পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩১ ]


 সেই প্ৰাণ-ৰসৰ দ্বাৰা উজ্জীৱিত ভাওনাৰো এক দিন, আৰু আজি সংসাৰ হেঁচা-ঠেলাৰ মাজত লালসাৰে তৈয়াৰী বিলাস কৃত্ৰিমতা আৰু অহঙ্কাৰ-পূৰ্ণ থিয়েটাৰৰো এক দিন!

 কণ্ব-শিষ্য শাঙ্গৰ্ৰব ঋষিয়ে আশ্ৰম আৰু দুষ্যন্তৰ নগৰ তুলনা কৰি কইছিলঃ⸺

“তথাপীদং শশ্বৎ পৰিচিতবিবিক্তেব মনসা
জনাকীৰ্ণং মন্য হুতবছপৰিতং গৃহমিব”।

 “যদিও দুষন্তই সকলো শাস্ত্ৰবিধি পালন কৰে, আৰু ভাল আচাৰত থাকে, তথাপিতো আশ্ৰমত থাকি থাকি জনাকীৰ্ণ ৰাজপুৰিখান মোৰ মনত জুই-লাগা ঘৰৰ দৰে লাগিছে।”

 আজিৰ যাত্ৰা আৰু থিয়েটাৰ দেখি এই শ্লোক বায়নৰ মনত পৰি যায়, আৰু কবিৰ লগত অনুভৱ কৰি মনতে ভাবে—এই যাত্ৰা আৰু থিয়েটাৰ “জনাকীৰ্ণং মন্যে হুতবহ- পৰিতং গৃহমিব”।

(২)

 গাওঁত মহোৎসৱৰ সময়⸺ৰাইজৰ সভা। কোনোৱে কলে বঙালী যাত্ৰা আনা যাক, কোনোৱে কলে থিয়েটাৰ