(৭)
কৰিব। তাত মোৰ কি দোষ হব? যি নিজৰ মান -ৰক্ষাৰ নিমিত্তে পৰিযত্ন নকৰিব, তাৰ জীৱন তৃণবৎ-তুচ্ছ। আত্মসন্মান অক্ষুন্ন ৰাখিব নোৱাৰিলে প্ৰণধাৰণ মিছা। সমাজ-বিধি সৰ্ব্বতোমুখী হব লাগে — কুটুম্ব বুলি মই শিৱৰ দোষ কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ। কুটুম্বৰ প্ৰতিও দোষৰ সমুচিত দণ্ড বিধান কৰাটো বীৰোচিত কাৰ্য্য। মই দৃঢ়সঙ্কল্প কৰিছোঁ, শিৱহীন যজ্ঞ পাতিম, ব্ৰহ্মা বিষ্ণু ইন্দ্ৰ আদি সমুদায় দেৱতা মোৰ সহায় থাকোঁতে, প্ৰেতাধিপতি শিৱৰ পৰা মোৰ কি অনিষ্টৰ আশঙ্কাঁ হব পাৰে? মই ঠিক কৰিলোঁ, শিৱই কেতিয়াও যজ্ঞ ভাগ নেপায়। মানিছোঁ যজ্ঞেশ্বৰ নহলে যজ্ঞফল অসম্পূৰ্ণ হব পাৰে; কিন্ধ মই ফলাকাঙ্ক্ষী নহওঁ। শিৱৰ অপমান হলেই মোৰ মনোৰথ পৰিপূৰ্ণ হব।
নাৰদ।—মহাৰাজ, আপুনি যেতিয়া যজ্ঞ পাতিবলৈ ঠাৱৰ কৰিলে, তেনেস্থলত মোৰ অধিক বাক্যব্যয়ৰ একো প্ৰয়োজন নাই। আপোনাৰ আদেশ মই অৱশ্যে মানিম। ত্ৰিভুবনবাসীক অনতিবিলম্বে নিমন্ত্ৰণ কৰি, পুনৰ আপোনাৰ গুৰিত উপস্থিত হম হি।
দক্ষ।—এতিয়া সভা-ভঙ্গ কৰা যাওক। মন্ত্ৰী, এটি বিচিত্ৰ যজ্ঞ-ঘৰ সাজিব লাগে। আৰু সমুদায় যজ্ঞসম্ভাৰ যুগুত কৰিব লাগে। সভাসদ সকল, তোমালোকে সকলোৱে এইবিলাক কাৰ্য্যত মন্ত্ৰীক বিশেষৰূপে সাহায্য কৰিবা।
মন্ত্ৰী।—ভাল মহাৰাজ, আপোনাৰ অভিলষিত যজ্ঞ মণ্ডপ প্ৰস্তুত হব। আৱশ্যকীয় সকলো যজ্ঞ-সম্ভাৰ অতি শীঘ্ৰে মই আহৰণ কৰিম।