পৃষ্ঠা:লভিতা.pdf/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লভিতা
[দ্বিতীয় অঙ্ক–২য় দৰ্শন
 
 

চৰকাৰে যেনেকৈ ঢাহিমুহি খাইছে, সেইদৰে ইংৰাজ আমাৰ গাওবুঢ়া হৈ তোমালোকেই ৰাইজক ঢাহিমুহি খাইছা।

গাওঁবুঢ়া।(খং খাই) দেখিছে আই! দেখিছে? এতিয়া মইহে ৰাইজক মাৰি খোৱা হ’ল। কটা ছোৱালী ! তোৰ বাপেৰৰ ভাগৰ আনি খাইছোনে?

লভিতা। অঁ অঁ খাইছাতো । আমাৰ খাজানা দিব নোৱাৰাত মাটি-ডোখৰ নীলাম যাওঁতে দুশ-টকীয়া মাটি কিডৰা তুমিয়েই সোতৰ টকাত ৰাখি থোৱা নাইনে? সিদিনা আমাৰ বগাৰামৰ গাখীৰতী গৰুজনী চাৰি টকাত খাজানা নীলামত দি মৌজাদাৰে আধামূলীয়াকৈ ৰাখি থোৱা নাইনে ? মোৰ পিতাই সেই বছৰ গ্ৰহণীত পৰি খেতি কৰিব নোৱাৰি খাজানা শোধাব নোৱাৰিলত চাৰিপুৰুষীয়া মাটি-ডোখৰ নীলাম গ’ল। তোমালোকে ইংৰাজ ৰজা আৰু ইংৰাজৰ মানুহবোৰৰ খাজানাৰ টকা কেইটাৰ বাহিৰে একো নাজানা । মাটিখিনি নীলাম কৰি থলা কেইটকামানৰ কাৰণে! ইফালে মানুহটোৱে লৰা-ছোৱালী কিটা লৈ কিহেৰে তৰিব, তাৰ কিবা খবৰ কোনোবা চৰকাৰৰ মানুহে ৰাখিছিলনে? মানুহ মৰি যাওক ! লৰা-ছোৱালী খাবলৈ নাপাই শুকাই-খীনাই মৰক ৷ তোমালোকে খাজানাৰ টকাকিটা কোনোমতে ঢাহিমুহি

৪২