(৯)
প্ৰসূতি।—মহাৰাজ, নুমলীয়া জী সতী নাহিলে মোৰ প্ৰাণ অন্ত হব।
দক্ষ।—দেবী, কাৰ্য্যক্ষেত্ৰত বেজাৰৰ ঠাই নাই।
প্ৰসূতি।—ৰাজন, আপুনি এবাৰ ভাবি চাওক, এনে মহোৎসবত নিজৰ জীয়েক নেথাকিলৈ মাকৰ মনত কেনে গভীৰ পৰিতাপ হব পাৰে।
দক্ষ।—প্ৰসূতি, ভাবৰ সোঁতত কাৰ্য্য শিথিল হয়—কাৰ্য্যপ্ৰবাহত ভাব মন্দীভূত হয়। মোৰ দৃঢ় প্ৰতিজ্ঞা হল, শিৱহীন যজ্ঞ হব — ৰাণী মোৰ সিদ্ধান্তৰ বিৰুদ্ধে তুমি আৰু একো কথা উত্থাপন নকৰিবা। মই এতিয়া যাওঁ, পুৰোহিত ভৃগুমুণিক মতাই আনি তেওঁক যজ্ঞানুষ্ঠানৰ ভাৰ দিব লাগে।
প্ৰসূতি।—
ৰাগিণী পিল্ — তাল যৎ।
নেজানে৷ কপালে মোৰ বিধিয়ে কি লিখিলে,
এনুৱা যাতনা হাঁয় হৃদয়ত থাপিলে।
প্ৰাণসম তুনি সতী, হব কি তোমাৰ গতি,
নিদাৰুণ মোৰ পতি এনে যজ্ঞ পাতিলে।
( নাৰদৰ প্ৰবেশ। )
বোপা, তোমালোকে শিৱইীন যজ্ঞ পাতিছা। মোৰ সতী যজ্ঞলৈ নাহিলে মোৰ প্ৰাণ অথিৰ হব।
নাৰদ।—বৌদেও, মই কি কৰিম। শিৱক নিমন্ত্ৰণ কৰিবৰ নিমিত্তে দাদাক ইনান কৈ খাটিলোঁ তথাপি তেওঁ আমাৰ কথা নুশুনিলে। মোক ত্ৰিভুবনবাসীক নিমন্ত্ৰণ কৰিবলৈ পঠি-