ষদ্ভবিষ্যে হাঁহি হাঁহি কলে, “তোমালোকে উচিত মন্ত্ৰণা কৰা
নাই। সেই মৎস্যজীবীৰ কথা শুনিয়েই এই চিৰকালীয় পিতৃ-
পিতামহাদিৰ দিনৰ সৰোবৰ পৰিত্যাগ কৰা উচিত নে; যদি
ইমানতে মৰিব লগিয়া আছে তেন্তে অন্য ঠাইলৈ গলেও মৰিব
লাগিব। অতএব মই কেতিয়াওঁ না যাও। তোমালোকৰ যদি
ইচ্ছা হয় যোৱা।” ষদ্ভবিষ্যৰ এই কথা শুনি প্ৰত্যুৎপন্নমতি
আৰু বিধবা সপৰিবাৰে অন্য সৰোবৰলৈ গুছি গল। ৰাতিপুৱা
সেই ডোম কেটা আহি জাল বাই ষদ্ভবিষ্য আদি কৰি সকলো
জলজন্তু বিলাককে বিনাশ কৰিল।
⸻
ধৰ্ম্মবুদ্ধি আৰু পাপবুদ্ধিৰ উপাখ্যান।
কোনো এখন নগৰত ধৰ্ম্মবুদ্ধি আৰু পাপবুদ্ধি নামে দুজন বন্ধু বাস কৰিছিল। এদিন পাপবুদ্ধিয়ে ভাবিলে যে মই মূৰ্খ তাতে আকৌ দৰিদ্ৰ, ধৰ্ম্মবুদ্ধিৰ লগত বিদেশলৈ গৈ ধন উপাৰ্জ্জন কৰি তাক বঞ্চনা কৰি মই সুখী হব পাৰিম। পাছে সি ধৰ্ম্ম বুদ্ধিক কলে। “বন্ধো! বিদেশ চাঁও গৈ বলা, বিদেশ নেদেখিলে আগলৈ লৰাছোৱালীক কি কম?” তাতে ধৰ্ম্মবুদ্ধি সন্মত হৈ ভাল তিথি বাৰ চাই বিদেশলৈ যাত্ৰা কৰিলে। বিদেশত পাপবুদ্ধিয়ে ধৰ্ম্মবুদ্ধিৰ সহায়ত অনেক ধন উপাৰ্জন কৰি নিজ ঘৰলৈ আগমন কৰিলে। পাছে ঘৰৰ ওচৰ পাই ধৰ্মবুদ্ধিক কলে, “বন্ধো! এই বিলাক ধনলৈ ঘৰলৈ যোৱা উচিত নহয়। এতেকে এই হাবিতে কিছু লুকাই থৈ কিছু ঘৰলৈ লৈ যাঁও। আকৌ প্ৰয়োজন হলে ইয়াৰ পৰা নিম।”