পৃষ্ঠা:দক্ষ-যজ্ঞ.djvu/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩)

আবিৰ্ভূত হবলৈ আজ্ঞা দিয়ে, তেনেহলে ভাবি চাওক অপমানত শিৱ মৰণান্তিক নহবনে।

২য় সভাসদ্‌।—হে ৰাজশ্ৰেষ্ঠ, বিষ্ণু আপোনাৰ পৰম সুহৃদ। ব্ৰহ্মা, বিষ্ণু, শিৱ তিনিওকো এদিন কোনো কাৰ্য্যোপলক্ষে নিমন্ত্ৰণ কৰক। বিষ্ণুৰ বাহন গৰুড়-পক্ষীক দেখা মাত্ৰে শিৱৰ কঁকালৰ টঙ্গালি সৰ্পৰাজ উদ্ধৰ্শ্বাসে পলায়ন কৰিব। তেতিয়া বাঘ ছালৰ কৌপীন খহি পৰিব। বাঘছাল দেখা মাত্ৰে তেওঁৰ বলদটিয়ে ভিৰাই ধৰি লৰ মাবিব। তেতিয়া তেওঁ উল্লঙ্গঠ হৈ ঢাঁচ কৰে মাটিত পৰিব। মহাৰাজ, শিৱই এনে অপমান ক’ত থব।

৩য় সভাসদ্‌।—হে প্ৰজাপতি, শিৱ জিতেন্দ্ৰীয় বুলি প্ৰখ্যাত। আপুনি বহুমায়ী বিষ্ণুক অনুৰোধ কৰক, তেওঁ যেন অনুপম জগদ্ভাসন মোহিনীৰূপ ধাৰণ কৰি যোগীবৰ শিৱক মদন বিহ্বল কৰে। তেতিয়া তেওঁ নিতান্ত বহুবিধ কাম চেষ্টা প্ৰকাশ কৰিব। তেনেতে বিষ্ণু অন্তৰ্হিত হৈ তেওঁৰ চৈতন্য উৎপাদন কৰিব। তেতিয়া শিৱৰ যি অপমান বোধ হব, মহাৰাজ, তাৰ তুলনা নহব।

মন্ত্ৰী।—হে ৰাজন, মোৰ মনেৰে এই বিলাক এটিও প্ৰতিহিংসাৰ প্ৰকৃষ্ট উপায় নহয়। শিৱই শ্মশানত নাচি ফুৰে, সঁচা কথা, কিন্তু তেওঁ চুৰ কৰি এই কাৰ্য্য নকৰে—শ্মশানশালিলৈ আন কোনো লোকৰ যাবৰ বাধা নাই। আন কোনো লোকে সেই নাচ দেখিলে কেতিয়াও তেওঁ তাত অপমান বোধ নকৰে। আৰু শিৱৰ গাৰ ভস্ম-ধূলি পৰি তেওঁৰ সাপৰ চকুত নিশ্চয় দোষ ঘটিছে— পক্ষী দেখি সি কেতিয়াও নপলায়। তৃতীয়