পৃষ্ঠা:লভিতা.pdf/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় অঙ্ক-২য় দৰ্শন]
লভিতা
 
 

চাউল, লাগ বুলিলেই ধান, এই নিমখ, এই তেল, এই ৰেল, এই জাহাজ, এই টেলিগিৰাফ। মহাৰাণীৰ ৰাজ্যত কোনোবাই কাবোবাৰ চুলি এডাল চুব পাৰেনে? এই টিপা এটা মাৰিলেই গিৰিপ্‌কৈ পুলিচ দাৰোগা। এই দহ মাইলে দহ মাইলে ডাক-ঘৰ, এই পাঁচ মাইলে পাঁচ মাইলে কানি দোকান। এনে অময়া সুখত থাকি এই ভলণ্টিয়াৰখনক ভাল পোকে কামুৰিছে।

লভিতা। অময়া সুখ। তোমাৰ দৰে গাঁওবুঢ়া কেইটামানে আছাতো অময়া সুখত। ৰাইজখনৰ কি বিলৈ! খেজেনাৰ হেঁচাত চেপা খাই জোল হ’ল। কানি বৰবিহ খাই খাই ৰাইজৰ কাঁহী-বাটি নোহোৱা হ’ল। গাত নাই কাপোৰ, ভঁড়ালত নাই ধান, আখৰ এটা চিনি নাপায়। যোৱাচোন চাহাবহঁতৰ দেশত। কেনেকৈ আছে চোৱাঁগৈ এবাৰ।

গাওঁবুঢ়া। আই! এই ছোৱালী ঘৰত নাৰাখিব। এইৰ মুখত বৰ কুলক্ষণীয়া কথা। ওঁ ওঁ ৰজাৰ বিৰুদ্ধে হলে ভাল নহয় দেই। সেই কাৰণেহে বাপেক বোমা পৰি মৰিল। এতিয়া ঘৰে ঘৰে ফুৰিবলগীয়া হৈছে। এনেবোৰ মানুহৰ এনে হয়েই ৷

লভিতা ৰান্ধনিঘৰৰ দুৱাৰমুখৰ পৰা উগ্ৰমূৰ্ত্তি ধৰি ওলাই আহে।

লভিতা। (খঙত) এনেবোৰ মানুহৰ এনে হয়েই! তাৰ বাহিৰে তোমাৰ দৰে মানুহৰ মুখত কি আন কথা ওলাব? ইংৰাজ

৪১