পাতা যাক। বুঢ়া কবিৰত্নই কলে, বায়নৰ ভাওনা হক।
কবিৰত্ন ধনী, মানী, সম্ভ্ৰমী লোক; তেওঁৰ ডাঙৰ লৰাটো
নগৰত উকিল; তেওঁৰ কথা ৰজিল। ৰাইজৰ সভাত বায়নে
যাত্ৰা কৰিব, ঠিক হল।
সি কিমান যো-যা! মুখা সাজাই মুখা সাজিলে, পাগুৰি বান্ধাই পাগুৰি বান্ধিলে, খোলৰ যত ঘূণ এৰিছিল তাত ঘূণ আৰু যত ডন চিঙিছিল তাত ডন দিয়া হল।
সভাৰ দিন আহিল, সভাৰ খোলাত যত ব্যুহ লাগে, যত ৰথ লাগে, যত যি লাগে সকলো ঠিক্-ঠাক্ কৰি সজোৱা হল।
(৩)
ঢেৰ মানুহ-সভাৰ খোলাত ইমান মানুহ বোধ কৰোঁ অনেক বছৰ লগ খোৱা নাই।
ৰাইজে বুঢ়া বায়নৰ নাম শুনিছে—আগৰ দিনত বুঢ়া
বায়নৰ যাত্ৰা চাবলৈ কিমান মানুহ জমে, বুঢ়া বায়নে কোন
সময়ত কি কথা কয়, বুঢ়া বায়নৰ কোনটো ৰাগ শুনি ৰাইজে
কান্দে, আৰু কোনটো ৰাগৰ প্ৰাণ অবশ কৰা তানত
গোটাই সভাই নিজম মাৰি ছোৱালীৰ কোলাৰ মেকুৰীটোৰ
দৰে নিজকে পাহৰি যায়—বুঢ়া বায়নৰ এই যশ মানুহৰ
মুখে মুখে, কথা-ফুটা লৰায়ো এইবিলাক কথা কব পাৰে।