দক্ষ-যজ্ঞ
এই লেখাটো অসম্পূৰ্ণ। ইয়াৰ কাৰণ হ'ব পাৰে অসম্পূৰ্ণ উৎস ফাইল। আপুনি যদি ইয়াক বিস্তাৰ কৰিব বিচাৰে, তেন্তে সহায় পৃষ্ঠা আৰু প্ৰয়োজনীয় বিন্যাসৰ নিৰ্দেশনা চাব পাৰে, অথবা লেখাটোৰ আলোচনা পৃষ্ঠাত মন্তব্য আগবঢ়াব পাৰে। |
দক্ষ-যজ্ঞ
⸻⸻
শ্ৰীবেণুধৰ ৰাজখোৱা, বি-এ,
দ্বাৰা ৰচিত
মঙ্গলদৈ
প্ৰথম তাঙ্গৰণ।
কলিকাতা,
৬ নং কলেজ-স্কোয়াৰ, সাম্য যন্ত্ৰত,
সেখ আবদুল লতিফ দ্বাৰা মুদ্ৰিত ও
প্ৰকাশিত
⸻
১৯০৮।
বেচ্ আধলি মাথোন
দক্ষ-যজ্ঞ।
শ্ৰীবেণুধৰ ৰাজখোৱা, বি-এ,
দ্বাৰা ৰচিত
মঙ্গলদৈ
প্ৰথম তাঙ্গৰণ।
কলিকাতা,
৬ নং কলেজ-স্কোয়াৰ, সাম্য যন্ত্ৰত,
সেখ আবদুল লতিফ দ্বাৰা মুদ্ৰিত ও
প্ৰকাশিত
⸻
দক্ষ-যজ্ঞ।
⸻
প্ৰথম অঙ্ক।
⸺
প্ৰথম দৰ্শন। দক্ষ ৰাজাৰ সভা।
(দক্ষ, মন্ত্ৰী, সভাসদবৰ্গ উপবিষ্ট )।
দক্ষ।— এটি গুৰুতৰ বিষয়ে আজি মই তোমালোকেৰে সৈতে পৰামৰ্শ কৰিব খোঁজো। তোমালোকে সদপৰামৰ্শ দি মোৰ বুকুৰ শেল উভালিব লাগে।
মন্ত্ৰী।—মহাৰাজ, আপোনাৰ ইঙ্গিততে অনেক অনেক মহৎ ব্যাপাৰ সংঘটিত হব লাগিছে। কি এনে বিষয় আছে, যাক আপুনি হেন মহাপুৰুষে কৰিব নোৱাৰে। আমি ইমান বিলাক আপোনাৰ আজ্ঞানুবৰ্ত্তী থাকোঁতে আপোনাৰ মনত কিহৰ দুখ হব পাৰে। হে প্ৰজাপতি, আপোনাৰ কথা শুনি দৰাচলে মই বৰ আচৰিত মানিছোঁ। আপোনাৰ কি কব লগিয়া আছে, শীঘ্ৰে [ ৬ ] কওক। আামি প্ৰাণটাকি আপোনাৰ আদেশ প্ৰতিপালনৰ চেষ্টা কৰিম।
দক্ষ।—ত্ৰিদশ দেৱতাৰ কল্যাণাকাঙ্খী মহাযজ্ঞত মই উপস্থিত হোৱা মাত্ৰে সভাস্থলীৰ সকলোৱে উঠি মোক সম্ভ্ৰম কৰিলে, কিন্তু শিৱই আন কি আসন পৰিত্যাগ নকৰিলে। ইয়াত্কৈ আৰু দুখৰ বিষয় কি হব পাৰে?
মন্ত্ৰী।—ৰাজন, যদি সেয়ে হয় তেনেহলে বেজাৰ কৰিবৰ নিমিত্তে আপোনাৰ সম্পূৰ্ণ অধিকাৰ মাছে। আপুনি সকলো প্ৰকাৰেৰে শিৱতকৈ শ্ৰেষ্ঠ। আপোনাৰ প্ৰতি শিৱৰ এনে দুৰ্ব্ব্যৱহাৰ কম্মিন্ কালেও উপেক্ষণীয় নহয়।
দক্ষ।— কোৱা মন্ত্ৰী, তেনেহলে এতিয়া আমাৰ কি উপায় আছে। প্ৰতিহিংসা জুইয়ে মোক পুৰি দেই মাৰিব লাগিছে। হে মতিমান্, অপমানতকৈ মৃত্যু শতগুণে শ্ৰেয়ঃ
মন্ত্ৰী।—সভাসদ্ সকল, তোমালোকে কোৱাছোন, কি উপায় অৱলম্বন কৰিলে মহাৰাজাৰ অপমানৰ প্ৰকৃত প্ৰতিশোধ লোৱা হব।
১ম সভাসদ্।—শিৱক অনাচাৰী বুলি ত্ৰিভুবনে জানে। তেওঁ বাহিৰত সাধু বোলাই ফুৰে, কিন্তু ভিতৰি জঘন্যয কাৰ্য্য কৰিবলৈও কুণ্ঠিত নহয়। তেওঁ অমাবস্যা ৰাতি খেৰেচ ভূত পিশাচ বিলাকেৰে সৈতে নাঙ্গঠ হৈ শ্মশানশালিত অতি বীভৎস নৃত্য কৰে। মহাৰাজ, কোনো গুৰুতৰ বিষয়ৰ ফাঁকতি কৰি, আপুনি আৰু মহাৰাণী যদি হঠাৎ কোনোৱে গম নোপোৱাকৈ সেই ঠাইত উপস্থিত হয় গৈ আৰু সেই মুহূৰ্ত্ততে পূৰ্ণকলাবিশিষ্ট হৈ চন্দ্ৰ দেৱতাক আকাশত [ ৭ ] আবিৰ্ভূত হবলৈ আজ্ঞা দিয়ে, তেনেহলে ভাবি চাওক অপমানত শিৱ মৰণান্তিক নহবনে।
২য় সভাসদ্।—হে ৰাজশ্ৰেষ্ঠ, বিষ্ণু আপোনাৰ পৰম সুহৃদ। ব্ৰহ্মা, বিষ্ণু, শিৱ তিনিওকো এদিন কোনো কাৰ্য্যোপলক্ষে নিমন্ত্ৰণ কৰক। বিষ্ণুৰ বাহন গৰুড়-পক্ষীক দেখা মাত্ৰে শিৱৰ কঁকালৰ টঙ্গালি সৰ্পৰাজ উদ্ধৰ্শ্বাসে পলায়ন কৰিব। তেতিয়া বাঘ ছালৰ কৌপীন খহি পৰিব। বাঘছাল দেখা মাত্ৰে তেওঁৰ বলদটিয়ে ভিৰাই ধৰি লৰ মাবিব। তেতিয়া তেওঁ উল্লঙ্গঠ হৈ ঢাঁচ কৰে মাটিত পৰিব। মহাৰাজ, শিৱই এনে অপমান ক’ত থব।
৩য় সভাসদ্।—হে প্ৰজাপতি, শিৱ জিতেন্দ্ৰীয় বুলি প্ৰখ্যাত। আপুনি বহুমায়ী বিষ্ণুক অনুৰোধ কৰক, তেওঁ যেন অনুপম জগদ্ভাসন মোহিনীৰূপ ধাৰণ কৰি যোগীবৰ শিৱক মদন বিহ্বল কৰে। তেতিয়া তেওঁ নিতান্ত বহুবিধ কাম চেষ্টা প্ৰকাশ কৰিব। তেনেতে বিষ্ণু অন্তৰ্হিত হৈ তেওঁৰ চৈতন্য উৎপাদন কৰিব। তেতিয়া শিৱৰ যি অপমান বোধ হব, মহাৰাজ, তাৰ তুলনা নহব।
মন্ত্ৰী।—হে ৰাজন, মোৰ মনেৰে এই বিলাক এটিও প্ৰতিহিংসাৰ প্ৰকৃষ্ট উপায় নহয়। শিৱই শ্মশানত নাচি ফুৰে, সঁচা কথা, কিন্তু তেওঁ চুৰ কৰি এই কাৰ্য্য নকৰে—শ্মশানশালিলৈ আন কোনো লোকৰ যাবৰ বাধা নাই। আন কোনো লোকে সেই নাচ দেখিলে কেতিয়াও তেওঁ তাত অপমান বোধ নকৰে। আৰু শিৱৰ গাৰ ভস্ম-ধূলি পৰি তেওঁৰ সাপৰ চকুত নিশ্চয় দোষ ঘটিছে— পক্ষী দেখি সি কেতিয়াও নপলায়। তৃতীয় [ ৮ ] উপায়টিৰ বিষয়ে কবলগীয়া কথা মোৰ এয়ে আছে, যে দেৱাগ্ৰগণ্য ভগবান্ বিষ্ণুৱে স্বয়ং মোহিনীৰূপ ধৰি তেওঁক বিমুগ্ধ কৰিব, তাত আৰু তেওঁৰ অপমান কি?
দক্ষ।—মন্ত্ৰী, কোৱাঁচোন, তোমাৰ মনেৰে বিশিষ্ট উপায় কি?
মন্ত্ৰী।—হে দেৱপতি, কোনো উৎসবোপলক্ষে এটি নৃত্য-ক্ৰিয়াৰ অনুস্থান কৰক। তালৈকে সকলো দেৱতাক নিমন্ত্ৰণ কৰক। অপ্সৰীবিলাকে দিব্য বেশ-ভূষাৰে নাচ কৰিব। আনন্দ-মণ্ডপ মনোহৰ লতা-পুষ্পেৰে সুসজ্জিত হব স্বয়ং ৰতি আৰু মদন উপস্থিত থাকি কামভাব সঞ্চালন কৰিব। মৃদু বায়ু বলি থাকিব। আকাশত পূৰ্ণচন্দ্ৰৰ প্ৰকাশ হব। শিৱক অতিশয় সমাদৰ কৰিব লাগে। তেওঁ বহিবৰ নিমিত্তে সাগৰ ফেনৰ নিচিনা কোমল আসন দিব লাগে। দুপিনে দুজনা পৰি থিয় হৈ চন্দনৰ বিচনীৰে বিচি থাকিব। গন্ধৰ্ব্বৰ সুললিত বাদ্যধ্বনি কৰ্ণকুহৰ ভেদ কৰি মম্মস্থান অধিকাৰ কৰিব। নাচোনৰ উশাহত অপ্সৰীৰ পিন্ধা কাপোৰ উৰিবলৈ ধৰি অঙ্গ-লাৱণ্য বিজুলী চমকৰ দৰে গোটেই ঠাই পোহৰ কৰিব। এনে অৱস্থাত মহাযোগী শঙ্কৰৰো ধৈৰ্য্যচুতি ঘটিব — তাত কোনো সন্দেহ নাই। সেই সময়ত কাম চেষ্টা প্ৰকাশ কৰিলে, তেওঁ দেৱ সমাজৰ অতীব হাস্যাস্পদ হব। তেতিয়া তেওঁৰ পক্ষে বহুগৰ্ব্বী 'জিতেন্দ্ৰীয়’ নাম কেৱল ঘৃণা ব্যঞ্জক গালি হব।
দক্ষ|—মন্ত্ৰীবৰ, তোমাৰ বুদ্ধি প্ৰশংসনীয় বুলিব লাগে। কিন্তু যদি সিমানতো শিৱ বিচলিত নহয়, তেতিয়া আমাৰ সকলো চেষ্টা পণ্ড হব। মই প্ৰতিহিংসাৰ এটি উপায় ভাবি উলিয়াইছোঁ — কিমান কাৰ্য্যকৰ হব, কব পৰা নাই। মই ভাবিছোঁ, শিৱই [ ৯ ] যেনেকৈ অসংখ্য লোকৰ আগত যজ্ঞ স্থলত মোক অপমান কৰিলে, ময়ো তেনেকৈ মহাযজ্ঞ পাতি ততোধিক তেওঁৰ অপ মান কৰিম। যজ্ঞলৈ স্বৰ্গ মৰ্ত্ত্য পাতাল ত্ৰিভূবনবাসীক নিমন্ত্ৰণ কৰিম–কেৱল শিৱক নিমন্ত্ৰণ নকৰোঁ।
সভাসদবৰ্গ।—মহাৰাজ, আমাৰ মনেৰে ইয়াতেকৈ আৰু ভাল উপায় হব নোৱাৰে।
মন্ত্ৰী।—এয়ে বিশিষ্ট উপায়। এতেকে, হে ৰাজন, আপুনি শিবহীন যজ্ঞৰ আয়োজন কৰক।
(গান গাই গাই নাৰদৰ প্ৰবেশ।)
নাৰদ।—
ৰাগিণী খাম্বাজ-তাল একতালা।
জয় জগ-তাৰণ, জগত-জীৱন, জগদীশ জগ-মোহন হে।
তুমি পৰাৎপৰ, পৰম-ঈশ্বৰ, পৰমাত্মা পৰ-কাৰণ হে।
বিশ্ব-বিয়াপক, বিভূতি-নায়ক, বিপদ ভয়-বাৰণ হে।
তুমি দেবোত্তম, সত্ব ৰজতম, গুণগণ অবলম্বন হে॥
দক্ষ।—দেবৰ্ষি মোৰ বৰ ভাগ্য, তুমি এনে সময়ত আহি উপস্থিত হলাহি। তোমাক এটা কামৰ ভাৰ দিওঁ, আশা কৰোঁ তুমি অলপ কষ্ট স্বীকাৰ কৰি মোৰ অনুৰোধ ৰক্ষা কৰিবা। বোপা, দেৱ যজ্ঞত শিৱই মোৰ যি অপমাননা কৰিলে, তাৰ প্ৰতিশোধ লবৰ নিমিত্তে মই এটি শিৱহীন যজ্ঞ পাতিছোঁ। শিৱত বাজে ত্ৰিভুবন বাসীক সেই যজ্ঞলৈ নিমন্ত্ৰণ কৰিম। তুমি অনুগ্ৰহ কৰি সকলোকে নিমন্ত্ৰণ কৰিবগৈ লাগে। তোমাত বাজে এনে গুৰুতৰ বিষয় সম্পাদন কৰোঁতা আৰু আন কোনো নাই।
নাৰদ।—আপোনাৰ আজ্ঞা অৱশ্যে মই প্ৰতিপালন কৰিম। কিন্তু, হে [ ১০ ] ৰাজন্, শিৱহীন যজ্ঞৰ নাম শুনি মোৰ মন বিচলিত হৈছে। পৰাক্ৰান্ত প্ৰমথাধিপতি শিৱক অপমান কৰিলে কিজানি অমঙ্গল ঘটে, মোৰ মনত এনে আশঙ্কাই ঠাই পাইছে। বিশেষকৈ তেওঁ যজ্ঞেশ্বৰ, তেওঁ নহলে আপোনাৰ যজ্ঞ ফল অসম্পূৰ্ণ হব। তেওঁ আপোনাৰ জোৱাঁই হয়, তেওঁক নিমন্ত্ৰণ নকৰাটো প্ৰশংসনীয় কাৰ্য্য নহব। এনে মহোৎসৱত আপোনাৰ কন্যা সতী নাহিলে মহাৰাণী মৰ্ম্মাহতা হব। মহাৰাজ, এই যজ্ঞৰ দ্বাৰা শিৱৰ হানি হব পাৰে, কিন্তু আপোনাৰ হানি ততোধিক হব। নিজৰ জীয়েক আৰু জোৱাঁয়েকক অপমান কৰাত আপোনাৰ একো যশস্যা নাই। মান-ৰক্ষাৰ নিমিত্তে কুটুম্বৰ আৱশ্যকতা, শিৱই অপমান কৰাৰ বাবে আপুনিও তেওঁক অপমান কৰিব এইটি প্ৰশস্ত হৃদয়ৰ কাম নহয়। হিংসাৰ প্ৰকৃত প্ৰতিশোধ ধৈৰ্য্য, ক্ষমা আৰু প্ৰেম। নহলে এদিন অকলে শিৱক আপোনাৰ অপমানৰ বিষয় ভাঙ্গি কব, আৰু আৱশ্যক হলে ভৰ্ৎসনাও কৰিব কিন্তু এই দৰে ত্ৰিভুবনবাসীৰ আগত তেওঁক অপমান নকৰিব। তেওঁক সকলো বিবৰণ জানিবলৈ দিলে, তেওঁ কোনো উপায়েৰে ত্ৰিভুবনবাসীৰ আগত আপোনাক বিশিষ্ট সন্মান পুনৰ প্ৰতিপন্ন কৰিব পাৰে। মহাৰাজ, ধুৰুপ বুজিব, শিৱই ইচ্ছা কৰি আপোনাক অপমান দিয়া নাই। তেওঁ কেতিয়াও নেজানিছিল যে সেই কাৰ্য্যৰ দ্বাৰা আপোনাৰ অপমান হব।
দক্ষ।—নাৰদ, মই সকলো বুজিছোঁ। এই বিষয়ে তুমি আৰু একো কব নেলাগে। মই ভাল কৈ জানো, শিৱই মোক জানি-শুনি অপমান দিছে। যি যেনে কাৰ্য্য কৰে, সি তাৰ ফলভোগ [ ১১ ] কৰিব। তাত মোৰ কি দোষ হব? যি নিজৰ মান -ৰক্ষাৰ নিমিত্তে পৰিযত্ন নকৰিব, তাৰ জীৱন তৃণবৎ-তুচ্ছ। আত্মসন্মান অক্ষুন্ন ৰাখিব নোৱাৰিলে প্ৰণধাৰণ মিছা। সমাজ-বিধি সৰ্ব্বতোমুখী হব লাগে — কুটুম্ব বুলি মই শিৱৰ দোষ কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ। কুটুম্বৰ প্ৰতিও দোষৰ সমুচিত দণ্ড বিধান কৰাটো বীৰোচিত কাৰ্য্য। মই দৃঢ়সঙ্কল্প কৰিছোঁ, শিৱহীন যজ্ঞ পাতিম, ব্ৰহ্মা বিষ্ণু ইন্দ্ৰ আদি সমুদায় দেৱতা মোৰ সহায় থাকোঁতে, প্ৰেতাধিপতি শিৱৰ পৰা মোৰ কি অনিষ্টৰ আশঙ্কাঁ হব পাৰে? মই ঠিক কৰিলোঁ, শিৱই কেতিয়াও যজ্ঞ ভাগ নেপায়। মানিছোঁ যজ্ঞেশ্বৰ নহলে যজ্ঞফল অসম্পূৰ্ণ হব পাৰে; কিন্ধ মই ফলাকাঙ্ক্ষী নহওঁ। শিৱৰ অপমান হলেই মোৰ মনোৰথ পৰিপূৰ্ণ হব।
নাৰদ।—মহাৰাজ, আপুনি যেতিয়া যজ্ঞ পাতিবলৈ ঠাৱৰ কৰিলে, তেনেস্থলত মোৰ অধিক বাক্যব্যয়ৰ একো প্ৰয়োজন নাই। আপোনাৰ আদেশ মই অৱশ্যে মানিম। ত্ৰিভুবনবাসীক অনতিবিলম্বে নিমন্ত্ৰণ কৰি, পুনৰ আপোনাৰ গুৰিত উপস্থিত হম হি।
দক্ষ।—এতিয়া সভা-ভঙ্গ কৰা যাওক। মন্ত্ৰী, এটি বিচিত্ৰ যজ্ঞ-ঘৰ সাজিব লাগে। আৰু সমুদায় যজ্ঞসম্ভাৰ যুগুত কৰিব লাগে। সভাসদ সকল, তোমালোকে সকলোৱে এইবিলাক কাৰ্য্যত মন্ত্ৰীক বিশেষৰূপে সাহায্য কৰিবা।
মন্ত্ৰী।—ভাল মহাৰাজ, আপোনাৰ অভিলষিত যজ্ঞ মণ্ডপ প্ৰস্তুত হব। আৱশ্যকীয় সকলো যজ্ঞ-সম্ভাৰ অতি শীঘ্ৰে মই আহৰণ কৰিম। [ ১২ ] সভাসদবৰ্গ।—হে প্ৰজাপতি, আমি প্ৰাণপনে আপোনাৰ কাৰ্য্যত সাহায্য কৰিম।
নাৰদ।—মহাৰাণীয়ে শিৱহীন যজ্ঞৰ কথা শুনি আজি মৰণান্তিক হব। মই যোৱাৰ পূৰ্ব্বে তেওঁক এবাৰ দেখা কৰি অলপ আশ্বস্তা কৰিব লাগে।
⸻
দ্বিতীয় দৰ্শন। — অন্তঃপুৰ।
(দক্ষ আৰু প্ৰকৃতি উপবিষ্ট।)
প্ৰসূতি।—
ৰাগিণী মনহৰসই মিশ্ৰিত — তাল ঠেকা।
কি দাৰুণ বাতৰি॥
সুৰ অসুৰ, আহি ই স্থানে,
মহাযজ্ঞ চাব, সুখ-প্ৰাণে,
বিষাদ-বিহবলা, সতী হায় অজলা,
যাব খোজে মোৰ বুকু বিদৰি॥
প্ৰসূতি।—হে প্ৰাণনাথ, মহাযজ্ঞত মোৰ সতী নাহিব, এই চিন্তাই মোৰ বুক সাতফাল কৰিছে। নাথ, এনে নিদাৰুণ যজ্ঞ কিয় পাতিলে?
দক্ষ।—ৰাণী, ইয়াৰ কাৰণ অপমানৰ প্ৰতিশোধ, মানীৰ মান ৰক্ষা দোষীৰ সমুচিত দণ্ড। মই এই বাবে একো জগৰীয়া নহওঁ। [ ১৩ ] প্ৰসূতি।—মহাৰাজ, নুমলীয়া জী সতী নাহিলে মোৰ প্ৰাণ অন্ত হব।
দক্ষ।—দেবী, কাৰ্য্যক্ষেত্ৰত বেজাৰৰ ঠাই নাই।
প্ৰসূতি।—ৰাজন, আপুনি এবাৰ ভাবি চাওক, এনে মহোৎসবত নিজৰ জীয়েক নেথাকিলৈ মাকৰ মনত কেনে গভীৰ পৰিতাপ হব পাৰে।
দক্ষ।—প্ৰসূতি, ভাবৰ সোঁতত কাৰ্য্য শিথিল হয়—কাৰ্য্যপ্ৰবাহত ভাব মন্দীভূত হয়। মোৰ দৃঢ় প্ৰতিজ্ঞা হল, শিৱহীন যজ্ঞ হব — ৰাণী মোৰ সিদ্ধান্তৰ বিৰুদ্ধে তুমি আৰু একো কথা উত্থাপন নকৰিবা। মই এতিয়া যাওঁ, পুৰোহিত ভৃগুমুণিক মতাই আনি তেওঁক যজ্ঞানুষ্ঠানৰ ভাৰ দিব লাগে।
প্ৰসূতি।—
ৰাগিণী পিল্ — তাল যৎ।
নেজানে৷ কপালে মোৰ বিধিয়ে কি লিখিলে,
এনুৱা যাতনা হাঁয় হৃদয়ত থাপিলে।
প্ৰাণসম তুনি সতী, হব কি তোমাৰ গতি,
নিদাৰুণ মোৰ পতি এনে যজ্ঞ পাতিলে।
( নাৰদৰ প্ৰবেশ। )
বোপা, তোমালোকে শিৱইীন যজ্ঞ পাতিছা। মোৰ সতী যজ্ঞলৈ নাহিলে মোৰ প্ৰাণ অথিৰ হব।
নাৰদ।—বৌদেও, মই কি কৰিম। শিৱক নিমন্ত্ৰণ কৰিবৰ নিমিত্তে দাদাক ইনান কৈ খাটিলোঁ তথাপি তেওঁ আমাৰ কথা নুশুনিলে। মোক ত্ৰিভুবনবাসীক নিমন্ত্ৰণ কৰিবলৈ পঠি[ ১৪ ] য়াইছে। দদাৰ আজ্ঞা পালিবই লাগিব। এই যজ্ঞৰ পৰিণাম কি হব গৈ, কোনে কব পাৰে।
প্ৰসূতি।—দেৱৰ্ষি, যদিও দদাৰে তোমাক কৈলাসলৈ যাবলৈ হাক দিছে, তথাপি একেসাৰ মোৰ কথা শুনি, এবাৰ সতীৰ ঘৰলৈ যাবা। মোৰ সতীক ইয়াকে কবা, “যজ্ঞত তোমাক নেদেখিলে, তোমাৰ মাৰ আৰু জীয়াই নেথাকে।" মাকৰ ঘৰলৈ জীয়েক আহিবৰ নিমিত্তে একো নিমন্ত্ৰণ নেলাগে।
ৰাগিল ভৈৰবী—তাল আড়াঠেকা।
নাৰদ, ৰাখিবা মোৰ এই মিনতি,
জনাবা সতীক দুখিণীব কি গতি।
পৰাণৰ জবী বোব, ছিগি-ভাগি যাব মোৰ,
যদি নেদেথিম মই চেনেহী সতী।
নাৰদ।—
ৰাগিণ জলা —তাল যৎ।
ওহে মহাৰাণী,
নোবোলাঁ নোবোলাঁ এনে কাতৰ-বাণী।
যাওঁ মই কৈলাশলৈ, ই বাতৰি জনাওঁ গৈ,
নেকান্দা নেকান্দা, মোছাঁ চকুৰপাণী।
প্ৰসূতি।—গাটো অবশ লাগিছে — অলপপৰ বিছনাত পৰি থাকেোঁ গৈ।
দ্বিতীয় অঙ্ক।
প্ৰথম দৰ্শন ।—কৈলাসপুৰী।
(যোগ-ধ্যানত শিৱ উপবিষ্ট।)
গীত গাই গাই নাৰদৰ প্ৰবেশ।
নাৰদ।—
ৰাগিণী খাম্বাজ—তাল এক তালা।
হৰি-প্রেমত নাচিছে অন্তৰ,
বাজিছে প্রেমৰ বীণা।
চিঞৰি চিঞৰি গোৱাঁ হৰি নাম,
আজি আনন্দৰ দিনা॥
তৰু তৃণ লতা, দেখোঁ যত মান,
উল্লসিত হেৰা গাই প্রেম-গান,
বিশ্ব-জগতত প্ৰেমৰ তৰঙ্গ,
একো নাই প্রেম বিনা ৷
শিৱ।—( ধ্যান ভঙ্গ হৈ )।
ৰাগিণী মিশ্ৰিত-তাল একতালা।
গোলোক-পতি পৰমেশ্বৰ প্ৰেম-আনন্দ হৰি।
জগত জন তাৰিছা মহিমা প্ৰকাশ কৰি॥
কৃষ্ণনাম কৃষ্ণনাম, কৃষ্ণনাম হোঁৱা মোৰ মন।
মঙ্গলকাৰী পাপ তাপ হাৰী পতিত জন পাবন।
নাৰদ, সংবাদ কি ?
পাতিছে। ত্ৰিজগতবাসীক নিমন্ত্ৰণ কৰিছে। হে যজ্ঞেশ্বৰ, কেৱল আপোনাক সেই যজ্ঞলৈ নিমন্ত্ৰণ নকৰে।
শিৱ।—দেৱৰ্ষি ই একো দুখৰ বাতৰি নহয়।
ৰাগিণী জংলা—তাল যৎ।
হৃদয়ত অবিৰাম, জপোঁ মই হৰিনাম,
হৰি জগতৰ সাৰ, ধৰ্ম্ম অৰ্থ মোক্ষ কাম॥
হৰি শান্তি হৰি গতি, হৰি মোৰ বুদ্ধিমতি,
হৰি হে পৰমানন্দ, হৰি মোৰ স্বৰ্গধাম॥
হৰি মোৰ যজ্ঞকুণ্ড, হৰি মোৰ ঘৃত-ভাণ্ড,
হৰি মহা যজ্ঞ মোৰ, হৰিৰ অন্তৰে চাম॥
হৰি শ্ৰুব-শ্ৰুচ জোৰ, হৰি পুৰোহিত মোৰ।
যজ্ঞৰ সম্ভাৰ হৰি, হৰি যজ্ঞফল পাম॥
নাৰদ।—প্ৰভু, যথাৰ্থ কথা, হৰি বিনে আন যজ্ঞ কেলৈ? হে চিদানন্দ এতিয়া বিদায় মাগিলোঁ। আপোনাক দেখি আজি মোৰ হৃদয় প্ৰেমৰ সোঁতত উটি গৈছে।
শিৱ।—ভাল নাৰদ, যোৱাঁ। [শিৱৰ পুনৰ্ব্বাৰ ধ্যান আৰম্ভ।
নাৰদ!
ৰাগিণী খাম্বাজ—তাল একতালা।
প্ৰেম-কানাই, মুখে ফুৰাঁ গাই,
নাচি নাচি বাহু তুলি।
বিশ্ব কৰি দিয়াঁ, প্ৰেম-মতলীয়া,
হৰি হৰি হৰি বুলি॥
[নাৰদৰ প্ৰস্থান।
দ্বিতীয় দৰ্শন।—শিৱালয় (অন্তঃপুৰ)
(সতী উপবিষ্টা। নাৰদৰ প্ৰবেশ।)
সতী।—দেবৰ্ষি, আহাঁ আসন গ্ৰহণ কৰাঁ। আমাৰ বৰ ভাগ্য, আজি তুমি কৈলাশলৈ আহিলা। ঋষিৰাজ, কিবা বাতৰি আছেনে কি?
নাৰদ।—হে মাতৃ, মহাৰাজা দক্ষই এটি যজ্ঞ পাতিছে। তালৈকে চৰাচৰ জগতক নিমন্ত্ৰণ কৰিবৰ নিমিত্তে মোক পাঠাই দিছে।
সতী।—নাৰদ, শুভ বাতৰি। আহা, কেনে সুখৰ সম্বাদ। মই মোৰ আইক্ চাবলৈ পামগৈ, ইয়াতকৈ আৰু আনন্দৰ বিষয় কি আছে।
নাৰদ।—হে দেবী, অপৰাধ মাৰ্জনা কৰিব। আপোনাৰ পিতাই শিৱহীন যজ্ঞ পাতিছে। শিৱক নিমন্ত্ৰণ কৰিবলৈ মহাৰজাই মোক হাক্ দিছে।
সতী।—
ৰাগিণী জংলা
কিয় হে নাৰদ মোৰ সুখ-স্বপ্ন কাঢ়ি নিলা।
দাৰুণ বাতৰি হায় কিয় আহি মোক দিলা।।
কি কথা শুনালা মোক, দহিছে বিষম শোক,
জানো অন্ত হব মোৰ এই জীৱনৰ লীলা।
- হে মহামুনি, কোৱাঁচোন, কি কাৰণে পিতাই এনে আচৰণ কৰিছে।
নাৰদ।—ভূত ৰাজৰ যজ্ঞ মহাদেৱে উপাসন অধিক বৰ কৰাত দক্ষ [ ১৮ ] ৰাজে অপমান বোধ কৰিলে। সেই অপমানৰ প্ৰতিশোধৰ নিমিত্তে এই যজ্ঞৰ অনুষ্ঠান।
সতী।—দেবৰ্ষি, আইক চাবৰ নিমিত্তে বৰ আশা কৰিছিলোঁ। হায়, হায়, আৰু মোৰ সেই আশা পূৰ্ণ নহয়! এনে মহোৎসৱত মই আইৰ ঘৰলৈ যাবলৈ নেপাওঁ—ইয়াতকৈ আৰু বেজাৰৰ কথা কিবা আছেনে। এই বিষয়ে কাৰো দোষ নাই। সকলো যে নিজৰ কপালৰ লিখন। কিন্তু হে মুনিবৰ, এনে শুভ দিনত মই আইৰ চৰণ-সেৱা কৰিবলৈ নেপাম, ই অতি দুখৰ বিষয়। ঋষিৰাজ, ত্ৰিদশ দেৱতাই যজ্ঞ ভাগ পাব, কেৱল মোৰ স্বামী যজ্ঞ ভাগৰ পৰা বঞ্চিত থাকিব, এই কথা ভাবি মোৰ মন একেবাৰে উচাটন হৈছে। হায়, এই অনাথিনীৰ কপালত আৰু বা কি আছে, কোনে জানে!
নাৰদ।—হে ভগৱতী, আপোনাৰ মাত দেবীয়ে শিৱহীন যজ্ঞৰ কথা শুনি নিতান্ত কাতৰ হৈছে। আপোনাৰ নিমিত্তে ভাবি ভাবি একেবাৰেই তেওঁ অবশ হৈ পৰিছে। আপুনি যাবৰ নিমিত্তে আপোনাক জনাবলৈ মোক অনুনয় বিনয় কৰি কৈ পঠিয়ইছে।
সতী—নাৰদ, নিমন্ত্ৰণ নোহোৱাকৈ কেনেকৈ যাম।
নাৰদ।—মাকৰ ঘৰলৈ জীয়েক যাবব নিমিত্তে একো নিমন্ত্ৰণ নালাগে। গুৰু জনৰ ঘৰলৈ যোৱাত একো অপমান নাই। আই, মই, আৰু বেলি কৰিব নোৱাৰোঁ। ত্ৰৈলোক্য ফুৰিবলৈ লাগে। এতিয়া বিদায় মাগিলোঁ।
সতী।—ভাল, নাৰদ যোৱা।
সমস্যাত পৰিলোঁ। গুৰুজনৰ ঘৰলৈ যোৱাত একো অপমান নাই, সঁচা কথা। কিন্তু পিতাই যদি মোক আদৰ নেদেখুৱায়, সকলোৰে আগত যদি মোৰ পতি নিন্দা কৰে, তেনেহলে মই কেতিয়াও সহিব নোৱাৰিম।
(কৃত্তিকা, অশ্বিনী আৰু ৰোহিণীৰ প্ৰবেশ।)
কৃত্তিকা।—
ৰাগিণী পিলু—তাল যৎ।
পিতাৰ যজ্ঞলৈ যাওঁ, মিলি বাই ভনী হে।
একে লগে ৰঙ্গ-মনে, আহাঁ কেও জনী হে।
আইৰ চৰণ চাম, প্ৰেম-হিয়া চেটিয়াম
উলাহ অন্তৰে আমি পিম প্ৰেম-পানী হে॥
সতী।—
ৰাগিণী স্বৰট -তাল ঝঁপতাল।
তাকে গুণো হাঁয়, নিমন্ত্ৰণ নাই।
যাওঁ বাৰু মই যজ্ঞলৈ কি বুলি।
তোমালোকে তাত, পাবা মিঠা মাত,
নেচায় পিতা মোক উলটি সমূলি॥
মোৰ কপালত, হেৰা বিধতাই,
যত দুখ আছে, লিখিছিল হাঁয়!
শিব-নিন্দা যদি কৰে পিতা মোৰ,
জানো ই প্ৰাণ পৰিব হে ওৰ॥
অশ্বিনী।—সতী তুমি একো চিন্তা নকৰিবা। তোমাক দেখিলে পিতাই কেতিয়াও অনাদৰ নকৰে। এতিয়া তেওঁৰ মনত ক্ৰোধ [ ২০ ] পাৰিলেও, তোমাৰ মুখখানি দেখা মাত্ৰ তেওঁ সকলো পাহৰি পেলাব। অপত্য-স্নেহ অদ্ভুত বস্তু।
ৰোহিণী।—মৰমৰ ভনী, তুমি নগলে আইয়ে কান্দি-কাতি বলিয়া হব। তুমি কোন্টো সতেৰে তেওঁক জীয়া-জুইত পেলাব খুজিছা।
সতী।—বাইদেও হঁত, আইক চাবব নিমিত্তে মোৰ মন উতলা হৈছে। কিন্তু পিতাই আমাক নিমন্ত্ৰণ কৰা নাই। এনে অৱস্থাত মোৰ স্বামীয়ে মোক যাবলৈ অনুমতি দিবনে। বাৰু তেওঁক মই কাকুতি মিনতি কৰি জনাওঁগৈ। তোমালোকে আগধৰি যোৱাহক – আইক কোৱাঁগৈ, স্বামীৰ অনুমতিলৈ মই অলপতে যাম।
যাওঁ স্বামীৰ অনুমতি লওঁ গৈ।
⸻
তৃতীয় অঙ্ক।
—·‹∞›·—
প্ৰথম দৰ্শন।—কৈলাস।
(শিৱ আৰু সতী উপবিষ্ট।)
শিৱ।—“সতী, বাৰে বাৰে কিয় মোৰ অনুমতি খুজিছা। অনিমন্ত্ৰিত হৈ যজ্ঞলৈ যোৱাটো কেতিয়াও প্ৰশংসণীয় নহয়।
সতী।—হে প্ৰাণনাথ, জীয়েকে মাক বাপেকৰ ঘৰলৈ অনিমন্ত্ৰিত হৈ যোৱাত একো অপমান নাই।
শিৱ।—কন্যা-স্বৰূপে পিতৃ ঘৰত অবস্থিতি-কালত মাক বাপেকৰ কথাত জীয়েকৰ অপমান হব নোৱাৰে। কিন্তু যেতিয়া তেওঁ বিবাহিতা হয়, তেতিয়া স্বামী গৃহহে তেওঁৰ যথাৰ্থ ঘৰ হয় পিতৃ- মাতৃ মিতিৰ কুটুমৰ সাৰিত গণ্য হয়।
সতী।—হে স্বামী, যদিও কন্যাৰ এনে অৱস্থান্তৰ ঘটে, তথাপি মাক বাপেকৰ মানত তেওঁ সেই পূৰ্ব্বৰ মৰমৰ কন্যা।
শিৱ।—চোৱাঁচোন, স্বামী আৰু তিৰোতা সকলো বিষয়তে অভিন্ন। মোৰ অপমান আক তোমাৰ অপমান দুয়ো একে কথা। তিৰোতা স্বামীৰ সুখ দুঃখানুবৰ্ত্তিনী।
শিৱ।—কিয় তুমি মোৰ হৃদয়ৰ বৈপৰীত্য আচৰণ কৰিব খুজিছা?
সতী।—হে ত্ৰিকালজ্ঞ, মোৰ বাই দেওহঁত সকলোটি যজ্ঞলৈ গৈছে। মই যাবলৈ নেপালে মোৰ মনত যেনে ভাবোচ্ছ্বাস হব, তাক আপুনি অৱশ্যে জানিছে। প্ৰাণনাথ, অভাগিনীক যাবলৈ অনু- মতি দিয়ক [ ২২ ] শিৱ।—প্ৰেয়সী, তোমাৰ বালিকা-স্বভাৱ-সুলভ চাঞ্চল্য এতিয়াও গুচা নাই। সতী ভাবি চোৱাঁ, গৃহস্থ-ধৰ্ম্মত চঞ্চলতাৰ বসতি নাই।
সতী।—হে যজ্ঞেশ্বৰ, ত্ৰিদশ দেৱতা যজ্ঞলৈ নিমন্ত্ৰিত হৈছে, কেৱল আপুনি যজ্ঞ-ভাগ নেপাব, ইয়াতকৈ পৰিতাপৰ বিষয় আৰু কি আছে। মই নিজে পিতাক সুধিম গৈ আপোনাক কিয় এনে সম্ভ্ৰমৰ পৰা বিচ্যুত কৰিব।
শিৱ।—হে দেবী, তুমি একান্ত পতিপ্ৰাণা সতী। দক্ষৰাজে তোমাৰ আগত মোৰ নিন্দা কৰিলে তোমাৰ প্ৰাণে কেনেকৈ সহিব।
সতী।—নাথ, কাকুতি কৰিছোঁ মোৰ ইচ্ছাত বাধা নজন্মাব। মোক দেখিলেই পিতা প্ৰসন্ন হব। তেতিয়া আপোনাক অৱশ্যে যজ্ঞলৈ নিমন্ত্ৰণ কৰি পঠাব।
শিৱ।—সতী নিমন্ত্ৰণৰ নিমিত্তে মোৰ অভিলাষ নাই। মোৰ যদি বাস্তৱতে মান নাই, তুমি কিয় মোৰ নিমিত্তে মান বিচাৰিব লাগিছা
[সতীৰ কালীমূৰ্ত্তি ধাৰণ।
শিৱ।—ই কি!
- দিগম্বৰী কালীমূৰ্ত্তি ভয়াঙ্কৰ বেশ—
[সতীৰ তাৰা-মূৰ্ত্তী ধাৰণ।
শিৱ।—ব্যাঘ্ৰচৰ্ম্ম পৰিধান, যটায়ুত কেশ—
[সতীৰ ষোড়ষী মূৰ্ত্তী ধাৰণ।
শিৱ।—বালাৰ্ক মণ্ডল জিনি লাবণ্য দেহৰ—
[সতীৰ ভুবনেশ্বৰী মূৰ্ত্তি ধাৰণ।
শিৱ।—পদ্মাসন, দিব্য বস্ত্ৰ ভূষণ সুন্দৰ–
[সতীৰ ভৈৰবী মূৰ্ত্তি ধাৰণ।
শিৱ।—ৰক্তালিপ্ত পয়োধৰ, কণ্ঠে মুণ্ডহাৰ—