সংস্কৃত শিক্ষাৰ চৰ্চা
আমাৰ জাতীয় শিক্ষাৰ আন আন শাখা প্ৰশাখাৰ লগতে সংস্কৃত শিক্ষা বিষয়েও অলপ ভাৱ-চিন্তা কৰিবলৈ মোৰ কিছু সুযোগ ঘটিছে। ইয়াৰ ফলত আন আন শিক্ষা বিষয়ৰ দৰে সংস্কৃত শিক্ষাৰ বিষয়েও মোৰ মনত কিছুমান প্ৰশ্ন উদয় হৈছে।
মোৰ প্ৰথম কথা— সংস্কৃত শিক্ষাৰ সাৰ্থকতা সম্পৰ্কে।
সংস্কৃত শিক্ষা বোলোতে মই আমাৰ টোলবিলাকত যি
প্ৰকাৰ শিক্ষা দিয়া হয় তাৰ কথাহে কৈছোঁ। সংস্কৃত
ভাষা সাহিত্য দৰ্শন আদিৰ যি বিষয়ে চৰ্চা কলেজ বা
বিশ্ববিদ্যালয় আদিত হয় তাৰ কথা কোৱা নাই। সংস্কৃত
বা টোল শিক্ষাৰ সম্পৰ্কে প্ৰথম আপত্তি— এই শিক্ষা অৰ্থকাৰিণী
নহয়। অৰ্থ উপাৰ্জন শিক্ষাৰ প্ৰধান লক্ষ নহলেও
ইও যে এবিধ লক্ষ তাত কাৰো দ্বিমত নাই। হাইস্কুল
আৰু কলেজত ছাত্ৰ সমাগম দেখিলে আচৰিত হব লাগে।
তাৰ কাৰণ, সঁচাই হক বা মিছাই হক, হাইস্কুল আৰু
কলেজৰ পৰীক্ষা পাছ কৰিব পাৰিলে, মানুহ কোনো দৰমহা
থাকা চাকৰিৰ উপযুক্ত হয় বুলি সাধাৰণৰ বিশ্বাস। কিন্তু
সংস্কৃতৰ উপাধি পাছ কৰি, সংস্কৃত টোলৰ অধ্যাপকৰ অনিশ্চিত
কেইটামান বৃত্তি বাদ দিলে, কোনো চাকৰি পাব
লগীয়া নাই— তেনেহলে সংস্কৃত পঢ়ি লাভ কি?