[ ২৯ ]
 

বায়ন।

(১)

 ৰামে আক্ষেপ কৰি সীতাক কইছিল—“তে হি নো দিবসাঃ গতা”—যেতিয়া গুৰুজনসকলে আদৰ-মৰম কৰি আমাক লালন কৰিছিল, সীতা, সেই দিন আৰু আমাৰ নাই।

 আমাৰ মাজত অনেকেই সেই প্ৰাচীন আক্ষেপ কৰি কবলগীয়া হয়, “তে হি নো দিবসাঃ গতাঃ ”।

 বায়নৰো “তে হি দিবসাঃ গতাঃ।” যেতিয়া তেওঁৰ খোলৰ ঢা-টিক-ধিং-টিং ৰোল আৰু তেওঁৰ গলৰ সুহাই ৰাগ শুনিবলৈ হাজাৰ-বিজাৰ মানুহ সভাত গোট খাইছিল, আজি আৰু সেই দিন নাই। প্ৰাচীন খোল-কৰতালৰ ঠাই ডাইনা- বাৱা বেহেলা-হাৰমোনিয়মে অধিকাৰ কৰি বহিছে; প্ৰাচীন ভাওনাৰ ঠাইত যাত্ৰা-থিয়েটাৰৰ আবিৰ্ভাৱ হৈছে। প্ৰাচীন [ ৩০ ] শ্ৰীকৃষ্ণ বলৰাম আৰু গোপবালকসকলৰ নাচনৰ ঠাইত মাইকীৰ সাজ পিন্ধা ‘ছোক্‌ৰা’ আৰু কলিকাতাৰ নটীৰ নাচৰ আমদানি হইছে; ভাওনাৰ ধৰ্ম আৰু আনন্দৰ ঠাই থিয়েটাৰৰ আমোদ আৰু অশ্লীলতাই অধিকাৰ কৰিছে!

 বায়নৰ তে হি দিবাসাঃ গতাঃ! সেই দেখি গাওৰ এক চুকত অনাদৃত হৈ বায়ন পৰি থাকে।

 কেতিয়াবা যাত্ৰাৰ কথা শুনি চাবলৈ যায়⸺আৰু তাত সাজ-পাৰৰ চাক-চিক্য, ৰাধা-কৃষ্ণৰ প্ৰেমাভিনয়ৰ অশ্লীলতা, দৰ্শকৰ মুখত পাণ-চুৰট মাজে-মধ্যে মদৰ দুৰ্গন্ধ, আৰু অন্তৰত অনুভূতি-বিহীন আমোদ উপভোগৰ বাঞ্ছা দেখি ব্যথিত হৃদয় খনি লই ফিৰি আহে। তেতিয়া মনত পৰে সেই দিনৰ কথা, যেতিয়া শ্ৰীকৃষ্ণ সাঁজিছিল কেৱল গোঁসাই-মহন্তৰ লৰাই হে; যেতিয়া ৰঙ্গভূমিত শ্ৰীকৃষ্ণৰ প্ৰবেশ হোৱা মাত্ৰে সমজ্যাৰ লোকৰ হৰি-ধ্বনিৰ ৰোলত আকাশ উপচি পৰিছিল, আৰু সেই মহা-মহিম চিৰন্তন শ্ৰীকৃষ্ণৰ প্ৰীতি-উদ্দেশে দিয়া ভক্তিৰ অঞ্জলি পাই ভাওনাৰ শ্ৰীকৃষ্ণও এক অপূৰ্ব গৌৰৱত উদ্ভাসিত হই উঠিছিল। তেনে গৌৰৱময় দিনৰ কথা, যেতিয়া খেৰৰ কালি-নাগে ভক্ত-দৰ্শকৰ প্ৰাণৰ স্পৰ্শ পাই হাজাৰ ফণা ধৰি প্ৰকৃত কালি-নাগ, হই ফোঁফাই উঠিছিল আৰু মূৰত শ্ৰীকৃষ্ণৰ অৰুণ পদ-কমল লই ব্ৰহ্মপুত্ৰত পৰি কৃষ্ণৰ সহিত অন্তৰ্ধান হইছিল।
[ ৩১ ]  সেই প্ৰাণ-ৰসৰ দ্বাৰা উজ্জীৱিত ভাওনাৰো এক দিন, আৰু আজি সংসাৰ হেঁচা-ঠেলাৰ মাজত লালসাৰে তৈয়াৰী বিলাস কৃত্ৰিমতা আৰু অহঙ্কাৰ-পূৰ্ণ থিয়েটাৰৰো এক দিন!

 কণ্ব-শিষ্য শাঙ্গৰ্ৰব ঋষিয়ে আশ্ৰম আৰু দুষ্যন্তৰ নগৰ তুলনা কৰি কইছিলঃ⸺

“তথাপীদং শশ্বৎ পৰিচিতবিবিক্তেব মনসা
জনাকীৰ্ণং মন্য হুতবছপৰিতং গৃহমিব”।

 “যদিও দুষন্তই সকলো শাস্ত্ৰবিধি পালন কৰে, আৰু ভাল আচাৰত থাকে, তথাপিতো আশ্ৰমত থাকি থাকি জনাকীৰ্ণ ৰাজপুৰিখান মোৰ মনত জুই-লাগা ঘৰৰ দৰে লাগিছে।”

 আজিৰ যাত্ৰা আৰু থিয়েটাৰ দেখি এই শ্লোক বায়নৰ মনত পৰি যায়, আৰু কবিৰ লগত অনুভৱ কৰি মনতে ভাবে—এই যাত্ৰা আৰু থিয়েটাৰ “জনাকীৰ্ণং মন্যে হুতবহ- পৰিতং গৃহমিব”।

(২)

 গাওঁত মহোৎসৱৰ সময়⸺ৰাইজৰ সভা। কোনোৱে কলে বঙালী যাত্ৰা আনা যাক, কোনোৱে কলে থিয়েটাৰ [ ৩২ ] পাতা যাক। বুঢ়া কবিৰত্নই কলে, বায়নৰ ভাওনা হক। কবিৰত্ন ধনী, মানী, সম্ভ্ৰমী লোক; তেওঁৰ ডাঙৰ লৰাটো নগৰত উকিল; তেওঁৰ কথা ৰজিল। ৰাইজৰ সভাত বায়নে যাত্ৰা কৰিব, ঠিক হল।

 সি কিমান যো-যা! মুখা সাজাই মুখা সাজিলে, পাগুৰি বান্ধাই পাগুৰি বান্ধিলে, খোলৰ যত ঘূণ এৰিছিল তাত ঘূণ আৰু যত ডন চিঙিছিল তাত ডন দিয়া হল।

 সভাৰ দিন আহিল, সভাৰ খোলাত যত ব্যুহ লাগে, যত ৰথ লাগে, যত যি লাগে সকলো ঠিক্‌-ঠাক্‌ কৰি সজোৱা হল।

(৩)

 ঢেৰ মানুহ-সভাৰ খোলাত ইমান মানুহ বোধ কৰোঁ অনেক বছৰ লগ খোৱা নাই।

 ৰাইজে বুঢ়া বায়নৰ নাম শুনিছে—আগৰ দিনত বুঢ়া বায়নৰ যাত্ৰা চাবলৈ কিমান মানুহ জমে, বুঢ়া বায়নে কোন সময়ত কি কথা কয়, বুঢ়া বায়নৰ কোনটো ৰাগ শুনি ৰাইজে কান্দে, আৰু কোনটো ৰাগৰ প্ৰাণ অবশ কৰা তানত গোটাই সভাই নিজম মাৰি ছোৱালীৰ কোলাৰ মেকুৰীটোৰ দৰে নিজকে পাহৰি যায়—বুঢ়া বায়নৰ এই যশ মানুহৰ মুখে মুখে, কথা-ফুটা লৰায়ো এইবিলাক কথা কব পাৰে।
[ ৩৩ ]  তাতে বুঢ়া কবিৰত্ন দেৱে গাৱেঁ গাৱেঁ খেলে খেলে, কাজে কামে, বুঢ়া বায়নে ডেকা বয়সত কেনেকৈ সভাক সুৰৰ মোহিনী মাৰিছিল আৰু আহা ৰাইজৰ সভাত কেনেকৈ তেওঁৰ আগৰ দিনৰ সকলো কীৰ্তি দেখুৱাব খুজিছে, এই- বিলাক কথা লাগাই নালাগাই শুনাই নুশুনাই কই ফুৰিছিল। গতিকে কোনোৱে আশা কৰি, কোনোৱে কৌতুহলী হই, কোনোৱে ৰং চাবলৈ, এইদৰে সভাত অনেক মানুহ গোট খালে।

 লাহে লাহে ৰাতি হল, ধুলীয়া পৰিল। হৰ-বোল হৰি বোল ধ্বনিত সভাৰ খোলা তল্‌মলাই উঠিল। এনেতে খোলৰ তা-তা-গিন্‌-গিন্‌-তা ৰোল বাজি উঠিল। নানা বিধ বৰ ধেমালী সৰু ধেমালী বাজোৱাৰ পাছত বাজানা শেষ হল। সকলো উদ্‌গ্ৰীৱ, বায়ন কেতিয়া আহে।

 মূৰত পাগুৰী, কাণত কৰিয়া, গাত দীঘল কলা চাপকান্ আৰু গলত সোণাৰ হাৰ পিন্ধি, আৰু হাতত ৰূপাৰ নাল-লগোৱা বগা চামৰ ঢুলাই বুঢ়া বায়ন ওলাই ৰাইজক আঠু লৈ সেৱা জনালে। আকৌ হৰিধ্বনিৰ বোলত সভাত খনক লাগিল। দেখিবলৈ বগা, দীঘল পাতল অথচ পুষ্ট দেহ, দাৰি-গোফ্‌ খুৰোৱা মুখ, উন্নত নাক আৰু বহল কপাল দেখি কোনে কব বায়ন বুঢ়াই নে ডেকাই!

 কবিৰত্ন দেৱে আনন্দত বিভোৰ হই কলে⸺ “চোৱা, চোৱা বায়নৰ নৱ-যৌৱন-সম্পন্ন শ্ৰী।” [ ৩৪ ]  চোৱাঁৰ ঢুলাই, ভৰিৰ পাক আৰু হাতৰ মুদ্ৰা দি বায়নে গীত ধৰিলে⸺

প্ৰথমে প্ৰণামো ব্ৰহ্মাৰূপে সনাতন।
সৰ্ব অবতাৰৰ কাৰণ নাৰায়ণ।

 নিস্তব্ধ সভাই নিজম মাৰি শুনি থাকিল। গীত কেতিয়াবা চৰা সুৰত উঠিল, কেতিয়াবা ঢিলা সুৰত নামিল। গীতৰ আৰু নাচনৰ চেৱত গোটাই সভা যেন একবাৰ উঠিল, একবাৰ পৰিল, একবাৰ নাচিলে, একবাৰ হাঁহিলে, একবাৰ কান্দিলে। সৰোবৰৰ পদুম-ফুলবিলাক যিদৰে মৃদু বতাহে তোলা পানীৰ ঢৌৰ চেৱত হিন্দোল-দোলাই থাকে, গীতৰ আৰু নাচনৰ চেৱত যেন দৰ্শকৰ চিত্ত সেই দৰে ৰসৰ ঢৌত ঢুলি ঢুলি হালি জালি থাকিল। মঙ্গলাচৰণ গীত সমাপন কৰি বায়নে পাক আৰু নাচৰ লগতে খোলাৰ মূৰ পালে; হৰি বোল হৰি বোল বোলত আকৌ আকাশ ভৰি পৰিল। কি জানি বিদ্যাধৰী আৰু গন্ধৰ্ব সকলেও সেই বোল শুনি খোলত চাপৰ দি স্বৰ ছানি স্বৰ্গত দুনাই গীতৰ ৰাগিনী তুলি ধৰিলে।

 এই দৰে ৰূপে ৰসে গীতে গন্ধে এক বাৰ উঠি একবাৰ নামি যাত্ৰা শেষ হল। পুহ মাহৰ দীৰ্ঘ ৰজনীয়ে যাত্ৰাৰ জীৱনী ৰস পাই যেন নিজৰ কঠোৰ মূৰ্তিটিকো লাৱণী কৰি দিলে। থৰবৰীয়া নিঠুৰ বুঢ়া শীতেও যেন সেই ৰঙতে সঞ্জীৱিত হই বসন্তৰ যৌৱন শ্ৰী ধাৰণ কৰিলে। [ ৩৫ ]

(8)

 সেই ৰাতিৰ আত্যন্তিক উত্তেজনা, বুঢ়া কালত ৰাতি উজাগৰে থাকা, বা পুহমহীয়া জাৰৰ প্ৰকোপ, হেতুকে সভাৰ পাছ দিনাৰপৰা বুঢ়া বায়নৰ জ্বৰ-কফ হল।

 তিনি দিনৰ দিনা কবিৰত্ন দেৱ বায়নৰ খবৰ কৰিবলৈ গল। “বায়ন তুমি ভাল হবা। ভয় নাই। আমাক আহা বছৰ আৰু গাই শুনাব লাগিব নহয়।”

 ভয় নাই দেৱ! ভালো হম। কিন্তু অহা বছৰ ইয়াতে গাই শুনাব লাগে নে আন কোনো লোকত, তাৰে হে ঠিক নাই।”

 “কিয়, তুমি চিন্তিত হইছা কিয়!”

 “সমূলি নাই হোৱা দেৱ। সেই দিনাৰ বিজয় যাত্ৰাৰ পাছত মৰণৰ বাবেহে চিন্তিত হইছোঁ⸺ কেনেবাকৈ সিদিনাৰ গৌৰৱ বিয়লি যায় সেয়েহে চিন্তা! সেই গৌৰৱত মৃত্যু হে মোৰ একান্ত বাঞ্ছাৰ বিষয়।”

 “আৰু তোমাৰ গীত শুনিম, বায়ন, তোমাৰ কোনো চিন্তা নাই।”

 “নিশ্চয় দেৱ, আপুনিও শুনিব, ময়ো শুনাম। কিন্তু এই লোকত আৰু নহয়।”

 বুঢ়া বায়নে বুঢ়া কবিৰত্নদেৱক সেৱা জনালে। বুঢ়া লোকৰ চকুৰ চুকত যদি পানীয়ে বিৰিঙে কি জানি এই দুই পুৰণি বন্ধুৰ চকুতো বিৰিঙিছিল, কোনে জানে। [ ৩৬ ]

(৫)

 দুই দাঁৰ মান বেলিৰ পাছত কাষত বহি থাকা মানুহৰ আগত কবিৰত্নই হৰ্ষ-বিষাদিত হই কইছে, “বুঢ়া বায়নটো বৰ পূণ্যবান আছিল। ভীষ্মৰ দৰে উত্তৰায়ণকে বাট চাই আছিল, কালি উত্তৰায়ণ সংক্ৰান্তি গইছে মুঠে; আৰু দেখা, এটাও পুস্কৰ নাই।”

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )