যাব। এতিয়া যি ঠাইত বৰফ নাই, এনে ঠাই এফেৰি বিচাৰ
কৰিব লাগিল। এই বুদ্ধি মনত স্থিৰ কৰি বৰফ নোহোৱা
ঠাই বিচাৰিবলৈ ধৰিলে। এনে সময়তে চন্দ্ৰ উদয় হল।
চন্দ্ৰৰ পোহৰত পৰ্ব্বতৰ গুৰিত এটা ‘গহ্বৰ দেখা পাই লৰাটীয়ে
তাৰ মাজত সোমাই চালে, তাত সমুলি বৰফ নাই। তেতিয়া
সি কিছুমান গছৰ পাত গোটাই এক প্ৰকাৰ শয্যা প্ৰস্তুত
কৰিলে। পাছে ভায়েকৰ হাতত ধৰি কলে। ভাই! তুমি
আৰু নাকান্দিবা, তোমাৰ এতিয়া আৰু একো ভয় নাই।
আহাঁ ইয়াতে শোৱাহি। এইদৰে তাক অনেক প্ৰবোধ দি
শুৱালে ও সি নিজেও শুলে।
পাছে সৰুটীয়ে বাৰম্বাৰ বৰটীক কবলৈ ধৰিলে, ককাই, মোৰ জাৰ লাগিছে। ককায়েকে ভায়েকক বৰ মৰম কৰে। তাৰ দুখ দেখিব নোৱাৰি, কি উপায়েৰে ভায়েকৰ জাৰ গুছাব মনত গুণিবলৈ ধৰিলে। অৱশেষত একো উপায় নাপাই নিজৰ গাৰ এটাই খিনি কাপোৰ তাৰ গাত জাপি দিলে, তথাপি তাৰ জাব নুগুছিল। শেষত ককায়েকে তাৰ গাৰ কাষত শোৱাত তাৰ তাপতে জাৰ গুছিল। তেতিয়া সি বৰ আনন্দ পালে। সি আনন্দ পোৱা দেখি ককায়েকৰো মন সন্তোষ হল। নিজে সুদাগাই থকাত তাৰ যে ভয়ঙ্কৰ কষ্ট হৈছিল তাক কষ্ট বুলি নাভাবিলে। সিহঁতে এই ভাবে অধিক সময় থকা হেতেন আগেয়ে ডাঙ্গৰটীৰ পাছত সৰুটীৰ সেই কষ্টত অবশ্য মৰণ হল হেতেন। কিন্তু সৌভাগ্যক্ৰমে তেনে হবলৈ নাপালে। সন্ধ্যাৰ পাছত কিছুমান পৰলৈকে সিহঁত ঘৰলৈ নোযোৱ৷ দেখি সিহতৰ ঘৰৰ মানুহ এজনে সিহ-