[ ১২৬ ]

একাদশ সৰ্গ।
⸺⸺––⸺⸺

“⸻Weep not to her, in her spring time she flew
To that land where the wings of the soul are unfurl’d
And now like a star beyond evening’s cold dew
Looks radiantly down on the tears of this world.”
   ⸻⸻⸻⸻Moore
    সপোনব কথা ভাবি হই অতি বিয়াকুল
 লাহে লাহে আহি গদা পালেহি পাছত
 তেজেৰে ৰাঙ্গলী দেহা দুখুনী ৰাণীৰ, হায়!
 পৰি আছে য’ত সেই অৰণ্য মাজত॥
 দেখিলে স্বপ্নৰ কথা তালে তিলে ফলিয়ালে
 সঁচাকৈয়ে কুঁৱৰীৰ প্ৰাণ আৰু নাই!
 সঁচাকৈয়ে জগতত ৰাণী আৰু নাইকিয়া,
 সঁচাকৈয়ে গ’ল ৰাণী স্বামীক পেলাই॥
 * * * * *
 * * * * *

[ ১২৭ ]

কুঁৱৰীৰ মৰাশটী আঁকোৱালি লই গদা
দাৰুণ শোকত আজি কান্দিব’ ধৰিলে
হিয়া মূৰ ভুকুৱাই বনৰ মাজত হায়!
নিৰ্জ্জন অৰণ্য আজি কান্দোনে ভৰিলে॥


“কেনি গ’লা, প্ৰিয়ে! তুমি এৰি থই মোক?
“তোমাৰ বিহনে, হায়! জগত শ্মশান প্ৰায়;
“তোমাৰ বিহনে মোৰ সকলো এন্ধাৰ!
“তোমাৰ বিহনে শূন্য হৃদয় গদাৰ।


গা তোলা গা তোলা প্ৰিয়ে! আৰু নাথাকিবা শুই;
“উঠিবৰ সময় হইছে;
“গছৰ ডালত কৰে চৰায়ে কোঢ়াল, প্ৰিয়ে!
“চোৱাঁ বেলি ওলাব খুজিছে॥
“আগৈয়ে দেখোন, প্ৰিয়ে! উঠা তুমি ৰাতিতেই,
“কিয় আজি বিপৰীত ভাব?
“কিয় হ’লা এলেহুৱা? অত বেলি শুই আছা?

[ ১২৮ ]

“প্ৰিয়ে! এই বৰ কুস্বভাব!!


“নে⸻⸻⸻⸻
“মোৰ ওপৰতে কৰি আজি অভিমান,
“শুই আছা অত বেলি নমতা নোবোলা হই?
“মই কান্দো, তুমি কিন্তু নাকান্দা, পৰাণ?
“শিলেৰে বন্ধোৱা নেকি হৃদয় তোমাৰ?
“কোমলে তলৰ ঠাই চকুৰ পানীত মোৰ,
“কোমলালে মাটি মোৰ চকুলো দুধাৰ॥
“হৃদয় তোমাৰ কিন্তু কোমল নহ’ল?
“মোৰ কান্দোনতো তুমি নাকান্দা অলপো, প্ৰিয়ে?
“নোকোৱা এটীও কথা? তুমি কি অচল?


“কাবউ কৰিছো, প্ৰিয়ে! নকৰিবা অভিমান,
“নুশুনি তোমাৰ মাত ঘনে মোৰ জ্বলে প্ৰাণ॥
“নালাগে, নোপোৱাঁ আৰু দুৰ্ভগা গদাক লাগি
“ভুঞ্জিব যাতনা, প্ৰিয়ে! উঠা অভিমান ত্যাগি॥

[ ১২৯ ]

“নকৰিবা বেলি আৰু, প্ৰিয়ে! কথা কোৱা মোক,
“এৰি দিয়া অন্তৰৰ আজি সকলোটী দুখ॥
“তোমাক নমতা দেখি জ্বলিছে মোৰ পৰাণ
“কোৱাঁ এটী কথ। মোক, এৰাঁ, প্ৰিয়ে! অভিমান॥


“উস!⸻⸻⸻⸻⸻
উঠাঁ উঠাঁ, বোলো কাক? কাক মাতো ‘প্ৰিয়ে!’ বুলি?
“নাই আৰু সেই প্ৰিয়া এই সংসাৰত!
“শত্ৰুৰ হাতত পৰি অশেষ যাতনা ভুঞ্জি,
“শোকে তাপে অকালত এৰিলে জগত॥
“কপালৰে দোষে জানো শুঁহৰি কালতো, প্ৰিয়ে!
“নেদেখিলা সুখ-শান্তি আজন্ম দুখিনী!
“নামত কুঁৱৰী হ’লা ৰাজ—ভোগ নেদেখিলা,
“দুৰ্ভগা স্বামীত লাগি অৰণ্য বাসিনী॥


“কাক মাতোঁ প্ৰিয়ে, বুলি? প্ৰিয়তমা গুছি গ’ল
“একেবাৰে মোক এৰি থই!

[ ১৩০ ]

“ইজন্মত আৰু মই নেদেখোঁ সিমুখ, হায়!
“উস্! প্ৰিয়ে!—জীৱন নৰয়॥
“প্ৰাণেশ্বৰি! প্ৰিয়তমা! গ’লানো কলই তুমি!
“আাছিল যে ওছৰতে মোৰ?
“কিনো তুমি দোষ পালা? কিয়নো এৰিলা মোক
“কিয় দিলা শোক দোৰঘোৰ?
“প্ৰিয়ে! চকুমেলি চোৱাঁ, কিয় মোক এৰি যোৱাঁ
“নিয়াঁ, প্ৰিয়ে! লগতে তোমাৰ!
“যাক, প্ৰিয়ে! নেদেখিলে দুৰ্ভগাৰ প্ৰাণ জ্বলে,
“ভালনে অকলে যোৱা তাৰ?


‘সাদৰী শাহুৰ মোৰ একেটী জীয়াৰী তুমি,
“দীনদুখুনীৰ তুমি একেটী ৰতন;
“তোমাৰ মৃত্যুৰ কথা শুনিলে মাৰাই আজি,
“আৰু, হায়! কি আশাত ধৰিব জীৱন?
“অকালন কালতেই পিতৃহীনা তুমি, প্ৰিয়ে!—
“বুকত সাবটি বৰ কৰিলে মাৰাই

[ ১৩১ ]

“কউদুখে কৰ্তকষ্টে; আজিনেকি তুমি, হায়!
“যোৱা এৰি অকলেই মাৰাক কন্দাই?
“মই প্ৰিয়ে! বহুদোষ কৰিলো তোমাক,
“সি দোষতে বাৰু তুমি এৰি গ’লা মোক;
“কি দোষ কৰিলে লায়ে (১) নজনা লেচায়ে (২)
“নিৰদয়া হই তুমি কিয় দিলা শোক?
“আপুতৰ পুত লাই লেচাই তোমাৰ
“কি দোষত গ’লা এৰি? পালা কি জগৰ”?
“আইতা আইতা” বুলি যদি কান্দে লাই,
“কিৰূপে ৰাখিম মই তাক নিচুকাই?
“উঠাঁ, প্ৰিয়ে! এৰি দিয়া দুখ অভিমান,
“কৰিলো বহুত দোষ, ক্ষমা কৰা মোক
“জুৰিছে ইমানে মোক, কৰিছো মিনতি

(১) লাই (২) লেচাই, এই দুইটি জয়মতী কুঁৰীৰ ল’ৰা। গদাধৰ সিংহৰ পাছত লাই কোঁৱৰে ৰূদ্ৰসিংহ নাম লই আহোম সিংহাসনত ৰজা হয়, লেচাই নামৰূপীয়া ৰজা হয়। [ ১৩২ ]

“নিদিবা গদাক আৰু হৃদয়ত শোক॥’’

১০

   এই বুলি গদাপাণি মৰাশ কোলাত লই
বিমুৰ্চ্ছিত হই শোকে পৰিলে মাটিত।
গদাৰ কান্দোন শুনি থাকিব নোৱাৰি, যেন
বনদেবী অৰণ্যৰ হ’ল উপস্থিত॥
গদাৰ শোকত যেন নিজেও ব্যাকুল হই,
বুলিব ধৰিলে দেবী সাদৰে গদাক:—
“নাকান্দিবা তুমি, ৰজা! কি হ’ব কান্দিলে আৰু
“এই জনমত তুমি নোপোৱা প্ৰিয়াক।

১১

   “নাকান্দিবা তুমি, সোণ! ৰাণীৰ কাৰণে,
“প্ৰাণী আৰু নাই জগতত!
“বৈকুণ্ঠ ঈশ্বৰী আৰু প্ৰভুয়ে সইতে
সুখে তেওঁ আছে গোলোকত॥
“চন্দ্ৰ সূৰ্য্য থাকে মানে ৰাখিলে কুঁৱৰী
“অতুলন কীৰ্ত্তি সংসাৰত!

[ ১৩৩ ]

“নাকান্দিবা তুমি, সোণ! কাৰণে তেওঁৰ,
“কান্দোক সবেই জগত॥

১২

   “কান্দোক অনন্তকালে ৰাণীৰ কাৰণে,
“অনন্ত জগতে, হায়! চকুলো টোকক!
“নাকান্দিবা তুমি কিন্তু তেওঁৰ মৃত্যুত
“কান্দোক ত্ৰিলোকে, দিয়াঁ কান্দিব লোকক॥

১৩

   “দুখুনী আসাম-বুকে যি ছবি আঁকিলে তেওঁ
“জন্মেও আাসামেনেকি পাৰিব মুছিব?
“যি মধুৰ ছবি অঁকা থাকি গ’ল হৃদয়ত
“আসাম বাসীয়ে নেকি পাৰিব ভূলিব?
“কান্দিব অনন্তকাল দুখুনী আসামে, সোণ!
“আসাম বাসীয়ে, হায়! কান্দিব শোকত,
“নাকান্দিৰা তুমি কি নুটুকিবা চকুপানী,
“কান্দোক অনন্তকালে ৰাণীৰ দুখত॥

[ ১৩৪ ]

“উঠাঁ, সোণ! এৰা শোক, দুখ অন্ত হ’ল,
“পুনু ৰজা হ’বা তুমি আহোম ৰাজ্যত,
“ভাগ্যলক্ষ্মী সুপ্ৰসন্না আকউ তোমাৰ,
“নোপোৱা ৰাণীক মুঠে এই জনমত৷
“নাকান্দিবা, সোণ! ৰাণী আছে স্বৰগত
“নোৱাৰে আহিব তেওঁ তোমাৰ কাষত॥
“আছে স্বৰগত তেও নুশুনে কান্দোন,
“নাকান্দা মিছাতে শোক এৰি দিয়া, সোণ!
“ঘ’ত নাই অন্ধকাৰ, নাই শোক দুখ,
“ঘ’ত পাপ তাপ, কালৰ আৰাও,
“য’ত নাই মানৱৰ শোকাকুল মূখ৷
“আশাৰ প্ৰতিমা নুলুকায় কেতিয়াও
“সুধাৰ ঝৰণা য’ত বয় নিৰন্তৰ,
“আনন্দৰ বায়ু য’ত বলিছে, সদাই,
“পদুমৰ গোন্ধে য’ত প্ৰফুল্ল অন্তৰ,
“সি দেশ ৰাণীৰ সোণ! বাস কৰা ঠাই॥

[ ১৩৫ ]
১৫

   “পোহৰায় সূৰ্য্যে তাত নিদিয়ে উত্তাপ,
“সদাই পোহৰ, নাই অন্ধকাৰ তাত;
“সুগন্ধেৰে ভৰা নিতে বলিছে বতাহ,
“ৰাঙ্গলী বিজুলী আছে, নাই বজ্ৰপাত॥
“কান্দিব নালাগে তাত মায়াৰ বশত,
“ৰোগ শোক নাই তাত, নাই চিন্তা-দুখ,
“ক্ষুধা তৃষ্ণা নাই তাত, নাই টোপনিও,
“ভুগিব নালাগে তাত বান্ধৱৰ শোক॥
“দেখিবলৈ নাই তাত থিয়লা-খিয়ললি,
“পবিত্ৰ সুখেৰে ভৰা স্বৰগৰ মিল,
“নহয় সি ঠাই ঢকা মায়াৰ জালেৰে,
“বিষয়ৰ সূৰ্য্যে তাত নদহে শৰীল॥
“মই বৰ তুমি সক নাই এনে ভাব,
“ধনী দুখীয়াৰ তাত নাই একো ভিন,
“পাপী মাথোঁ সিঠাইত নোৱাৰে সোমাব,
“ধনী মানী দীন দুখী সকলো অচিন॥

[ ১৩৬ ]

মই ৰজা তই প্ৰজা তই পৰাধীন
“মই মহানী, তই খুদমগনীয়া,
“স্বৰগৰ তৰামই, তই তোপাখহু,
“এনে কুৱা পাপ কথা জাত নাইকিয়া॥
“ভায়ে-ভায়ে সি ঠাইত নাই দ্বন্দ হাই,
“তিৰুতাৰ কথা শুনি নোহে ঠাই-ঠাই।
“ভায়ে-ভায়ে সি দেশত লগা গলে-নলে,
“বিলগে এঘৰ তাত নহয় অকলে॥
“প্ৰণয়িনী হেৰুৱাই নাকান্দে প্ৰেমীক
“সিঠাইত গই, থাকে হই হৰষিত:—
“নাই তাত প্ৰণয়ৰ বিহ বিচ্ছেদ,
“নকান্দে বিনাই তাত বিৰহীৰ চিত॥

১৬

   ডাইনী চকৰি ফেটী নহয় সতিনী
সিদেশত ঈৰ্ষ্যানলে নদহে পৰাণ
সতিনীৰ; যেন দুটি আপোন ভনিটী
(সহোদৰা আপোনাৰ) যেন-একে-প্ৰাণ॥

[ ১৩৭ ]

সেয়েতো স্বৰগ,—তাত নহয় সমান
মাহী-আয়ে খেৰ-জুয়ে,—তাত মাহী আই
মূৰ্ত্তিমতী যেন স্নেহ, স্নেহৰ নিজৰা,
সপত্নী—সন্তান বুলি পৰভাব নাই॥
পৰভাব নাই তাত, দ্বেষ ভাব নাই,
নাই তাত মাউৰাৰ বিষণ্ণতা—চিন,
মাতৃৰ অভাব-দুখ নাপায় মাউৰী
মাউৰা নহয় যেন তাত মাতৃহীন॥

১৭

   “অতি সুখে আছে ৰাণী তাত⸻
“ৰাণীৰ কাৰণে, সোণ! নাকান্দা অলপো,⸻
“সদাই থাকিবা চাই সি দেশৰ ফালে,
“আকউ তোমাৰ হ’ব তেঁৱে স’তে দেখা
“জীৱনৰ সন্ধ্যা বেলা বেলি মাৰ গ’লে॥”
যেন⸻⸻⸻
এই বুলি অন্তৰ্দ্ধাণ হ’ল বনদেবী;—
শোকে তাপে গদা জৰ্জ্জৰিত হই

[ ১৩৮ ]

শ্মশানৰ ফালে খোজ ল'লে ধীৰে ধীৰে
কুঁৱৰীৰ মৰাশটী আঁকোৱালি লই॥

⸺৹৹o৹৹⸺


তিৰুতাৰ আত্মদান কাব্য (page 172 crop)