[১০০]
এই শিক্ষাৰ সম্পৰ্কে দ্বিতীয় আপত্তি সংস্কৃত শিক্ষাৰ পৰা— আজি কালিৰ দিনত চলিবৰ জোখাই সাধাৰণ জ্ঞানো পোৱা নাযায়। বুৰঞ্জী, ভূগোল, অৰ্থনীতি, সমাজনীতি, গণিত বিজ্ঞান আদি যিবিলাক বিষয় সামান্য হলেও কিছুমান আজি কালিৰ দিনৰ শিক্ষাত লোক মাত্ৰৰে অতি আৱশ্যকীয় বুলি বিবেচনা কৰা হয়, তেনেবিলাক বিষয়ৰ জ্ঞান সংস্কৃত শিক্ষাৰ পৰা পোৱা নেযায়। পুৰাণৰ ভূগোল আজি কালিৰ পৃথিবীৰ বিবৰণৰ লগত নিমিলে। পুৰাণৰ চন্দ্ৰলোক সূৰ্য্য লোক আদিৰ অৱস্থান আৰু পৰিমাণ আজি কালিৰ বিজ্ঞানে স্বীকাৰ নকৰে। পুৰাণৰ ৰাজাবলি আৰু বংশানুচৰিত পঢ়ি প্ৰাচীন ইতিহাসো সম্যক ৰূপে জানা নাযায়; বৰ্ত্তমান ইতিহাস সস্কৃত ভাষাত ৰচিত হোৱা নাই। বিজ্ঞান, গণিত আদি প্ৰাচীন কালত যদিবা অলপ আছিল এতিয়া তাকো টোলত শিক্ষা দিয়া নহয়। বিশেষতঃ এই বিলাক বিষয় এতিয়া বহুতো উন্নত হ’ল। এইবিলাক কাৰণৰ পৰা সংস্কৃত পণ্ডিত সংসাৰৰ অলায়ক হৈ পৰে; বৰ্ত্তমানৰ সমাজত সিবিলাকৰ স্থান নাই।
সংস্কৃতানুৰাগী লোকসকলৰ পক্ষে ওপৰৰ কথাবিলাক এনে স্পষ্ট ভাৱত প্ৰকাশ হোৱা কিছু অপ্ৰীতিকৰ হব পাৰে। কিন্তু এইটো তেখেতসকলেও জানে যে আমাৰ মাজত আজি কালিৰ বেছি ভাগ শিক্ষিত লোকে ওপৰত কোৱা আপত্তিবিলাক তুলি টোলৰ শিক্ষা অনাৱশ্যক বুলি বাখ্যা কৰে।