তাতে বুঢ়া কবিৰত্ন দেৱে গাৱেঁ গাৱেঁ খেলে খেলে,
কাজে কামে, বুঢ়া বায়নে ডেকা বয়সত কেনেকৈ সভাক
সুৰৰ মোহিনী মাৰিছিল আৰু আহা ৰাইজৰ সভাত কেনেকৈ
তেওঁৰ আগৰ দিনৰ সকলো কীৰ্তি দেখুৱাব খুজিছে, এই-
বিলাক কথা লাগাই নালাগাই শুনাই নুশুনাই কই ফুৰিছিল।
গতিকে কোনোৱে আশা কৰি, কোনোৱে কৌতুহলী হই,
কোনোৱে ৰং চাবলৈ, এইদৰে সভাত অনেক মানুহ গোট খালে।
লাহে লাহে ৰাতি হল, ধুলীয়া পৰিল। হৰ-বোল হৰি বোল ধ্বনিত সভাৰ খোলা তল্মলাই উঠিল। এনেতে খোলৰ তা-তা-গিন্-গিন্-তা ৰোল বাজি উঠিল। নানা বিধ বৰ ধেমালী সৰু ধেমালী বাজোৱাৰ পাছত বাজানা শেষ হল। সকলো উদ্গ্ৰীৱ, বায়ন কেতিয়া আহে।
মূৰত পাগুৰী, কাণত কৰিয়া, গাত দীঘল কলা চাপকান্ আৰু গলত সোণাৰ হাৰ পিন্ধি, আৰু হাতত ৰূপাৰ নাল-লগোৱা বগা চামৰ ঢুলাই বুঢ়া বায়ন ওলাই ৰাইজক আঠু লৈ সেৱা জনালে। আকৌ হৰিধ্বনিৰ বোলত সভাত খনক লাগিল। দেখিবলৈ বগা, দীঘল পাতল অথচ পুষ্ট দেহ, দাৰি-গোফ্ খুৰোৱা মুখ, উন্নত নাক আৰু বহল কপাল দেখি কোনে কব বায়ন বুঢ়াই নে ডেকাই!
কবিৰত্ন দেৱে আনন্দত বিভোৰ হই কলে⸺ “চোৱা, চোৱা বায়নৰ নৱ-যৌৱন-সম্পন্ন শ্ৰী।”