পৃষ্ঠা:লভিতা.pdf/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় ২য় অঙ্ক—২য় দর্শন]
লভিতা
 
 

ঔ! মাৰিলে ঔ! বুলি চিলিম টিলিম পেলাই লৰ মাৰে। কথা দেখি মৌজাদাৰেও উচ্চ বাচ্য নকৰি ভিতৰলৈ সোমাই যায় ।মৌজাদাৰনীয়ে পাচলি কুটাত বহি আকৌ বোৰবোৰাবলৈ ধৰে।

মৌজাদাৰনী। যতবোৰ খাবলৈ নোপোৱা কেলেহুৱাবোৰ আনি ঘৰ সুমুৱাবহি। যতবোব ডগাবাজ আছে, সেইবোৰহেআনিবলৈ পায়। এইবোৰ সৈতে চুপতি কৰোতে কৰোতে মোৰ মূৰটো ঘোলা হ’ল। সেই কুলক্ষণী এজনী আনি আকৌ গোটাই লৈছেহি। ইমানজনী ধোদোঙা ছোৱালী, এদিনো তাই তৰকাৰী এখন, আঞ্জা এখন, ৰান্ধিব নাজানে। কটা এইবোৰ লৈ মোৰ মৰণৰ চিন হ’ল ৷

এনেতে ৰান্ধনিঘৰৰ ভিতৰৰ পৰা, ধোঁৱাই খাই চকু, মুখ ৰঙা কৰি, চকুপানী ওলাই থকা লভিতা ওলাই আহে।


লভিতা। আই! পাৰ-চৰাইৰ আঞ্জাখন কেনেকৈ ৰান্ধিব লাগে দেখুৱাই দিয়কহিচোন।

মৌজাদাৰনী। হেৰ’ ই পাৰ-চৰাইৰ আঞ্জাখনো ৰান্ধিব নাজাননে ? কটা টোকোনাৰ জাত! ভাল আপদে পালে!

লভিতা। আই নাজানিম কিয়? আমি যেনেকৈ গাঁওত ৰান্ধো, সেই দৰে আঞ্জা তৰকাৰী ৰান্ধি দিলে দেখোন আপোনা-

৩৭