অস্থিৰ হৈ চাৰিও ফালে লৰি ধাপৰি ফুৰিবলৈ ধৰিলে। সি যি
জন্তুকে দেখে তাকে কয় “ভাই হে যদি তুমি মোৰ ডিঙ্গিৰ পৰা
হাৰ বাহিৰ কৰি দিব পাৰা তেনে হলে মই তোমাক উচিত পুৰস্কাৰ
দিম আৰু চিৰকালৰ নিমিত্তে তোমাৰ দাস হৈ থাকিম।”
কোনো জন্তুয়ে তাৰ কথাত সম্মত নহল।
অবশেষত এটা বগলিয়ে পুৰস্কাৰৰ লোভত সম্মত হৈ বাঘৰ মুখৰ ভিতৰত আপোনাৰ দীঘল ঠোট প্ৰবেশ কৰাই অনেক যত্নেৰে সেই হাৰ বাহিৰ কৰি আনিলে। বাঘ সুস্থ হল। পাছত বগলিয়ে পুৰষ্কাৰৰ কথা উলিউৱা মাত্ৰেই সি দাত কড়মড় আৰু চকু ৰক্ত বৰণীয়া কৰি কলে “অই নিৰ্ব্বোধ! তই বাঘৰ মুখত ঠোট প্ৰবেশ কৰাই দিছিলি তই যে নিৰ্ব্বিঘ্নে ঠোট বাহিৰ কৰি লৈছ, তাকেই ভাগ্য নাভাবি আকৌ পুৰস্কাৰব আশা কৰিছ? যদি জীয়াই থাকিবৰ মন আছে মোৰ সন্মুখৰ পৰা যা নহলে এতিয়াই তোৰ ডিঙ্গি ভাঙ্গিম।” এই কথা বগলিএ শুনি হতবুদ্ধি হই তৎক্ষণাৎ তাৰপৰা পলায়ন কৰিলে।
দুৰ্জ্জনৰ সহিত ব্যবহাৰ কৰা উচিত নহয়।
⸻