পৃষ্ঠা:ভাষণ.djvu/১১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[১০৯]

ইত্যাদি বিলাকৰ উৎপাত আৰম্ভ হব; আৰু টোল স্কুলৰ এটা নিকৃষ্ট সংস্কৰণ হৈ উঠিব। সেই দেখি মোৰ মনেৰে টোলত আজি কালি মজলীয়া পৰিক্ষা উৰ্ত্তীৰ্ণ হোৱা বা মজলীয়া স্কুলৰ উচ্চতম শ্ৰেণীলৈ পঢ়া লৰাতকৈ কম পঢ়া লৰাক ভৰ্ত্তি নকৰা হলে ভাল হয়। আজি কালি এনে লৰাৰ সংখ্যা বাঢ়িছে; টোলত পঢ়িবলৈ তেনে লৰাৰ অভাৱ নহব। টোলত খবৰৰ কাগজ সংগ্ৰহ, লাইব্ৰেৰী স্থাপন আদি কৰিবলৈ যত্নপৰ হলে, ইয়াৰ পৰাও এই দোষ অনেক পৰিমানে কমিব।

 দ্বিতীয় কথা, শাৰীৰিক শ্ৰম খেল আদিৰ কাৰণে টোলত একো যত্ন লোৱা নহয়। ইয়াৰো অলপ ব্যৱস্থা থাকিব লাগে। টোল আশ্ৰমৰ দৰে সুশোভন কৰি লবলৈ যত্ন ললে, অৰ্থাৎ টোলৰ চৌহাতে ফুলনি আৰু শাকনি কৰি ললে, শাৰীৰিক শ্ৰম, সৌন্দৰ্য্য-কৰ্ষণ আৰু আহাৰৰ যোগাৰ— এই সকলো বিলাক হব পাৰে।

 তৃতীয়তে, টোলৰ ছাত্ৰৰ স্বভাৱ-চৰিত্ৰৰ প্ৰতি, আচাৰ পালন, সন্ধ্যা-উপাসনাৰ প্ৰতি এতিয়া যিমান চকু দিয়া হয় তাতকৈ অনেক পৰিমাণে বেছি দৃষ্টিৰ আৱশ্যক। নিয়ম-কানুন কৰি এই বিলাক পালন কৰোৱা বৰ সহজ নহয়। অধ্যাপকে আৰু ওজা ছাত্ৰ বিলাকে নিজ নিজ আদৰ্শৰ দ্বাৰা আন আন ছাত্ৰক অনুপ্ৰাণিত কৰিব পাৰিব লাগিব। আগত কৈ এই নিয়ম বিলাকত এতিয়া যথেষ্ট শৈথিল্যই দেখা দিছে আৰু লৌকিকতাৰ স্থান বেছি হৈছে।