লভিতা/দ্বিতীয় অঙ্ক

[ দ্বিতীয় অঙ্ক ]


দ্বিতীয় অঙ্ক
প্ৰথম দৰ্শন


ফুল-গুৰি গাঁৱৰ এটা হাবিতলীয়া বটি। সন্ধিয়া লাগি আন্ধাৰ হৈছে। বহুত দূৰৈত ইংৰাজী সুৰৰ সুহুৰি। মাজে মাজে উৰা-জাহাজৰ শব্দ। হাতত টচলাইট্ লৈ বাট্ চাই চাই এ, আৰ, পি পোছাকত গোলাপে লভিতাক ধৰি লৈ আহে। লভিতাক কান্দি উচুপি থকা দেখা যায়।

লভিতা। (কিছুদূৰ আহো নাহোকৈ আহি হঠাৎ থমকি ৰৈ হুক হুক কৈ কান্দিবলৈ ধৰে। পিছত উচুপি উচুপি) ম-মই মৌজাদাৰৰ ঘৰলৈ নাযাওঁ। গোলাপ ককাইদেউ! মই নাযাওঁ।

গোলাপ। (বুজনি দিবলৈ চেষ্টা কৰি) উস্ বাৰে বাৰে একে কথা। লভিতা! তুমি নুবুজা কিয়? আজি হঠাৎ তুমি যি অৱস্থাত পৰিছা তালৈ চাই আৰু তুমি আগৰ দৰে চলিব নোৱাৰা নহয়। এতিয়া চকুকাণ মুদি প্ৰাণটো আৰু ইজ্জতটো ৰাখিব পাৰিলেই হৈছে। যুদ্ধৰ যি বিষম অৱস্থা আৰু বা কি হয়—একো কব নোৱাৰি। সেই কাৰণে বৰ্ত্তমান তুমি মৌজাদাৰৰ ঘৰতে কোনোমতে গোজা মাৰি থাকা।তাৰ পিছত অৱস্থা চাই কিবা এটা কৰিব লাগিব। [ ৩৩ ]
 

লভিতা। আই অ’-মইনো এতিয়া লোকৰ ঘৰত কেনেকৈ থাকিমগৈ? হে ঈশ্বৰ! পিতাইৰ লগতে মোকো মাৰি নিনিলা কিয়?

গোলাপ। বুজিছা লভিভা! মই দেখাত হলে এতিয়া তোমাৰ কাৰণে মৌজাদাৰৰ ঘৰে আটাইতকৈ নিৰাপদ ঠাই। এনে যুদ্ধৰ হুহিমুহিৰ মাজত কত ছোৱালীৰ কত বিপদ হৈ গৈছে। কিন্তু মৌজাদাৰৰ ঘৰত থাকিলে সেইবোৰৰ পৰা বহুত নিৰ্ভয়ত থাকিব পাৰিবা। ময়ো তাত থাকিলে খা-খবৰ কৰি থাকিব পাৰিম।

এনেতে শত্ৰুৰ বিমান আক্ৰমণৰ জাননী দি “লহৰজান এয়াৰ-ড্ৰম”ৰ চাইৰেন্ বাজি উঠে। অলপ পিছতে উৰা-জাহাজৰ শব্দ হবলৈ ধৰে। লগে লগে এণ্টিএয়াৰ ক্ৰাফ্‌ট‌্ গণৰ শব্দ । মানুহ কিছুমানে হুৰমূৰকৈ সেইফালে লৰি আহে। গোলাপ আৰু লভিতাই বেগাবেগিকৈ তাৰ পৰা আঁতৰি যায়।


—————
[ ৩৪ ]
দ্বিতীয় দৰ্শন


এমাহ পিছত। গঙ্গাৰাম বৰুৱা মৌজাদাৰৰ ঘৰ। তেওঁ লহৰ-জান মৌজাৰ মৌজাদাৰ। মৌজাদাৰৰ ঘৰৰ পাছৰ চোতাল। মৌজাদাৰৰ বঙলা-ঘৰ আৰু ৰান্ধনি ঘৰৰ মাজতে এই চোতাল। ষ্টেজৰ সোঁফালে বঙলাঘৰৰ পাছফালৰ বাৰান্দাখন দেখা গৈছে। ৰান্ধনি ঘৰটো খেৰৰ আৰু বাঁহৰ খুটাৰ। ৰান্ধনিঘৰৰ বাৰান্দাত বহি মৌজাদাৰনীয়ে আগত শাক-পাচলিৰ খৰাহি এটা লৈ শাক পাচলি কুটিছে। ওচৰতে এখন মৈদা আৰু থাল, খৰাহি, পাচি ইত্যাদি। দুৱাৰেদি ৰান্ধনিঘৰৰ পৰা অলপ অলপ ধোঁৱা আহিছে ৷ চোতালেদি মৌজাদাৰৰ চাকৰ, হালোৱা ইত্যাদি মানুহ মাজে মাজে অহা যোৱা কৰিছে। বঙলাঘৰৰ ভিতৰৰ পৰা মৌজাদাৰৰ গলগলীয়া মাত শুনা যায়।

“হেৰ কোন আছ! ধপাত এচিলিম্ আন অ !”

মৌজাদাৰনী। (মূৰ ডাঙি) হেৰ কতীয়া-অ’ কতীয়া! (উ-উ বুলি কতীয়াই দুৰৰ পৰা মাতে।)

(মৌজাদাৰনীয়ে শিঁয়াৰি) উ-উ কটা চুৱাখোৱা-বান্দৰ- ক’ত মৰিছগৈ-ধপাত খুজিছে কব নোৱাৰনে? মাতিলে [ ৩৫ ]
 

চাতিলে ঘপৰাই পাবলৈ নাই। ইয়াত থাকিব নোৱাৰ বাঘে-খোৱা?

এনেতে সৰু গাঠলু পৰ্ব এটা কেওঁ মেওঁকৈ ভয়ে ভয়ে লৰি আহি চিলিম এটা লৈ ৰান্ধনিঘৰত সোমায়৷ মৌজাদাৰনীয়ে তালৈ চাই খচ্ খচ্‌কৈ পাচলি কুটিবলৈ ধৰে। এনেতে বঙলা-ঘৰৰ ভিতৰৰ পৰা আকৌ চিঞঁৰে।

“হেৰ ধপাত এচিলিম দিব পৰা নাইনে অথনিৰে পৰা—?”

মৌজাদাৰনী। হেৰ কটা বান্দৰ-কতীয়া-কটা বাঘে-খোৱা-হেৰামজেদা কৰিছ কি অতবেলি-হেৰ নানিছনে?

ভিতৰত কতীয়াই মাতে, “মইনো কি কৰিম আই ! অঙঠা থাকিলেও নিদিয়ে ৰান্ধনীয়ে।”

মৌজাদাৰনী। নিদিব কেলৈ-কে-লৈ নি-দিব তাই? এই কটাৰ জী লভিতা নে ফভিতা! দিয়া নাই কিয়?

লভিতা।(ভিতৰৰ পৰা) মইনো দিওঁ কৰ পৰা আই-কেচা গেৰেহা খৰি ফুৱাঁই ফুৱাঁইও জুই ধৰিব পৰা নাই অখনিৰে পৰা।

(কতীয়া সোমাই আহে-চিলিমটো ফুৱাঁই ফুৱাঁই।)

মৌজাদাৰনী। এই বাঘে-খোৱা। এতিয়া দেখোন পালি? [ ৩৬ ]
 
কটিয়া। ক’ত পালো আই—সৌ এঙাৰ কেইটামানত ফিৰিঙতি এটা সুমুৱাই ফুৱাঁই ফুৱাঁই আনিছো।

মৌজাদাৰনী৷ তোক মই ৰাতিপুৱাই শুকান খৰি কেইডালমান আনি দিবলৈ কৈছিলো নহয়?

কটিয়া। কলেইনো মই ক’ত পাওঁগৈ শুকান খৰি।

মৌজাদাৰনী। (খঙত টিকচি বিকচি উঠি) কটা ‘বদমাছ’! কটা ডগাবাজ! তোৰ দেখোন বৰ বৰ কথা? তই মোক চিনি পোৱা নাই?

এই বুলি তাতে থকা ছজিনা এডাল লৈ কতীয়াক মাৰ শোধাই দিয়ে। কতীয়াই হাঁওঁ হাওঁকৈ যিমান পাৰে সিমান কান্দিবলৈ ধৰে। বঙলাৰ ভিতৰৰ পৰা মৌজাদাৰে “হেৰ কি হ’ল? হ’ল কি?” বুলি ওলাই আহে।

মৌজাদাৰনী। (বকিবলৈ লাগি) ক’ৰ জানো এই বাৰে-বাংকৰা মানুহ বুটলি ফুৰিব। এইটো কটা মাক-বাপেকৰ ঠিক নোহোৱা খাইমূৰাটো ঘৰত সুমুৱালেহি-কথা এটা নুণ্ডনে। ৰান্ধনিঘৰৰ পৰা কল, গাখীৰ, চেনি, দৈ চুৰ কৰি খাই খাই নাইকিয়া কৰিলে। কাম এটালৈ পাচিলে তাতে মৰি থাকিবগৈ। কথা এটা সুধিলে ভেকাহি মাৰিব। কটা হেৰামজেদা ! বদমাছ! (বুলি কতীয়াক খেদা মাৰে। কতীয়াই [ ৩৭ ]
 
ঔ! মাৰিলে ঔ! বুলি চিলিম টিলিম পেলাই লৰ মাৰে। কথা দেখি মৌজাদাৰেও উচ্চ বাচ্য নকৰি ভিতৰলৈ সোমাই যায় ।মৌজাদাৰনীয়ে পাচলি কুটাত বহি আকৌ বোৰবোৰাবলৈ ধৰে।

মৌজাদাৰনী। যতবোৰ খাবলৈ নোপোৱা কেলেহুৱাবোৰ আনি ঘৰ সুমুৱাবহি। যতবোব ডগাবাজ আছে, সেইবোৰহেআনিবলৈ পায়। এইবোৰ সৈতে চুপতি কৰোতে কৰোতে মোৰ মূৰটো ঘোলা হ’ল। সেই কুলক্ষণী এজনী আনি আকৌ গোটাই লৈছেহি। ইমানজনী ধোদোঙা ছোৱালী, এদিনো তাই তৰকাৰী এখন, আঞ্জা এখন, ৰান্ধিব নাজানে। কটা এইবোৰ লৈ মোৰ মৰণৰ চিন হ’ল ৷

এনেতে ৰান্ধনিঘৰৰ ভিতৰৰ পৰা, ধোঁৱাই খাই চকু, মুখ ৰঙা কৰি, চকুপানী ওলাই থকা লভিতা ওলাই আহে।


লভিতা। আই! পাৰ-চৰাইৰ আঞ্জাখন কেনেকৈ ৰান্ধিব লাগে দেখুৱাই দিয়কহিচোন।

মৌজাদাৰনী। হেৰ’ ই পাৰ-চৰাইৰ আঞ্জাখনো ৰান্ধিব নাজাননে ? কটা টোকোনাৰ জাত! ভাল আপদে পালে!

লভিতা। আই নাজানিম কিয়? আমি যেনেকৈ গাঁওত ৰান্ধো, সেই দৰে আঞ্জা তৰকাৰী ৰান্ধি দিলে দেখোন আপোনা[ ৩৮ ]
 
লোকে জুতি নাপায়। আপোনালোকে বাৰে বঙলুৱা জুতি ধৰি খোৱা মানুহ, সেই কাৰণেহে।

মৌজাদাৰনী। (খঙত চিঞঁৰি) বাৰে বঙলুৱা! আঞ্জা এখন ৰান্ধিব নাজান? তাৰ মূৰত তাইৰ কথা কটাৰ কোব কি চাবা? বান্দী খাটিবলৈ আহিছ, থুপৰি, ভাৱৰী-বান্দীৰ দৰে কথা কবি। বৰ কথা মাতিলে-

লভিতা (মুখৰ ওপৰতে) কি বৰ কথানো মাতিলো আই? মই বান্দী খাটিবলৈ অহা নাই। মোক উপযাচি ইয়ালৈ আশ্ৰয় দিবলৈ অনাতহে আহিছো ৷

মৌজাদাৰনী । (পেংলাই কৰি) বান্দী খাটিবলৈ অহা নাই? মোৰ ৰজাৰ জী আইদেউক দাং দোলাকৈ ইয়াত বৰ চাঙত তুলি থৈ কুঁৱৰী পাতিবলৈ আনিছিলে?

লভিতা। আই! মই ঘৰত থকাত অসন্তোষ পাইছে যদি যাবলৈ কলেই যামগৈ নহয়। মৰিবলৈ কিবা পৃথিৱীখনত ঠাই নোহোৱা হৈছেনে ?

মৌজাদাৰনী । অঁ নোহোৱা হৈছেতো । বাগৰি বাগৰি এইখিনি ওলাইছহি। সৰু মুখত বৰ কথা ভাল নহয় দেইবা বুজিছ?

এনেতে হয়ৰাম গাওবুঢ়াই টোম এটাত আমৰলীয়া হাঁহ এটা আৰু এহাতত বেত গাজ এসোপা লৈ চোতাল সোমায়।

হৰ ৰাম। কৃষ্ণ-কৃষ্ণ- আই বন্দীয়ে সেৱাহে জনাইছে । [ ৩৯ ]
 

মৌজাদাৰনী। (মুখৰ বৰণ সলাই) অ’ হয়ৰাম ! আহাঁ আহাঁ বােপাই আহা। এৰা, আকৌ আজি কেবাদিনৰে পৰা বেত গাজ খাবৰ মনটো গৈ আছিল; আনিলা ভালেই হ’ল ৷

হয়ৰাম। কৃষ্ণ—কৃষ্ণ (আগবাঢ়ি আহি ৰান্ধনিঘৰৰ পিৰালিতে বেত-গাজ আৰু হাঁহৰ টোমটো খয়, অৰু হাতত অনা লাখুটিডাল পাৰি বহে।)

মৌজাদাৰনী। এহ-চাওঁ-চাওঁ-এই লভিতা! এই গাঁওবুঢ়াক পীৰা এখন দে। (লভিতাই ভিতৰ সােমাই পীৰা এখন দি আকৌ ভিতৰলৈ সােমাই যায়।)

হয়ৰাম। আই। এই সিদিনা সেই বােমা পৰি বাপেক মৰা ছােৱালীজনী নহয়নে?

(মৌজাদাৰনীয়ে শলাগে।)

এৰা, আই দেশখনতনো কি হব খুজিছে, কবই পৰা নাই । ইফালে সেই মিলিটেৰীখন, সিফালে আকৌ জাপানী, মাজতে আকৌ কংগ্ৰেছৰ ভলণ্টিয়াৰখন।

মৌজাদাৰনী। অ’ আকৌ তাৰ ভিতৰতে আকৌ সেই কমুনিছনে কিবা নৰমনিছখন ওলাইছে নহয়।

হয়ৰাম। হয় আই, হয়। সেই কমিনিষ্টকিটা আই, বৰ চকু-চৰহা। সিহঁতৰ মােৰ গুটি-ধানৰ ভঁড়াল কেইটাতহে চকু ৷ সিহঁতে কৈছে বােলে মােৰ হেনাে অকলে চাৰিটা ভঁড়াল [ ৪০ ]
 
কেলৈ থাকিব। চাওকচোন বাৰু আই! অত দুখখন কৰি খেতি কৰি ভঁড়াল কেইটা ৰান্ধিছো। ডকাইত আই। দিন-ডকাইত। সিফালে মিলিটেৰীয়ে বোমা দিয়ক, জাপানীয়ে দেশ খচকক, গান্ধীৰ মানুহে লৰা-ছোৱালীবোৰ বলিয়া কৰিলে। ধান-চাউল পাবলৈ নাইকিয়া কৰিলে। ইফালে কমিনিষ্টে ভঁড়ালৰ ধান, গোহালিৰ গৰু কাঢ়ি নিয়ক। হ’ল আৰু আই! ঘোৰ কলি আই! ঘোৰ কলি পালেহি।

লভিতা। (ভিতৰৰ পৰা) গাঁওবুঢ়া ককাই! কি কলিকালৰ কথা কৈছা। গান্ধী মাহাত্মাইনো কি বেয়া কাম কৰিছে। আমাৰ দেশক গচকি গচকি সাত সাগৰৰ পাৰৰ ইংৰাজহঁতে ঢাহিমুহি খালে। সোপাকে সিহঁতৰ দেশলৈ কঢ়িয়াইছে। গান্ধীয়ে তেও সিহঁতক আমাৰ দেশ এৰি দিবলৈহে কৈছে। আমাৰ মানুহক লোকৰ তলতীয়া বহতীয়া গোলাম হৈ নাথাকি নিজে নিজে স্বৰাজ কৰিবলৈহে কৈছে।

মৌজাদাৰনী।(মুখ বিকটাই, চকুৰে গাঁওবুঢ়াক ঠাৰ মাৰি উপলুঙাসূচক ভঙ্গী কৰে)৷

গাওঁবুঢ়া। অ’ হয়তো! হয়তো। ৰজাৰ বিৰুদ্ধে উঠি অতপালি কৰিছে। মহাৰাণীৰ ৰাজ্যত এনে অময়া সুখত থাকি ইহঁতক ভূতে কিলাইছে ৷

মৌজাদাৰনী। তপত ভাতত ধোঁৱাই খায় বুজিছা গাঁওবুঢ়া।

গাঁওবুঢ়া। হয়তো আই! এনে মহাৰাণীৰ ৰাজ্য, লাগ বুলিলেই [ ৪১ ]
 
চাউল, লাগ বুলিলেই ধান, এই নিমখ, এই তেল, এই ৰেল, এই জাহাজ, এই টেলিগিৰাফ। মহাৰাণীৰ ৰাজ্যত কোনোবাই কাবোবাৰ চুলি এডাল চুব পাৰেনে? এই টিপা এটা মাৰিলেই গিৰিপ্‌কৈ পুলিচ দাৰোগা। এই দহ মাইলে দহ মাইলে ডাক-ঘৰ, এই পাঁচ মাইলে পাঁচ মাইলে কানি দোকান। এনে অময়া সুখত থাকি এই ভলণ্টিয়াৰখনক ভাল পোকে কামুৰিছে।

লভিতা। অময়া সুখ। তোমাৰ দৰে গাঁওবুঢ়া কেইটামানে আছাতো অময়া সুখত। ৰাইজখনৰ কি বিলৈ! খেজেনাৰ হেঁচাত চেপা খাই জোল হ’ল। কানি বৰবিহ খাই খাই ৰাইজৰ কাঁহী-বাটি নোহোৱা হ’ল। গাত নাই কাপোৰ, ভঁড়ালত নাই ধান, আখৰ এটা চিনি নাপায়। যোৱাচোন চাহাবহঁতৰ দেশত। কেনেকৈ আছে চোৱাঁগৈ এবাৰ।

গাওঁবুঢ়া। আই! এই ছোৱালী ঘৰত নাৰাখিব। এইৰ মুখত বৰ কুলক্ষণীয়া কথা। ওঁ ওঁ ৰজাৰ বিৰুদ্ধে হলে ভাল নহয় দেই। সেই কাৰণেহে বাপেক বোমা পৰি মৰিল। এতিয়া ঘৰে ঘৰে ফুৰিবলগীয়া হৈছে। এনেবোৰ মানুহৰ এনে হয়েই ৷

লভিতা ৰান্ধনিঘৰৰ দুৱাৰমুখৰ পৰা উগ্ৰমূৰ্ত্তি ধৰি ওলাই আহে।

লভিতা। (খঙত) এনেবোৰ মানুহৰ এনে হয়েই! তাৰ বাহিৰে তোমাৰ দৰে মানুহৰ মুখত কি আন কথা ওলাব? ইংৰাজ [ ৪২ ]
 
চৰকাৰে যেনেকৈ ঢাহিমুহি খাইছে, সেইদৰে ইংৰাজ আমাৰ গাওবুঢ়া হৈ তোমালোকেই ৰাইজক ঢাহিমুহি খাইছা।

গাওঁবুঢ়া।(খং খাই) দেখিছে আই! দেখিছে? এতিয়া মইহে ৰাইজক মাৰি খোৱা হ’ল। কটা ছোৱালী ! তোৰ বাপেৰৰ ভাগৰ আনি খাইছোনে?

লভিতা। অঁ অঁ খাইছাতো । আমাৰ খাজানা দিব নোৱাৰাত মাটি-ডোখৰ নীলাম যাওঁতে দুশ-টকীয়া মাটি কিডৰা তুমিয়েই সোতৰ টকাত ৰাখি থোৱা নাইনে? সিদিনা আমাৰ বগাৰামৰ গাখীৰতী গৰুজনী চাৰি টকাত খাজানা নীলামত দি মৌজাদাৰে আধামূলীয়াকৈ ৰাখি থোৱা নাইনে ? মোৰ পিতাই সেই বছৰ গ্ৰহণীত পৰি খেতি কৰিব নোৱাৰি খাজানা শোধাব নোৱাৰিলত চাৰিপুৰুষীয়া মাটি-ডোখৰ নীলাম গ’ল। তোমালোকে ইংৰাজ ৰজা আৰু ইংৰাজৰ মানুহবোৰৰ খাজানাৰ টকা কেইটাৰ বাহিৰে একো নাজানা । মাটিখিনি নীলাম কৰি থলা কেইটকামানৰ কাৰণে! ইফালে মানুহটোৱে লৰা-ছোৱালী কিটা লৈ কিহেৰে তৰিব, তাৰ কিবা খবৰ কোনোবা চৰকাৰৰ মানুহে ৰাখিছিলনে? মানুহ মৰি যাওক ! লৰা-ছোৱালী খাবলৈ নাপাই শুকাই-খীনাই মৰক ৷ তোমালোকে খাজানাৰ টকাকিটা কোনোমতে ঢাহিমুহি [ ৪৩ ]
 
ন্যায়-অন্যায় একো বিচাৰ নকৰি নিব পাৰিলেই হ’ল। ৰাইজ ডাঙৰ নে খাজনা ডাঙৰ? ইংৰাজ ৰজাৰ কাৰণে খাজনা ডাঙৰ? ৰাইজে সিফালে খাবলৈ নাপাই উছন যাওক। সেইকাৰণেই গান্ধীয়ে ইংৰাজক গুচি যাবলৈ কৈছে। অৱশ্যেই ইংৰাজ যাব লাগিব। তাৰ লগতে এই ইংৰাজৰ লগত থকা ভূত-প্ৰেত সোপাও।

গাওঁবুঢ়া। দেখিছে আই! দেখিছে? এনে অসহনি কথা, এনে অসহনি! হে হে ইংৰাজৰ ৰাইজ্যত এনে অন্যায় কথা শুনিব লাগেনে? হে ৰজা নোহোৱা হ’লনে? হে মহাৰাণীৰ নাতিয়েক নোহোৱা হ’লনে? হে মৌজাদাৰ দেউতা! শুনিছেনে এই কুলক্ষণীৰ কথা?

মৌজাদাৰনী । এ বোলো ছোৱালী! যা ৰান্ধনিঘৰৰ মানুহ ৰান্ধনিঘৰলৈ। বুঢ়া মানুহৰ লগত চুপতি কৰিবলৈ নাহিবি। যদি থাকিবৰ মন নাই, ভলণ্টিয়াৰ বাপেৰহঁতৰ লগত থাকগৈ। ক’তা—দেখোন বাপেৰ মৰিল, ঘৰ ভাগিল, ভলণ্টিয়াৰ বাপেৰহঁত এটাও নাহিল। সেই ইংৰাজ বজাৰ মৌজাদাৰৰ ঘৰতহে আশ্ৰয় পালি। এই বেটী খাই পাত ফলাৰ জাত !

লভিতা। আই! মই আপোনাৰ একো খাই পাত ফলাৰ কাম কৰা নাই আই—মই ! [ ৪৪ ]
 
(মৌজাদাৰনীয়ে তাং খাই উঠে।)

মৌজাদাৰনী। চুপ্ থাক বেটী! বইজাত চুপ্ থাক। বেছি কথা কলে—বাঢ়নিৰে কোবাই দিম-বুজিছ?

লভিতা। (খঙত উগ্ৰ হৈ) কোবাওকচোন বাঢ়নিৰে!

মৌজাদাৰনী।(জাপমাৰি আহি) কটাৰ জী বেটী! বৰ সাহ দেখোন? বৰ সাহ দেখোন?

লভিতা। অ’ হবতো সাহ! সঁচা কথা কবলৈ কাৰ সাহ নহব? (কান্দি) নাথাকো মই এনেকুৱা মানুহৰ ঘৰত। ঘৰে ঘৰে খুজি খাম। লুইতত জাপ দি মৰিমগৈ। তেও মই এনেকুৱা মানুহৰ ঘৰত নাথাকো–নাথাকো।

এই বুলি লভিতা তাৰ পৰা ওফৰ খাই ওলাই যায়গৈ আৰু মৌজাদাৰ খৰকৈ ওলাই আহে)

মৌজাদাৰ। কি হ’ল? কি হ’ল?

গাঁওবুঢ়া। দেউতা! দেউতা! এই বেটী কমিনিষ্ট হ’ল। কমিনিষ্ট হ’ল ৷

—————
আঁৰ-কাপোৰ

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )