পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰৰ অনিষ্ট চিন্তা।

 এটা কুকুৰ আৰু এটা কুকুৰাৰ অত্যন্ত প্ৰণয় আছিল। এদিন উভয়ে ফুৰিবলৈ গল। এখান অৰণ্যৰ ভিতৰত ৰাতি উপস্থিত হল। তাতে ৰাতি শেষ কৰিবৰ নিমিত্তে কুকুৰাই এজোপা গছৰ ডালত উঠিল। কুকুৰো সেই গছ তলতে শয়ন কৰিলে।

 ৰাতি পুৱাল। কুকুৰাৰ স্বভাৱ এই যে ৰাতি পুৱালেই বড়কৈ মাতে। কুকুৰাৰ ডাক শুনি এটা শিয়ালে মনে মনে থিৰ কৰিলে কি উপায়েৰে আজি এই কুকুৰাৰ প্ৰাণ বধ কৰি আহাৰ কৰো। এই ভাবি সেই গছৰ ওচৰলৈ আহি ধূৰ্ত্ত শিয়ালে কুকুৰাক সম্বোধন কৰি কলে “ভাই তুমি কেনে সৎপক্ষী। সকলোৰে উপকাৰী মই তোমাৰ মাত শুনিবলৈ পাই প্ৰফুল্ল হৈ আহিছোঁ। এতিয়া তুমি গছৰ পৰা নামি আহাঁ। দুইও জনে গোট খাই অলপ আমোদ আহ্লাদ কৰোঁ।”

 কুকুৰাই শিয়ালৰ ধূৰ্ত্ততা জানি, তাৰ ধূৰ্ত্ততাৰ প্ৰতিফল দিবৰ নিমিত্তে কলে “ভাই শিয়াল! তুমি গছৰ তলত আহি কিছুমান