তৃতীয় অঙ্ক।
—·‹∞›·—
প্ৰথম দৰ্শন।—কৈলাস।
(শিৱ আৰু সতী উপবিষ্ট।)
শিৱ।—“সতী, বাৰে বাৰে কিয় মোৰ অনুমতি খুজিছা। অনিমন্ত্ৰিত হৈ যজ্ঞলৈ যোৱাটো কেতিয়াও প্ৰশংসণীয় নহয়।
সতী।—হে প্ৰাণনাথ, জীয়েকে মাক বাপেকৰ ঘৰলৈ অনিমন্ত্ৰিত হৈ যোৱাত একো অপমান নাই।
শিৱ।—কন্যা-স্বৰূপে পিতৃ ঘৰত অবস্থিতি-কালত মাক বাপেকৰ কথাত জীয়েকৰ অপমান হব নোৱাৰে। কিন্তু যেতিয়া তেওঁ বিবাহিতা হয়, তেতিয়া স্বামী গৃহহে তেওঁৰ যথাৰ্থ ঘৰ হয় পিতৃ- মাতৃ মিতিৰ কুটুমৰ সাৰিত গণ্য হয়।
সতী।—হে স্বামী, যদিও কন্যাৰ এনে অৱস্থান্তৰ ঘটে, তথাপি মাক বাপেকৰ মানত তেওঁ সেই পূৰ্ব্বৰ মৰমৰ কন্যা।
শিৱ।—চোৱাঁচোন, স্বামী আৰু তিৰোতা সকলো বিষয়তে অভিন্ন। মোৰ অপমান আক তোমাৰ অপমান দুয়ো একে কথা। তিৰোতা স্বামীৰ সুখ দুঃখানুবৰ্ত্তিনী।
শিৱ।—কিয় তুমি মোৰ হৃদয়ৰ বৈপৰীত্য আচৰণ কৰিব খুজিছা?
সতী।—হে ত্ৰিকালজ্ঞ, মোৰ বাই দেওহঁত সকলোটি যজ্ঞলৈ গৈছে। মই যাবলৈ নেপালে মোৰ মনত যেনে ভাবোচ্ছ্বাস হব, তাক আপুনি অৱশ্যে জানিছে। প্ৰাণনাথ, অভাগিনীক যাবলৈ অনু- মতি দিয়ক