পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


এওঁলোকে বৰফুকনক মানিব লগা থাকিলেও এওঁলোকৰ ওপৰত বৰফুকনৰ বিশেষ একতিয়াৰ একো নাছিল। তেওঁলোকে আহোম ৰজালৈ নিজে নিজে অলপ অচৰপ কৰ-কাটল পঠাইছিল। যুজ-বিগ্ৰহত আহোম ৰজা আৰু বৰফুকনক সহায় কৰিবলৈ বাধ্য আছিল।




দ্বিতীয় অধ্যায়।


পুৰণি গুৱাহাটী।

 আমি যি সময়ৰ কথা লেখিবলৈ ওলাইছো সেই সময়ত গুৱাহাটী নগৰ আজি কালিৰ দৰে নাছিল। ব্ৰহ্মপুত্ৰৰ পাৰটো প্ৰায় হাবিৰেই পৰিপূৰ্ণ আছিল। নৈৰ পাৰত ঠায়ে ঠায়ে কেবল নদীয়াল সকলৰহে বাস আছিল। বৰ্ত্তমান কালত নইৰ পাৰত ইউৰোপীয়ান সকলৰ সুন্দৰ সুন্দৰ বঙলা বিলাক জিলিকিছে। নইৰ পাৰত গুদাম, কাৰখানা, ৰেলৰ ষ্টেছন হৈছে।

 বৰফুকনৰ টোল বৰ্ত্তমানৰ পানবজাৰত আছিল। তেওৰ লগত অহা আহোম আৰু হিন্দু বিষয়া সকলৰ ঘৰ, পান বজাৰ, উজান বজাৰ, ভৰলুমুখ, টকৌবাৰি ইত্যাদি ঠাইত