পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৬১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
১৫৯
দ্বাদশ আধ্যা।

জন্মৰ শক বুলি বিশ্বাস কৰিবলৈ মিষ্টৰ গেইটৰ বোধ কৰোঁ এইটো আপত্তি যে, তেনেহলে শঙ্কৰদেৱৰ জীৱনৰ কাল বৰ দীঘল হয়, অর্থাৎ ১১৯ বছৰ হয়। গেইটৰ মতে বোধ কৰোঁ সেইটো সম্ভৱ নহয়। আমি কওঁ, সেইটো অসম্ভবো নহয়। আগৰ কালৰ সজ লোক সকল প্রায়ে দীৰ্ঘায়ু হোৱা দেখা যায়। তাৰ কাৰণ, তেওঁলোকৰ জীৱন যাত্ৰা নিৰ্ব্বাহ সহজভাবে সাধিত হৈছিল, তেওঁলোকৰ জীৱন যাত্ৰা আজিকালিৰ মানুহৰ জীৱনৰ নিচিনা artificial অৰ্থাত্‍ কৃত্ৰিম নাছিল। তেওঁলোকৰ শাস্ত্ৰ “Plain living and high thinking” অৰ্থাত্‍ সৰলভাৱে জীৱনযাত্ৰা নিৰ্ব্বাহ কৰা আৰু ওখ চিন্তা কৰা। এই দুটাই যে দীৰ্ঘ-জীৱনৰ মূলমন্ত্ৰ তাক সকলো চিন্তাশীল মানুহে জানে। লেখকৰ প্ৰপিতামহ ১১০ বছৰ, পিতামহ ৯০ বছৰ, আৰু পিতৃদেবতা ৮২ বছৰ জীয়াই আছিল। পিতৃদেৱতা মৰিবৰ কাললৈ সুস্থ আৰু সবল হৈ আছিল। আৰু এটা কথা ⸺ শঙ্কৰদেৱে তেওঁৰ জীৱনৰ প্ৰথমভাগত যোগশাস্ত্র চর্চা কৰি যোগ অভ্যাস কৰি সেই বিদ্যাত পৈণত হৈছিল। যোগীসকলৰ দীৰ্ঘ জীৱন আৰু অনেক সময়ত ইচ্ছামৃত্যু হোৱাটো সকলোৱে জানে। কোচবেহাৰত যেতিয়া নৰনাৰয়ণ ৰজাই শঙ্কৰদেৱক তেওঁৰ গুৰু হবলৈ বৰকৈ ধৰিলে, কোনো মতে শঙ্কৰদেৱে ৰজাৰ সেই প্ৰাৰ্থনা এৰাব নোৱাৰি, ৰজাক পিছ দিনা শৰণ দিয়া হব বুলি ব্ৰতে উপবাসে থাকিবলৈ কৈ তেওঁ থকা বহালৈ উভতি আহিল। পিছ দিনা তেওঁৰ যোৱাত পলম হোৱাত ৰজাই মানুহ আৰু দোলা পঠিয়াই দিলত শঙ্কৰদেৱে কলে যে “বাৰু