পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেয়েতো স্বৰগ,—তাত নহয় সমান
মাহী-আয়ে খেৰ-জুয়ে,—তাত মাহী আই
মূৰ্ত্তিমতী যেন স্নেহ, স্নেহৰ নিজৰা,
সপত্নী—সন্তান বুলি পৰভাব নাই॥
পৰভাব নাই তাত, দ্বেষ ভাব নাই,
নাই তাত মাউৰাৰ বিষণ্ণতা—চিন,
মাতৃৰ অভাব-দুখ নাপায় মাউৰী
মাউৰা নহয় যেন তাত মাতৃহীন॥

১৭

   “অতি সুখে আছে ৰাণী তাত⸻
“ৰাণীৰ কাৰণে, সোণ! নাকান্দা অলপো,⸻
“সদাই থাকিবা চাই সি দেশৰ ফালে,
“আকউ তোমাৰ হ’ব তেঁৱে স’তে দেখা
“জীৱনৰ সন্ধ্যা বেলা বেলি মাৰ গ’লে॥”
যেন⸻⸻⸻
এই বুলি অন্তৰ্দ্ধাণ হ’ল বনদেবী;—
শোকে তাপে গদা জৰ্জ্জৰিত হই