ভাষণ/সংস্কৃত শিক্ষাৰ চৰ্চা

[ // ৯৯ // ]
 

সংস্কৃত শিক্ষাৰ চৰ্চা


 আমাৰ জাতীয় শিক্ষাৰ আন আন শাখা প্ৰশাখাৰ লগতে সংস্কৃত শিক্ষা বিষয়েও অলপ ভাৱ-চিন্তা কৰিবলৈ মোৰ কিছু সুযোগ ঘটিছে। ইয়াৰ ফলত আন আন শিক্ষা বিষয়ৰ দৰে সংস্কৃত শিক্ষাৰ বিষয়েও মোৰ মনত কিছুমান প্ৰশ্ন উদয় হৈছে।

 মোৰ প্ৰথম কথা— সংস্কৃত শিক্ষাৰ সাৰ্থকতা সম্পৰ্কে। সংস্কৃত শিক্ষা বোলোতে মই আমাৰ টোলবিলাকত যি প্ৰকাৰ শিক্ষা দিয়া হয় তাৰ কথাহে কৈছোঁ। সংস্কৃত ভাষা সাহিত্য দৰ্শন আদিৰ যি বিষয়ে চৰ্চা কলেজ বা বিশ্ববিদ্যালয় আদিত হয় তাৰ কথা কোৱা নাই। সংস্কৃত বা টোল শিক্ষাৰ সম্পৰ্কে প্ৰথম আপত্তি— এই শিক্ষা অৰ্থকাৰিণী নহয়। অৰ্থ উপাৰ্জন শিক্ষাৰ প্ৰধান লক্ষ নহলেও ইও যে এবিধ লক্ষ তাত কাৰো দ্বিমত নাই। হাইস্কুল আৰু কলেজত ছাত্ৰ সমাগম দেখিলে আচৰিত হব লাগে। তাৰ কাৰণ, সঁচাই হক বা মিছাই হক, হাইস্কুল আৰু কলেজৰ পৰীক্ষা পাছ কৰিব পাৰিলে, মানুহ কোনো দৰমহা থাকা চাকৰিৰ উপযুক্ত হয় বুলি সাধাৰণৰ বিশ্বাস। কিন্তু সংস্কৃতৰ উপাধি পাছ কৰি, সংস্কৃত টোলৰ অধ্যাপকৰ অনিশ্চিত কেইটামান বৃত্তি বাদ দিলে, কোনো চাকৰি পাব লগীয়া নাই— তেনেহলে সংস্কৃত পঢ়ি লাভ কি?
[ ১০০ ]  এই শিক্ষাৰ সম্পৰ্কে দ্বিতীয় আপত্তি সংস্কৃত শিক্ষাৰ পৰা— আজি কালিৰ দিনত চলিবৰ জোখাই সাধাৰণ জ্ঞানো পোৱা নাযায়। বুৰঞ্জী, ভূগোল, অৰ্থনীতি, সমাজনীতি, গণিত বিজ্ঞান আদি যিবিলাক বিষয় সামান্য হলেও কিছুমান আজি কালিৰ দিনৰ শিক্ষাত লোক মাত্ৰৰে অতি আৱশ্যকীয় বুলি বিবেচনা কৰা হয়, তেনেবিলাক বিষয়ৰ জ্ঞান সংস্কৃত শিক্ষাৰ পৰা পোৱা নেযায়। পুৰাণৰ ভূগোল আজি কালিৰ পৃথিবীৰ বিবৰণৰ লগত নিমিলে। পুৰাণৰ চন্দ্ৰলোক সূৰ্য্য লোক আদিৰ অৱস্থান আৰু পৰিমাণ আজি কালিৰ বিজ্ঞানে স্বীকাৰ নকৰে। পুৰাণৰ ৰাজাবলি আৰু বংশানুচৰিত পঢ়ি প্ৰাচীন ইতিহাসো সম্যক ৰূপে জানা নাযায়; বৰ্ত্তমান ইতিহাস সস্কৃত ভাষাত ৰচিত হোৱা নাই। বিজ্ঞান, গণিত আদি প্ৰাচীন কালত যদিবা অলপ আছিল এতিয়া তাকো টোলত শিক্ষা দিয়া নহয়। বিশেষতঃ এই বিলাক বিষয় এতিয়া বহুতো উন্নত হ’ল। এইবিলাক কাৰণৰ পৰা সংস্কৃত পণ্ডিত সংসাৰৰ অলায়ক হৈ পৰে; বৰ্ত্তমানৰ সমাজত সিবিলাকৰ স্থান নাই।

 সংস্কৃতানুৰাগী লোকসকলৰ পক্ষে ওপৰৰ কথাবিলাক এনে স্পষ্ট ভাৱত প্ৰকাশ হোৱা কিছু অপ্ৰীতিকৰ হব পাৰে। কিন্তু এইটো তেখেতসকলেও জানে যে আমাৰ মাজত আজি কালিৰ বেছি ভাগ শিক্ষিত লোকে ওপৰত কোৱা আপত্তিবিলাক তুলি টোলৰ শিক্ষা অনাৱশ্যক বুলি বাখ্যা কৰে। [ ১০১ ] তেওঁবিলাকৰ এইবিলাক আপত্তি তেনেই অযৌক্তিক বুলি উৰাই দিব নোৱাৰি।

 তেওঁবিলাকৰ মাজতো যুক্তিবাদী সকলে দুটা বিষয়ত সংস্কৃত শিক্ষা আৱশ্যকীয় বুলি স্বীকাৰ কৰে। প্ৰথম হৈছে, সামাজিক বিষয়ত অৰ্থাৎ সংক্ষেপতে কবলৈ হলে পৌৰোহিত্য কাৰ্য্য শিক্ষাৰ কাৰণে সংস্কৃত শিক্ষাৰ প্ৰয়োজন; আৰু দ্বিতীয় গবেষণাৰ অৰ্থে— অৰ্থাৎ প্ৰাচীন কালত সংস্কৃত কৃষ্টি আৰু সভ্যতা নো কেনে প্ৰকাৰৰ আছিল, আজিকালিৰ কৃষ্টি আৰু সভ্যতাৰ পৰা কিমান পৃথক বা তাৰ লগত কিমান মিল, ইত্যাদি বিলাক আলোচনাৰ অৰ্থে। এনে আলোচনাৰ বিশেষ ব্যৱহাৰিক প্ৰয়োজন আছে বুলি অনেকে স্বীকাৰকে নকৰে। কিন্তু বিদ্যা চৰ্চাৰ অৰ্থে আৰু প্ৰাচীন সামাজিক ৰীতি নীতিৰ জ্ঞান পাব পাৰি বুলি এনে আলোচনাৰ সমূলি মুল্য নাই বুলিও নকয়। কিন্তু শাস্ত্ৰৰ গভীৰ আলোচনাৰ অৰ্থে তেওঁলোকে টোলৰ আৱশ্যকতা নেদেখে। স্কুল কলেজ বিশ্ববিদ্যালয়ত সংস্কৃত শিক্ষা দিয়া হয়। যিবিলাক লোকে এই ভাষাত থাকা পুথি পত্ৰাদি আললাচনা কৰিব খোজে, তেওঁলোকে কলেজীয়া শিক্ষাৰ দ্বাৰাহে এই কাৰ্যলৈ প্ৰস্তুত হব পাৰে; আৰু এনে আলোচনাৰ অৰ্থে পশ্চিমী সাচৰ বিশ্ববিদ্যালয়হে প্ৰকৃত ঠাই। টোল বিলাকত তেনে শিক্ষা দিয়া নহয়, তেনে সুবিধা নাই; আৰু তেনে ধৰণৰ চেষ্টা কৰাও অসম্ভৱ। তেওঁলোকে আৰু দেখুৱাইছে যে সংস্কৃত বিদ্যা সম্পৰ্কে কিমানবিলাক [ ১০২ ] আলোচনা হৈছে, তাৰ শতকৰা ৯৯ ভাগ পশ্চিমীয়া পণ্ডিত আৰু পশ্চিমীয়া ৰীতিত শিক্ষিত ভাৰতীয় পণ্ডিতসকলৰ দ্বাৰা হে হৈছে। ম্যাক্স-মুলাৰ, ওৱেব, ভাণ্ডাৰকাৰ বা ৰাধা কিষানৰ দৰে পণ্ডিতলোক টোলৰ শিক্ষাৰ পৰা উদ্ভৱ হোৱা নাই।

 গতিকে বুজা যায়— নতুন শিক্ষিতলোক সকলৰ কিছুমানে টোল শিক্ষাৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰে একমাত্ৰ পৌৰোহিত্য কাৰ্য্য শিক্ষাৰ অৰ্থেহে। এই বিষয়তো অনেকৰ মনৰ ভাৱ— যে পৌৰোহিত্য কাৰ্য্য অৰ্থাৎ পূজা পাৰ্বন শ্ৰাদ্ধাদি একান্ত অনাৱশ্যক। এইবিলাক উদাৰ ধৰ্ম্ম বিৰোধী, ব্ৰাহ্মণৰ ছল-চক্ৰান্ত মাত্ৰ আৰু অৰ্থনীতিৰ হিচাবত জাতীয় উন্নতিৰ পৰিপন্থী। ফলত এই ধাৰণা কিছুমান উচ্ছ শিক্ষিত মানুহৰ মনতো বদ্ধমূল হৈছে যে টোলশিক্ষাৰ কোনো উপকাৰিতা বা সাৰ্থকতা নাই। ইয়াৰ পৰা কেৱল উন্নতি বিৰোধী সংৰক্ষণশীল টিকিৱালা ব্ৰাহ্মণ পণ্ডিতৰ দল এটাহে সৃষ্টি হয়। এওঁলোকে অকল জাতীয় উন্নতিত সহায় কৰিব নোৱাৰে এনে নহয়, এওঁলোকৰ পৰা জাতীয় উন্নতিত অনেক বাধা হে পোৱা যায়। এই অভিযোগবোৰৰ উত্তৰ সংস্কৃতানুৰাগী লোকসকলে দিব নোৱাৰিলে, বিশেষ কৰি নিজৰ জীৱনৰ আদৰ্শৰে দেখুৱাব নোৱাৰিলে যে এনেবোৰ আশঙ্কা অমূলক, তেনেহলে টোল শিক্ষাৰ দিন টুটি আহিল বুলি জানিব।

 মোৰ নিজৰ মনত এনে আশঙ্কা নাই। মোৰ বিশ্বাস মতে ওপৰৰ এইবিলাক আপত্তি উঠে এটা মূল কথাৰ পৰা। আমাৰ [ ১০৩ ] ধাৰণা যে শিক্ষাৰ একমাত্ৰ উদেশ্য অৰ্থ উপাৰ্জন। এই ধাৰণা আমাৰ সমাজত প্ৰচলিত হৈছে দুটা কথাৰ পৰা— প্ৰথম পশ্চিমীয়া শিক্ষাৰ আৰম্ভ হল আমাৰ দিনত চাকৰিৰ কাৰণে উপযুক্ত মানুহ তৈয়াৰ কৰিবলৈ। তাৰপৰা দেখা গল যে যি লোকে এই ৰীতিত শিক্ষিত হৈ উঠে সেয়ে ধন আৰ্জিব পাৰে। প্ৰায় ৫০/৬০ বছৰ পূৰ্বে লিখা বঙালি শিশু-পাঠত মদন মোহন তৰ্কালঙ্কাৰে লিখিছিল—

“লেখা পঢ়া কৰে যে।
গাৰী ঘোড়া চড়ে সে।”

ওপৰৰ এই পদ ফাকিত সেই সময়ৰ শিক্ষাৰ উদেশ্যৰ সম্বন্ধে কেনে ধাৰণা সহজ ভাষাত পোনপতীয়া কৈ কোৱা হৈছে। লেখা-পঢ়া কৰি গাৰী ঘোৰাত উঠি ফুৰাই হৈ উঠিল শিক্ষাৰ লক্ষ্য। দ্বিতীয়তে, আমাৰ দেশত জীৱিকা সমস্যাটো দিনক দিনে ইমান জটিল আৰু কঠিন হৈ উঠিছে যে আমি সকলোৱে স্কুলত সোমাবৰ দিন ধৰি ভাবিবলগীয়া হয় কেনেকৈনো ভবিষ্যতে আমাৰ পেটৰ ভাত, গাৰ কাপোৰ আৰ্জিব পাৰিম। এই দুই কথাৰ পৰা অৰ্থ উপাৰ্জ্জন শিক্ষাৰ একমাত্ৰ উদ্দেশ্য বুলি আমাৰ এটা ভ্ৰান্ত বিশ্বাস হৈছে। ‘ভ্ৰান্ত” বুলি কৈয়ো এটা কথালৈ মই দৃষ্টি আকৰ্ষণ কৰিব খোজোঁ। জীৱিকা-অৰ্জ্জন শিক্ষাৰ এটা প্ৰধান লক্ষ হোৱা উচিত— এই কথা পাহৰিলে আমি বিপথত যাব লাগিব, কিন্তু ই শিক্ষাৰ একমাত্ৰ লক্ষ হব নোৱাৰে, একমাত্ৰ লক্ষণ বুলি ভাবিলে ভুল কৰা হব।
[ ১০৪ ]  প্ৰাচীন কালৰ পৰা আজিলৈ যিমানবিলাক চিন্তাশীল লোকে মানব জীৱনৰ তথা শিক্ষাৰ উদেশ্য ব্যাখ্যা কৰিছে, তেওঁবিলাক সকলোৱে স্বীকাৰ কৰিছে যে সমগ্ৰ মানৱত্বৰ বিকাশ, বা আত্মাৰ উন্নতি, self knowldge and self- culture এয়ে হৈছে জীৱনৰ তথা শিক্ষাৰ উদেশ্য। বিষ্ণু পুৰাণৰ ধ্ৰুব চৰিত্ৰত— এই উদেশ্য এইদৰে ব্যক্ত কৰা হৈছে:—

“সুশীলো ভব ধৰ্মাত্মা মৈত্ৰঃ প্ৰাণিহিতেৰবঃ।
নিমং যথাপঃ প্ৰবণাঃ প্ৰাত্ৰমায়ান্তি সম্পদঃ॥

চাণক্যৰ শ্লোকতো—

“বিদ্যা দদাতি বিনয়ং বিনয়াদ যাতি পাত্ৰতাম।
পাত্ৰতাদ্ ধন যদপ্নাতি ধনাদ্ ধৰ্মঃ ততঃ সুখম্”।

সংস্কৃত সাহিত্যত এনে দৰৰ কথাৰ সীমা সংখ্যা নাই। এইবোৰত লক্ষ্য কৰিব লগীয়া এই যে সুশীল হোৱা, ধৰ্মাত্মা হোৱা, বিদ্যা আৰ্জ্জা, তেতিয়া ধন সোণৰ কাৰণে ভাবিব নালাগে। পানী যেনেকৈ তললৈ আপোনা-আপুনি বৈ আহে সম্পদো উপযুক্ত পাত্ৰলৈ আহিব। তাৎপৰ্য্য এই যোগ্যতা অৰ্জ্জন কৰা। তোমাৰ যিবিলাক ঈশ্বৰৰ দত্ত বৃত্তি আছে সেইবিলাকৰ সম্যক কৰ্ষণ কৰা, সংযম শিক্ষা কৰা, তেতিয়া তুমি এনে শিক্ষাৰ গুণত যি শক্তি অৰ্জ্জন কৰিছা তাৰ বলতে সহজতে অৰ্থ উপাৰ্জ্জন কৰিব পাৰিবা। বিংশ শতিকাৰ শিক্ষাবিদ, মনোবিজ্ঞানবিদ পণ্ডিতসকলেও এই কথাকে কৈছে। Devolope the full man— [ ১০৫ ] মানৱত্বৰ সম্পূৰ্ণ স্বত্বা প্ৰকাশ এয়ে শিক্ষাৰ উদেশ্য।

 Teacher’s world নামেৰে এখন সপ্তাহিক ইংৰাজী কাকতৰ এটি সংখ্যাত “What is an Educated man” [এগৰাকী শিক্ষিত পুৰুষ কি] এই প্ৰশ্নটোৰ উত্তৰ কিছুমান ডাঙৰ লোকৰ পৰা আনি প্ৰকাশ কৰিছিল। তাৰে Viscountess Snowden (ভাইকাউণ্টেচ স্নোডেন) মহোদয়াই দিয়া উত্তৰ এই:—

 “I would define an educated man as one who has acehieved Sele knowldge, Self feverrence and Self control, and is filled with good will to all men and kindness to animals.” [যি জনৰ আত্মসম্মান, আত্মজ্ঞান আৰু সংযম শক্তি আছে তেওঁকেই মই শিক্ষিত বুলিম। তেওঁ সকলো মানুহৰ প্ৰতি সদক্তাৱাপন্ন আৰু জগতৰ সকলো জন্তুৰে প্ৰতি দয়াশীল।] ওপৰত কোৱা বিষ্ণু পুৰাণৰ শ্লোকটোৰ লগত ৰিজাই চালে মই দেখিব পাওঁ— দেশ কাল জাতি শিক্ষা কৃষ্টিৰ ইমান বিভেদ থকা স্বত্বেও দুয়োটা উক্তিতে ঠিক একে কথাকে শিক্ষাৰ উদেশ্য বুলি কৈছে।

 দেখাত অবান্তৰ, ইমান খিনি কথাৰ জোলোঙা মেলাৰ অৰ্থ হল এই যে অৰ্থসংগ্ৰহৰ সামৰ্থ্যৰ পৰিমান বঢ়োৱা শিক্ষাৰ প্ৰকৃত উদেশ্য বুলি কোনো মনিষী নকয়; বা বৰ্ত্তমান দিনৰ মানুহৰ সংখ্যা, দেশৰ নাম, ৰাজধানীৰ কথা বা ৰাজা বা [ ১০৬ ] শাসক সকল নামৰ তালিকা মুখস্থ কৰা, অথবা চিনেমাৰ অভিনেত্ৰীসকলৰ নাম-ধন, জাতি-গোত্ৰ, বা আহাৰ পৰিচ্ছদ আদি বিষয়ৰ তন্ন তন্ন কথা শিকাও শিক্ষাৰ উদেশ্য বুলি নকয়।

 শিক্ষা লাগে সজ মানুহ হবলৈ, কৰ্ম্মী হবলৈ, দয়াশীল হবলৈ, পৰোপকাৰী হবলৈ, হাতভৰি আদি অঙ্গ প্ৰত্যঙ্গাদি চলাত স্বাস্থ্য আৰ্জিবলৈ, শৰীৰ মন আৰু আত্মাৰ উন্নতি কৰিবলৈ। এই উদেশ্য সাধনত টোলৰ শিক্ষা স্কুলৰ শিক্ষাতকৈ কম উপযোগী হব লাগে— এনে কোনো কাৰণ নাই।

 অৰ্থ উপাৰ্জনৰ পিনৰ পৰা চালেও দেখা যায় স্কুল কলেজৰ শিক্ষিত মাত্ৰই অৰ্থ উপাৰ্জন কাৰিব পাৰেনে? হাইস্কুলৰ কেইটামান শ্ৰেণীলৈ পঢ়া, প্ৰৱেশিকাত অকৃতকাৰ্য্য হোৱা, কলেজত কিছুদিন পঢ়া শ, শ ডেকা লৰাই কেনে অকামিলা জীৱন নিয়ায়! বি, এ, এম, এ, পাছ কৰা সকলোৰে বা অৰ্থ উপাৰ্জনৰ কিমান যোগ্যতা! অথচ একোজন লৰাক পশ্চিমীয়া শিক্ষা দিবৰ কাৰণে একো ঘৰ গিৰি সৰ্বস্বান্ত হবলগীয়া হয়।

 ইফালে, বৰ্ত্তমান দিনৰ উপযোগী জ্ঞানৰ কথাতো প্ৰায় এই নিচিনাই। কোনো কেৰাণী পদৰ পৰীক্ষাত, কেইবছৰমান আগেয়ে কেবাজনো গ্ৰেজুয়েটে ‘চেক্ৰেটৰী অব ষ্টেট’ৰ নাম সোধাত অসম গভৰ্ণমেণ্টৰ তেতিয়াৰ Second Secretary জনৰ নাম লিখি দিছিল। নিউয়ৰ্ক কি কব নোৱাৰা [ ১০৭ ] গ্ৰেজুয়েটৰ আৰু মানচিত্ৰত লণ্ডন কোন অংশত তাক নাজানা তথাকথিত শিক্ষিত ডেকাৰ সংখ্যা বৰ কম নহয়।

 এইবিলাক কথা কোৱাৰ মোৰ উদ্দেশ্য— কোনো শিক্ষা প্ৰণালীক নিন্দা কৰা নহয়; বা কাকো সৰু বৰ কৰা নহয়। নই মুঠে ইয়াকেহে কব বিচাৰিছোঁ যে টোল শিক্ষাৰ পৰাও আমাৰ চৰিত্ৰ গঠিত হব পাৰে; আমি প্ৰকৃত শিক্ষা পাব পাৰোঁ। আজি কালিৰ স্কুলৰ শিক্ষাৰ পৰাও আমাৰ ব্যৱহাৰিক জ্ঞান বৰ বেছি নহয়। ব্যৱহাৰিক জ্ঞান হয়, নিজে কাম কৰি, নিজৰ চকু-কাণ আদি ইন্দ্ৰিয়ৰ ব্যৱহাৰ কৰি, খবৰৰ কাগজ আদি পঢ়ি। এনে শিক্ষাৰ সুযোগ স্কুলত বা টোলত সমানে ব্যৱস্থা কৰিব পাৰা হয়।

 উচ্চ শিক্ষাৰ মানতো সংস্কৃত শিক্ষাৰ বিশেষ দোষ দেখা নাপাব। পশ্চিমীয়া ৰীতিত উচ্চতম শিক্ষিত লোক এজন আৰু টোলৰীতিত শিক্ষিত তেনে লোক এজনৰ ভিতৰত কথা-বাৰ্তা—ৰীতি-নীতি সামাজিকতা আদি গুণত বিশেষ প্ৰভেদ নেদেখি।

 সংস্কৃত শিক্ষাই ভাৰতবৰ্ষৰ প্ৰাচীন কৃষ্টি ৰক্ষা কৰি আছে। এই শিক্ষাত শিক্ষকসকলে অধ্যাপনা কৰে অধ্যাপনা কৰ্ত্তব্যৰ এটা অংশ বুলি; অৰ্থলোভত নহয়। শিক্ষিতসকলেও শিক্ষা পায় হাজাৰ হাজাৰ টকা খৰছ কৰি নহয়, প্ৰকৃততে একো খৰছ নকৰাকৈ। এই শিক্ষাৰ পৰা হিন্দু ধৰ্মৰ ক্ৰিয়াপূত হৈ থাকিব পাৰিছে। এই শিক্ষা পোৱা উচ্চ শিক্ষিত লোক [ ১০৮ ] সকল হয় বিনয়ী, সাধু, আচাৰ-পৰায়ণ— আৰু স্বল্প-সন্তুষ্ট। সামান্য অৰ্থব্যয় কৰি যি প্ৰণালীৰ পৰা এনে শিক্ষা পাৰি, সেই শিক্ষা প্ৰণালীৰ সাৰ্থকতা নাই বুলি অতি পক্ষপাতী লোকেও কব নোৱাৰে।

 এই বুলি টোল শিক্ষাৰ একো দোষ নাই মই এনে কথাকো কব নুখুজোঁ। কোনো শিক্ষা প্ৰণালী দোষ শূন্য নহয় আৰু হব নোৱাৰে। কাৰণ, মানুহে সদাই উন্নতি কৰিবলৈ চেষ্টা কৰে। গতিকে মানুহৰ যি অনুষ্ঠানেই নহক, তাকো ভাল কৰিবৰ অনবৰত চেষ্টা চলি থাকে। টোল শিক্ষাৰো উন্নতি হব পাৰে; আৰু তাকো উন্নত কৰিবলৈ যত্ন কৰা যুগুত।

 টোল শিক্ষাৰ প্ৰথম দোষ যে ভূগোল বুৰঞ্জী আদি আজি কালিৰ বিষয় বিলাকৰ জ্ঞান পোৱা নাযায়। স্কুলতো যথেষ্ট পোৱা নাযায় বুলি আগতে কোৱা হৈছে। কিন্তু সেই বুলি পাব নালাগে এনে নহয়। বৰঞ্চ স্কুলতো এনে জ্ঞান শিক্ষাৰ দিহা হব লাগে; আৰু টোলতো হব লাগে। অনেকে কয় যে ভূগোল আদি বিষয় টোলৰ পাঠ্য কৰিব লাগে। মোৰ মনেৰে এইটো কৰা ভুল হব। টোলৰ গুণ হৈছে এই যে ই প্ৰাচীন ৰীতি এটা জীৱন্ত কৰি ৰাখি অনেক পৰিমানে মুকলি মুৰীয়া হৈ অধ্যায়ণ আৰু অধ্যাপনা কৰিবলৈ সুচল দিয়ে। বিষয়ৰ সংখ্যা বঢ়াই দিলে টোলে পতি দুজন তিনিজন শিক্ষক লাগিব। তেতিয়া নিয়মিত সময়, হাজিৰা, পৰিদৰ্শন [ ১০৯ ] ইত্যাদি বিলাকৰ উৎপাত আৰম্ভ হব; আৰু টোল স্কুলৰ এটা নিকৃষ্ট সংস্কৰণ হৈ উঠিব। সেই দেখি মোৰ মনেৰে টোলত আজি কালি মজলীয়া পৰিক্ষা উৰ্ত্তীৰ্ণ হোৱা বা মজলীয়া স্কুলৰ উচ্চতম শ্ৰেণীলৈ পঢ়া লৰাতকৈ কম পঢ়া লৰাক ভৰ্ত্তি নকৰা হলে ভাল হয়। আজি কালি এনে লৰাৰ সংখ্যা বাঢ়িছে; টোলত পঢ়িবলৈ তেনে লৰাৰ অভাৱ নহব। টোলত খবৰৰ কাগজ সংগ্ৰহ, লাইব্ৰেৰী স্থাপন আদি কৰিবলৈ যত্নপৰ হলে, ইয়াৰ পৰাও এই দোষ অনেক পৰিমানে কমিব।

 দ্বিতীয় কথা, শাৰীৰিক শ্ৰম খেল আদিৰ কাৰণে টোলত একো যত্ন লোৱা নহয়। ইয়াৰো অলপ ব্যৱস্থা থাকিব লাগে। টোল আশ্ৰমৰ দৰে সুশোভন কৰি লবলৈ যত্ন ললে, অৰ্থাৎ টোলৰ চৌহাতে ফুলনি আৰু শাকনি কৰি ললে, শাৰীৰিক শ্ৰম, সৌন্দৰ্য্য-কৰ্ষণ আৰু আহাৰৰ যোগাৰ— এই সকলো বিলাক হব পাৰে।

 তৃতীয়তে, টোলৰ ছাত্ৰৰ স্বভাৱ-চৰিত্ৰৰ প্ৰতি, আচাৰ পালন, সন্ধ্যা-উপাসনাৰ প্ৰতি এতিয়া যিমান চকু দিয়া হয় তাতকৈ অনেক পৰিমাণে বেছি দৃষ্টিৰ আৱশ্যক। নিয়ম-কানুন কৰি এই বিলাক পালন কৰোৱা বৰ সহজ নহয়। অধ্যাপকে আৰু ওজা ছাত্ৰ বিলাকে নিজ নিজ আদৰ্শৰ দ্বাৰা আন আন ছাত্ৰক অনুপ্ৰাণিত কৰিব পাৰিব লাগিব। আগত কৈ এই নিয়ম বিলাকত এতিয়া যথেষ্ট শৈথিল্যই দেখা দিছে আৰু লৌকিকতাৰ স্থান বেছি হৈছে।
[ ১১০ ]  সংস্কৃত শিক্ষাৰ ছাত্ৰ আৰু অধ্যাপক সকলক মই এটি অনুৰোধ জনাওঁ। আগেয়ে টোলৰ শিক্ষাৰ কিছুমান ভাল ৰীতি আজি কালি এৰা পৰিছে। এই কথা উচিত হোৱা নাই। টোল শিক্ষাৰ ৰীতি বহুদিনীয়া; গতিকে বহুত অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত। ইয়াৰ যিবিলাক গুণকাৰী ৰীতি তাক হঠাৎ এৰি পেলোৱা বেয়া। পুৰণি ৰীতি এটা ওজা ছাত্ৰৰ। এই ৰীতিৰ পৰাই বিন এ্যাণ্ড ল্যাঙ্কাচাৰে ইংলণ্ডত Pupil Teachers System (ছাত্ৰ-শিক্ষকৰ ব্যৱস্থা) প্ৰৱৰ্ত্তন কৰি ইংলণ্ডত প্ৰাথমিক শিক্ষা বিস্তাৰত বহুত সহায় কৰিছিল। টোল বিলাকে এই ৰীতি প্ৰায় এৰিলে। উপাধি পৰীক্ষাৰ পাঠ্য দুই বছৰত শেষ কৰিব লাগে। গতিকে আনক পঢ়াৰ সময় নাই। ইও এই ৰীতি এৰা পৰাৰ এটা কাৰণ।

 আগেয়ে “চৈত” ফুৰা এটা নিয়ম আছিল। বছেৰেকৰ পাঠ্যৰ শেষত চ’ত মাহৰ এটা সপ্তাহ ছাত্ৰ বিলাকে চাৰিও ফালে ঘুৰি ঘুৰি টোলৰ কাৰণে অৰ্থ সংগ্ৰহ কৰিছিল। আজি কালি এই ৰীতি কিমান পৰিমাণে আছে নাজানোঁ। কিন্তু মোৰ হলে “চৈত” ফুৰা ছাত্ৰ এতিয়া চকুত পৰা নাই। ইয়াৰ পৰা যে অকল টোললৈ দুটা টকা আনিছিল এনে নহয়, ছাত্ৰবিলাকে নিজৰ দেশৰ সকলো ফালে ফুৰাৰ সুযোগ হৈছিল, সাধাৰণ মানুহৰ মাজত বিদ্যাশিক্ষাৰ কথা প্ৰছাৰ কৰা হৈছিল, আৰু আজি কালি বিশেষকৈ পশ্চিম দেশত Hiking আৰু [ ১১১ ] Camping ৰ পৰা স্বাস্থ্য, আত্মাৱলম্বন আদি যিবিলাক গুণ শিক্ষা হয়, সেই বিলাক গুণ শিক্ষা হৈছিল। আজি কালি ভৰিৰ ওপৰত ঠিয় দিয়াৰ (Self Supporting Education) এটা ঘোষা উঠিছে। এনেকুৱা শিক্ষাৰ কাৰণে এই ৰীতি কিছু সহায়কৰ হৈছিল। চৈত ফুৰাৰ পাছত টোলৰ প্ৰীতি ভোজ আৰু অধ্যাপক-সেৱা এটা সৌষ্ঠবপূৰ্ণ বিতোপন অনুষ্ঠান আছিল। এই অনুষ্ঠান এতিয়াও সম্পূৰ্ণ উঠি যোৱা নাই বোধকৰোঁ। ইয়াৰ পূৰ্ণজীৱিত কৰা কৰ্ত্তব্য আৰু তাক অনুকৰণ কৰা স্কুলবিলাকৰ পক্ষেও উপকাৰী হব।

 আন এটা কথা আছিল সংস্কৃতত কথা কোৱা অভ্যাস। এই অভ্যাস হৈছিল, বিয়া সভা আদিত সংস্কৃত “দিয়া”ৰ পৰা। এই অভ্যাস এতিয়া গুচিল। বিয়াত সংস্কৃত “দিয়া” এটা ভাল ৰীতি আছিল। তাৰপৰা সাধাৰণৰ মাজত শিক্ষাৰ আদৰ বাঢ়িছিল। এনে কি ভাল মানুহৰ ঘৰৰ বুদ্ধিমান চাকৰ-বাকৰে আৰু ধুলীয়া-খুলীয়াৰ ভাৱৰীয়া বিলাকে সংস্কৃত শ্লোক মুখস্থ কৰি সংস্কৃত দি দৰ্শকৰ আনন্দ বঢ়াইছিল। আজিকালি দুই এজন পণ্ডিতেহে সৰল সংস্কৃতত বক্তৃতা কৰিব পাৰে। এই বিলাক ৰীতিৰ পুনঃ প্ৰৱৰ্ত্তন হোৱা ভাল। ইয়াৰ পৰা বিদ্যা টোলঘৰত আৰু অধ্যাপক আৰু ছাত্ৰৰ পুথিৰ ভিতৰত আৱদ্ধ নাথাকি জনসমাজত প্ৰচাৰ হৈ পৰিছিল।
[ ১১২ ]  আৰু এটা কথা মই লক্ষ কৰিছো। বোধকৰো আগেয়ে অকল ব্যাকৰণ বা ভাগৱত পঢ়ি পুৰণি পণ্ডিতসকলে আন আন শাস্ত্ৰৰো যিমান গভীৰজ্ঞান আৰ্জিছিল আজি কালিৰ উপাধিৰ পাঠ্য পঢ়ি তিমান জ্ঞান পোৱা নাযায়। সংস্কৃত শিক্ষা ইয়াত কৰি গভীৰ হলে ভাল। কোনো পুথি পঢ়াত টীকা টিপুনি সহ আতিগুৰি লগাই পঢ়া ৰীতি প্ৰৱৰ্ত্তন হব লাগে। সেয়ে হব লাগিলে উপযুক্ত অধ্যাপকেহে বিশেষ বিশেষ শাস্ত্ৰৰ অধ্যাপনা হাতত লোৱা উচিত।

 ইয়াতে মই সংস্কৃতানুৰাগীসকলক এটা কথা সোৱঁৰাই দিব খোজো। টোল শিক্ষাৰ আৱশ্যকতা আছে আৰু তাৰপৰা সমাজত এক শ্ৰেণীৰ বিশিষ্ট শিক্ষিত লোক আমি পাইছো— যিবিলাকে প্ৰাচীন ভাৰতীয় আদৰ্শ তথা হিন্দু-ধৰ্মৰ আচাৰ অনুষ্ঠানবিলাক সজীৱিত কৰি ৰাখিছে। এই কথা সকলোৱে স্বীকাৰ কৰিব। কিন্তু সেইবুলি এই শিক্ষাৰ ৰীতি দেশত অতি বহল ভাৱে প্ৰচলিত হওঁক এনে কথা মই কব নোখোজো। বৰ্ত্তমান আমাৰ যিমানখিনি টোল আছে তাত কৰি টোলৰ সংখ্যা বঢ়া উচিত যদিও, গাৱেঁ গাৱেঁ টোল স্থাপিত হক, বা প্ৰাইমাৰী আৰু মজলীয়া স্কুলৰ পৰিবৰ্ত্তে আমি টোল পাতোহঁক, এনে কল্পনা আমাৰ দেশৰ শিক্ষাৰ উন্নতিৰ পক্ষে উচিত নহব। টোল শিক্ষা এটা বিশিষ্ট প্ৰণালীৰ শিক্ষা। ইয়াত খৰচ নাই; অথচ ইয়াৰ পৰা যথেষ্ট সুশিক্ষা পোৱা যাব পাৰে। ইত্যাদি বিলাক [ ১১৩ ] স্বীকাৰ্য্য। কিন্তু ইয়াকো আমি পাহৰিব নালাগে যে এনে শিক্ষাত শিক্ষিত লোক আজি কালিৰ জীৱনৰ সকলো কৰ্মৰ বাবে উপযুক্ত হৈ নুঠে। ইঞ্জিনিয়াৰিং শিক্ষাৰ বা ডাক্তৰী শিক্ষাৰ আমাৰ আৱশ্যক আছে। সেইবুলি আজি গাৱেঁ গাৱেঁ বা মৌজাই মৌজাই ইঞ্জিনিয়াৰিং স্কুল বা ডাক্তৰী শিক্ষাৰ কলেজ পাতিব নোখোজো আৰু তেনেকৈ পতাৰো আৱশ্যক নাই। টোল শিক্ষাৰ কথাও সেই ৰকম। টোল শিক্ষা লাগে; কিন্তু অকল টোল শিক্ষাই নালাগে; বা এই শিক্ষা অনাৱশ্যক ৰূপে বৃদ্ধিও হব নালাগে।

 কিন্তু সম্প্ৰতি চৰকাৰে টোল শিক্ষাৰ কাৰণে যি খৰছ কৰে তাতকৈ অন্ততঃ পাঁচগুণমান বেচি খৰছ কৰা উচিত। অধ্যাপক সকলৰ দৰমহা অনেকৰ নাই; যাৰ আছে তাৰো অত্যন্তঃ কম; আন দেশৰ সংস্কৃতৰ কেন্দ্ৰবিলাকলৈ গৈ উচ্চ শিক্ষাৰ কাৰণে কোনো বৃত্তিৰ ব্যৱস্থা নাই; টোলঘৰ আদি কৰিবলৈ কোনো প্ৰকাৰ সহায় পাব নোৱাৰি; পুথি-পত্ৰ আদি প্ৰায় টোলতে নাই। এইবিলাক দিহা কৰিবৰ কাৰণে বছৰি অন্তঃত এক লাখমান টকাৰ আৱশ্যক। চৰকাৰে সম্প্ৰতি অসম সংস্কৃত বোৰ্ডক কুৰি হাজাৰত কৰিও কম টকাহে দিয়ে।

 আৰু এটা কথা আছে— সংস্কৃত বিষয়ক গৱেষণা। কামৰূপ প্ৰাচীন দেশ আৰু অন্ততঃ দুই হাজাৰ বছৰৰ পৰাই এই দেশত সংস্কৃত চৰ্চা চলিছে। কামৰূপৰ বিদ্যাৰতাৰ প্ৰমাণ প্ৰাচীন গ্ৰন্থাদিত পোৱা যায়। ইয়াত ৰচিত আৰু প্ৰকাশিত [ ১১৪ ] গ্ৰন্থাদি কেনেকৈ লোপ পালে এইবিলাক আলোচনা যোগ্য বিষয়। সংস্কৃত সঞ্জীৱনী সভাই প্ৰায় আঢ়ৈশমান এনেকুৱা পুথিৰ এখন descriptive catalouge প্ৰস্তুত কৰিছে। এনেকুৱা আৰু বহুতো পুথি আমাৰ দেশত থকা সম্ভৱ। তাৰ উপৰি আমাৰ দেশৰ প্ৰখ্যাত পণ্ডিত সকলৰ জীৱনি সংগ্ৰহো এটা কাম। এইবিলাক কাৰ্য্য সংস্কৃতানুৰাগী লোক আৰু ছাত্ৰসকলে হাতত ললে দেশৰ কাম কৰা হব, বিদ্যা চৰ্চাও হব, আৰু দেশৰ গৌৰৱ সমৃদ্ধিও বৃদ্ধি হব।

 

——× ——

 

সংস্কৃত ছাত্ৰ সন্মিলনত দিয়া ভাষণ।

৫।১১।৩৭