এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় অঙ্ক-২য় দর্শন]
লভিতা
চাতিলে ঘপৰাই পাবলৈ নাই। ইয়াত থাকিব নোৱাৰ বাঘে-খোৱা?
এনেতে সৰু গাঠলু পৰ্ব এটা কেওঁ মেওঁকৈ ভয়ে ভয়ে লৰি আহি চিলিম এটা লৈ ৰান্ধনিঘৰত সোমায়৷ মৌজাদাৰনীয়ে তালৈ চাই খচ্ খচ্কৈ পাচলি কুটিবলৈ ধৰে। এনেতে বঙলা-ঘৰৰ ভিতৰৰ পৰা আকৌ চিঞঁৰে।
“হেৰ ধপাত এচিলিম দিব পৰা নাইনে অথনিৰে পৰা—?”
মৌজাদাৰনী। হেৰ কটা বান্দৰ-কতীয়া-কটা বাঘে-খোৱা-হেৰামজেদা কৰিছ কি অতবেলি-হেৰ নানিছনে?
ভিতৰত কতীয়াই মাতে, “মইনো কি কৰিম আই ! অঙঠা থাকিলেও নিদিয়ে ৰান্ধনীয়ে।”
মৌজাদাৰনী। নিদিব কেলৈ-কে-লৈ নি-দিব তাই? এই কটাৰ জী লভিতা নে ফভিতা! দিয়া নাই কিয়?
লভিতা।(ভিতৰৰ পৰা) মইনো দিওঁ কৰ পৰা আই-কেচা গেৰেহা খৰি ফুৱাঁই ফুৱাঁইও জুই ধৰিব পৰা নাই অখনিৰে পৰা।
(কতীয়া সোমাই আহে-চিলিমটো ফুৱাঁই ফুৱাঁই।)
মৌজাদাৰনী। এই বাঘে-খোৱা। এতিয়া দেখোন পালি?
৩৫