পৃষ্ঠা:ভাষণ.djvu/১১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[১০৪]

 প্ৰাচীন কালৰ পৰা আজিলৈ যিমানবিলাক চিন্তাশীল লোকে মানব জীৱনৰ তথা শিক্ষাৰ উদেশ্য ব্যাখ্যা কৰিছে, তেওঁবিলাক সকলোৱে স্বীকাৰ কৰিছে যে সমগ্ৰ মানৱত্বৰ বিকাশ, বা আত্মাৰ উন্নতি, self knowldge and self- culture এয়ে হৈছে জীৱনৰ তথা শিক্ষাৰ উদেশ্য। বিষ্ণু পুৰাণৰ ধ্ৰুব চৰিত্ৰত— এই উদেশ্য এইদৰে ব্যক্ত কৰা হৈছে:—

“সুশীলো ভব ধৰ্মাত্মা মৈত্ৰঃ প্ৰাণিহিতেৰবঃ।
নিমং যথাপঃ প্ৰবণাঃ প্ৰাত্ৰমায়ান্তি সম্পদঃ॥

চাণক্যৰ শ্লোকতো—

“বিদ্যা দদাতি বিনয়ং বিনয়াদ যাতি পাত্ৰতাম।
পাত্ৰতাদ্ ধন যদপ্নাতি ধনাদ্ ধৰ্মঃ ততঃ সুখম্”।

সংস্কৃত সাহিত্যত এনে দৰৰ কথাৰ সীমা সংখ্যা নাই। এইবোৰত লক্ষ্য কৰিব লগীয়া এই যে সুশীল হোৱা, ধৰ্মাত্মা হোৱা, বিদ্যা আৰ্জ্জা, তেতিয়া ধন সোণৰ কাৰণে ভাবিব নালাগে। পানী যেনেকৈ তললৈ আপোনা-আপুনি বৈ আহে সম্পদো উপযুক্ত পাত্ৰলৈ আহিব। তাৎপৰ্য্য এই যোগ্যতা অৰ্জ্জন কৰা। তোমাৰ যিবিলাক ঈশ্বৰৰ দত্ত বৃত্তি আছে সেইবিলাকৰ সম্যক কৰ্ষণ কৰা, সংযম শিক্ষা কৰা, তেতিয়া তুমি এনে শিক্ষাৰ গুণত যি শক্তি অৰ্জ্জন কৰিছা তাৰ বলতে সহজতে অৰ্থ উপাৰ্জ্জন কৰিব পাৰিবা। বিংশ শতিকাৰ শিক্ষাবিদ, মনোবিজ্ঞানবিদ পণ্ডিতসকলেও এই কথাকে কৈছে। Devolope the full man—