বাজিকৰ আৰু আন আন গল্প/পিয়াহৰ পানী
পিয়াহৰ পানী।
“পানী—পানী ঐ—পানী—ও মাই, পানী।”
মাকৰ একেটি সন্তান। এই বাৰ দিন জ্বৰ। চোৱা ভাৰ পৰিল মোৰ মূৰত। মই মেডিকেল্ কলেজৰ পৰা ডাক্তৰি পাচ কৰি তাতেই ‘হাউছ-ছাৰ্জন’ আছিলোঁ। কলেজত মেডেল পাইছিলোঁ। তেতিয়া চৰকাৰী এচিষ্টেণ্ট ছাৰ্জন হৈ ওলাই আহিছোঁ।
মই দেখিলোঁ জ্বৰ টাইফয়েড্। ইয়াৰ উপসৰ্গ হবলৈ
বহুতো আছে। প্ৰধান এটা পেট ফিকা। পানী খালে
পেট ফিকাত সহায় হে কৰিব। সকলোকে টান কৈ কৈ
দিলোঁ— “সাৱধান বৰ পিয়াহ লাগিব, কিন্তু পানী নিদিবা।
দুই এটা ডালিমৰ গুটি, অকণমানি মিছিৰী, দুই এক চামুচ
পানী মিহলোৱা গাখীৰ বা চাগু-পানী— বছ! কিন্তু পিয়াহ
পলাই পানী দিবা, তেনে সৰ্বনাশ।”
[ ৩৮ ]
নৰীয়া সন্তানৰ পিয়াহত অণ্ঠ-কণ্ঠ শুকাই যায়, ক্ষীণ মাতেৰে কয়,—“পানী⸺ও মাই, এটোপ পানী।”
সন্তানৰ দুখত মাকৰ অণ্ঠ-কণ্ঠ শুকাই যায়। মনৰ উচ-পিচনি সমস্ত শৰীৰত বাগৰি ফুৰে। কিন্তু ডাক্তৰৰ হাক!
“বাছা⸺ও বাছা⸺ভাল হোৱা মইনা⸺পিয়াহ পলাই পানী দিম”—গিৰ গিৰকৈ চকু লো ওলাই মাকৰ মুখ ভিজে, নৰীয়াৰ শেতেলি ভিজে। মাকৰ কান্দন দেখি নৰীয়াই অলপ মান পৰ মনে মনে থাকে।
আকৌ পিয়াহে অন্ত-ৰাত্মা শুকাই আনে। অতি কষ্টে বাগৰ সলাই অতি ক্ষীণ সুৰত মাতে—“ও মাই⸺ মুঠে এটোপ—এটোপ পানী।”
কি পাপত ডাক্তাৰ কৰি স্ৰজিলা প্ৰভু।
সকলোৰে শাস্ত্ৰত কয়, ডাক্তাৰ কবিৰাজে কিবা আয়ু দিব পাৰে নে? সম্ভৱতঃ নোৱাৰে। কিন্তু—আয়ু নিব নোৱাৰে নে?
(২)
যাক, জানোতাই হে জানে।
কেই বছৰ যে হল ঠিক হিচাব কৰিব নোৱাৰিম। আৰু
কিমান ঠাই যে সলালোঁ তাৰো লেখ দিব নোৱাৰিম।
[ ৩৯ ] এদিন পুৱা ন-মান বজাত আস্পাতালত আছোঁ।
কেইজনমান ডেকা লৰাই এজনী অতি জীৰ্ণ অবস্থাৰ মাইকী
মানুহক লৈ আহিছে। দেখিলেই বুজা যায়, বলিয়া। বাটৰ
কাষত পৰি আছিল, প্ৰায় মৃত অৱস্থাত।
“ও বাছা পানী খোৱা⸺মইনা পানী”⸺অতি ক্ষীণ মাতত তাই এই কথা কয়; আৰু গিৰ গিৰ কৈ চকু লো পৰি তাইৰ মুখ ভিজে, তাইৰ পিন্ধা ফটা কানি খন ভিজে আৰু তাই ঠিয় দিয়া তলৰ মাটিও ভিজি উঠে।
চিনিবৰ বাকী নথাকিল। হায় বিধাতা, যাৰ সন্তানক মই ডাক্তাৰী বিদ্যাৰে হত্যা কৰিলোঁ, তাক এই দুৰ্দশাগ্ৰস্ত কৰি মোৰ হাতত পেলাই দি মোকেই শাস্তি দিছা নে কি?
পতি-পাল কৰালোঁ। কিন্তু স্নেহৰ জীৱন্ত মূৰ্তি স্বৰূপ মাতৃৰ উপযুক্ত ঠাই পৃথিবীত নাই। এদিনো এটোপা পানী নাখাই পিয়াহত অণ্ঠ-কণ্ঠ শুকাই মাতৃয়ে মৰ্ত্য ভূমি এৰিলে।
(৩)
আৰু এতিয়া⸺কু-বিজ্ঞানেৰে দুটি জীৱৰ হত্যা কৰি চেনেহৰ কোমল অঙ্কুৰ তীক্ষ্ণ জ্ঞান-বিষেৰে নষ্ট কৰি⸺ এতিয়া ডাক্তাৰি শাস্ত্ৰে কয়—টাইফয়েড হলে নৰীয়াই খাব খোজে মানে পানী দিবা! স্বভাৱক বাধা নিদি সহায় কৰিবা।
ধিক্ বিজ্ঞান। ধিক তোৰ আত্মম্ভৰিতাৰ মহা মূৰ্খামি।
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )