পৃষ্ঠা:ভাষণ.djvu/১০৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[১০২]

আলোচনা হৈছে, তাৰ শতকৰা ৯৯ ভাগ পশ্চিমীয়া পণ্ডিত আৰু পশ্চিমীয়া ৰীতিত শিক্ষিত ভাৰতীয় পণ্ডিতসকলৰ দ্বাৰা হে হৈছে। ম্যাক্স-মুলাৰ, ওৱেব, ভাণ্ডাৰকাৰ বা ৰাধা কিষানৰ দৰে পণ্ডিতলোক টোলৰ শিক্ষাৰ পৰা উদ্ভৱ হোৱা নাই।

 গতিকে বুজা যায়— নতুন শিক্ষিতলোক সকলৰ কিছুমানে টোল শিক্ষাৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰে একমাত্ৰ পৌৰোহিত্য কাৰ্য্য শিক্ষাৰ অৰ্থেহে। এই বিষয়তো অনেকৰ মনৰ ভাৱ— যে পৌৰোহিত্য কাৰ্য্য অৰ্থাৎ পূজা পাৰ্বন শ্ৰাদ্ধাদি একান্ত অনাৱশ্যক। এইবিলাক উদাৰ ধৰ্ম্ম বিৰোধী, ব্ৰাহ্মণৰ ছল-চক্ৰান্ত মাত্ৰ আৰু অৰ্থনীতিৰ হিচাবত জাতীয় উন্নতিৰ পৰিপন্থী। ফলত এই ধাৰণা কিছুমান উচ্ছ শিক্ষিত মানুহৰ মনতো বদ্ধমূল হৈছে যে টোলশিক্ষাৰ কোনো উপকাৰিতা বা সাৰ্থকতা নাই। ইয়াৰ পৰা কেৱল উন্নতি বিৰোধী সংৰক্ষণশীল টিকিৱালা ব্ৰাহ্মণ পণ্ডিতৰ দল এটাহে সৃষ্টি হয়। এওঁলোকে অকল জাতীয় উন্নতিত সহায় কৰিব নোৱাৰে এনে নহয়, এওঁলোকৰ পৰা জাতীয় উন্নতিত অনেক বাধা হে পোৱা যায়। এই অভিযোগবোৰৰ উত্তৰ সংস্কৃতানুৰাগী লোকসকলে দিব নোৱাৰিলে, বিশেষ কৰি নিজৰ জীৱনৰ আদৰ্শৰে দেখুৱাব নোৱাৰিলে যে এনেবোৰ আশঙ্কা অমূলক, তেনেহলে টোল শিক্ষাৰ দিন টুটি আহিল বুলি জানিব।

 মোৰ নিজৰ মনত এনে আশঙ্কা নাই। মোৰ বিশ্বাস মতে ওপৰৰ এইবিলাক আপত্তি উঠে এটা মূল কথাৰ পৰা। আমাৰ