নীতি কথা (বিষ্ণুপ্ৰিয়া দেৱী)

[ প্ৰথম পৃষ্ঠা ]

নীতি কথা।

স্বৰ্গীয়া বিষ্ণুপ্ৰিয়া দেবী
সংকলিত।
নগাঁও।

শ্ৰীলতিকাদেবী বৰুৱাণীৰ দ্বাৰা
প্ৰকাশিত।
গুৱাহাটী৷

দ্বিতীয় সংস্কৰণ।
১৯২১।

পুথীৰ বেচ॥০ অনা।

[ মুদ্ৰণ ]
 


কলিকতা,
৬নং কলেজ-স্কোয়াৰ, সাম্য-প্ৰেছত,
শ্ৰীউপেন্দ্ৰনাথ দাস দ্বাৰা মুদ্ৰিত।



 

[ আৰম্ভণ ]
 

আৰম্ভন।

 নীতিগৰ্ভ কেইখনমান পুথীৰ পৰা কিছুমান কথা সংগ্ৰহ কৰি এই নীতিকথা প্ৰাচৰ কৰা হ’ল। পাঠক সকলে ইয়াৰ দোষ ক্ষেমিলে ভাল পাম ৷ আৰু ইয়াৰে অসমীয়া সাহিত্যৰ অলপ লাভ হলেও ধন্য মানিম। ইতি

 ২৯এ মাঘ, ১৮০৫
শকাব্দা

বি,

[ পাতনি ]

 পৰম ভক্তিভাজন শাহু আয়ে এই কিতাপখনি পঁইত্ৰিশ্ বছৰ আগৈয়ে ৰচনা কৰিছিল। অসমীয়া ভাষাত এনে আৰু এখনি কিতাপ নথকা দেখি “নীতি কথা” কিতাপখনি আকৌ মই প্ৰকাশ কৰিলোঁ। প্ৰথমবাৰ ই সচিত্ৰ নাছিল দেখি এইবাৰ ইয়াক সচিত্ৰ কৰি উলিয়ালোঁ ৷ আমাৰ ল’ৰা ছোৱালীয়ে এই কিতাপখনি পঢ়ি বহুতো যে সজ কথা শিকিব ই নিঃসন্দেহ।

 মই যদিও অসমীয়া নহঁও, কিন্তু আসাম মোৰ এতিয়া নিজৰ হৈছে। অসমীয়া ভাষা কবলৈ আৰু শুনিবলৈ মোৰ ভাল লাগে। মই অসমীয়া ভাষাৰ সৰ্ব্বতোভাৱে উন্নতি কামনা কৰোঁ।

 প্ৰথমবাৰ “নীতি কথা” নগাঁওৰ “বিল্বকুটীৰৰ” পৰা ১৮৮৪ চনত প্ৰকাশ হৈছিল, এইবাৰ গুৱাহাটীৰ আৰ্ল ল কলেজৰ প্ৰিন্সিপলৰ ঘৰৰ পৰা প্ৰকাশ হ’ল।

গুৱাহাটী,
দীঘলী পুখুৰীৰ পাৰ।
এপ্ৰিল ১৯২০।
বহাগৰ বিহু।

শ্ৰীলতিকাদেবী।

[  ]

নীতি কথা।

ভ্ৰাতৃস্নেহ।

 ইউৰোপৰ মাজত সুইটজৰ্লাণ্ড নামে এখান দেশ আছে। ইয়াৰ সকলো ফালে পৰ্ব্বত। এই পৰ্ব্বত বিলাক প্ৰায় বৰফেৰে ঢকা। এই নিমিত্তে সেই দেশত শীতৰ প্ৰাদুৰ্ভাব অধিক। এদিন সেই দেশৰ দুটা লৰাই বৰফৰ ওপৰত লৰি ধাপৰি ৰং ধেমালি কৰি আছিল। সেই লৰা দুটী সহোদৰ ভাই। বৰটীৰ বয়স ৯ বছৰ ও সৰুটীৰ ৫ বছৰ। সিহতে ধেমালি কৰি থাকোঁতে থাকোঁতে ওচৰৰ হাবি এডোখৰত প্ৰবেশ কৰি বাট হেৰুৱাই ওলাব নোৱাৰা হল। ই পিনেও বেলি মাৰ যাব লগিয়া হোৱা দেখি সিহতে ভয়ত বৰ ব্যাকুল হৈ পথৰ অনুসন্ধান কৰিবলৈ ধৰিলে কিন্তু পথৰ একো নিৰ্ণয় কৰিব নোৱাৰি উচ্চৈঃস্বৰে কান্দিবলৈ আৰম্ভ কৰিলে।

 বৰ লৰাটীৰ বয়স যদিও কম তত্ৰাপি তাৰ বুদ্ধি বিবেচনা কিছু অধিক আছিল। সি বিবেচনা কৰিলে, যিমান চেষ্টা কৰোঁ এই হাবিৰ পৰা কেতিয়াও আমি ওলাব নোৱাৰিম। মিচাই চেষ্টা কৰা উচিত নহয়। এই হাবিতে ৰাতিটো কটাব লাগিব। কিন্তু বৰফৰ ওপৰত শয়ন কৰিলে দুইওটীৰে প্ৰাণ [  ] যাব। এতিয়া যি ঠাইত বৰফ নাই, এনে ঠাই এফেৰি বিচাৰ কৰিব লাগিল। এই বুদ্ধি মনত স্থিৰ কৰি বৰফ নোহোৱা ঠাই বিচাৰিবলৈ ধৰিলে। এনে সময়তে চন্দ্ৰ উদয় হল। চন্দ্ৰৰ পোহৰত পৰ্ব্বতৰ গুৰিত এটা ‘গহ্বৰ দেখা পাই লৰাটীয়ে তাৰ মাজত সোমাই চালে, তাত সমুলি বৰফ নাই। তেতিয়া সি কিছুমান গছৰ পাত গোটাই এক প্ৰকাৰ শয্যা প্ৰস্তুত কৰিলে। পাছে ভায়েকৰ হাতত ধৰি কলে। ভাই! তুমি আৰু নাকান্দিবা, তোমাৰ এতিয়া আৰু একো ভয় নাই। আহাঁ ইয়াতে শোৱাহি। এইদৰে তাক অনেক প্ৰবোধ দি শুৱালে ও সি নিজেও শুলে।

 পাছে সৰুটীয়ে বাৰম্বাৰ বৰটীক কবলৈ ধৰিলে, ককাই, মোৰ জাৰ লাগিছে। ককায়েকে ভায়েকক বৰ মৰম কৰে। তাৰ দুখ দেখিব নোৱাৰি, কি উপায়েৰে ভায়েকৰ জাৰ গুছাব মনত গুণিবলৈ ধৰিলে। অৱশেষত একো উপায় নাপাই নিজৰ গাৰ এটাই খিনি কাপোৰ তাৰ গাত জাপি দিলে, তথাপি তাৰ জাব নুগুছিল। শেষত ককায়েকে তাৰ গাৰ কাষত শোৱাত তাৰ তাপতে জাৰ গুছিল। তেতিয়া সি বৰ আনন্দ পালে। সি আনন্দ পোৱা দেখি ককায়েকৰো মন সন্তোষ হল। নিজে সুদাগাই থকাত তাৰ যে ভয়ঙ্কৰ কষ্ট হৈছিল তাক কষ্ট বুলি নাভাবিলে। সিহঁতে এই ভাবে অধিক সময় থকা হেতেন আগেয়ে ডাঙ্গৰটীৰ পাছত সৰুটীৰ সেই কষ্টত অবশ্য মৰণ হল হেতেন। কিন্তু সৌভাগ্যক্ৰমে তেনে হবলৈ নাপালে। সন্ধ্যাৰ পাছত কিছুমান পৰলৈকে সিহঁত ঘৰলৈ নোযোৱ৷ দেখি সিহতৰ ঘৰৰ মানুহ এজনে সিহ[  ] তক বিচাৰিবলৈ ওলাল। ইফালে সিফালে অনেক ঠাইত বিচাৰি নাপাই অৱশেষত সেই গহ্বৰত দেখিলে। সিহতে তাতে শুই আছে। তেওঁ সিহতৰ নিমিত্তে বৰ চিন্তা কৰিছিল। সিহঁতক দেখা পাই অতি আনন্দিত হৈ সিহঁতৰ ওচৰলৈ চাপি গল। কিছু সময়ৰ পাছত তেঁও সিহতক সেই পত্ৰ শয্যাৰ পৰা তুলি অনেক তিৰস্কাৰ কৰিলে। কিন্তু পাছে ককায়েকে ভায়েকৰ কেনেকৈ কষ্ট নিবাৰণ কৰিলে তাক জানি তেঁও বৰ সন্তোষিত হল। আৰু ভায়েকৰ প্ৰতি যে ইমান মৰম আছে এই বিষয়তো বৰ আনন্দ পাই তাক সেই বাবে প্ৰশংসা কৰি তিনিও জন ঘৰলৈ গুছি গল।



জাতি গুণ।

 কোনো এখন বনত এটা সিংহ আৰু সিংহিনী বাস কৰিছিল। এদিন সিংহিনীৰ দুটী পোৱালী প্ৰসব হল। সিংহে সদাই পশু মাৰি আনি সিংহিনীক দিয়েহি। এদিন একো আহাৰ বিচাৰি নাপাই গধুলি পৰত সিংহ উভতি আহোঁতে বাটত এটী শিয়ালৰ পোৱালী লগ পাই, পোৱালীটি সৰু দেখি [  ] বধ নকৰি জীয়াই জীয়াই কামোৰ মাৰি আনি সিংহিনীক দিলেহি। সিংহিনীয়ে সেই পোৱালীটি দেখি সিংহক কলে,“স্বামি, তুমি মোৰ নিমিত্তে আজি কি আহাৰ আনিছা?” সিংহে কলে, “প্ৰিয়ে, আজি এই শিয়াল পোৱালীটিত বাজে আন একো আহাৰ বিচাৰি নাপালোঁ। পোৱালীটি সৰু দেখি মই ইয়াক মৰমতে মৰা নাই। এতিয়া তুমি ইয়াকে থোৱা। ৰাতি পুৱা আকৌ মই আন আহাৰ আনি দিম।” সিংহিনীয়ে কলে, “স্বামি, তুমি ইয়াক সৰু পোৱালী বুলি মৰা নাই। মইনো কেনেকৈ মাৰি খাম; ই মোৰ নুমলিয়া পো হক। এই বুলি কৈ পিয়াহ খুৱাই নিজৰ পেটৰ পোৱালীৰ নিচিনাকৈ ডাঙ্গৰ দীঘল কৰিলে।

 এদিন তিনিওটী পুত্ৰই কথা বাৰ্ত্তা হৈ আছে । এনে সময়তে এটী হাতী তাত ওলাল হি। আগৰ দুটা পোৱালীৰ এটাৰ খং উঠি হাতীক আক্ৰমণ কৰিলে। তাকে দেখি শিয়াল পোৱালীটীয়ে কলে, “এই গজটী তোমালোকৰ কুলৰ শত্ৰু ইয়াৰ আগলৈ যোৱা উচিত নহয়।” এই কথা কৈ সি ঘৰলৈ গুছি গল। সিহতে ভায়েক পলোৱাত নিৰুৎসাহ হৈ ঘৰলৈ আহি মাকৰ আগত ভায়েকৰ কথা কলেহি। এওঁ হাতী দেখি আমাক তাতে এৰি পলাই গুছি আহিল। সি সেই কথা শুনি জুইত ঘিউ দিলে যেনেকৈ জ্বলে সেইদৰে খঙ্গত জ্বলি উঠি সিহতক অনেক তিৰস্কাৰ কৰিবলৈ ধৰিলে। মাকে অলপ সময়ৰ পাছত তাক নিৰলা ঠাইলৈ নি বুজাই কলে, “বাপা,তুমি আৰু কেতিয়াও এনেকুৱা কথা নকবা। সিহঁত তোমাৰ ককায়েৰা নহয়।” এই কথা শুনি শিয়াল পোৱালীয়ে খঙ্গেৰে [  ] সিংহীক কলে, “মই কি কাৰণে সিহঁততকৈ বলে, বুদ্ধিয়ে,কৌশলে কম যে ইহঁতে মোক উপহাস কৰে; বাৰু, তেনেহলে মই সিহতক অবশ্যে নাশ কৰিম। এই কথা শুনি সিংহীনীয়ে মনে মনে হাঁহি হাঁহি কলে, “বাপা, তুমি ৰূপে গুণে বলে বুদ্ধিয়ে সিহঁততকৈ পাৰ্গত হয়, কিন্তু তুমি সেই কুলত জন্মা নাই,তোমাৰ শিয়াল কুলত জন্ম। তোমাক মই দয়া কৰি ইমান দিন পুহি পালি ডাঙ্গৰ দীঘল কৰিলোঁ। মোৰ লৰাহঁতে শিয়ালীৰ সন্তান বুলি নাজানোতেই তুমি স্বজাতি বিলাকৰ লগ লোৱা। নহলে ইহতে জানিব পাৰিলে তোমাক বিনাশ কৰিব। সি সেই কথা শুনি বধৰ আশঙ্কা কৰি তাৰ জ্ঞাতি শিয়ালৰ সঙ্গ ললে।


সুখৰ মূল।

 ধন ৰত্ন আদি ঐশ্বৰ্য্যৰ পৰা মানুহৰ সুখ নহয়, কেৱল মনৰ সুখেহে সুখ। এজন মানুহে নানা শাস্ত্ৰ অধ্যয়ন কৰি বৰ জ্ঞানী হৈছিল। তেঁও সদাই বিদ্যা চৰ্চ্চাত নিমগ্ন আছিল। তথাপি তেঁওৰ মনত সুখ নাছিল। তেঁও সদাই বিষাদিত হৈ থাকে, কিয়নো তেঁও ভাবিছিল যে তেঁওৰ সমান দুখীয়া মানুহ আৰু পৃথিবীত নাই। তেঁওয়েই এই পৃথিবীত এক মাত্ৰ দুখীয়া। এই দৰে বেজাৰ অসন্তোষতে অনেক দিন অতিবাহিত কৰি এদিন তেঁও তেঁওৰ অৱস্থা অন্যান্য মানুহৰ অৱস্থাৰে তুলনা কৰি চাই, সকলোকে সুখী, কেৱল আপোনাকেহে অসুখী দেখি ভাবি চিন্তি শুবলৈ গল। সৰ্ব্বসন্তাপনাশিনী [  ] নিদ্ৰাদেবী আহি তেঁওক নিদ্ৰাভিভূত কৰিলে। নিদ্ৰাৱস্থাত তেঁও সপ্নত দেখিলে যে এজন মহাপুৰুষে আহি তেঁওৰ হাতত এখান আৰ্চি দিলেহি। আৰু কলে যে এই দৰ্পণৰ দ্বাৰা তোমাৰ সকলো দুখ দূৰ হব। কিয়নো এই খান আৰ্চিৰে অন্যৰ মন দেখিব পাৰি। এতেকে এই আৰ্চিৰে তুমি প্ৰথমে পৰৰ মন চাই লোৱা। তেতিয়া আকৌ যদি তোমাৰ মন যায় সেই লোকৰ নিচিনা হব পাৰিবা। সেই বিদ্বান মানুহ জনে সেই আৰ্চিখনি হৃষ্টান্তকৰণে বিনয়াবনত হৈ তেঁওৰ পৰা লৈ আলিবাটলৈ ওলাই গল। আলিবাটত নানা প্ৰকাৰৰ মানুহ অহা যোৱা কৰিব লাগিছে। কোনোয়ে হাতীত, কোনোয়ে বা ঘোৰাত, কোনোয়ে বা নিজ প্ৰণয়িণীক লগত লৈ সুগন্ধি তৈল চন্দনাদি আৰু বস্ত্ৰ অলঙ্কাৰাদি দ্বাৰাই বিভূষিত হৈ ঘোৰাৰ গাৰীত,কোনোয়ে বা দোলাত, কোনোয়ে বা লগত অনেক পাৰিষদ লৈ গা ঘেলাই যাব লাগিছে। এই দৰে সকলো মানুহক বাহ্যদৃষ্টিত সুখী যেন দেখি তেঁও মন দৰ্শক দৰ্পণেৰে চাই পঠিয়ালে। তেতিয়া দেখিবলৈ পালে যে কলহ কলঙ্ক, বিকাৰ,বিৰহ, ৰোগ, শোক, মিত্ৰাদিৰ বিচ্ছেদ, লোভ, ক্ষোভ, হিংসা, ঈৰ্ষা ইত্যাদি বিষয়াধীন হোৱাত কাৰো মন কোনোমতে সুখী নহয়।

 পাছে সেই পণ্ডিতে এই বিলাক দেখি শুনি ৰাজসভাত গৈ উপস্থিত হল। তাতো বাহিৰে দেখাত সকলো সুখী কিন্তু মনোদৰ্শন দৰ্পণেৰে চালত দেখিলে যে কোনোয়ে ৰজাৰ ভয়ত ত্ৰস্তমান, কোনোয়ে মানৰ ভয়ত শঙ্কিত, কোনোয়ে ৰজাৰ অগোচৰত প্ৰজা বিলাকৰ ওপৰত সিংহ গৰ্জ্জন কৰিব লাগিছে। [  ] কিন্তু ৰজাৰ আগত শিয়ালতকৈও ভয়াতুৰ আৰু চোৰতকৈও শঙ্কিত। কোনোয়েবা মান বঢ়াবৰ কাৰণ বিশ্বস্ত কাৰ্য্যত বিশ্বাসঘাতক কৰি আৰু ৰজাৰ ধন অপব্যয় কৰি শেষত কাৰাৰুদ্ধ হৈছে। কোনোয়েবা সেইদৰে নাম আৰু মান বঢ়াই দুষ্কৰ্ম্ম বিলাকলৈ মনত পৰি অনুতাপ কৰিছে। এই দৰেই ৰাজসভাতো কাকো সুখী নেদেখি সেই বিদ্বানে এনেকুৱা সংসাৰ সুখতকৈ উদাসীন হৈ থকাই ভাল ইয়াকে স্থিৰ কৰিলে। তথাপি মনক প্ৰবোধ দিয়াব নোৱাৰি আকৌ এখান বিবাহৰ সভাত উপস্থিত হল গৈ। সেই সমাজত দেখিলে যে মানুহ বিলাক নানা বৰ্ণৰ বস্ত্ৰালঙ্কাৰাদি দ্বাৰাই বিভূষিত হৈ বিবাহৰ উৎসবত মগ্ন। নানা প্ৰকাৰ গান বাদ্য আদিও হব লাগিছে। সভাদেখি বিদ্বানৰ এনে বিবেচনা হল যে আনন্দৰ প্ৰতিমূৰ্ত্তি আহি যেন তাত বিৰাজমান হৈছেহি। কিন্তু মনোদৰ্শক দৰ্পণেৰে চাই দেখিবলৈ পালে যে সেই মানুহ বিলাক বাহিৰে দেখোঁতে যেনে আনন্দময় ভিতৰে তেনে নহয়। বাহিৰে ৰং চং “ভিতৰে কোৱাভাতুৰি”। কোনোয়েবা অপত্যৰ অভাবত, কোনোয়েবা অপত্যৰ শোকত, কোনোয়েবা সৰহলৰা চোৱালী পুহিব নোৱাৰা দুখত, কোনোয়েবা বিবাহৰ সম্বন্ধত, কোনোয়েবা বিৰহানলত, কোনোয়েবা পুত্ৰকন্যাৰ বিবাহ চিন্তাত, কোনোয়েবা সেই সকল নাশৰ ভয়ত, কোনোয়েবা কুলৰ অভাবত কাতৰ, কোনোয়েবা কুলমান জাতি ৰক্ষাৰ নিমিত্তে প্ৰবঞ্চনা আদিত জড়িত হৈ স্বজাতীয় লোক সকলেৰে ব্যবহাৰ কৰিবলৈ ঘৃণা প্ৰকাশ কৰিছে। কিন্তু ইপিনে তেঁও বিলাকৰ গাত আৰু পৰিবাৰৰ ভিতৰ গুপুতে এনে কদাকাৰ নীচ অশুচি আৰু বিজাতীয় ব্যবহাৰ চলিব লাগিছে [  ] যে তেঁও বিলাকৰ অন্তঃকৰণত এফেৰিও সুখ নাই। অতিশয় আকুল আৰু ব্যথিত।

 মনুষ্যৰ দুখ শোক অনুতাপ আদি বাহিৰৰ সুদৃশ্য লক্ষণ আৰু বাক্যৰ দ্বাৰাই ঢকা থাকে। এই সকল প্ৰভেদ দৰ্পণত দেখিবলৈ পাই নিদ্ৰা ভঙ্গ হৈ উঠি সেই বিদ্বানে ঈশ্বৰক স্তুতি আৰু ধন্যবাদ কৰি কবলৈ ধৰিলে। “হে প্ৰভো! তুমি মোক ৰক্ষা কৰিলা। যাক মই নিলগৰ পৰা বাহ্য দৃষ্টিত সুখী দেখিছিলোঁ মই যে সেইবিলাকৰ নিচিনা হোৱা নাই ইয়াতে মই আপোনাক ধন্য মানিছোঁ। এতিয়াৰ পৰা কাৰো লগত নিজৰ অৱস্থা আৰু ভাগ্যৰ তুলনা কৰি সলাবলৈ মন নেমেলো। এই দৰে বিদ্বানে প্ৰত্যেক পদৰ মনুষ্য সকলৰ মন দেখি লজ্জিত আৰু বিস্ময়াপন্ন হৈ আপোনাক সুখী জ্ঞান কৰি নিৰুদ্বিগ্ন চিত্তেৰে কালযাপন কৰিবলৈ ধৰিলে।

 সুখ বাহ্য লক্ষণে ধনে বা ঐশ্বৰ্য্যে নহয়। কেৱল মনৰ সুখেহে সুখ। বিদ্বানে যেনেকৈ এই কাল্পনিক দৰ্পণেৰে অন্যৰ মন পৰীক্ষা কৰি আত্ম সুখ দেখিবলৈ পালে সেই দৰেই জ্ঞানী সকলেও জ্ঞান দৰ্পণেৰে পৰৰ মন দেখিলে আপোনাৰ পদ আৰু অৱস্থা ভাল বুলিব আৰু কাৰো হিংস৷ নকৰে আৰু কাৰো নিচিনা হবলৈ বাঞ্ছা নকৰে, কিয়নো ৰোগ শোক মৃত্যুৰ অধিকাৰ আৰু বিষয় চিন্তা সকলোৰে ওপৰত আছে। হেন জানি ৰাজপুত্ৰে বিচিত্ৰ অট্টালিকাৰ ওপৰত থাকি যেনে সুখ ভোগ কৰে ভগা বহাৰ তলত থাকি কৃষক বিলাকেও তাতকৈ অধিক সুখ ভোগ কৰিব পাৰে। মানুহে মানুহৰ দৃশ্য ঐশ্বৰ্য্য দেখি অকাৰণে হিংসাত অধৈৰ্য্য হয়। কিন্তু সিহঁতৰ মন কি দুখত দুখী তাক কোনেও নাজানে আৰু নুবুজে। ময়ূৰৰ সুবৰ্ণময় বিচিত্ৰ পাখি দেখি সকলোয়ে প্ৰশংসা কৰে [  ] কিন্তু সি নিজে তাৰ আপোনাৰ ঠেঙ্গ দুটা দেখি লাজত তললৈ মুখ কৰে। তত্ৰাপি মানুহে তাৰ সেই কদৰ্য্য ঠেঙ্গলৈ দৃষ্টিপাত নকৰি সুন্দৰ পাখিলৈহে চায়। এই দৰে সিংহই শিয়ালৰ চাতুৰি বাঞ্ছা কৰে, শিয়ালে আকৌ সিংহৰ বল আৰু সাহ পাবলৈ ইচ্ছা কৰে। সংসাৰৰ মোহিনী মায়াত এই প্ৰাণী সকলে আপোন আপোন পদ আৰু মৰ্য্যাদাক তুচ্ছ জ্ঞান কৰি অন্যৰ জ্ঞান আৰু মৰ্য্যাদাক সলাগ লয়। এতেকে এই মায়াত যি মোহিত নহৈ থাকিব পাৰিব তেঁওৰহে জীবন সাৰ্থক।


বুদ্ধিৰ বল।

 কোনো এখন নগৰত চাৰিটী ব্ৰাহ্মণৰ পুত্ৰ আছিল। তেঁওলোকৰ ভিতৰত তিনিজন সকলো শাস্ত্ৰতে পাৰ্গত কিন্তু বুদ্ধিহীন, এজন শাস্ত্ৰত মূৰ্খ কিন্তু বুদ্ধিমান আছিল। কোনো এদিন তেঁওলোক চাৰিওজন গোট খাই মন্ত্ৰণা কৰিলে,বিদ্যাৰ :কি গুণ যদি বিদেশলৈ গৈ ধন উপাৰ্জ্জন কৰোঁ তেহে জানিম। এতিয়া সকলোটী বিদেশলৈ যাঁও বলা। এই মন্ত্ৰণা কৰি তেঁও লোক ঘৰৰ পৰা বাহিৰ হল। কিছু পথগৈ তেঁও লোকৰ ডাঙ্গৰ জনে কলে,“আমাৰ ভিতৰৰ এজন মূৰ্খ কিন্তু বুদ্ধিমান। বিদ্যা নহলে বুদ্ধিৰে ধন আৰ্জিব পাৰেনে? আমি অৰ্জ্জা ধনৰ ভাগ ইয়াক নিদিও ই ঘৰলৈ উভতি যাওক।” তেঁও কোৱাৰ পাছত দ্বিতীয় জনে কলে, “হেৰা সুবুদ্ধিমন্ত বিদ্যাহীন তুমি ঘৰলৈ উলটি যোৱা।” তৃতীয় জনে কলে, “তাক এনে কৰা উচিত নহয়, [ ১০ ] কিয়নো আমালোকে সৰুৰে পৰা একেলগে ডাঙ্গৰ দীঘল হৈছোঁ এতেকে তেঁও আমাৰ অৰ্জ্জা ধনৰ ভাগী হক। এই ৰূপে কথা কৈ যাওতে বনৰ ভিতৰত এজনে মৰা সিংহৰ হাৰ দেখি কলে, “আগেয়ে পঢ়া বিদ্যাৰ পৰীক্ষা কৰা হক। এটা মৰা জন্তু আছে আহা আমালোকৰ বিদ্যাৰ বলত ইয়াক জীয়াও।” এজনে কলে, “মই হাৰ যোড়াব পাৰোঁ।” আৰু এজনে কলে, “মই চাল মাংস তেজ দিব পাৰোঁ।” এই দৰে কথা বাৰ্ত্তা কৈ থাকি এজনে হাৰ জোড়াই দিলে। দ্বিতীয় জনে সেই হাৰ বিলাকত চাল তেজ মাংস লগাই দিলে। তৃতীয় জনে জীয়াবলৈ উপযোগ কৰোঁতে বুদ্ধিমান জনে নিষেধ কৰি কলে, “এইটো সিংহ যদি ইয়াক জীয়াই দিয়া তেনেহলে এই সিংহটোয়ে আমাৰ কেইওজনক বিনাশ কৰিব।”

 এই কথা শুনি সেই জন্তুক জীৱ দান নকৰি তেঁও বিলাক সকলোটী আন ঠাইলৈ গল।


বগলি আৰু কেঁকোৰাৰ উপাখ্যান।

কোনো এখন সৰোবৰত এটা বগলি আছিল। সি বৃদ্ধ হোৱাৰ কাৰণে মাছ মাৰিবলৈ অক্ষম হোৱাত এদিন ভোকত অস্থিৰ হৈ কান্দি কান্দি সৰোবৰৰ তীৰত বহি আছিল। এটা কেকোঁৰাই তাৰ দুখ দেখি অনেক জল জন্তুৰে সৈতে আহি তাক সম্বোধন কৰি কলে, “মোমাই! আজি তুমি কি কাৰণে আহাৰ নিবিচাৰি [ ১১ ] কান্দি আছা?” সি কলে “বাপা তুমি ভাল অনুমান কৰিছা। কিন্তু মোৰ আজি বিশেষ এটী কথা শুনি আহাৰ বিচাৰো চাৰি মনৰ বেজাৰত অস্থিৰ হৈ আছোঁ।” কেকোঁৰাই কলে "মোমাই, কি কথাত নো ইমান বেজাৰ লাগিছে?” তাতে বগলিয়ে উত্তৰ কৰিলে “বাপা, মই আজি এটী গণকৰ মুখে শুনিবলৈ পালোঁ বোলে ইয়াত আৰু ১২ বাৰ বছৰলৈ বৰষুণ নহয়। তাতে মই জানিব পাৰিছোঁ আৰু ১২ বাৰ বছৰ বৰষুণ নহলে এই সৰোবৰৰ পানী শুকাই সকলো জন্তু মৰিব। এই বিলাকৰ লগত মই সৰুৰে পৰা ডাঙ্গৰ দীঘল হলোঁ। এতিয়া এঁও লোকৰ মৰণ দেখা মোৰ পক্ষে বৰ টান, সেই কাৰণে মোৰ মনত বেজাৰ লাগিছে ও কান্দিছোঁ।” কেকোঁৰাই সেই কথা শুনি সকলো জলজন্তু বিলাকক কলে, সিহঁতে সেই কথা শুনা মাত্ৰে এটাইবিলাক আহি বগলিক কলেহি, “মোমাই, ইয়াৰ কোনো উপায় আছেনে; কেনেকেই আমাৰ প্ৰাণ ৰক্ষা পাঁও; তেতিয়া সি সিহঁতক কলে, “এই সৰোবৰৰ কিছু দূৰৈত অন্য এখান ডাঙ্গৰ সৰোবৰ আছে। ১০০ বছৰ বৰষুণ নহলেও পানী নুশুকায়। যদি তোমালোকে তালৈ যাব খোজা তেন্তে মই সকলোকে পিঠিত তুলি নি সেই সৰোবৰত থবগৈ পাৰোঁ। এতেকে যদি যাব খোজা তেন্তে কোৱা মই তাত থৈ আহোঁ গৈ।” দুষ্ট বগলিৰ সেই কথা শুনি সকলো জলজন্তুয়ে মোমাই, ককাই, ভাই ইত্যাদি সম্বোধন কৰি তেঁওক বেৰি ধৰি আগেয়ে মোক নে, আগেয়ে মোক নে বুলি ব্যস্ত হৈ চীৎকাৰ কৰিবলৈ ধৰিলে।

 দুষ্ট বকে সিহঁতক ক্ৰমে ক্ৰমে এটী দুটাকৈ নি সেই জলাসয়ৰ কিছু দুৰৈত এটা পৰ্ব্বতৰ ওপৰত এছাৰি এছাৰি [ ১২ ] মাৰি খালে। এই নিয়মে সি প্ৰতিদিন সিহঁতক নি তাৰ আহাৰ সমাধা কৰি আছিল। পাছে এদিন কেকোঁৰাই কলে, “মোমাই, প্ৰথমে মোৰ লগতহে তোমাৰ স্নেহালাপ হৈছিল। এতিয়া কি নিমিত্তে মোক নিনি আন আন জন্তু বিলাকক নিব লাগিছা?” সেই কথা শুনি বগলিয়ে ভাবিলে “যে ভালেই হৈছে ইমান দিন মাছ খাই পৰিতৃপ্ত হৈছোঁ আজি কেকোঁৰা ভক্ষণ কৰোঁ।” এই ভাবি কেকোঁৰাক পিঠিত তুলিলৈ সেই পৰ্ব্বতলৈ গল। এনেতে কেকোঁৰাই কিছু দূৰৈৰ পৰা পৰ্ব্বতৰ শিলৰ ওপৰত কিছুমান মৰা জন্তুৰ হাৰ দেখি তাৰ মনত কিছু সন্দেহ হৈ বগলিক সুধিলে “মোমাই,সেই জলাসয়লৈ আৰু কিমান যাব লাগে;” তাতে সি কলে, “বোলে জলাসয় আৰু কত আছে? এই পৰ্ব্বত যে দেখিছা তাতে নি তোমাক মাৰি ভক্ষণ কৰিম। তোমাৰ ইষ্ট দেৱক চিন্তা কৰি লোৱা।” — এই কথা শুনি কেকোঁৰাই তাৰ চেপেনাৰে বগলিৰ ডিঙ্গিত চেপা মাৰি ডিঙ্গি চিঙ্গি পেলালে। সি সেই চেপাতে প্ৰাণ-ত্যাগ কৰিলে।

 কেকোঁৰাই বকৰ মুৰটো লৈ পুনৰ নিজ জলাসয়লৈ উভতি আহিল। সেই জলাসয়ৰ জন্তু বিলাকে তাক উভতি অহা দেখি সুধিলে “তুমি কিয় উভতি আহিলা, কিবা আপদ ঘটিলনে কিন্তু তোমাৰ মোমায়েৰা কিয় নাহিল; আমি সকলোটী যাবৰ কাৰণে উদ্বিগ্ন হৈ আছো।” তাতে সেই কেকোৰাই হাঁহি হাঁহি কলে,“সকলো বিলাক জলচৰে তাৰ প্ৰতাৰণাত ভোল গৈ প্ৰাণত্যাগ কৰিলে। সকলোটীকে ফাঁকি দি সি আঁতৰাই নি মাৰি মাৰি খালে। মই তাৰ এই চাতুৰি জানিব পাৰি বাটতে তাক মাৰি [ ১৩ ] এই তাৰ ডিঙ্গিটো লৈ আহিছোঁ। এতিয়া কোনেও একো চিন্তা নকৰিবা, সকলোটীয়ে নিৰাপদে এই সৰোবৰতে বাস কৰি থাকা।”

সিংহ আৰু শিয়ালৰ কথা।

 কোনো এখান বনত চণ্ডৰব নামে এটা শিয়াল বাস কৰিছিল। সি এক সময়ত ভোকত এখান নগৰত আহাৰ বিচাৰিবলৈ প্ৰবেশ কৰিলে। সেই নগৰৰ কুকুৰ বিলাকে তাক দেখি কামুৰিবলৈ ধৰিলে। শিয়ালে কামোৰত চেষ্টা নাপাই লৰমাৰি এটা ধোবাৰ ঘৰত সোমাল। তাতে এটা চৰুত নীলৰ পানী এচৰু আছিল। শিয়ালটে৷ তাতে পড়িল। তাৰ পৰা উঠিলত তাৰ গাটো নীলবৰণীয়া হৈ গল। পাছে কুকুৰ বিলাকে তাক দেখি শিয়াল হেন নাভাবি উভতি গুছি গল।

 চণ্ডৰবে সেই অবকাতো, অৰণ্যলৈ প্ৰস্থান কৰিলে। অৰণ্যৰ সিংহ বাঘ ইত্যাদি জন্তু বিলাকে তাক দেখি ভয়ত ব্যাকুল হৈ [ ১৪ ] কবলৈ ধৰিলে; “এই অপূৰ্ব্ব জন্তুটী কৰ পৰা আহিল; এওঁৰ বল বুদ্ধি বা কেনে আমি জানিব পৰা নাই। এতেকে আমি পলেৱা উচিত।” এই বুলি এটাই বিলাক পলাবলৈ ধৰিলে। চণ্ডৰৰে সিহঁতক ভয় খোৱা দেখি কলে, “তোমাকে মোক দেখি পলাইছা; ভয় নাই। আজি ব্ৰহ্মাই মোক মাতি নি কৈছে যে পৃথিবীত পশু বিলাকক মাজত কোনো ৰজা নাই, এতেকে তোমাক আজিৰ পৰা মই সেই পশুবিলাকৰ ৰজা নিযুক্ত কৰিলোঁ, অতএব তুমি যোৱা পশু বিলাকক সুনিয়মে পালন কৰা গৈ। সেইএ মোৰ ইয়ালৈ অহাৰ কাৰণ। সেই কথা শুনি জন্তু বিলাকে আঠুলৈ তেওঁৰ চাৰিও ফালে বহিল।

 পাছে সেই শিয়াল ৰজাই সিংহক মন্ত্ৰী, বাঘক শস্যাধিকাৰ, ভালুকক তামুলী, হাতীক দুৱৰী, বান্দৰক ছত্ৰধাৰী প্ৰভৃতি পদ প্ৰদান কৰিলে। কিন্তু তাৰ স্বজাতীয় বিলাকৰ লগত আলাপ পৰ্য্যন্ত নকৰি সেই সভাৰ পৰা খেদাই দিয়ালে। এইরূপে শিয়ালে ৰাজ কাৰ্য্য কৰি আছে। সিংহাদি জন্তু বিলাকে তাৰ আহাৰৰ নিমিত্তে পহু মাৰি আনি সদাই তাৰ আগত দিয়েহি। সি ৰাজধৰ্ম্ম অনুসাৰে সকলোটীকে বাঁটি কুটি দি খায়।

 এই ৰূপে কিছু দিন অতীত হৈছে। এদিন ৰজা সভাত বহি আছে এনে সময়তে কিছু দূৰৈত শিয়াল বিলাকে কোলাহল কৰি উঠিল। সি সেই কোলাহল শুনি আনন্দত নিজেও সেই শব্দেৰে মাতি উঠিল। তাৰ সেই মাত শুনি সিংহাদি পশু বিলাকে শিয়াল বুলি জানিব পাৰি লাজত তললৈ মুখ কৰিলে। আৰু ইটোয়ে সিটোয়ে কবলৈ ধৰিলে, “এই ক্ষুদ্ৰ শিয়াল এটাই আমাক ইমান দিন চাকৰৰ নিচিনা কাম কৰাইছিল। অতএব ইয়াক বধ কৰা [ ১৫ ] উচিত, এতেকে, ইয়াক মাৰোঁহঁক।" এই কথা শুনি শিয়াল পলাবলৈ উপক্ৰম কৰোঁতেই সিংহই তাক ডোখৰ ডোখৰ কৰি পেলালে।


জাতীয় স্বভাৱ গোপন কৰা বৰ টান।

তিনটী মাছৰ উপাখ্যান।

 কোনো এখান জলাসয়ত বিধবা, প্ৰত্যুৎপন্নমতি, আৰু ষদ্ভবিষ্য নামে তিনটী মাছ ● বাস কৰিছিল। এদিন জালোৱা কেটামান সেই পিনে আহোঁতে জলাসয় দেখি কলে যে “ইয়াত অনেক মাছ আছে, আমালোকে ইয়াত কেতিয়াও মাছ মৰা নাই। আজি সময় নাই হেন জানি কালিলৈ আহি এই বিলত মাছ মাৰিমহি।”

 জালোৱা ডোমৰ সেই বজ্ৰপাত তুল্য বাক্য শুনি বিধবাই সকলে৷ মাছবিলাকক কলে, “আজি ডোম হঁতে যি কৈছে তাক তোমালোকে শুনিছা। ৰাতি পুৱাই সিহঁতে আহি আমালোক সকলোটীকে বিনাশ কৰিব। এতেকে আমি অন্য জলাসয়লৈ গুছি যাওঁ বলা। সেই কথা শুনি প্ৰত্যুৎপন্নমতি যে কলে সঁচানে; তেন্তে যাঁও বলা। তেওঁলোক দুজনৰ কথা শুনি [ ১৬ ] ষদ্ভবিষ্যে হাঁহি হাঁহি কলে, “তোমালোকে উচিত মন্ত্ৰণা কৰা নাই। সেই মৎস্যজীবীৰ কথা শুনিয়েই এই চিৰকালীয় পিতৃ- পিতামহাদিৰ দিনৰ সৰোবৰ পৰিত্যাগ কৰা উচিত নে; যদি ইমানতে মৰিব লগিয়া আছে তেন্তে অন্য ঠাইলৈ গলেও মৰিব লাগিব। অতএব মই কেতিয়াওঁ না যাও। তোমালোকৰ যদি ইচ্ছা হয় যোৱা।” ষদ্ভবিষ্যৰ এই কথা শুনি প্ৰত্যুৎপন্নমতি আৰু বিধবা সপৰিবাৰে অন্য সৰোবৰলৈ গুছি গল। ৰাতিপুৱা সেই ডোম কেটা আহি জাল বাই ষদ্ভবিষ্য আদি কৰি সকলো জলজন্তু বিলাককে বিনাশ কৰিল।

ধৰ্ম্মবুদ্ধি আৰু পাপবুদ্ধিৰ উপাখ্যান।

 কোনো এখন নগৰত ধৰ্ম্মবুদ্ধি আৰু পাপবুদ্ধি নামে দুজন বন্ধু বাস কৰিছিল। এদিন পাপবুদ্ধিয়ে ভাবিলে যে মই মূৰ্খ তাতে আকৌ দৰিদ্ৰ, ধৰ্ম্মবুদ্ধিৰ লগত বিদেশলৈ গৈ ধন উপাৰ্জ্জন কৰি তাক বঞ্চনা কৰি মই সুখী হব পাৰিম। পাছে সি ধৰ্ম্ম বুদ্ধিক কলে। “বন্ধো! বিদেশ চাঁও গৈ বলা, বিদেশ নেদেখিলে আগলৈ লৰাছোৱালীক কি কম?” তাতে ধৰ্ম্মবুদ্ধি সন্মত হৈ ভাল তিথি বাৰ চাই বিদেশলৈ যাত্ৰা কৰিলে। বিদেশত পাপবুদ্ধিয়ে ধৰ্ম্মবুদ্ধিৰ সহায়ত অনেক ধন উপাৰ্জন কৰি নিজ ঘৰলৈ আগমন কৰিলে। পাছে ঘৰৰ ওচৰ পাই ধৰ্মবুদ্ধিক কলে, “বন্ধো! এই বিলাক ধনলৈ ঘৰলৈ যোৱা উচিত নহয়। এতেকে এই হাবিতে কিছু লুকাই থৈ কিছু ঘৰলৈ লৈ যাঁও। আকৌ প্ৰয়োজন হলে ইয়াৰ পৰা নিম।” [ ১৭ ] পাপবুদ্ধিৰ এই কথা শুনি ধৰ্ম্মবুদ্ধিয়ে কলে। “তেন্তে তাকে কৰা হক।” এই বুলি কিছু টকা সেই অৰণ্যতে থৈ বাকী টকা দুইও জনে ভাগ কৰিলৈ গ’ল।

 কিছু দিনৰ পাছত পাপবুদ্ধিয়ে অৰণ্যলৈ গৈ সেই টকাখিনি ধৰ্ম্মবুদ্ধিয়ে নজনাকৈ লৈ গল। আন এদিন ধৰ্ম্মবুদ্ধিক কলে, “বন্ধো! আমাৰ মিতিৰ কুটুমে ধন অভাবে মহা কষ্ট পাইছে এতেকে বলা তাৰ পৰা কিছু টকা আনো গৈ।” এই বুলি দুইও জন অৰণ্যলৈ গৈ টকা নাপাই, পাপবুদ্ধিয়ে নিজৰ কপালতে হাত চপৰিয়াই কলে। “ধৰ্ম্মবুদ্ধি, এই ধন তুমিয়ে নিছা অন্য কোনেও নিয়া নাই। এতিয়া আধা টকা মোক দিয়া নহলে ৰজাৰ আগত গোচৰ কৰিম।” ধৰ্ম্মবুদ্ধিয়ে কলে “অই পাপি; এনে কথা আৰু মোক নকবি। মই ধৰ্ম্মবুদ্ধি, মই কেতিয়াও ধন চুৰ নকৰোঁ।” এইৰূপে দুইজনে বিবাদ কৰি ৰজাৰ ওচৰলৈ গল। ৰজাই বিচাৰ কৰি পাপবুদ্ধিক শপত খাবলৈ দিলে। পাপবুদ্ধিয়ে শপত নাখাই আপত্তি কৰিলে যে এই বিচাৰ ভাল হোৱা নাই। মই বনদেবতাক সাক্ষী দিব পাৰো, তেওঁয়েই কব পাৰিব আমাৰ দুটাৰ ভিতৰত কোন চোৰ। তাতে ৰজাই সম্মতহৈ তাক কলে, কালিলৈ ৰাতি পুৱাই তই সেই বনলৈ ওলাবি। পাছে পাপবুদ্ধি ঘৰলৈগৈ বাপেকক কলে, “পিতা, সেই টকা চুৰ কৰাৰ বাবে কালিলৈ পুৱাই ৰজা, বিচাৰ কৰিবলৈ অৰণ্যলৈ যাব এতেকে তুমি ৰাতি গৈ তাত এজোপা সমিধ গছ আছে সেই গছৰ ভিতৰত এ কোটৰ আছে, তাতে সোমাই থাকিবা। ৰজাই গৈ বনদেবতাক সম্বোধন কৰি সুধিব তাতে তুমি কবা যে এই . [ ১৮ ] টকা ধৰ্ম্ম বুদ্ধিয়েই নিছে।” বাপেকে সেই কথাতে সম্মত হই অৰণ্যৰ সমিধ গছৰ ভিতৰত সোমাই আছিল।

 পিছদিনা ৰাতি পুৱাই ৰজাই পাপবুদ্ধিক আৰু ধৰ্ম্মবুদ্ধিক লগত লৈ অৰণ্যৰ সেই সমিধ গছৰ ওচৰলৈ গৈই উচ্চৈঃস্বৰে কলে “হে বনদেবতা এই দুজনৰ ভিতৰত কোন চোৰ তুমি প্ৰকাশ কৰি কোৱা।” পাছে সমিধ গছৰ ভিতৰৰ পৰা পাপ বুদ্ধিৰ বাপেকে কলে, ‘এই ধন ধৰ্ম্মবুদ্ধিয়ে চুৰ কৰিছে।’ তাতে সকলোতে বিস্ময় হল। পাছে ধৰ্ম্মবুদ্ধিৰ খঙ্গ উঠি সেই সমিধ গছৰ চাৰিও ফালে জুই লগাই দিলে। যেতিয়াই জুই জ্বলি উঠিল পাপবুদ্ধিৰ বাপেক আধাপোৰা হৈ কান্দি কান্দি বাহিৰ ওলাল। তেতিয়া সকলোয়ে সুধিলে ইকি? তাতে তেওঁ কলে মই পাপবুদ্ধিৰ বাপেক। সকলো কাৰ্য্য পাপবুদ্ধিৰ দ্বাৰাই হৈছে বুলি কৈ মৰি গল। পাছত সেই পাপবুদ্ধিক ৰজ্জুৰে গছৰ ওপৰত লম্বমান কৰিলত ধৰ্ম্মবুদ্ধিক প্ৰশংসা কৰোতে কৰোতে সি কলে পৰৰ অনিষ্ট চিন্তা কৰিলে নিজৰ অৰ্নিষ্ট হয়—যি কৰে পৰক “সি মিলে ঘৰত।” ইয়াৰ পাছত পাপবুদ্ধিয়ে নিজৰ পাপবুদ্ধিলৈ স্মৰণ কৰি প্ৰাণত্যাগ কৰিলে।

[ ১৯ ]

শহা আৰু হস্তীৰ উপাখ্যান।

 কোনো এখন বনত চতুৰ্দ্দন্ত নামে যূথাধিপতি মহা গজ বাস কৰিছিল। সেই বনত কিছু দিনৰ পৰা অনাবৃষ্টি হোৱাত হ্ৰদ সৰোবৰ ইত্যাদিৰ পানী শুকাই গৈছিল। পাছে সকলো হস্তীয়ে গজাধিপতিক ক’লে “দেব! জলাভাবে সকলো হাতীয়ে মহা কষ্ট ভোগ কৰিব লাগিছে এতেকে যি ঠাইত পানী আছে এনে এখান অৰণ্যলৈ যাব লাগিব।” সেই কথা শুনি গজাধিপতিয়ে চাৰিও ফালে পানী অন্বেষণ কৰিবৰ নিমিত্তে কেইটা মান অনুচৰ পঠাই দিলে।

 যিটী অনুচৰ পূৰ ফালে গৈছিল সি নানা প্ৰকাৰ হংস সাৰসাদি পক্ষীৰ দ্বাৰাই সুশোভিত চন্দ্ৰসৰ নামে এখান হ্ৰদ দেখা পালে। সেই হ্ৰদ দেখা পাই আহি গজাধিপতিক কলেহি “দেব! এডোখৰ নিৰ্জ্জন ঠাইত এটী সৰোবৰ আছে।” তাকে শুনি ৰজাই সকলোকে অনুমতি দিয়াত সকলো হাতী সেই হ্ৰদলৈ গৈ ইচ্ছা মতে জলপান কৰি তাত স্নান কৰিছিল ও আনন্দে কেই দিনমান তাতে বাস কৰিছিল। সেই হ্ৰদৰ চাৰিও ফালে কিছুমান শহা পহুৰ গাঁত আছিল। হাতীবিলাক ইতস্ততঃ ভ্ৰমণ কৰোতে সেই গাঁত বিলাক ভাঙ্গি শহা বিলাক [ ২০ ] কিছুমান মৰিল। কিছু মানৰ ঠেঙ্গ হাত ভাঙ্গি আধামৰা হল।

 পাছে সিহঁত সকলোটী শহাই একত্ৰিত হৈ মন্ত্ৰণা কৰিলে, কেনেকৈ এই হাতীবিলাকক ইয়াৰ পৰা দূৰৈ কৰা যায়। ইহঁতক ইয়াৰ পৰা দূৰৈ নকৰিলে আমি সকলোটী ইহঁতৰ খচকাত মৰিব লাগিব। তাতে কেইজন মানে ক’লে যে “আমি এই সৰোবৰ পৰিত্যাগ কৰি যাও।” কেইজন মানে কলে বোলে “নহয় আমি পিতৃপিতামহৰ ঠাই পৰিত্যাগ নকৰো। অতএব সিহঁতক ভয় দেখুৱা যাওক যাতে সিহঁতে এই ঠাই পৰিত্যাগ কৰে।” এই বুলি মন্ত্ৰণা স্থিৰ কৰিলে যে “আমাৰ বিজয়দন্ত নামে এটী শহা চন্দ্ৰমণ্ডলত বাস কৰে। তেওঁ তোমালোকক এই হ্ৰদত থাকিবলৈ নিষেধ কৰিছে।” এই বুলি কবলৈ এজন দূত্ পঠোৱা যাওক। এই কথা স্থিৰ কৰি চতুৰ লম্বকৰ্ণ নামে এটী শহাক সেই কথা যূথাধিপতিক কবৰ নিমিত্তে সিহতে পঠাই দিলে। সিগৈ দেখিলে গজাধিপতিয়ে সকলো হাতীৰ দ্বাৰাই পৰিবেষ্টিতহৈ সেই সৰোবৰত স্নান কৰিবৰ নিমিত্তে আহিছে। সি দেখি ভাবিলে, “যদি এই কথা সিহঁতৰ সন্মুখা সম্মুখী হৈ কঁও কিজানি সিহঁতে খঙ্গ উঠি মোক মাৰি পেলায়, এতেকে এনে এডাখৰ ঠাইত থাকি কঁও যাতে সিহতে সেই ঠাইলৈ যাব নোৱাৰে।” এই ভাবি সি সিহঁতৰ অগম্য অতি উচ্চ এডোখৰ ঠাইত উঠি সেই গজাধিপতিক সম্বোধন কৰি কলে, “হে গজ! তুমি কিয় আনন্দ মনে নিৰ্ভৰ চিত্তেৰে পৰৰ হ্ৰদলৈ আহিছা; ৰবা, নানামিবা।”

 এই কথা শুনি গজাধিপতিয়ে আশ্চৰ্য্য হৈ সুধিলে, “তুমি [ ২১ ] কোন; সি কলে, “বিজয়দত্ত নামক শশক, চন্দ্ৰমণ্ডলত বাস কৰোঁ। এতিয়া ভগবান চন্দ্ৰই তোমাৰ ওচৰলৈ দূত কৰি মোক পঠাইছে। আপুনি জানেই সত্যবাদী দূতৰ দোষ গ্ৰাহ্য নহয়। কাৰণ দূতেই ৰজা সকলৰ মুখ।” এই কথা শুনি গজে কলে “শশক! ভগবান চন্দ্ৰৰ কি আদেশ কোৱা। আমি শীঘ্ৰে তাক সম্পাদন কৰিম।” সি কলে ভগবান চন্দ্ৰই কইছে যে গল কালি তুমি যূথৰ সহিত আহি তেওঁৰ পৰিগৃহীত শশক বিলাক বিনাশ কৰিলা। তাতে তেঁও অনুমতি কৰিছে যে যদি তোমালোকৰ প্ৰাণৰ ভয় আছে তেন্তে ইয়াৰ পৰা দূৰৈলৈ যোৱা। নতুবা সকলোটীকে বিনাশ কৰিব।

 হস্তীৰাজে সেই কথা শুনি কিছুমান পৰ স্থিৰভাবে থাকি কলে। “ভদ্ৰ! যথাৰ্থ ই মই ভগবান চন্দ্ৰৰ অপকাৰ কৰিলো। এতিয়া মই তেঁওৰ লগত বিৰোধ নকৰো। আৰু তেওঁ কত আছে মোক দেখুৱাই দিয়া মই তেঁওক প্ৰসন্ন কৰি অন্য ঠাইলৈ প্ৰস্থান কৰোঁ।” শশকে কলে “আপুনি অকলে আহক তেহে তেঁওক দেখুৱাব পাৰোঁ।” তেঁও সুধিলে “তেঁও এতিয়া কত আছে।” শশকে কলে, “তেঁও এতিয়া এই হ্ৰদতে আছে। কষ্টভোগী শশক বিলাকক সান্তনা কৰিবলৈ আহিছে আৰু মোক আপোনাৰ ওচৰলৈ পঠাই দিছে। এতিয়া আপুনি আহক মই তেঁওৰ লগত দেখা কৰাই দিওঁ গৈ।”

 এই বুলি তাক লগত লৈ সৰোবৰৰ তীৰত ৰাখি পানীৰ মাজৰ চন্দ্ৰৰ ছাঁটী দেখুৱাই দিলে। এই আমালোকৰ প্ৰভু জলৰ মাজত ধ্যান কৰি আছে, তুমি হাই উৰুমি নকৰি প্ৰণাম কৰি শীঘ্ৰে পলাই যোৱা। নহলে ধ্যান ভাঙ্গিলে অকৌ [ ২৪ ]

বৃথা চিন্তাৰ বৃথা ফল।

 কোনো এখন গাঁওত স্বভাব কৃপণ নামে এজন ব্ৰাহ্মণ আছিল। তেওঁ শিক্ষা কৰি কিছুমান চাউল আনি এটা কলহত ভৰাই তেওঁৰ বিছানাৰ ওপৰতে আৰি থৈচিল। এদিন শুবলৈ যাওতে শুই শুই সেই কলহটোলৈ চাই ভাবি আছে যদি কেতিয়াবা আকাল পৰে তেন্তে এই চাউল কলহ বেচি এপোণ কড়ি লম। সেই কড়িৰে দুজনী ছাগলী কিনিম সেই ছাগলীয়ে ছমাহে ছমাহে পোৱালী দিব। যেতিয়া পোৱালী বহুত হব তেতিয়া সেই ছাগলী বিলাক বেচি গৰু কিনিম। আকৌ গৰুৰ পোৱালী হৈ সৰহ হব, তাক বেচি মহ কিনিম। মহ সৰহ হলে তাক বেচি ঘোড়া লম। পাছে যেতিয়া ঘোড়া অধিক হব তেতিয়া সেই ঘোড়াৰে কিছু মান বেচি ধন সোণ ইত্যাদি মূল ধন কৰিম।

 মোৰ ধন ঐশ্বৰ্য্য দেখি কোনো ধনবান মহন্তে তেঁওৰ ৰূপবতী কন্যা আনি ঘৰতে বিয়া দিব। সেই কন্যাৰ লৰা হলে তাৰ নাম সোমেশ্বৰ ৰাখিম সি যেতিয়া বহুকা আঠু কঢ়া হব তেতিয়া ঘোড়াশালৰ পাছ ফালে পঢ়ি থাকিম। সেই সময়ত সোমেশ্বৰে মোক দেখা পাই মাকৰ কোলাৰ পৰা নামি ঘোড়াৰ ওচৰেদি মোৰ ওচৰলৈ আহিব। মই খঙ্গ কৰি ব্ৰাহ্মণীক কম লৰাটী নে? তেঁও গৃহকৰ্ম্মত অবসৰ নাপাই মোৰ কথাত বৰ কাণ নকৰিব। তাতে মই উঠিগৈ ব্ৰাহ্মণীক লাথি মাৰি দিম। এই বুলি ভাবি থাকোঁতেই যেনে লাথি মাৰিছে তেনে কলহটোত পড়ি কলহটো ভাঙ্গি গৈ চাউল খিনি নষ্ট পালে। ব্ৰাহ্মণে বৃথা চিন্তা কৰাত যি অলপ সম্পত্তি আছিল সিও হানি হল।
[ ২৫ ]

সিংহ আৰু শহাৰ উপাখ্যান।

 কোনো এখন বনত ভাসুৰক নামে এটা সিংহ বাস কৰিছিল। সি সদাই বহুত পশু বিনাশ কৰে। পাছে এদিন বনৰ সকলো পশু একত্ৰিত হৈ সেই সিংহৰ ওচৰলৈ গৈ কলে। “মহাৰাজ! আপুনি ইমান পশু বিনাশ কৰাৰ ফল কি, এটা পশু হলেই আপোনাৰ যথেষ্ট হয়। এতেকে আপুনি আমাৰে এই কথা বান্ধি লক আমি সদাই আপোনাৰ ভোজনৰ নিমিত্তে এটী পশু পঠাই থাকিম। তাত আপোনাৰো উপকাৰ হব আমাৰো একো অপকাৰ নহয়।” তাতে ভাসুৰকে সম্মত হৈ কল “যদি কোনো দিনা মোৰ ভোজনৰ সময়ত পশু নাপাঁও তেন্তে নিশ্চয় জানিবা মই সেই দিনাই অৰণ্যৰ সমুদায় পশু বিনাশ কৰিম।” ইয়াতে “তথাস্তু” বুলি সকলোৱে নিজ নিজ ঘৰলৈ আহিল।

 তাৰ ভোজনৰ নিমিত্তে সদাই, বুঢ়া, শোকাকুল, বৈৰাগ্যযুক্ত, নতুবা পুত্ৰ কন্যাৰ মৃত্যুৰ ভয়ত আকুল এনে এটী এটী পশু ভোজনৰ সময়ত উপস্থিত হয়। এদিন এটা পহুৰ পাল পড়ি ছিল। তাৰ যাবৰ ইচ্ছা নাছিল তথাপি সকলো জন্তুয়ে বলেৰে পঠাই[ ২৬ ] ছিল। সি ভয়ত ব্যাকুল হৈও সিংহক মাৰিব এটা উপায় চিন্তা কৰি কৰি লাহে লাহে গৈ আছে। ইফালে সিংহৰ ভোজনৰ পৰ অতীত হোৱা দেখি খঙ্গত জ্বলিব লাগিছে আৰু গৰ্জিব লাগিছে। সি কব লাগিছে কালিলৈ পুৱাই অৰণ্যত পশু শূন্য কৰিম। এনে সময়ত সেই পহুটী তাৰ ওচৰ পাই তাক প্ৰণাম কৰি আগত থিয় হল। সিংহই তাক এনেই পলম কৈ অহা তাতে তাক কিছু ক্ষীণ দেখি আৰু খঙ্গ উঠিল। তাক অনেক তিৰষ্কাৰ কৰি কলে, “অই শশকাধম! তই এনেই ক্ষুদ্ৰাকাৰ তাতে আকৌ ইমান পলমকৈ আহিছ।এতেকে তোৰ অপৰাধত তোক আগে মাৰি খাই পুৱালৈ সমুদায় বন প্ৰাণীশূন্য কৰিম।”

 সিংহৰ কথা শুনি শহাটোয়ে বিনয়ভাৱে কলে “প্ৰভু এই বিষয়ত মোৰ দোষ নাই আৰু অন্য জন্তু বিলাকৰো দোষ নাই, তাৰ কাৰণ শুনক। আজি সকলো জন্তুয়ে মোৰ পাল জানি মোক পঠাই দিছিল আৰু মোৰ শৰীৰ ক্ষীণ দেখি আৰু চাইটা পহু মোৰ লগত পঠাইছিল। আমি পাঁচোটা আহোতে বাটত এটা সিংহক লগ পালোঁ। সি সুধিলে “তোমালোক কলৈ যোৱা। তাতে আমি কলো, “অৰণ্যাধিপতি ভাসুৰক, সিংহৰ আহাৰ নিমিত্তে যাও”। তাতে সি কলে বোলে “এই বনৰ ৰজা মই সি ভাসুৰক চোৰ। সি যদি এই বনৰ অধিকাৰী হয়, তেন্তে তহঁতৰ চাইটা ইয়াতে থাওক এটাইগৈ তাক মাতি আন। আমি দুটাৰ ভিতৰত যিটোয়েই বলত জিকো সেইটোয়েই এই অৰণ্যৰ ৰজা হব আৰু এই পশু বিলাককে৷ খাব।” তাতে মই আপোনাক জনাবলৈ আহিছোঁ। ভাসুৰকে এই কথা শুনি তাক কলে “যদি [ ২৭ ] এই এই হয় তেন্তে বল মোক সেই সিংহক দেখুৱাই দেগৈ। মই পশু বিলাকৰ ওপৰত যি খঙ্গ কৰিছিলো সেই খঙ্গ তাৰ ওপৰেতে মাৰ নিয়াম।” শহাই কলে “প্ৰভো আহক। এই বুলি সিংহক আগত লৈ গৈ বনৰ মাজৰ এটা নাদ দেখুৱাই দিলে। আৰু কলে “প্ৰভো, আপোনাৰ পৰাক্ৰম কোনে সহিব পাৰে। সেই চোৰ সিংহই আপোনাক দূৰৈত দেখি তাৰ নিজৰ গাঁতত সোমাল, আহক চোন মই দেখুৱাই দিওঁ।” পাছে সেই নিৰ্ব্বোধ সিংহে কূপৰ তললৈ চাই তাৰ নিজৰ প্ৰতিবিম্বটোকে দেখি অন্য সিংহ হেন ভাবি গৰ্জ্জিবলৈ ধৰিলে। আৰু কূপৰ পৰা সেই গৰ্জ্জন শব্দৰ প্ৰতিধ্বনি হোৱাত অন্য সিংহই গৰ্জন কৰিছে বুলি জানি সি সেই কূপত জাপ মাৰি পৰিল ও তাতে প্ৰাণত্যাগ কৰিলে। তেতিয়াৰে পৰা সকলো পশু নিশ্চিন্ত মনে বাস কৰিবলৈ ধৰিলে।

দুষ্টৰ মিত্ৰতা।

 এদিন এটা বাঘৰ ডিঙ্গিত হাৰ এডোখৰ লাগি আছিল। বাঘে বিস্তৰ চেষ্টা কৰিও হাৰ বাহিৰ কৰিব নোৱাৰি যাতনাত [ ২৮ ] অস্থিৰ হৈ চাৰিও ফালে লৰি ধাপৰি ফুৰিবলৈ ধৰিলে। সি যি জন্তুকে দেখে তাকে কয় “ভাই হে যদি তুমি মোৰ ডিঙ্গিৰ পৰা হাৰ বাহিৰ কৰি দিব পাৰা তেনে হলে মই তোমাক উচিত পুৰস্কাৰ দিম আৰু চিৰকালৰ নিমিত্তে তোমাৰ দাস হৈ থাকিম।” কোনো জন্তুয়ে তাৰ কথাত সম্মত নহল।

 অবশেষত এটা বগলিয়ে পুৰস্কাৰৰ লোভত সম্মত হৈ বাঘৰ মুখৰ ভিতৰত আপোনাৰ দীঘল ঠোট প্ৰবেশ কৰাই অনেক যত্নেৰে সেই হাৰ বাহিৰ কৰি আনিলে। বাঘ সুস্থ হল। পাছত বগলিয়ে পুৰষ্কাৰৰ কথা উলিউৱা মাত্ৰেই সি দাত কড়মড় আৰু চকু ৰক্ত বৰণীয়া কৰি কলে “অই নিৰ্ব্বোধ! তই বাঘৰ মুখত ঠোট প্ৰবেশ কৰাই দিছিলি তই যে নিৰ্ব্বিঘ্নে ঠোট বাহিৰ কৰি লৈছ, তাকেই ভাগ্য নাভাবি আকৌ পুৰস্কাৰব আশা কৰিছ? যদি জীয়াই থাকিবৰ মন আছে মোৰ সন্মুখৰ পৰা যা নহলে এতিয়াই তোৰ ডিঙ্গি ভাঙ্গিম।” এই কথা বগলিএ শুনি হতবুদ্ধি হই তৎক্ষণাৎ তাৰপৰা পলায়ন কৰিলে।

দুৰ্জ্জনৰ সহিত ব্যবহাৰ কৰা উচিত নহয়।

[ ২৯ ]

স্বভাব গোপন কৰা টান।

 এঠাইত কিছুমান ময়ূৰৰ পাখি পৰি আছিল। এটা কাউৰিয়ে দেখি মনে মনে বিবেচনা কৰিলে, যদি ময়ূৰৰ পাখি বিলাক নিজৰ পাখিত খুৱাই লও তেনেহলে মই ময়ূৰৰ নিচিনা সুশ্ৰী হম! এই ভাবি সি ময়ূৰৰ পাখি বিলাক আপোনাৰ পাখিত লগাইলৈ কাউৰি বিলাকৰ ওচৰলৈগৈ কলে, “তহঁত অতি নীচ আৰু কুশ্ৰী, আৰু ম‍ই তহঁতৰ লগত নাথাকোঁ।” এই বুলি অনেক উপহাস কৰি ময়ূৰৰ লগ ললেগৈ। ময়ূৰ বিলাকে তাক দেখা পাইয়েই কাউৰী বুলি জানি সকলোয়ে মিলি তাৰ পাখিৰ পৰা এটা এটাকৈ ময়ূৰৰ পাখি তুলিলৈ তাক নিতান্ত অপদাৰ্থ জ্ঞান কৰি ইমানকৈ খুটিয়ালে যে কাউৰী বিচেষ্টা হৈ পলাই গল। অনন্তৰ সি পুনৰায় জ্ঞাতি বিলাকৰ সঙ্গ ললে। তেতিয়া সকলো কাউৰী বিলাকে তাক উপহাস কৰিলে “অই নিৰ্ব্বোধ, তই ময়ূৰৰ পাখি পাই অহঙ্কাৰত বলিয়া হৈ আমালোকক ঘৃণা কৰি অনেক প্ৰকাৰ গালি সপনি পাৰি গৈছিলি, তাত অপদাৰ্থ হৈ আকৌ আমাৰ লগলৈ আহিছ। তই অতি নিলাজ।” এইৰূপে অনেক লাজ ধিকাৰ কৰি কাউৰীক খেদিলে।

[ ৩০ ]

 যাৰ যি অৱস্থা সি যদি তাতেই সন্তুষ্ট থাকে তেনে হলে তাক কোনেও অপদাৰ্থ অপদাৰ্থ আৰু অপমানিত নকৰে।

পূৰ্ব্বে কৰা উপকাৰ পাহৰা

অনুচিত।

 এজন মানুহৰ এটা অতি চোকা শিকাৰী কুকুৰ আছিল। সি যেতিয়া শিকাৰ কৰিবলৈ যায় কুকুৰটী লগতে থাকে। এই কুকুৰৰ অনেক বল আৰু সাহস আছিল। শিকাৰৰ সময়ত কোনো জন্তুক দেখুৱাই দিলে সেই জন্তুক এনেকৈ কামোৰ মাৰি ধৰে যে সি আৰু পলাব নোৱাৰে। এইৰূপে তাৰ যিমান দিন বল বুদ্ধি কৌশল আছিল, আপোন প্ৰভুৰ অনেক উপকাৰ কৰিছিল।

 কালক্ৰমে এই কুকুৰ বুঢ়া হৈ অতি নিৰ্ব্বলী হল।সেই সময়ত তাৰ প্ৰভুয়ে এদিন লগত শিকাৰ কৰিবলৈ নিলে। এটা গাহৰি তাৰ সন্মুখৰ পৰা পলাই যোৱা দেখি শিকাৰী জনে ইঙ্গিত কৰোঁতেই কুকুৰ প্ৰাণপণে লৰি গৈ গাহৰিৰ ডিঙ্গিত কামোৰ মাৰি ধৰিলে। গাহৰিয়ে অনায়াসেই তাৰ মুখৰ পৰা এৰাই গল।

 শিকাৰী জনে ক্ৰোধত অন্ধ হৈ কুকুৰক অনেক প্ৰকাৰ গালি শপনি আৰু প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰিলে। তেতিয়া কুকুৰে [ ৩১ ] কলে “প্ৰভো, বিনা অপৰাধত মোক এনে কৰা উচিত নহয়। মনত কৰি চাওক চোন যিমান দিন মোৰ বলবুদ্ধি আছিল প্ৰাণপণে আপোনাৰ সেৱা সুশ্ৰূষা কৰিছিলোঁ। এতিয়া বুঢ়া হৈ নিৰ্ব্বলী হোৱাত আপোনাৰ উপকাৰ কৰিব পৰা নাই। মোক আৰু এনে কথা কোৱা উচিত নহয়।”

দুষ্টৰ মিত্ৰ নাই।

 শীত কালৰ শীতত এটা কৃষকে ৰাতিপুৱাই পথাৰত বন কৰিবলৈ যাঁওতে এটা সাপ হিমে ঢাকি মৃত্যু প্ৰায় হৈ বাটৰ কোষৰতে পৰি থকা দেখিলে। তাৰ অন্তৰত দয়া উপজিল। তেতিয়াই সাপটো তাৰ পৰা তুলিলৈ ঘৰলৈ আমি জুইত সেঁকি কিছুমান আহাৰ পানী দি তাক ভাল কৰিলে। সাপ সজীব হৈ পুনৰায় আপোনাৰ স্বভাব ধৰি কৃষকৰ সন্তানক সন্মুখত পাই দংশন কৰিবলৈ ইচ্ছ৷ কৰিলে।

 কৃষকে দেখি অতি ক্ৰুদ্ধ হৈ সাপক সম্বোধন কৰি কলে “অই ক্ৰুৰ তই অতি কৃতঘ্ন। তোৰ প্ৰাণ নষ্ট হোৱা দেখি দয়া কৰি মই তোক ঘৰলৈ আনি প্ৰাণ ৰক্ষা কৰিলোঁ, তই সকলো গুণ পাহৰি [ ৩২ ] মোৰ লৰাটীক দংশন কৰিবলৈ অভিলাষ কৰিলি। এতিয়া মই বুজিলোঁ যাৰ যি স্বভাব সি কোনো মতে অন্যথা নহয়। যেই হক তোৰ যেনে কাম তেনে ফল পা।” এই বুলি সেই কৃষকে হাতত থকা কুঠাৰেৰে তাৰ মুৰত এনে প্ৰহাৰ কৰিলে যে একে ঘাপেই তাৰ প্ৰাণত্যাগ হল।

উপস্থিত লাভ এৰি অনুপস্থিত

বস্তুৰ আশা।

 এই কুকুৰে এখুতুৰা মাছ মুখত লৈ নদী পাৰ হৈছিল। নদীৰ নিৰ্ম্মল জলত তাৰ যি প্ৰতিবিম্ব পৰিছিল সেই প্ৰতিবিম্বক আন [ ৩৩ ] কুকুৰ জানি মনে মনে বিবেচনা কৰিলে। এই কুকুৰৰ মুখত যে মাছ খুতুৰা আছে তাক কাঢ়ি লওঁ তেনেহলে মোৰ দুখুতুৰা মাছ হব।

 এইৰূপে লোভত পড়ি মুখ মেলি অলিক মাছ খুতুৰা ধৰিবলৈ যাওঁতে তেতিয়াই তাৰ মুখৰ মাছ পানীত পৰি সোঁতত উটি গল। তেতিয়া সি হতবুদ্ধি হৈ কিছু সময় স্তব্ধ হৈ ৰ’ল আৰু ভাবোঁতে ভাবোঁতে নদী পাৰ হৈ গল।

 যি কল্পিত লোভৰ আশাত যায়, সিহঁতৰো এই দশা হব।

দুষ্টৰ আগত ন্যায় হাৰে।

 এটা বাঘে পৰ্ব্বতৰ জুৰিৰ পানী খাওঁতে দেখিলে, সেই জুৰিৰ কিছু দূৰৈত এটা মেৰছাগৰ পোৱালীয়ে পানী খাইছে। সি সিহঁতক দেখি মনে মনে কলে, ইয়াৰ প্ৰাণ সংহাৰ কৰি আজিৰ আহাৰ শেষ কৰোঁ।

 এই বুদ্ধি স্থিৰ কৰি বাঘে সত্বৰ গমনে মেষ পোৱালীৰ ওচৰত উপস্থিত হৈ কলে “অই দুৰাত্মন্! তোৰ ইমান অহঙ্কাৰ যে মই পানী খোৱা দেখিও তই পানী ঘোলা কৰিছ?” মেষে শুনি ভয়ত কঁপি কঁপি কলে, “মহাশয়! মই কেনেকেই আপুনি খোৱা পানী [ ৩৪ ] ঘোলা কৰিলোঁ। মই জুৰিৰ পাছত পানী খাইছোঁ আপুনি আগত খাইছে পাছৰ পানী আগলৈ উলটি যাব পাৰে নে?”

 বাঘে কলে বাৰু যেই হওক, তই এবছৰৰ পূৰ্ব্বে মোক বিস্তৰ নিন্দা কৰিছিলি, আজি তোৰ সমুচিত প্ৰতিফল দিম।” মেষৰ পোৱালীয়ে কঁপি কঁপি কলে, “আপুনি অন্যায় কথা কৈছে, এবছৰৰ পূৰ্ব্বে মই ওপজাই নাই কেনেকৈ আপোনাক নিন্দা কৰিছিলোঁ, এই কথা কেনেকৈ সঁচা হব পাৰে?” বাঘে উত্তৰ কৰিলে “হয় হয় সেইটে৷ তই নহয় তোৰ বাপেৰেহে মোক নিন্দা কৰিছিল। তই কৰ বা বাপেৰে কৰক একে কথা। আৰু মই তোৰ কোনো কথা নুশুনোঁ।” এই বুলি সি সেই অসহায় মেষৰ প্ৰাণ সংহাৰ কৰিল।

 দুৰাত্মাৰ ছলনাৰ অসদ্ভাব নাই। “মই অপৰাধী নহওঁ” “এনে কৰা অন্যায়” তাক কৈ প্ৰবল জনব অত্যাচাৰৰ পৰা ৰক্ষা পোৱা নাযায়।

———

[ ৩৫ ]

অধিক লোভৰ কুফল।

 এখান দোকানত মৌৰ কলহ এটা লুটি খাই পৰি আছিল। তাতে চাৰিওফালে মৌ বিয়পি যোৱাত মৌৰ গোন্ধ পাই জাঁকে জাঁকে মাখি আহি মৌ খাবলৈ ধৰিলে। একে ঠাইতে মৌ খাই থাকোঁতে সৰহকৈ মৌ বিয়পাত মাখিৰ গা লুতুৰি পুতুৰি হৈ মাখি তাৰ পৰা উৰি যাব নোৱাৰিলে। তেতিয়া সিহঁতে আপোনাকে আপুনি ধিক্কাৰ কৰি কলে “আমি কি নিৰ্ব্বোধ এই মৌৰ আশাত সকলোয়েই প্ৰাণ হেৰুৱালোঁ। আমি এই মধু খাবলৈ নহা হলে কিয় আমাৰ প্ৰাণ হেৰাবলৈ পায়। অলপ বস্তুৰ নিমিত্তে লোভ কৰা উচিত নহয়।”

[ ৩৬ ]

দয়াৰ ফল

 এটা সিংহে পৰ্ব্বতৰ গুহাত শুই আছিল। দৈবাত এটা এন্দুৰ সেই পিনেই যাওতে যাওতে সিংহৰ নাকৰ ভিতৰত সোমাল। সোমোৱা মাত্ৰকেই তাৰ টোপনি ভাগিল। পাছে এন্দুৰ নাকৰ পৰা ওলালত, সিংহে ঈষৎ কুপিত হৈ নখ প্ৰহাৰ কৰি তাৰ প্ৰাণ বধ কৰিবলৈ উদ্যোগী হল। এন্দুৰে প্ৰাণৰ ভয়ত কাতৰ হৈ বিনয় কৰি কলে, “মহাৰাজ! না জানি অপৰাধ কৰিছোঁ ক্ষমা কৰি মোৰ প্ৰাণৰক্ষা কৰক। আপুনি সকলো পশুৰ ৰজা, মোৰ নিচিনা ক্ষুদ্ৰ জীৱৰ প্ৰাণ বধ কৰিলে আপোনাৰ কলঙ্ক আছে। সিংহই শুনি মিচিকিয়াই হাঁহি এন্দুৰক এৰি দিলে।

 এই ঘটনাৰ কিছু দিনৰ পাছত সিংহ ইফালে সিফালে ভ্ৰমণ কৰোঁতে এটা শিকাৰীৰ জালত পৰিল। সি বিস্তৰ চেষ্টা কৰিও একো প্ৰকাৰে জালৰ পৰা মুক্ত হব নোৱাৰিলে। অবশেষত প্ৰাণ ৰক্ষাৰ বিষয়ে নিতান্ত নিৰাশ হৈ সি এনে ভয়ানক চিঁয়ৰ মাৰিলে যে সকলো অৰণ্য তোলপাৰ কৰিবলৈ লাগিল।

 সিংহই যি এন্দুৰক প্ৰাণদান কৰিছিল সি এই অৰণ্যৰ ভিতৰত কিছু দূৰৈত বাস কৰি আছিল। এতিয়া সি পূৰ্ব্ব প্ৰাণদাতাৰ মাত জানিব পাৰি সত্বৰে সেই স্থানত উপস্থিত হল আৰু তাৰ এই বিপদ দেখি অতি শীঘ্ৰেই জাল কুটিবলৈ আৰম্ভ কৰিলে আৰু জাল কুটি কুটি সেই সিংহক সেই বন্ধনৰ পৰা মুক্ত কৰি দিলে।

 কোনো মানুহক দয়া কৰিলে সেই দয়া নিস্ফল নহয়। যি যিমান ক্ষুদ্ৰ প্ৰাণী হোক বা নোহোক সিও কেতিয়াবা প্ৰত্যূপকাৰ কৰিব পাৰে।

[ ৩৭ ]

পৰৰ অনিষ্ট চিন্তা।

 এটা কুকুৰ আৰু এটা কুকুৰাৰ অত্যন্ত প্ৰণয় আছিল। এদিন উভয়ে ফুৰিবলৈ গল। এখান অৰণ্যৰ ভিতৰত ৰাতি উপস্থিত হল। তাতে ৰাতি শেষ কৰিবৰ নিমিত্তে কুকুৰাই এজোপা গছৰ ডালত উঠিল। কুকুৰো সেই গছ তলতে শয়ন কৰিলে।

 ৰাতি পুৱাল। কুকুৰাৰ স্বভাৱ এই যে ৰাতি পুৱালেই বড়কৈ মাতে। কুকুৰাৰ ডাক শুনি এটা শিয়ালে মনে মনে থিৰ কৰিলে কি উপায়েৰে আজি এই কুকুৰাৰ প্ৰাণ বধ কৰি আহাৰ কৰো। এই ভাবি সেই গছৰ ওচৰলৈ আহি ধূৰ্ত্ত শিয়ালে কুকুৰাক সম্বোধন কৰি কলে “ভাই তুমি কেনে সৎপক্ষী। সকলোৰে উপকাৰী মই তোমাৰ মাত শুনিবলৈ পাই প্ৰফুল্ল হৈ আহিছোঁ। এতিয়া তুমি গছৰ পৰা নামি আহাঁ। দুইও জনে গোট খাই অলপ আমোদ আহ্লাদ কৰোঁ।”

 কুকুৰাই শিয়ালৰ ধূৰ্ত্ততা জানি, তাৰ ধূৰ্ত্ততাৰ প্ৰতিফল দিবৰ নিমিত্তে কলে “ভাই শিয়াল! তুমি গছৰ তলত আহি কিছুমান [ ৩৮ ] সময় অপেক্ষা কৰা মই নামি যাঁও।” শিয়ালে তাৰ কথাত আনন্দিত হৈ গছৰ তললৈ আহিল। অহা মাত্ৰেই সেই কুকুৰে আক্ৰমণ কৰি নখেৰে শিয়ালৰ প্ৰাণ সংহাৰ কৰিলে।

 পৰৰ অপকাৰৰ নিমিত্তে জাল পাতিলে নিজেই সেই জালত পৰি মৰে।

পৰাধীন সুখতকৈ স্বাধীন দুঃখও ভাল।

 এটা লোদোৰ পোদোৰ পোহনীয়া কুকুৰেৰে এটা ক্ষুধাৰ্ত্ত শীৰ্ণকায় বাঘৰ দেখা দেখি হল। প্ৰথম আলাপৰ পাছত বাঘে কুকুৰক কলে, “বাৰু ভাই; মই শোঁধো কোৱাছোন, কেনেকৈ তুমি ইমান বলৱন্ত হলা; সদাই তুমি কিৰূপে আহাৰ কৰা আৰু প্ৰতিদিনে কেনেকৈ আহাৰ গোটোৱা; মই দিনে নিশাই আহাৰ চেষ্টা কৰিও উদৰ পূৰ্ত্তি কৰি আহাৰ কৰিব নোৱাৰো। আৰু কোনো কোনো দিনা উপবাসেও থাকোঁ। এনে আহাৰৰ দুঃখত শীৰ্ণকায় আৰু দুৰ্ব্বল হৈছোঁ।

 কুকুৰে কলে, “মই যি কৰিবলৈ কঁও তুমি যদি তাক কৰিব [ ৩৯ ] পাৰা তেনেহলে মোৰ নিচিনা তুমিও আহাৰ পাবা।” বাঘে কলে, “সঁচানে, বাৰু ভাই কি কৰিব লাগে কোৱা।” কুকুৰে কলে, “আৰু একো নহয়, ৰাতি প্ৰভুৰ ঘৰ ৰাখি থাকিব লাগে এই মাত্ৰ।” বাঘে কলে, “ময়ো ঘৰ ৰাখিবলৈ সম্মত আছো। মই আহাৰৰ নিমিত্তে বনে বনে ভ্ৰমি ৰোদে বৰষুণে বৰ কষ্ট পাঁও। আৰু এনে দুঃখ সহিব নোৱাৰি। যদি ৰোদ বৰষুণত গৃহত থাকিবলৈ পাঁও আৰু ক্ষুধাৰ সময়ত পেট ভৰাই খাবলৈ পাঁও তেনেহলে জীয়াই থাকিম।” বাঘৰ দুঃখৰ কথা শুনি, কুকুৰে কলে, “তেনেহলে মোৰ লগতে আহাঁ। মই প্ৰভুক জনাই তোমাক থম।”

 কুকুৰে বাঘক লগত লৈ গল। কিছু বাট গৈ বাঘে কুকুৰৰ ডিঙ্গিত এটা চিন দেখিবলৈ পালে আৰু সেইটো কিহৰ চিন জানিবৰ নিমিত্তে আথে বেথে সুধিলে, “ভাই! তোমাৰ ডিঙ্গিত কিহৰ চিন?” কুকুৰে কলে, “আন একো চিন নহয় কেৱল ডিঙ্গি বন্ধাৰ চিন।” বাঘে সুধিলে, “ডিঙ্গি বন্ধা চিন কিয়?” কুকুৰে উত্তৰ দিলে, “শিকলি লগাই মোক দিনত বান্ধি থয়।”

 বাঘে শুনি চঁক খাই কলে “শিকলি লগাই বান্ধি থয়। তেনেহলে তুমি ইচ্ছামতে কলৈকো যাব নোৱাৰা?” কুকুৰে উত্তৰ কৰিলে, “দিনত বান্ধি ৰাখে হয়, কিন্তু ৰাতি যেতিয়া এৰি দিয়ে তেতিয়া যলৈকে ইচ্ছা হয় তালৈকে যাব পাৰোঁ। তাত বাজে প্ৰভুৰ চাকৰবিলাকে কত আদৰ কত যত্ন কৰে আৰু ভাল আহাৰ দিয়ে, গা ধুৱাই দিয়ে। প্ৰভুয়েও কেতিয়াবা কেতিয়াবা মোৰ গাত হাত ফুৰাই থাকে। চোৱাঁচোন মই কেনে সুখত থাকোঁ।” বাঘে উত্তৰ দিলে, “ভাই! তোমাৰ সুখ তোমাতেই থাওক, মোৰ এনে সুখত সকাম নাই। নিতান্ত পৰাধীন হৈ ৰাজভোগত থকা অপেক্ষা [ ৪০ ] স্বাধীন হৈ আহাৰৰ ক্লেশ পোৱা সহস্ৰ গুণে ভাল। আৰু মই তোমাৰ লগত না যাও।” এই বুলি বাঘ গুছি গল।


পৰক উপহাস কৰা গৰ্হিত।

 কাছ স্বভাৱতে লাহে লাহে যায়। এই কাৰণে এটা শহা পহুয়ে কোনো এটা কাছক উপহাস কৰিবলৈ ধৰিলে। কিন্তু কাছই হাঁহি হাঁহি কলে, “বাৰু তোৰ ইমান কথাত কায নাই, দিন থিৰ কৰ সেই দিনাই দুইও জনে একেলগে চলিবলৈ আৰম্ভ কৰিম। পৰিমাণ চোৱা যাব নিৰূপিত স্থান কোনে আগেয়ে পাব পাৰে।” শহাই কলে “আন দিনাৰ আবশ্যক নাই, আহাঁ আজিয়েই দেখা হোক কোনে কিমান দূৰৈ যাব পাৰে।”

 এইৰূপে উভয়ে প্ৰতিজ্ঞা কৰি এসময়ত এঠাইৰ পৰা চলিবলৈ আৰম্ভ কৰিলে। কাছই লাহে লাহে যায় হয় কিন্তু চলিবলৈ আৰম্ভ কৰি এক মুহূৰ্ত্ত মাত্ৰও বিশ্ৰাম নকৰি অনায়াসে চলিবলৈ ধৰিলে শহাই অতি বেগাই যাব পাৰে এই কাৰণে মনত থিৰ কৰিলে কাছ যিমানকৈ যাওক বা না যাওক মই আগেয়েই ঠ [ ৪১ ] পাম গৈ। এই থিৰ কৰি কিছু দূৰৈলৈ গৈ ভাগৰ লাগি শুলে। টোপনি ভগাৰ পাছত সেই নিৰ্দিষ্ট স্থানলৈ গৈ দেখিলে কাছ আগেয়েই সেই ঠাইত শুই আছে। ইয়াক দেখি শহাই লাজ পালে।

অন্যৰ শক্তি দেখি তাক পাবলৈ

আশা কৰা টান।

 পক্ষীবিলাকে অনায়াসে আকাশত উৰি ফুৰে। তাক দেখি কাছই অত্যন্ত দুঃখিত হৈ মনে মনে বিবেচনা কৰিলে, “যদি এবাৰ কোনো উপায়েৰে আকাশত উঠিব পাৰো তেনেহলে ময়ো স্বচ্ছন্দে উৰি ফুৰিব পাৰিম।” এই স্থিৰ কৰি এটা চিলাৰ ওচৰলৈ গৈ কলে,“যদি তুমি মোক অনুগ্ৰহ কৰি এবাৰ আকাশত তুলি দিয়া তেনেহলে মই সমুদ্ৰৰ গৰ্ভত থকা সমুদায় ৰত্ন তুলি তোমাক দিম। মোৰ আকাশত উৰি ফুৰিবলৈ বড় ইচ্ছা হৈছে।”

 চিলাই এই উপহাসজনক কথা শুনি কলে, “তুমি যি মন কৰিছা সি সিদ্ধি হোৱা অসম্ভব। ভূচৰ জন্তুয়ে কেতিয়াও খেচৰৰ নিচিনাকৈ আকাশত উৰিব নোৱাৰে। তুমি এই আশা পৰিত্যাগ [ ৪২ ] কৰা। মগ্ন যদি তোমাক আকাশত তুলি এৰি দিওঁ, তুমি তৎক্ষণাৎ পৰি প্ৰাণত্যাগ কৰিবা।” কাছই তাৰ কথা শুনি বেজাৰ কৰিলে। তেতিয়া চিলাই হাঁহি হাঁহি কাছক লৈ ওখ স্থানত উঠিল। “তুমি এতিয়া উৰিবলৈ আৰম্ভ কৰা”, এই বুলি তাক এৰি দিলে। এৰি দিয়া মাত্ৰেই কাছ এটা শিলৰ ওপৰত পৰি তাৰ সৰ্ব্ব শৰীৰ চূৰ্ণাকৃত হৈ গল।

মিচা কথা ধেমালীতো কৰা

ভাল নহয়

 এটা গৰখীয়াই এখান পথাৰত গৰু চৰাই আছিল। এই পথাৰৰ ওচৰতে অৰণ্যত বাঘ বাস কৰি আছিল। গৰখীয়াই ধেমালিৰ নিমিত্তে মাজে মাজে বাঘ আহিছে বুলি উচ্চৈঃস্বৰে চিঁয়ৰি থাকে। গাঁওৰ মানুহবিলাকে বাঘ আহিছে শুনি অত্যন্ত ব্যস্ত হৈ তাক সহায় কৰিবৰ নিমিত্তে পথাৰত উপস্থিত হয়। তেতিয়া গৰখীয়া লৰাটীয়ে খিল খিল কৰি হাঁহে। পাছে গাঁওৰ মানুহবিলাকে মিচা বুলি ঘৰলৈ গুছি আহে।

 এইৰূপে কেইবা বাৰো মিচা কৈ থাকোঁতে এদিন বাঘ সঁচাকৈ আহি তাৰ জাঁকৰ গৰু আক্ৰমণ কৰিলেহি। তেতিয়া গৰখীয়া লৰাটীয়ে ভয়ত ব্যাকুল হৈ “বাঘ আহিছে” বুলি চিয়ঁৰি মাতিলে কিন্তু সেই দিনা এজন মানুহো তাৰ সহায়তাৰ নিমিত্তে উপস্থিত নহল। সকলোয়েই ভাবিলে ধূৰ্ত্ত লৰাই সদাই বাঘ আহিছে বুলি মিচাই চিঁয়ৰে। বাঘে ইচ্ছামতে জাঁকৰ গৰু বধ কৰি অৱশেষত লৰাটীৰ প্ৰাণ সংহাৰ কৰি অৰণ্যলৈ গল। নিৰ্ব্বোধ [ ৪৩ ] লৰাই সকলোকে এই উপদেশ দি প্ৰাণত্যাগ কৰিলে যে “মিচলিয়া বিলাকে সত্য কলেও কেঁওয়ে তাক বিশ্বাস নকৰে।”

ব্যাধ আৰু শিয়াল।

 এদিন কেতবিলাক ব্যাধ আৰু সিহঁতৰ কুকুৰৰ অনুসন্ধান দেখি এটা শিয়ালে অতি বেগাই গৈ কৃষক এটাৰ ওচৰত উপস্থিত হৈ কলে, “ভাই যদি তুমি কৃপা কৰি মোক আশ্ৰয় দিয়া তেনেহলে মই এইবাৰ পৰিত্ৰাণ পাঁও।” কৃষকে নিজৰ কুটীৰ দেখুয়াই দিলে। শিয়ালে তাত প্ৰবেশ কৰি এটা চুকত লুকাই থাকিল। ব্যাধহঁতো তাত অবিলম্বে উপস্থিত হৈ কৃষকক সুধিলে, “ভাই,এই পিনে এটা শিয়াল আহিছিল, কোন ফালে গল কব পাৰানে?”সি কলে, “মই কব নোৱাঁৰো।” কিন্তু কুটীৰৰ ফালে আঙ্গুলীয়াই দেখুৱালে। সিহঁতে কৃষকৰ সঙ্কেত বুজিব নোৱাৰি তৎক্ষণাৎ তাৰ পৰা গুছি গল।

 ব্যাধহঁত প্ৰস্থান কৰিলে, শিয়াল কুটীৰৰ পৰা বাহিৰ হৈ মনে মনে যাবলৈ ধৰিলে, তাক দেখি কৃষকে ভৎসনা কৰি শিয়ালক কলে “যেই হওক ভাই, তুমি বৰ ভদ্ৰ মই তোমাক বিপদৰ সময়ত আশ্ৰয় দি প্ৰাণ ৰক্ষা কৰিলোঁ কিন্তু তুমি যোৱা সময়তো এটা কথাৰ সম্ভাষণ কৰি নগলা?” শিয়ালে কলে, “ভাই,তুমি কথাত যেনে ভদ্ৰতা কৰিছিলা আঙ্গুলীটোৱে সেইৰূপ ভদ্ৰতা কৰা হলে মই তোমাকে বিদায় নলৈ কেতিয়াও তোমাৰ কুটীৰৰ পৰা নাযাও। [ ৪৪ ]  এটা কথাত যিমান বেয়া হয়, ইঙ্গিত কৰিলেও তিমান বেয়া হয়।

বল আৰু বুদ্ধি।

 এটা কাউৰী অতি তৃষ্ণাতুৰ হৈ দুৰৈৰ পৰা এটা পানীৰ কলহ দেখি তাত উপস্থিত হলহি। কিন্তু পানী খাবলৈ গৈ দেখে কলহৰ তলিত অলপ পানী আছে সেই পানী খাবৰ নিমিত্তে ব্যগ্ৰ হৈ সি ঠোঁট কলহৰ ভিতৰলৈ সুমালে কিন্তু কোনো মতেই পানী ঢুকি নাপালে। তেতিয়া সি প্ৰথমে কলহ ভাঙ্গিবৰ নিমিত্তে আৰু কলহ লুটিয়াই পেলাই পানী খাবলৈ চেষ্টা কৰিলে। কিন্তু বল অলপ থকাত উভয় চেষ্টাই বিফল হল। অৱশেষত কিছুমান জাবৰ ওচৰতে পাই ক্ৰমে ক্ৰমে কলহৰ ভিতৰত পেলালে। কলহৰ তলিত জাবৰ পৰাত পানী কলহৰ মুখলৈ উঠিল। কাউৰীয়ে ইচ্ছামতে পানী খাই তৃষ্ণা নিবাৰণ কৰিলে।

 বলেৰে যি কাম কৰিব নোৱাৰি-বুদ্ধি, কৌশল আৰু সহিষ্ণুতাৰে তাক কৰিব পাৰি।

[ ৪৫ ]

বিপদ কেতিয়া কোন ফালৰ পৰা

আহে নাজানি।

 এটা কনা হৰিণা পহুয়ে সদাই নদীৰ তীৰত চৰি ফুৰে। নদীৰ ফালৰ পৰা ব্যাধ আহিবৰ আশঙ্কা নাই, এই স্থিৰ কৰি নিশ্চিন্ত হৈ, স্থলৰ ফালে ব্যাধ আহিবৰ ভয়ত সদাই সেই ফালে চাই থাকে। দৈবাৎ এদিন কোনো ব্যাধ নাঁওত উঠি গৈছিল। সি দূৰৈৰ পৰা হৰিণাক চৰি থকা দেখি শৰ ক্ষেপ কৰিলে। হৰিণাই মনে মনে এই ভাবি প্ৰাণত্যাগ কৰিলে “মই যি ফালে বিপদৰ আশঙ্কা কৰি সতৰ্ক হৈ আছিলোঁ সেই ফালে একো ভয় নহল; কিন্তু যি ফালে বিপদৰ আশঙ্কা নহয় ভাবি নিশ্চিন্ত হৈ আছিলো সেই ফালৰ পৰা শত্ৰু আহি মোৰ প্ৰাণ সংহাৰ কৰিলে।”

[ ৪৬ ]

সংহতি কাৰ্য্য সাধিকা।

 কোনো এক সময়ত হাত, ভৰি প্ৰভৃতি অঙ্গ সকলে মিলি এই পৰামৰ্শ কৰিবলৈ ধৰিলে, “দেখা ভাই সকল! আমি সকলোয়ে সদাই পৰিশ্ৰম কৰোঁ, কিন্তু উদৰক কোনেও কেতিয়াও পৰিশ্ৰম কৰা দেখা নাই। উদৰে সদাই নিশ্চিন্ত হৈ থাকে, কেৱল আমিহে প্ৰাণপণে যত্ন কৰি তাৰ ভৰণ পোষণাদি কৰি থাকোঁ। সি সদাই এলাহত কাল হৰণ কৰে তাক আমি পৰিশ্ৰম কৰি কিয় পোহোঁ। এতেকে আহা সকলোয়ে প্ৰতিজ্ঞা কৰো আজিৰ পৰা আমি আৰু উদৰক সাহায্য নকৰোঁ।”

 এই মন্ত্ৰণা কৰি সিহঁতে পৰিশ্ৰম ত্যাগ কৰিলে। ভৰিয়ে খোৱা বস্তুৰ ওচৰলৈ নাযায়, হাতেও মুখত আহাৰ তুলি নি দিয়ে। দাঁতেও খোৱা বস্তু নোচোবায়। উদৰক শাস্তি কৰিবৰ চেষ্টা কৰি দুদিন মান এইৰূপ কৰোঁতে অঙ্গবোৰ শুকাই আহিল। শৰীৰৰ অবয়ব সকল অত্যন্ত দুৰ্ব্বল হৈ গল কোনো অবয়বো লৰিব নোৱাৰা হল।

 তেতিয়া সিহঁতে বুজিব পাৰিলে, “উদৰে পৰিশ্ৰম নকৰে হয়, কিন্তু উদৰ প্ৰধান অবয়ব্ উদৰৰ ভৰণ পোষণৰ নিমিত্তে পৰিশ্ৰম নকৰিলে সকলো এই দুৰ্ব্বল আৰু নিস্তেজ হব লাগিব। আমি পৰিশ্ৰম কৰি উদৰৰ সহায় কৰোঁ এনে নহয়। উদৰৰ পক্ষে আন আন অবয়বৰো সহায়তা কৰা আবশ্যক আন আন অবয়বৰো পক্ষে সেইৰূপ উদৰৰ সহায়তা কৰা আবশ্যক। যদি শৰীৰ ভালে ৰাখিব লাগে তেনেহলে যাৰ যি কাম কৰিব লাগিব।”

[ ৪৭ ]

বিপদৰ বন্ধু।

 দুজন বন্ধুয়ে এটা বাটে গৈছিল। দৈবাৎ এটা ভালুক সেই ঠাইত উপস্থিত হলহি। বন্ধু দুজনৰ ভিতৰত এজনে ভালুকৰ ভয়ত ব্যাকুল হৈ ওচৰৰ গছ এজোপাত উঠিল।

 

কিন্তু ই জন বন্ধুৰ কি দশা ঘটিব সি এফেৰিও ভাবি না চালে। ইজনে একো উপায় নাপাই আৰু অকলে ভালুকৰ লগত যুদ্ধ কৰা দুঃসাধ্য ভাবি মৰাৰ নিচিনা হৈ পৰি থাকিল। কাৰণ সি পূৰ্ব্বে শুনিছিল যে ভালুকে মৰামানুহ নোচোয়ে।

 

 ভালুক আহি তাৰ নাক, কাণ, মুখ, বুকু প্ৰভৃতি পৰীক্ষা কৰি আৰু তাক মৰা নিশ্চয় কৰি গল। ভালুক যোৱাৰ পাছত আন জন বৃক্ষৰ পৰা নামি বন্ধুৰ ওচৰলৈ [ ৪৮ ] আহি সুধিলে, “বন্ধো! ভালুকে তোমাক কি সুধিলে? নই দেখিলোঁ সি তাৰ মুখ তোমাৰ কাণৰ ওচৰত অনেক সময় ৰাখিছিল।” সি কলে, “বন্ধো! ভালুকে মোক এই কথা কৈ গৈছে যি বন্ধুয়ে বিপদৰ সময়ত এৰি পলায়, জন্মাবচ্ছিন্নে আৰু তাক বিশ্বাস নকৰিবা।”

 

বলী নিৰ্ব্বলীৰ কিহৰ সমান।

 এটা সিংহ এটা গাধ আৰু এটা শিয়াল একেলগে তিনিও জনে শিকাৰ কৰিবলৈ গৈছিল। শিকাৰ কৰা সমাপ্ত হোৱাৰ পাছত সিহঁতে যথাযোগ্যমতে শিকাৰ কৰা বস্তু ভাগ কৰি লৈ ইচ্ছামতে আহাৰ কৰিবলৈ মন কৰিলে। তেতিয়া সিংহই গাধক ভাগ কৰিবলৈ আজ্ঞা দিলে। তদনুসাৰে গাধই সমান ভাগ কৰি স্বীয় সহচৰ দুজনক এভাগ এভাগ লবলৈ কলে। তাতে সিংহই কুপিত হৈ গাধক খণ্ড খণ্ড কৰি, শিয়ালক ভগাবলৈ দিলে। শিয়াল অৰ্তি ধূৰ্ত্ত, গাধৰ নিচিনা নিৰ্ব্বোধ নহয়। সি সিংহৰ অভিপ্ৰায় বুজিব পাৰি, সিংহৰ ভাগত বেশী আৰু তাৰ ভাগত অলপ ৰাখিলে। তেতিয়া সিংহই সন্তুষ্ট হৈ কলে। “সখে! কোনে তোমাক এনে ন্যায় ভাগ কৰিবলৈ শিকালে” শিয়ালে কলে, “গাধৰ দশা স্বচকুৰে দেখিলোঁ, তেতিয়া আৰু অন্যে শিকোৱাৰ প্ৰয়োজন কি?”

[ ৪৯ ]

প্ৰাণৰ ভয়ৰ কাৰ্য্য।

 কোনো এখান অৰণ্যত এটা শিকাৰী কুকুৰ এটা শহাপহু শিকাৰ কৰিবৰ নিমিত্তে তাৰ পাছে পাছে গৈছিল। শহাই প্ৰাণৰ ভয়ত ইমান বেগাই যাবলৈ আৰম্ভ কৰিলে যে কুকুৰে প্ৰাণপণেও লৰি গৈ তাক ধৰিব নোৱাৰিলে। শহা একেবাৰে দৃষ্টিৰ অগোচৰ হৈ গল। এটা গৰখীয়াই এই ধেমালি দেখি সি তাক উপহাস কৰি কলে, “আশ্চৰ্য্য! শহা অতি ক্ষীণ জন্তু হৈও বেগত কুকুৰক পৰাভব কৰিলে।” এই কথা শুনি কুকুৰে কলে, “ভাই! প্ৰাণৰ ভয়ত লৰি অহা আৰু আহাৰৰ নিমিত্তে লৰি যোৱা কিমান বেলেগ তুমি তাক না জানা।”

শ্ৰমৰ ফল।

 এটা কৃষকে কৃষিকৰ্ম্মৰ কৌশল ভাল জানে। সি মৃত্যুৰ আগেয়ে আপোনাৰ পুত্ৰবিলাকক এই সমস্ত কৌশল শিকাবৰ নিমিত্তে সিহঁতক আহ্বান কৰি কলে, “হে পুত্ৰ মই এতিয়া ইহলোকৰ পৰা প্ৰস্থান কৰোঁ। মোৰ যি কিছু ধন বস্তু আছে অমুক অমুক ঠাইত অনুসন্ধান কৰিলে পাবা।” লৰাবিলাকে ভাবিলে এই সকল স্থানত পিতৃৰ গুপ্ত ধন আছে।

[ ৫০ ]  কৃষকৰ মৃত্যুৰ পাছত সিহঁতে গুপ্ত ধনৰ লোভত সেই ঠাইবোৰ খনি পেলালে। কিন্তু সিহঁতে অনেক পৰিশ্ৰম কৰিও গুপ্তধন নাপালে। কিন্তু এই সকল স্থান খনোতে সেই বছৰত ইমান শস্য হল যে গুপ্তধন নাপালেও সিহঁতৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল লাভ হল।

শত্ৰুৰ মন্ত্ৰণা শুনা অনুচিত।

 কোনো এঠাইত এজাক মেষ চৰি আছিল। কেইটামান কুকুৰে সিহঁতক ৰক্ষা কৰি আছিল। কুকুৰৰ ভয়ত ঢেকিয়া পৰিয়া বাঘে মেষবিলাকক আক্ৰমণ কৰিব নোৱাৰিলে। এদিন বাঘে পৰামৰ্শ কৰিলে যে এই কুকুৰ থাকিলে মেষবোৰক একো কৰিব নোৱাৰিম। কোনো কৌশলেৰে ইয়াক দূৰৈ কৰিব পাৰিলে ভাল। এতেকে কেনেকৈ ইয়াক মেষবিলাকৰ ওচৰৰ পৰা খেদাও ইয়াৰ উপায় কৰা উচিত।

 এই স্থিৰ কৰি বাঘে মেষবিলাকলৈ কৈ পঠিয়ালে, “আহাঁ আমালোকে মিত্ৰতা কৰোঁ, কিয় চিৰকাল বিৰোধ কৰি মৰোঁ? যি সকল কুকুৰে তোমালোকক ৰক্ষা কৰি আছিল, সিহঁতেই এই সমস্ত বিবাদৰ মূল। সিহঁতে সদাই শব্দ কৰে তাতেই আমাৰ বিষম কোপ ওপজে। সিহঁতক বিদায় কৰি দিয়া, তেনেহলে চিৰকাল আমাৰ মিত্ৰতা থাকিব।” নিৰ্ব্বোধ মেষবিলাকে এই কুমন্ত্ৰণা শুনি কুকুৰবিলাক বিদায় কৰি দিলে। এইৰূপে [ ৫১ ] সিহঁতৰ ৰক্ষক নোহোৱাত বাঘে অকাতৰে সিহঁতৰ প্ৰাণ সংহাৰ কৰি ইচ্ছা মতে উদৰ পূৰ্ণ কৰিলে।

 শত্ৰুৰ কথাত ভোলগৈ হিতৈষী বন্ধুক দূৰ কৰি দিলে নিশ্চয় বিপদ ঘটে।

দুষ্টে আনকো তাৰ দৰে হবলৈ বাঞ্ছে।

 কোনো এসময়ত এটা শিয়াল জালত পৰিল। যি সকলে জাল পাতিছিল তেঁওলোকে তাৰ প্ৰাণ বধ কৰিবৰ উদ্যোগ কৰিলে কিন্তু তাৰ কাতৰতা দেখি প্ৰাণ বধ নকৰি লেজ কাটি এৰি দিলে। শিয়ালৰ এইৰূপে প্ৰাণ বাচিল হয়, কিন্তু লেজ নথকাত স্বজাতি বিলাকৰ ওচৰত যে অপমান বোধ হব তাক ভাবি মনে মনে কলে লেজ যোৱাতকৈ মোৰ প্ৰাণ যোৱা ভাল আছিল।”

 পৰিশেষত এই অপমান সংশোধন কৰি লবৰ নিমিত্তে সকলো শিয়াল বিলাকক গোটাই কলে, “দেখা ভাই সকল! মোৰ ইচ্ছা যে তোমালোকেও মোৰ নিচিনাকৈ নেগুৰ কাটি পেলোৱা। নেগুৰ নথকাত মই এতিয়া কেনেকৈ সুন্দৰ মতে ফুৰিব পাৰিছোঁ। তোমালোকে কোনেও তাক অনুভব কৰিব পৰা নাই। পৰীক্ষা কৰি নেদেখা হলে, বোধ হয় মইও কেতিয়াও বিশ্বাস কৰিব নোৱাৰিলোঁ হেঁতেন। বিবেচনা কৰি চালে লেজ থকাত অতি কুৰূপ দেখা যায়। অতিশয় অসুবিধা আৰু অনৰ্থক ভাৰ লৈ ফুৰা মাত্ৰ লাভ। মোৰ আশ্চৰ্য্য বোধ হৈছে যে আমি ইমান দিন লেজ ৰাখিছোঁ কিয়; হে বন্ধু সকল! মই স্বয়ং অতিশয় উপকাৰ বোধ কৰিছোঁ, এতেকে তোমালোকক পৰামৰ্শ দিছোঁ [ ৫২ ] যে তোমালোকে আজিৰ পৰা আপোন আপোন নেগুৰ কাটি পেলোৱা। নেগুৰ নথকাত কত সুখ তেতিয়া বুজিব পাৰিবা।”

 এই প্ৰস্তাব শুনি এটা বুঢ়া শিয়ালে আগ বাঢ়ি নেজ নোহোৱা শিয়ালক সম্বোধন কৰি কলে, “ভাই! তোমাৰ লেজ ফিৰাই পাবৰ কোনো সম্ভাবনা থকাহলে তুমি কেতিয়াও আমাক লেজ কাটিবলৈ পৰামৰ্শ নিদিয়া।”

নিজ অবস্থা চোৱা ভাল।

 এঠাইত কেতবিলাক শহা বাস কৰিছিল। ক্ষীণকায় শহাবিলাকে শত্ৰু বিলাকৰ উৎপীড়নত অনেক যাতনা ভোগ কৰি আছিল। এদিন সিহঁতে পৰামৰ্শ কৰি স্থিৰ কৰিলে, “আমাৰ প্ৰাণ ৰক্ষাৰ একো উপায় নাই, এতেকে প্ৰাণত্যাগ কৰাই শ্ৰেয়ঃ।” এই প্ৰতিজ্ঞা কৰি ওচৰৰ হ্ৰদত জাপ মাৰি প্ৰাণ ত্যাগ কৰিবৰ মানসে সকলোয়ে মিলি তাত উপস্থিত হল। সেই হ্ৰদৰ তীৰত কেতবিলাক বেং আছিল। সিহঁতে শহাবোৰ ওচৰ হোৱা মাত্ৰেই ভয়ত নিতান্ত ব্যাকুল হৈ পানীত জাপ মাৰি পৰিল। তাকে দেখি সকলোৰে অগ্ৰসৰ শহাই সহচৰ বিলাকক কলে, “হে [ ৫৩ ] বন্ধু সকল! আমালোকে যিমান ভয় কৰিছোঁ আৰু যিমান নিৰুপায় ভাবি আছোঁ তিমান কৰা উচিত নহয়। তোমালোক ইয়ালৈ আহি আৰু কিছুমান ক্ষীণজীবী প্ৰাণী দেখিলে জানিবা ইহঁত আমাতকৈও ভীৰু স্বভাব।

 নিজৰ অবস্থা বেয়া বুলিবৰ পূৰ্ব্বে আনৰ অবস্থা জনা ভাল।

সঙ্গ ফল।

 কেতবিলাক বগলীয়ে প্ৰতিদিন এখান পথাৰৰ শস্য নষ্ট কৰি যায়। তাকে দেখি কৃষকে বগলী ধৰিবলৈ পথাৰত জাল পাতিলে। পাছত সি জাল চাবলৈ আহি দেখিলে কেতবোৰ বগলী জালত পৰি আছে। সিহঁতৰ লগতে আন এটা চৰাইও জালত পৰিল। সেই পক্ষীয়ে কৃষকক কলে, “ভাই কৃষক! মই বক নহঁও, ম‍ই তোমাৰ শস্য নষ্ট কৰা নাই, মোক এৰি দিয়া। তুমি বিবেচনা কৰি দেখাচোন, মোৰ একে৷ অপৰাধ নাই। যত পক্ষী আছে সকলোতকৈ মই ধৰ্ম্মপৰায়ণ। মই কেতিয়াও কাৰো অপকাৰ কৰা নাই। মই বুঢ়া পিতৃমাতৃক অত্যন্ত সন্মান কৰোঁ আৰু নানা ঠাইত ভ্ৰমণ কৰি প্ৰাণপণে তেওঁলোকৰ ভৰণ পোষণাদি কৰোঁ।” [ ৫৪ ] তেতিয়া কৃষকে কলে, “হয়, মোৰ যথাৰ্থ বোধ হৈছে তুমি যি যি কৈছা সি সকলোয়েই সঁচা। কিন্তু যি আমাৰ শস্য নষ্ট কৰে, তোমাক সিহঁতৰ লগত ধৰিছোঁ। যাৰ লগত ধৰা পৰিছা, সিহঁতৰ লগত সমান শাস্তি ভোগ কৰিব লাগিব।”

 অসৎ সঙ্গৰ অশেষ দোষ। যথাৰ্থ সাধুও সঙ্গদোষত বিপদত পড়ে।

মিলনৰ ফল।

 এক গৃহস্থৰ চাৰি পাঁচ পুত্ৰ আছিল। এই সন্তান বিলাকৰ মিল নাছিল। সিহঁতে সদাই বিবাদ কৰে। গৃহস্থে সদাই সিহঁতক বুজায়, কিন্তু এটী লৰাইও তেওঁৰ কথা নুশুনে। তেতিয়া তেঁও এই স্থিৰ কৰিলে যে কেৱল কথা নকৈ দৃষ্টান্ত দেখুৱাই বুজালে ইহঁত দ্বন্দৰ পৰা ক্ষান্ত হব পাৰে। পাছত তেঁও লৰাহঁতক ওচৰলৈ মতাই আনিলে, আৰু কিছুমান খাগৰি আনি আটী বান্ধিবলৈ কলে। সিহঁতে তৎক্ষণাৎ সেইৰূপ কৰিলে। তেঁও ডাঙ্গৰ লৰাটীক কলে, “বাপা! এই খাগৰিৰ আটীটো ভাঙ্গি পেলোৱা।” সি দুইও হাতে ধৰি তাক ভাঙ্গিবলৈ বিস্তৰ চেষ্টা কৰিলে, কিন্তু একো কৰিব নোৱাৰিলে।

 এইৰূপে গৃহস্থই সকলো পুত্ৰক কলে। সিহঁতে কোনেও বিস্তৰ চেষ্টা কৰিও ভাঙ্গিব নোৱাৰিলে। তেতিয়া তেঁও এজন পুত্ৰক খাগৰিৰ আটী মেলি এডাল হাতত লৈ ভাঙ্গি পেলাবলৈ [ ৫৫ ] কলে। সি তৎক্ষণাৎ ভাঙ্গি পেলালে। তেতিয়া গৃহস্থে পুত্ৰ বিলাকক কলে,

 “এইৰূপে যিমান দিন তোমালোকে একেলগে থাকিবা শত্ৰুয়ে তোমালোকক একো অপকাৰ কৰিব নোৱাৰিব ”

ব্ৰাহ্মণ আৰু সৰ্পৰ উপাখ্যান।

 কোনো এখন নগৰত হৰিদত্ত নামে এটী ব্ৰাহ্মণ বাস কৰিছিল। সদাই তাৰ ক্ষেতি নিষ্ফল হয়। কিছু দিনৰ পাছত সি ৰদত আহি এজোপা গছৰ তলত শুলে। ওচৰৰ উঁই টিলাৰ ওপৰত এটা ভয়ানক সৰ্প দেখা পাই সি ভাবিবলৈ ধৰিলে, “ই নিশ্চয় ক্ষেত্ৰ দেবতা, মই কেতিয়াও ইয়াৰ পূজা কৰা নাই, সেই কাৰণেই মোৰ ক্ষেতি নিস্ফল হয়। এতৈকে আজি মই ইয়াৰ পূজা কৰিম।” এই মনত নিশ্চয় কৰি, কিছুমান গাখীৰ আনি বল্মীকৰ ওচৰলৈ গৈ কলে, “হে প্ৰভো! ক্ষেত্ৰ ৰক্ষক, মই ইমান দিনে জনা নাই যে তুমি ইয়াত থাকা, সেই [ ৫৬ ] কাৰণে পূজা কৰা নাই এতেকে মোৰ অপৰাধ ক্ষমা কৰা!” এই বুলি নিবেদন কৰি দুগ্ধ খিনি দি গুছি আহিল! পাছ দিনা ৰাতি পুৱাই আহি দেখিলে পাত্ৰটীত এটা সোণৰ মোহৰ আছে। এই দৰে সদাই আহি সৰ্পক দুগ্ধ দি এটী এটী সোণৰ মোহৰ লৈ যায়। পাছত এদিন দুগ্ধ আনিবৰ নিমিত্তে পুতেকক নিযুক্ত কৰি ব্ৰাহ্মণ গাঁওৰ আঁতৰলৈ গৈছিল। পুত্ৰটীয়ে দুগ্ধ লৈ সেই ঠাইত থৈ পুনৰ ঘৰলৈ আহিল। পাছ দিনা সেই ঠাইত পাত্ৰত এটী সোণৰ টকা দেখা পাই গ্ৰহণ কৰি চিন্তা কৰিলে, “নিশ্চয় এই উঁই টিলা টকাৰে পৰিপূৰ্ণ হৈ আছে। এই সাপক মাৰিলে সকলো সোণৰ মোহৰ লব পাৰিম।” এই ৰূপে স্থিৰ কৰি পাছ দিনা ব্ৰাহ্মণৰ পুতেকে দুগ্ধলৈ গৈ সাপৰ মুৰত প্ৰহাৰ কৰিলে। সাপ দৈববশতঃ প্ৰাণত্যাগ নকৰি ক্ৰোধে তীক্ষ্ণ বিষ ঘাঁতেৰে ব্ৰাহ্মণ পুত্ৰক এনে দংশন কৰিলে যে সি তেতিয়াই মৰি গল। পাছত ব্ৰাহ্মণ পুনৰায় ৰাতি পুৱাই দুগ্ধলৈ সেই ঠাইত উপস্থিত হৈ উচ্চৈঃস্বৰে সাপক স্তব কৰিবলৈ ধৰিলে। তেতিয়া সাপে বল্মীকত লুকাই প্ৰত্যুত্তৰ দিলে, “তুমি লোভত পুত্ৰশোক ত্যাগ কৰি পুনৰ ইয়ালৈ আহিলা। এতিয়া তোমাৰে মোৰে মিলাৰ উচিত নহয়। তোমাৰ যৌবনমত্ত পুত্ৰই মোক প্ৰহাৰ কৰিছিল, মই তাক উপযুক্ত দণ্ড দিলোঁ। মই সেই গুৰুতৰ প্ৰহাৰ কেনেকৈ পাহৰিম, আৰু তুমিয়েই বা কেনেকৈ সেই পুত্ৰ শোক পাহৰিবা।” এই বুলি বহুমুল্য হীৰকাদি কিছুমান তাক দি কলে, তুমি আকৌ ইয়ালৈ নাহিবা, এই বুলি গাঁতত প্ৰবেশ কৰিলে। ব্ৰাহ্মণে, মণি লৈ পুত্ৰৰ বুদ্ধি নিন্দা কৰি নিজৰ ঘৰলৈ গুছি গল। [ ৫৭ ]

পক্ষী, ব্যাধ, ৰজা আৰু অমাত্য।

 কোনো এটা পৰ্ব্বতত এজোপা গছ আছিল। তাতে দিম্ভক নামে এটা পক্ষী বাস কৰিছিল। সেই পক্ষীৰ বিষ্ঠাৰে সোণ হয়। এসময়ত এটা ব্যাধে পক্ষী ছিকাৰলৈ গৈছিল। সেই পক্ষীয়ে ব্যাধৰ ওচৰতে বিষ্ঠা ত্যাগ কৰাত সেই বিষ্ঠা সোণ হোৱা দেখি ব্যাধ আশ্চৰ্য্য হৈ কলে, “ইকি আচৰিত! আজি মই ৮০ বছৰ ব্যাধৰ ব্যবসায় কৰিছোঁ তথাপি এদিনলৈ পক্ষীৰ বিষ্ঠাত সোণ হোৱা দেখা নাই। এই ভাবি সেই বৃক্ষত জাল বান্ধিলে। সেই মূৰ্খ পক্ষীয়ে নিষ্ঠুৰ ব্যাধৰ জালত পৰি ছট ফট ধৰ ফৰ কৰিবলৈ ধৰিলে। ব্যাধে তাক জালৰ পৰা এৰুৱাই সজাত সুমাই লৈ ঘৰলৈ গুছি আহিল। পাছত ব্যাধে ভাবিলে যে “মই এই অমঙ্গলকাৰী পক্ষী নি কি কৰিম; যদি ৰজাই ইয়াৰ গুণৰ কথা শুনিবলৈ পায় তেন্তে নিশ্চয় মোৰ প্ৰাণ সংশয় হব। অতএব এই পক্ষীক নিজেই ৰজাক দিওঁ।” ৰজাই পক্ষী পাই আৰু তাৰ গুণৰ কথা শুনি বৰ সন্তোষ পালে আৰু আদৰেৰে গ্ৰহণ কৰিলে। পাছে মন্ত্ৰীয়ে [ ৫৮ ] কলে, “মহাৰাজ! এই পক্ষীৰে কি উপকাৰ হব? ব্যাধৰ কথা বিশ্বাস কৰা উচিত নহয়। পক্ষীৰ বিষ্ঠাৰে কেতিয়াবা সোণ হয় নে? এতেকে ইয়াক সজাৰ পৰা মুক্ত কৰি দিয়া হক।” মন্ত্ৰীৰ এই কথা শুনি নৃপতিয়ে পক্ষীক মুক্ত কৰি দিলে। পক্ষীয়ে মুক্ত হৈ ওপৰলৈ উঠি এই বুলি এটা শ্লোক কৈ সোণময় বিষ্ঠা পৰিত্যাগ কৰি গল। প্ৰথম মই মূৰ্খ, দ্বিতীয় ব্যাধ মূৰ্খ, তৃতীয় ৰজা মূৰ্খ, চতুৰ্থ মন্ত্ৰী মূৰ্খ, সকলোয়েই মূৰ্খ।

সিংহ আৰু শৃগাল।

 কোনো এখন অৰণ্যৰ ভিতৰত খৰণক নামে এটা সিংহ বাস কৰিছিল। সি এদিন আহাৰ বিচাৰি ইফালে সিফালে ভ্ৰমণ কৰি ফুৰিছিল। কিন্তু এটী জন্তুকো নাপালে। এই দৰে ফুৰি ফুৰি গধুলি [ ৫৯ ] সময়ত এটা পৰ্ব্বতৰ গুহা পাই ভাবিলে, “অবশ্য ৰাতি কোনো জন্তু আহি থাকে। এতেকে মই এই গুহাতে লুকাই থাকোঁ।” এনে সময়তে গহ্বৰ স্বামী দধিপুচ্ছ নামে শিয়াল উপস্থিত হল। সি দেখিলে সিংহৰ ভৰিৰ চিন গুহাত আছে। কিন্তু বাহিৰ হোৱাৰ চিন নাই। তাৰ পাছত সি চিন্তা কৰিলে, “হা হতোস্মি, নিশ্চয় এই গহ্বৰত সিংহ আছে। এতিয়া মই কি উপায়ে জানিব পাৰিম? এই ৰূপে চিন্তা কৰি শিয়ালে সম্বোধন কৰি মাতিলে, “হে গহ্বৰপতি, হে গহ্বৰপতি” এই বুলি মনে মনে থাকিল। পুনৰায় কবলৈ ধৰিলে “তোমাৰে মোৰে যি নিয়ম আছি তাক তুমি পাহৰিলা নে? মই আহি তোমাক মাতিলে তুমি আহ্বান কৰিবা। যদি তুমি নামাতা তেন্তে মই আন গহ্বৰলৈ যাও। এই শুনি সিংহে ভাবিবলৈ ধৰিলে নিশ্চয় এই গহ্বৰে সমাগতক আহ্বান কৰি থাকে। বোধ হয় মোৰ ভয়ত আজি একো কোৱা নাই, এতেকে ম‍ই ইয়াক মাতোঁ কাৰণ শব্দ অনুসাৰে শিয়াল ভিতৰত সোমালেই মই খাম। এই স্থিৰ কৰি শিয়ালক মাতিবলৈ ধৰিলে। পাছে সিংহৰ শব্দত সেই গুহা প্ৰতিধ্বনিত হৈ দূৰৈত থকা বনৰীয়া জন্তু বিলাকক ভয়াকুল কৰিলে। আৰু শিয়ালে পলাওতে এই শ্লোক কৈ গল।

 যি লোকে ভাবী অনিষ্টৰ প্ৰতিবিধানৰ চেষ্টাু কৰে সি নিৰাপদে কাল কটায়, আৰু যি লোকে তেনে নকৰে সি বিপদত পৰি বন্ধুবৰ্গৰ শোককৰ হয়। এই অৰণ্যত থাকি ম‍ই বৃদ্ধ হলোঁ কিন্তু কেতিয়াও গহ্বৰৰ কথা শুনা নাই। [ ৬০ ]

তিৰুতা মানুহৰ কথা।

 আমাৰ দেশৰ তিৰুতা মানুহবিলাকে লেখা পঢ়া শিকিবলৈ ধৰিছে। আগৰ মানুহবিলাকে তিৰুতাক পঢ়ালে বাঁৰি হয় বুলি নপঢ়াইছিল। কিন্তু এতিয়া সেইটো সন্দেহ গুছিছে। অনেক ঠাইতে পঢ়াশালী হৈছে ও সকলোয়ে শিক্ষা কৰিছে। আমাৰ দেশত সুমিলা নামে এজনী ছোৱালী আছিল তেওঁৰ মাক বাপেকৰ তেঁও ব্যতীত অন্য লৰা ছোৱালী নাছিল তেঁও বৰ আদৰৰ আছিল। তথাপি তেঁও উত্তম লেখা পঢ়া আৰু বব কাটিবলৈ শিকিছিল। সেই ছোৱালীজনীকে দেখি গাঁওৰ অনেক ছোৱালীয়ে লেখা পঢ়া শিকিবলৈ ধৰিলে। সেই ছোৱালী জনীক উপযুক্ত সময়ত বিয়া দিয়াত তেঁও অতি স্বামীপ্ৰিয়া হৈছিল। মাক বাপেকে ও গাঁওৰ মানুহে তেঁওৰ স্বভাব দেখি অতি সন্তোষ পাইছিল।

 জ্ঞান আৰু তাৰ অনুষ্ঠান সকলো মানুহৰ বৰ উপকাৰ কৰে। এই দুটী গুণ নাথাকিলে কোনো মানুহকে যথাৰ্থ মানুহ বোলা নাযায়। সেই কাৰণে কি তিৰুতা কি মুনিহ সকলোয়ে সেই দুটী গুণ পাবলৈ চেষ্টা কৰা উচিত। কেবল জ্ঞান থাকিলেই যে মানুহৰ সম্মান ৰয় এনে নহয়। অনুষ্ঠানো তাৰ লগতে লাগে। মানুহে উপমা দি কয়, এই মানুহ জনী যেন জ্ঞান নোহোৱা পশুৰ দৰে। কিন্তু তোমালোকে ভাবি চোৱাচোন পশুৰ কেনে জ্ঞান। পৰমেশ্বৰে সিহঁতক সৃজন কৰি যি ঠাইত থাকিব দিছে তাতেই আছে, যি বস্তু খাব দিছে তাকেই খাইছে, যেনেকৈ মাতিবলৈ শক্তি দিছে সেই দৰেই মাতি বুলি থাকে। নিৰ্ব্বোধ মানুহে সিহঁতক ধৰি মাৰি [ ৬১ ] দুঃখ দিয়ে। সিহঁতে আপোনাৰ জাতিৰ মাজত ঈশ্বৰৰ আজ্ঞাৰ বিপৰীতাচৰণ কৰিবলৈ দে খছানে? সিহঁতে অবশ্যে ঈশ্বৰৰ আজ্ঞা পালন কৰিছে। সেই কাৰণে সিহঁতকো এক প্ৰকাৰ জ্ঞানী বুলিব পাৰি। তোমালোক সিহঁততকৈ শ্ৰেষ্ঠ। সহঁত জন্তু হৈও এনে জ্ঞান লাভ কৰিব পাৰিছে তোমালোকে অবশ্য সিহঁততকৈ অধিক জ্ঞান লাভ কৰিব পাৰা। পাপ কথাক মনত ঠাই দিব নালাগে মিচা কথা কব নালাগে। সেই বিলাক কৰিবলৈ ঈশ্বৰে কেতিয়াও নিয়ম দিয়া নাই। অজ্ঞানতাই পাপৰ মূল, অজ্ঞানী মানুহে পাপক কুকৰ্ম্ম বুলি নাজানে। নতুবা চোৰবিলাকে উপযুক্ত শাস্তি পাই আৰু চুৰ নকৰিলে হেঁতেন। ই কি আশ্চৰ্য্য কথা অনেকে পাপলৈ ভয় নকৰে। কতই আপোনাৰ লৰা তিৰুতাক খেদাই দি পৰৰ ঘৰত খুজি মাগি খাই ফুৰে। এইবোৰে ঈশ্বৰৰ নিয়ম ভঙ্গ কৰে। দেখা পক্ষীবিলাকৰ কেনে জ্ঞান, সিহঁতৰ মাজত দম্পতিৰ স্নেহ মানুহতকৈও অধিক।

সম্পূৰ্ণ।

সাঁচ:PD-old-80-1923