পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
নীতি কথা।


মাৰি খালে। এই নিয়মে সি প্ৰতিদিন সিহঁতক নি তাৰ আহাৰ সমাধা কৰি আছিল। পাছে এদিন কেকোঁৰাই কলে, “মোমাই, প্ৰথমে মোৰ লগতহে তোমাৰ স্নেহালাপ হৈছিল। এতিয়া কি নিমিত্তে মোক নিনি আন আন জন্তু বিলাকক নিব লাগিছা?” সেই কথা শুনি বগলিয়ে ভাবিলে “যে ভালেই হৈছে ইমান দিন মাছ খাই পৰিতৃপ্ত হৈছোঁ আজি কেকোঁৰা ভক্ষণ কৰোঁ।” এই ভাবি কেকোঁৰাক পিঠিত তুলিলৈ সেই পৰ্ব্বতলৈ গল। এনেতে কেকোঁৰাই কিছু দূৰৈৰ পৰা পৰ্ব্বতৰ শিলৰ ওপৰত কিছুমান মৰা জন্তুৰ হাৰ দেখি তাৰ মনত কিছু সন্দেহ হৈ বগলিক সুধিলে “মোমাই,সেই জলাসয়লৈ আৰু কিমান যাব লাগে;” তাতে সি কলে, “বোলে জলাসয় আৰু কত আছে? এই পৰ্ব্বত যে দেখিছা তাতে নি তোমাক মাৰি ভক্ষণ কৰিম। তোমাৰ ইষ্ট দেৱক চিন্তা কৰি লোৱা।” — এই কথা শুনি কেকোঁৰাই তাৰ চেপেনাৰে বগলিৰ ডিঙ্গিত চেপা মাৰি ডিঙ্গি চিঙ্গি পেলালে। সি সেই চেপাতে প্ৰাণ-ত্যাগ কৰিলে।

 কেকোঁৰাই বকৰ মুৰটো লৈ পুনৰ নিজ জলাসয়লৈ উভতি আহিল। সেই জলাসয়ৰ জন্তু বিলাকে তাক উভতি অহা দেখি সুধিলে “তুমি কিয় উভতি আহিলা, কিবা আপদ ঘটিলনে কিন্তু তোমাৰ মোমায়েৰা কিয় নাহিল; আমি সকলোটী যাবৰ কাৰণে উদ্বিগ্ন হৈ আছো।” তাতে সেই কেকোৰাই হাঁহি হাঁহি কলে,“সকলো বিলাক জলচৰে তাৰ প্ৰতাৰণাত ভোল গৈ প্ৰাণত্যাগ কৰিলে। সকলোটীকে ফাঁকি দি সি আঁতৰাই নি মাৰি মাৰি খালে। মই তাৰ এই চাতুৰি জানিব পাৰি বাটতে তাক মাৰি