ উল্লেখ নাই; মাথোন মৃত্যুৰ শকৰ হে উল্লেখ আছে, [২] এই শক মিষ্টৰ গেইটে দিয়া শকেৰে সৈতে মিলে। “বাঁহীত” প্ৰকাশ কৰা গুৰুচৰিত্ৰৰ শক অবিশ্বাস কৰিবৰ বিশেষ কাৰণ আমি দেখা নাই। প্ৰথমত, সি মিষ্টৰ গেইটে দিয়া শকেৰে সৈতে মিলিছে। দ্বিতীয়ত এই পুথিখন শঙ্কৰদেৱৰ আদি স্থান বৰদোৱা সত্ৰত অতি যত্নৰে ৰক্ষিত, তাত লিখা আন কোনো কোনো বিষয়ত সন্দেহ কৰিলেও জন্ম-তাৰিখটোত নকৰাই উচিত, কাৰণ, বৰদোৱাই তেওঁৰ জন্মস্থান। বৰদোৱাৰ এই গদ্য গুৰুচৰিত্ৰ পুথিত লেখা আছে যে “এই সময়ত, অসমৰ ৰজা চুচেনফা ৰাজ সিংহাসনত আছিল তেওঁৰ হিন্দুনাম হোৱা নাছিল; আহোম নামেই প্ৰচলিত আছিল।” চুচেন্ফাৰ ৰাজত্বৰ কাল ১৪৩৯ - ১৪৮৮ খৃষ্টাব্দ শঙ্কৰদেৱৰ যেতিয়া জন্ম হয় (১৪৪৯ খৃষ্টাব্দ) তেতিয়া চুচেনফা আসাম ৰাজ-পাটত দহবছৰীয়া ৩৭ শকটো শঙ্কৰদেৱৰ

  1. “He is said to have been born in 1449 and to have died in 1569. The latter date is probably correct, so the former must be about thirty or forty years too early.” “A History of Assam,” by Gait
  2. “চৌধশ নব্বৈ শকত নিশ্চয় শঙ্কৰ বৈকুণ্ঠে গৈলা।”— দৈত্যাৰি।